ম্যলনিৰ (ইংৰাজী: Mjölnir) হৈছে নৰ্ছ পৌৰাণিক কাহিনীৰ বিজুলীৰ দেৱতা থৰৰ হাতুৰী। এই হাতুৰীটোক বিধ্বংসী অস্ত্ৰ হিচাপে আৰু আশীৰ্বাদ প্ৰদানৰ ঐশ্বৰিক আহিলা হিচাপে ব্যৱহাৰ কৰা হয়। একাদশ শতিকাৰ ৰুনিক ক্যিনেবি তাবিজ, ত্ৰয়োদশ শতিকাত সংকলিত এড্ডিক কবিতাৰ সংকলন কাব্যিক এড্ডা আৰু ত্ৰয়োদশ শতিকাত সংকলিত গদ্য এড্ডা আদি বহুতো উৎসত এই হাতুৰীৰ উল্লেখ পোৱা গৈছে। ভাইকিং যুগত স্ক্যাণ্ডিনেভিয়ান সাংস্কৃতিক ক্ষেত্ৰত হাতুৰীটো সাধাৰণতে ডিঙ্গিৰ পৰা বুকুলৈ ওলোমাই পিন্ধা এবিধ অলঙ্কাৰ (লকেট) হিচাপে পিন্ধা হৈছিল আৰু থৰ আৰু তেওঁৰ হাতুৰীটো বিভিন্ন প্ৰত্নতাত্ত্বিক সমলৰ ওপৰত চিত্ৰিত কৰা দেখা যায়। আজি এই প্ৰতীকটো বহু ধৰণৰ সংবাদ মাধ্যমত দেখা যায় আৰু আধুনিক হিথেনৰীৰ অনুগামীকে ধৰি বিভিন্ন লোকে লকেট[1] হিচাপে পিন্ধে।
কিনেবি তাবিজৰ (Kvinneby amulet) হৈছে খ্ৰীষ্টিয় ১১ শতিকাৰ ছুইডেনৰ অ’লেণ্ডত পোৱা এবিধ সৰু তামৰ তাবিজ। এই তাবিজত পুৰণি নৰ্ছ ইয়ংগাৰ ফুটাৰ্ক লিপিত থৰ আৰু তেওঁৰ হাতুৰীৰ বিৱৰণ খোদিত কৰা আছে।[2] তাবিজত থকা লিপিবোৰ শ শ বছৰৰ পিছত কাব্যিক এড্ডা আৰু গদ্য এড্ডা দুয়োটাতে লিপিবদ্ধ কৰা আখ্যানসমূহতো উল্লেখ কৰা হৈছে।[2]
কাব্যিক এড্ডাৰ কেইবাটাও এড্ডিক কবিতাত ম্যলনিৰৰ কথা উল্লেখ কৰা হৈছে। এটা স্তৱকত কোৱা হৈছে যে জ্ঞানী জটুন ৱাফপ্ৰুডনিৰে ছদ্মবেশত আহি দেৱতা অডিনক কয় যে ৰাগনৰকৰ পিছত থৰৰ পুত্ৰ মডি আৰু মাগ্নিয়ে ম্যলনিৰ পৰিচালনা কৰিব।[3]
আন এটা কবিতাত কোৱা হৈছে যে এইগিৰৰ অনুৰোধমৰ্মে এটা প্ৰচণ্ড অস্ত্ৰ লাভ কৰাৰ পিছত তেওঁ দেৱতা এলক আক্ৰমণ কৰিব পাৰিব আৰু থৰে হাতুৰীৰে দুৰ্নীতিপৰায়ণ জটনাৰৰ সৈতে যুদ্ধ কৰে।[4] ল’কাছিনা নামৰ কবিতাটোত উল্লেখ আছে যে, যেতিয়া ম্যলনিৰৰ সৈতে দেৱতাজনে ল’কিক ভাবুকি প্ৰদান কৰে তেতিয়া ল’কিৰ সৈতে অন্য দেৱতাসকলে তেওঁৰ কথাত অপমান কৰিবলৈ আৰম্ভ কৰে।[5]
এড্ডিক কবিতা প্ৰামস্কভিডাৰ (Þrymskviða) এটা কেন্দ্ৰবিন্দু হৈছে ম্যলনিৰ নামৰ হাতুৰীটো। কবিতাটোৰ মতে থৰে এদিন সাৰ পাই দেখে যে তেওঁৰ হাতুৰীটো অন্তৰ্ধ্যান হৈছে। ক্ৰোধিত হৈ থৰে দাড়ি টানি মূৰ জোকাৰি হাতুৰীটো বিচাৰিবলৈ ধৰে। তেওঁ ল’কিৰ ওচৰলৈ গৈ পৰামৰ্শ বিচাৰে, তেওঁ ল’কিক জনায় যে তেওঁৰ হাতুৰীটো নোহোৱা হৈছে বুলি কেৱল তেওঁহে জানে।[6]
থৰ আৰু ল’কিয়ে দেৱী ফ্ৰেইজাৰ ওচৰলৈ যায় আৰু ল’কিয়ে দেৱীৰ পৰা তেওঁৰ পাখিৰ পোছাকযোৰ বিচাৰে। ফ্ৰেইজাৰ দিবলৈ সহজেই মান্তি হয় আৰু ল’কিয়ে সেই পোছাকযোৰ পিন্ধি জোটুনহাইমাৰলৈ উৰি যায়। তাত তেওঁ জোটুন প্ৰামৰক সমাধিস্থ টিলা এটাত বহি নিজৰ জীৱ-জন্তুবোৰৰ যত্ন লোৱা দেখা পায়।[7]
