মোহনা ভোগাৰাজু | |
---|---|
![]() ২০১৮ চনত মোহনা | |
প্ৰাথমিক তথ্য | |
জন্ম | এলুৰু, অন্ধ্ৰপ্ৰদেশ, ভাৰত |
পেচা | নেপথ্য গায়িকা |
বাদ্যযন্ত্ৰ |
|
কাৰ্যকাল | ২০১৩– বৰ্তমানলৈ |
মোহনা ভোগাৰাজু (ইংৰাজী: Mohona Bhogaraju) এগৰাকী ভাৰতীয় নেপথ্য গায়িকা। [1][2][3][4]তেওঁ তেলেগু ভাষাৰ চলচ্চিত্ৰৰ গান গোৱাৰ বাবে বিখ্যাত। [5][6] তেওঁ বাহুবলী: দ্য বিগিনিং চলচ্চিত্ৰৰ "মনোহৰী" গানটোৰ জৰিয়তে স্বীকৃতি লাভ কৰিছে যাৰ বাবে তেওঁ তেলেগু চলচ্চিত্ৰত ৰেডিঅ' মিৰ্চি-মিৰ্চি মিউজিকৰ মহিলা কণ্ঠশিল্পী ২০১৫ বঁটা লাভ কৰে।
ভোগাৰাজুৰ জন্ম অন্ধ্ৰপ্ৰদেশৰ এলুৰুত হৈছিল। যদিও তেওঁলোকৰ পৰিয়ালটো পাছলৈ হায়দৰাবাদত বসতি স্থাপন কৰিবলৈ লয়। [7]তেওঁ ভোজৰেড্ডী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী আৰু ওচমানিয়া বিশ্ববিদ্যালয়ৰ পৰা এম বি এ ডিগ্ৰী সম্পূৰ্ণ কৰে। সৰুৰে পৰা ভোগাৰাজুৰ সংগীতৰ প্ৰতি সদায় আকৰ্ষণ আছিল আৰু বিদ্যালয়ত আৰু বিভিন্ন জাতিগত প্ৰেক্ষাগৃহ যেনে ৰবীন্দ্ৰ ভাৰতী, থায়াগাৰাজা ঘানা সভাত অনুষ্ঠিত বহুতো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। তেওঁ অতি কম বয়সতে অৰ্থাৎ ৬ বছৰ বয়সত গান গাবলৈ আৰম্ভ কৰিছিল। তেওঁ ৮ বছৰ বয়সত বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ ডি শ্ৰীপদ ৰাওৰ পৰা প্ৰথম বঁটা লাভ কৰিছিল।
ভোগাৰাজুৱে ২০১৩ চনত নিজৰ সংগীতৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। তেওঁ ২০১৩ চনৰ তেলেগু চলচ্চিত্ৰ 'জয় শ্ৰীৰাম'ত তেওঁৰ প্ৰথম গান "সায়ামা মাচাম" গীতটো গাইছিল। তেওঁ 'বাহুবলী: দ্য বিগিনিং'ত "মনোহৰী" গাই স্বীকৃতি লাভ কৰিছিল। [8][9]'ভালে ভালে মাগাদিভয়' চলচ্চিত্ৰখনৰ তাইৰ গান "ভালে ভালে মাগাদিভয়" ৰেডিঅ মিৰ্চীত তালিকাভুক্ত কৰা হৈছিল। তেওঁ ১০০ খনতকৈও অধিক তেলেগু চলচ্চিত্ৰত কণ্ঠদান কৰিছে।[10]