মোহন ভাগৱত | |
---|---|
জন্ম | ১১ ছেপ্টেম্বৰ, ১৯৫০ (৭৩ বছৰ) চন্দ্ৰপুৰ, মহাৰাষ্ট্ৰ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | মুখ্য সংঘচালক (RSS Chief) |
সংস্থা | ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ |
সংজ্ঞা | ২১ মাৰ্চ ২০০৯ পৰা বৰ্তমানলৈকে |
পূৰ্বসূৰী | কে এচ সুদৰ্শন |
ধৰ্ম | হিন্দু |
ৱেবছাইট | |
www |
মোহন মধুকৰ ভাগৱত (ইংৰাজী: Mohan Madhukar Bhagawat) ভাৰতৰ অন্যতম ৰাষ্ট্ৰবাদী সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুখ্য সংঘচালক৷ তেও কে এচ সুদৰ্শনৰ উত্তৰসূৰী হিচাপে ২০০৯ চনৰ মাৰ্চ মাহত দ্বায়িত্ব গ্ৰহণ কৰে৷[1]
মোহন মধুকৰ ভাগৱত মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ নামৰ চহৰত জন্ম হৈছিল৷তেও পৰিয়াল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জৰিত৷[1] তেওৰ পিতৃ চন্দ্ৰপুৰ ক্ষেত্ৰৰ কাৰ্যবাহ (সম্পাদক) ৰ দায়িত্বত আছিল আৰু পিছলৈ গুজৰাটৰ প্ৰান্ত প্ৰচাৰকৰ দ্বায়িত্বত আছিল৷[1] মোহন ভাগৱত চাৰি জন ভাই ভণিৰ ভিতৰত ডাঙৰ আছিল৷ 'লোকমান্য তিলক বিদ্যালয়'ৰ পৰা স্কুলীয়া শিক্ষা সম্পুৰ্ণ কৰা মোহন ভাগৱতে পাঞ্জাৱৰাও কৃষি বিদ্যাপীঠৰ পৰা পশু চিকিৎসক হিচাপে স্নাতক ডিগ্ৰী গ্ৰহণ কৰে৷তেও স্নাতকোত্তৰ শিক্ষা আধাতে পৰিত্যাগ কৰি ১৯৭৫ চনত সংঘৰ প্ৰচাৰক হিচাপে কাম আৰম্ভ কৰে৷ [1]
জৰুৰীকালিন সময় বিশেষ ভাৱে কাম কৰাৰ পাছত মোহন ভাগৱতে ১৯৭৭ চনত মহাৰাষ্ট্ৰৰ আকোলাৰ প্ৰচাৰক হিচাপে দ্বায়িত্ব আৰম্ভ কৰে আৰু নাগপুৰ তথা বিদৰ্ভ অঞ্চলৰ বিভিন্ন সাংগঠনিক দ্বায়িত্ব পালন কৰে৷[1] ১৯৯১ চনৰ পৰা ১৯৯৯ চনলৈকে তেও সৰ্বভাৰতীয় শাৰিৰীক প্ৰমুখৰ দ্বায়িত্বত থাকে৷তাৰ পিছত ভাগৱতক সৰ্বভাৰতীয় প্ৰচাৰক প্ৰমুখৰ দ্বয়িত্ব অৰ্পন কৰে৷ ২০০০চনত ৰাজেন্দ্ৰ সিং আৰু শেশাদ্ৰীযে স্বাস্থ্যজনিত কাৰণত মুখ্য সংঘচালক তথা মুখ্য কাৰ্যাবাহৰ পৰা অব্যাহতি লোৱাৰ পাছত কে এচ সুদৰ্শন আৰু মোহন ভাগৱতক ক্ৰমে এই দ্বায়িত্বৰ বাবে মনোনিত কৰে৷ মোহন ভাগৱতে ২০০৯চনৰ ২১মাৰ্চত মুখ্য সংঘচালকৰ দ্বায়িত্বৰ বাবে মনোনিত হয়৷[1]
২০১৫চনৰ জুনত ভাৰত চৰকাৰে Central Industrial Security Force (CISF) ক মোহন ভাগৱতক Z+ সুৰক্ষাৰ নিৰ্দেশ দিয়ে৷[2]
২০১৪ চনৰ ৬ জানুৱাৰীত, দি ইকনমিকচ্ টাইমচ্ত প্ৰকাশিত মতে স্বামী অসীমানন্দই এটি সাক্ষাৎকাৰত মোহন ভাগৱতক কিছু হিংসাতমক কাৰ্যসুচীৰ গুৰি ধৰোতা বুলি অভিযোগ উঠাইছিল যদিও সাক্ষাৎকাৰ প্ৰকাশৰ পাছত তেও এই মন্তব্য অস্বীকাৰ কৰে৷[3][4]
ৱিকিমিডিয়া কমন্সত মোহন ভাগৱত সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
ৱিকিউদ্ধৃতিত মোহন ভাগৱত বিষয় সংক্ৰান্তত উদ্ধৃতি আছে। |