মোচি (ইংৰাজী: Mochi, জাপানী: 餅) হৈছে মোচিগম নামৰ এবিধ জাপ’নিকা আঠাযুক্ত চাউল আৰু কেতিয়াবা অন্যান্য উপাদান যেনে পানী, চেনি আৰু গোমধানৰ আটা মিহলাই তৈয়াৰ কৰা এবিধ পিঠা সদৃশ জাপানী খাদ্য। ভাপত দিয়া চাউলখিনি গুড়ি কৰি ঢিলা কৰা হয় আৰু বিচৰা ধৰণৰ আকৃতিত ঢালি সাঁচ দিয়া হয়। জাপানত ইয়াক পৰম্পৰাগতভাৱে মোচিছুকি (餅搗き) নামৰ অনুষ্ঠানত তৈয়াৰ কৰা হয়।[1] বছৰ যিকোনো সময়তেই এই খাদ্য খোৱা হয় যদিও ই হৈছে জাপানী নৱবৰ্ষৰ পৰম্পৰাগত খাদ্য। জাপানী নৱবৰ্ষৰ সময়ত মোচি সাধাৰণতে অধিক পৰিমাণে খোৱাৰ লগতে বিক্ৰীও কৰা হয়।
মোচি হৈছে বহুশৰ্কৰা, লিপিড, প্ৰ’টিন, আৰু পানীৰে গঠিত এবিধ বহুউপাদানযুক্ত খাদ্য। মোচিত থকা এমাইল'পেক্টিন জেল, শ্বেতসাৰৰ দানা আৰু বায়ুৰ বুদবুদৰ বাবে ইয়াৰ গঠন বৈষম্যপূৰ্ণ হয়।[2] মোচিৰ বাবে ব্যৱহাৰ কৰা চাউলত এমাইল'জৰ পৰিমাণ নগণ্য আৰু এমাইল'পেক্টিনৰ মাত্ৰা বেছি, যাৰ ফলত ই জেলৰ দৰে স্থায়িত্ব লাভ কৰে।[3] মোচি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা জাপ’নিকা চাউলত প্ৰ’টিনৰ পৰিমাণ অন্য চাউলৰ তুলনাত বেছিকৈ থাকে।
চাউল সিজাই গুড়ি কৰি প্ৰস্তুত কৰা মোচিৰ সৈতে চাউলৰ পিঠা গুড়িৰ পৰা প্ৰস্তুত কৰা ডাংগো নামৰ খাদ্যৰ যথেষ্ট মিল আছে।[4]
মোচি প্ৰস্তুত কৰোতে মূলতঃ ৰঙা ধানৰ চাউল ব্যৱহাৰ কৰা হয়।[5] জাপানত মোচিৰ সাংস্কৃতিক তাৎপৰ্য্য অনন্য যদিও ইয়াৰ সৈতে এছিয়াৰ অন্যান্য দেশৰ খাদ্যৰ সামঞ্জস্য দেখা পোৱা যায়।[6] প্ৰত্নতাত্ত্বিক গৱেষণাৰ মতে ষষ্ঠ শতিকাত যেতিয়া ভাপ প্ৰস্তুত কৰা মাটিৰ পাত্ৰ জাপানত ঘৰে ঘৰে জনপ্ৰিয় হৈ পৰিছিল তেতিয়া মোচি প্ৰস্তুত কৰাও বৃদ্ধি পাইছিল।[7]
অষ্টম শতিকাৰ নাৰা যুগৰ শেষৰ ফালে সংকলিত বুংগো নো কুনি ফুডোকি (Bungo no kuni fudoki) গ্ৰন্থত মোচি সম্পৰ্কীয় এটা কিংবদন্তি বৰ্ণনা কৰা হৈছিল। কিংবদন্তি মতে, যেতিয়া এজন ধনী মানুহে বাকী থকা ধানৰ পৰা এটা চেপেটা মোচি বনাই তাত কাঁড় নিক্ষেপ, তেতিয়া সেই মোচিখিনি বগা চৰাইলৈ ৰূপান্তৰিত হৈ উৰি গ’ল আৰু তাৰ পিছত মানুহজনৰ ধাননি পথাৰখন নিৰ্জন আৰু অনুৰ্বৰ হৈ পৰিল। এই কিংবদন্তিৰ পৰা দেখা যায় যে ঘূৰণীয়া বগা মোচিৰ ঐতিহাসিকভাৱে আধ্যাত্মিক শক্তি থকা বুলি গণ্য কৰা হৈছিল।[8]