দুয়োজনে কথা পাতিবলৈ আৰম্ভ কৰে, আৰু প্ৰামৰে ল’কিক কয় যে হাতুৰীটো তেৱেই চুৰি কৰিছে। প্ৰামৰে লগতে ইয়াকো কয় যে তেওঁ হাতুৰীটো মাটিৰ গভীৰতাত পুতি থৈছে আৰু কোনেও কেতিয়াও ইয়াক ঘূৰাই নাপাব যদিহে তেওঁলৈ ফ্ৰেইজাক বিবাহ নিদিয়ে। ল’কিয়ে উৰা মাৰি এছগাৰ্ডলৈ উভতি আহে আৰু থৰৰ সৈতে সাক্ষাৎ কৰে। থৰে ল’কিক কিবা খবৰ আছে নেকি সুধিলে আৰু ল’কিয়ে প্ৰামৰে কোৱা সকলো কথা থৰক অৱগত কৰে।[7]
থৰ আৰু ল’কি ফ্ৰেইজাৰ ওচৰলৈ যায়। তেওঁলোকৰ এজনে ফ্ৰেইজাক কইনাৰ সাজ পিন্ধি তেওঁলোকৰ লগত জোটুনহাইমলৈ আহিবলৈ কয়। এই অনুৰোধত ফ্ৰেইজাৰ ইমানেই খং উঠে যে গোটেই কোঠাটো কঁপিবলৈ ধৰে আৰু তাইৰ ডিঙিৰ গহনা “ব্ৰিছিঙ্গামেন” (Brísingamen) চিঙি যায়। দেৱীয়ে তেওঁলোকৰ প্ৰস্তাৱ নাকচ কৰে।[7]
হাতুৰীটো কেনেকৈ ঘূৰাই পাব পাৰি সেই বিষয়ে আলোচনা কৰিবলৈ দেৱতাসকলে একেলগ হৈ পৰামৰ্শ কৰে। দেৱতা হেইমডালে থৰক কইনাৰ পোছাক পিন্ধিবলৈ আৰু ফ্ৰেইজাৰ দৰে ব্ৰিছিঙ্গামেন পিন্ধিবলৈ প্ৰস্তাৱ দিয়ে। থৰে প্ৰথমতে এই প্ৰস্তাৱ নাকচ কৰে, কিন্তু ল’কিয়ে তেওঁক কয় যে যদি তেওঁ এই প্ৰস্তাৱ নাকচ কৰে, তেন্তে তেওঁৰ হাতুৰী চুৰি কৰা জোটুনহাইমৰ জ’টনাৰে অতি সোনকালে এছগাৰ্ড দখল কৰিব। দেৱতাসকলে থৰক কইনাৰ সাজ পিন্ধায়, ল’কিয়ে তেওঁৰ লগত যাবলৈ "ফ্ৰেইজা"ৰ দাসী হিচাপে সাজ-পোছাক পিন্ধে আৰু দুয়োজনে থৰৰ ছাগলীৰ নেতৃত্বত চলা ৱেগনখন জুইৰ শিখা উৎপন্ন কৰি আৰু পাহাৰ বিভাজিত কৰি বাট উলিয়াই জোটুনহাইমাৰলৈ লৈ যায়।[8]
প্ৰামৰে তেওঁলোকক চোতালৰ পৰা আদৰি নিয়ে আৰু খোৱাৰ প্ৰস্তুতি চলাবলৈ কয়। সেই নিশা প্ৰামৰে হ’বলগীয়া কইনাগৰাকীয়ে হিংস্ৰভাৱে খাই-বৈ থকা দেখি তেওঁ আচৰিত হৈ ল’কিক অৱগত কৰে যে কইনাই ইতিমধ্যে নটা মূল আহাৰ—এটা ম’হ আৰু আঠটা ছালমন—আৰু তিনি কলহ সুৰা খাইছে। ল’কিয়ে উত্তৰ দিয়ে যে "ফ্ৰেইজা" জোটুনহাইমাৰলৈ আহিবলৈ ইমানেই আগ্ৰহী আছিল যে তেওঁ আজি আঠ ৰাতি ধৰি একো নোখাৱাকৈ আছিল মদ খোৱা নাছিল সেয়ে আজি ইমানকৈ খাইছে।[8]
প্ৰামৰে কইনা “ফ্ৰেইজা”ক চুমা খাবলৈ ওৰণিখন দাঙি ভয়তে পিছ হুহুকি আহে: কইনাৰ চকু দুটা "ভয়ংকৰ" আছিল, যেন "জুই জ্বলি আছে"। ছদ্মবেশ ধাৰণ কৰা ল’কিয়ে বুজাই যে "ফ্ৰেইজা" জোটুনহাইমত অহাৰ আগ্ৰহত আঠ ৰাতি শুৱা নাছিল।[9]
অৱশেষত প্ৰামৰে কইনাক পবিত্ৰ কৰিবলৈ দেৱী ভাৰক ম্যলনিৰ আনিবলৈ আহ্বান জনায়। হাতুৰীটো দেখি “ফ্ৰেইজা”ৰূপী থৰে মিচিকিয়াই হাঁহে আৰু প্ৰামৰ তথা আন এজন জোটুনক হত্যা কৰে, আৰু গোট খোৱা বিয়াৰ অতিথিসকলক হাতুৰীৰে প্ৰহাৰ কৰে। এইদৰেই দেৱতা থৰে নিজৰ হাতুৰী ম্যলনিৰ ঘূৰাই পায়।[10]
গদ্য এড্ডাৰো একাধিক অংশত ম্যলনিৰৰ উল্লেখ কৰা হৈছে।