মোল্লা (আৰবী ملا), (ফাৰ্চী ভাষা ملا) আৰবী-ফাৰ্চী ভাষাৰ শব্দ। শব্দটো কোৰআনত উল্লেখিত আৰবী শব্দ মাওলা (مَوْلَى) ৰ সংক্ষিপ্ত ৰূপ। ভাৰতত প্ৰচলিত মৌলভী (আৰবী مولوی) আৰু মাওলানা (আৰবী مولانا) শব্দদুটাৰ উৎপত্তিও মাওলা শব্দৰ পৰা। মাওলাৰ অৰ্থ ৰক্ষক, কৰ্তা, নেতা বা অভিভাৱক। মোল্লা শব্দটো বাংলাদেশ আৰু বিভিন্ন মুছলিম দেশত মুছলিম সকলৰ পদবী ৰূপে ব্যৱহৃত হৈ আহিছে।[1] শ্বেফাৰডিক ইহুদীসকলৰ নেতৃত্বস্থানীয় ব্যাক্তিবৰ্গকো মোল্লা পদবী ব্যৱহাৰ কৰা দেখা যায়।[2]