হেইয়ান যুগত (৭৯৪–১১৮৫) শ্বিণ্টো (Shinto) নামৰ অনুষ্ঠানত প্ৰসৱ আৰু বিবাহ উদযাপনৰ বাবে প্ৰায়ে মোচি ব্যৱহাৰ কৰা হৈছিল। দ্বাদশ শতিকাত সংকলিত অকাগামি (Ōkagami) গ্ৰন্থৰ মতে সম্ৰাট আৰু সম্ভ্ৰান্ত লোকসকলৰ ৫০ দিন সম্পূৰ্ণ হোৱা কেঁচুৱাৰ মুখত মোচি স্পৰ্শ কৰোৱা হৈছিল।[9] এই সময়ছোৱাত অভিজাত সমাজত দৰা-কইনাই বিয়াৰ তিনিদিনৰ পিছত কইনাৰ ঘৰত একেলগে মোচি খোৱাটো এটা প্ৰথাত পৰিণত হৈছিল।[10]
হেইয়ান যুগৰ বিৱৰণীসমূহ নৱবৰ্ষৰ উপলক্ষে মোচি ব্যৱহাৰ কৰাৰ প্ৰথম লিপিবদ্ধ তথ্য পোৱা যায়। ইম্পেৰিয়েল দৰবাৰৰ সম্ভ্ৰান্ত লোকসকলে বিশ্বাস কৰিছিল যে সদ্য নিৰ্মিত মোচিৰ দীঘলীয়া সূত্ৰবোৰে দীৰ্ঘায়ু আৰু মংগলৰ প্ৰতীক, আনহাতে শুকান মোচিয়ে মানুহৰ দাঁত শক্তিশালী কৰাত সহায় কৰে। দ্য টেল অফ গেঞ্জিতো ইয়াৰ বিৱৰণী পোৱা যায়।[11]
মুৰোমাচি যুগত চামুৰাইসকলে কাগামি মোচি প্ৰস্তুত কৰাৰ প্ৰথা আৰম্ভ কৰিছিল। কাগামি মোচি হৈছে এটা মোচিৰ ওপৰত আন এটা মোচি থৈ, তাৰ ওপৰত দৈদাই নামৰ এবিধ কমলা জাতীয় ফলৰ প্ৰলেপ দি প্ৰস্তুত কৰা এবিধ জাপানী খাদ্য। নৱবৰ্ষক আদৰণি জনোৱাৰ সময়ত চামুৰাইয়ে কাগামি মোচিক জাপানী কৱচ আৰু জাপানী তৰোৱালেৰে সজাইছিল আৰু নৱবৰ্ষত পৰিয়ালৰ সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰিবলৈ টোকোনোমা (tokonoma, জাপানী সকলে শিল্প বা ফুলেৰে সজায় থোৱা এটা পৰম্পৰাগত কোঠাৰ)ত ৰাখিছিল। নৱবৰ্ষৰ পিছত যেতিয়া মানুহে কাগামি মোচি খায়, তেতিয়া তেওঁলোকে জাপানী দেৱতা কামিক অৱজ্ঞা নকৰা বুজাবলৈ খাদ্যবোৰ হ'চ' (এবিধ দা)ৰে নাকাটে, তাৰ পৰিবৰ্তে স্বাভাৱিকতে শুকাই যোৱাৰ পিছত কাঠৰ হাতুৰীৰে মৰিয়াই ভাঙিহে খায়।[12]
জাপানী নৱবৰ্ষত পৰিবেশন কৰা পৰম্পৰাগত খাদ্যসমূহৰ ভিতৰত মোচি অন্যতম আৰু এই সময়ত মোচি প্ৰচুৰ পৰিমাণে বিক্ৰী আৰু খোৱা হয়। প্ৰতি বছৰে ২৮ ডিচেম্বৰত পৰিয়ালৰ উপাসনা বেদীত (কামিডানা) এটা কাগামি মোচি ৰখাটো জাপানী সকলৰ অন্য এক পৰম্পৰা।[13]