মেৰুদণ্ডী সাময়িক পৰিসৰ: কেম্ব্ৰিয়ান - বৰ্তমান, ৫২৫–০ নিযুত বছৰ | |
---|---|
![]() | |
প্ৰতিটো প্ৰধান মেৰুদণ্ডী গোটৰ একক জীৱ। ঘড়ীৰ কাটাৰ দিশত, ওপৰৰ বাঁওফালৰ পৰা ক্ৰমে:
Fire salamander, saltwater crocodile, southern cassowary, black-and-rufous giant elephant shrew, ocean sunfish | |
বৈজ্ঞানিক শ্ৰেণীবিভাজন ![]() | |
অধিজগৎ: | সংকোষকেন্দ্ৰী |
ৰাজ্য: | প্ৰাণী |
পৰ্ব: | পৃষ্ঠদণ্ডী |
ক্লেড: | Craniata |
Subphylum: | Vertebrata Lamarck, 1801[1] |
সৰলীকৃত গোট | |
সমাৰ্থক | |
Ossea Batsch, 1788[1] |
মেৰুদণ্ডী (ইংৰাজী: Vertebrates; /ˈvɜrtɨbrəts/) বোৰ হৈছে পৰ্ব পৃষ্ঠদণ্ডীৰ অন্তৰ্গত উপ পৰ্ব মেৰুদণ্ডীৰ যিকোনো জীৱ প্ৰজাতি। পৰ্ব পৃষ্ঠদণ্ডীৰ অধিকাংশ জীৱই মেৰুদণ্ডী প্ৰাণী, বৰ্তমানে প্ৰায় ৬৪,০০০ প্ৰজাতিৰ সম্পৰ্কে জানিব পৰা গৈছে।[2] কাৰ্টিলেজিয়াছ ফিছ (শ্বাৰ্ক আৰু ৰেইজ) আৰু বনী ফিছকে ধৰি সকলো কোঁৱাৰিহীন মাছ আৰু কোঁৱাৰিযুক্ত মেৰুদণ্ডী প্ৰাণীক মেৰুদণ্ডী উপ পৰ্বত সাঙুৰি লোৱা হয়। বনী ফিছ ক্লেড বুলিলে lobe-finned fishesবোৰক বুজোৱা হয় যাক চতুৰ্ষ্পদীৰ সৈতে অন্তৰ্ভূক্ত কৰা হয়। চতুৰ্ষ্পদীবোৰক উভচৰ, সৰিসৃপ, স্তন্যপায়ী, আৰু চৰাই হিচাপে বিভক্ত কৰা হয়। মেৰুদণ্ডীবোৰৰ আকাৰ অতি ক্ষুদ্ৰ 7.7 mm (0.30 in)ৰ Paedophryne amauensis নামৰ ভেকুলীৰ পৰা 33 মিটাৰ (108 ফুট) পৰ্যন্ত বৃহৎ নীলা তিমিলৈকে হয়। সকলো জ্ঞাত প্ৰজাতিৰ প্ৰায় ৪% জীৱ মেৰুদণ্ডী আৰু বাকীবোৰ পৃষ্ঠৰজ্জুহীন অমেৰুদণ্ডী প্ৰাণী।