১৯২০ চন পৰম্পৰাগত বেশভূষাত এগৰাকী নাৰী | |
সাধাৰণ পৰিসংখ্যা | |
---|---|
জননীৰ মৃত্যুৰ হাৰ (প্ৰতি ১ লাখত) | ২০০ (২০১০) |
সদনত নাৰী | ৪.০% (২০১২) |
দ্বিতীয় পৰ্যায়ৰ শিক্ষাৰ সৈতে ২৫ বছৰৰ উৰ্দ্ধৰ নাৰী | ১৮.০% (২০১০) |
কৰ্মক্ষেত্ৰত নাৰী | ৭৫.০% (২০১১) |
লিংগ অসমতাৰ সূচক[1] | |
মান | ০.৪৭৮ (২০১৯) |
স্থান | ১৬২ৰ ভিতৰত ১১৮ |
গোলকীয় লিংগ বৈষম্যৰ সূচক[2] | |
মান | ০.৬৯০ (২০১৮) |
স্থান | ৮৮তম |
ঐতিহাসিক ভাবে, ম্যানমাৰৰ (বাৰ্মা বুলিও জনা যায়) নাৰীসকলক(ইংৰাজী: women in the Myanmar) সামাজিকভাৱে যথেষ্ট মৰ্যাদা আৰু সন্মান দিয়া হয়। মিয়া সৈনে(Mya Sein) কৰা গবেষণা অনুসাৰে ম্যানমাৰৰ নাৰী সকল এক শতিকাৰ পূৰ্বৰে পৰা স্বাধীনভাৱে জীৱন নিৰ্বাহ কৰিছিল। এওঁলোকৰ মাজত বৌদ্ধ আৰু হিন্দু ধৰ্মৰ প্ৰভাৱ আছিল যদিও বাণিজ্য আৰু আইনত সেই সময়ৰ পৰাই পাকৈত আছিল। ম্যানমাৰ এসময়ত মাতৃপ্ৰধান দেশ আছিল বাবে তেলৰ খনিৰ কুঁৱা বিলাকৰ একস্বত্বাধিকাৰী হোৱাৰ উপৰিও মহিলাসকলক গাঁও পঞ্চায়তৰ মুৰব্বী উত্তৰাধিকাৰী হিচাবে গণ্য কৰা হৈছিল। বাৰ্মি মহিলাক ৰজাই ৰাজসভাত একোটাকৈ প্ৰধান পদ দিছিল আৰু তাৰপৰাই ৰাণী হ'ব পাৰিছিল। [3]
টামেইন (ইংৰাজী: htamein) হৈছে বাৰ্মিজ মহিলাসকলৰ এটি পৰম্পৰাগত পোছাক। [4][5] এই কঁকালত মেৰিয়াই পিন্ধা দীঘল স্কাৰ্টৰ দৰে পোছাকটো কোনবাং ৰাজবংশৰ (১৭৫২-১৮৫৫) সময়ৰ পৰা মহিলাসকলে পিন্ধিবলৈ ল'লে। কোনোবা কোনোবাই এই কাপোৰখনত দুটা ভাঁজ দি ও পেটৰ ওপৰেদি নি কঁকালৰ বাওঁফাল টানকৈ মেৰিয়াই পিন্ধে। [6]
ইয়াৰ তুলনাত বাৰ্মিজ পুৰুষসকলে কাপোৰখন কঁকালৰ তলত বান্ধি পিন্ধে আৰু ইয়াক পাহচু (ইংৰাজী: pahso) বোলা হয়।[7]
পূৰ্বতে বাৰ্মাৰ মহিলাসকলক বিদেশী পুৰুষৰ লগত বিবাহৰ অনুমতি দিয়া হৈছিল যদিহে বিভাগীয় আদালতত ২১ দিনৰ ভিতৰত সতৰ্ক সংবাদ দিয়া হয়। কিন্ত ২০১০ চনৰ মে' মাহৰ পৰা বাৰ্মা চৰকাৰে বাৰ্মাৰ মহিলাসকলক বিদেশী পুৰুষৰ লগত বিবাহ হোৱাতো নিষিদ্ধ কৰিলে।[8]ইয়াৰে প্ৰস্তাবিত কাৰণসমূহৰ মাজৰ এটা কাৰণ আছিল মানৱ সৰবৰাহ। [9]বাৰ্মিজ মহিলা সকলক মানৱ সৰবৰাহৰ ব্যৱসায়ী সকলে পাকিস্তান আৰু থাইলেণ্ডলৈ লৈ গৈ যৌন ব্যৱসায়ী সকলক গটাই দিছিল।[10]
২০০০ চনত প্ৰকাশ পোৱা 'এছিয়ান ৱুমেনচ্ ৰিচ'ৰ্চ একচেঞ্জ '(AWORC) নামৰ ফ'ৰাম বাতৰিত (আগষ্ট ১৯৯৮) বাৰ্মাৰ মানৱ অধিকাৰৰ কথা বৰ্ণনা কৰি কোৱা হৈছে যে, মাতৃপ্ৰধান হৈয়ো পৰম্পৰাগত ভাৱে বাৰ্মিজ মহিলাসকল সন্তানৰ কাৰণে নিজস্ব সকলো ত্যাগ কৰিব পৰা স্বভাৱৰ হয়। প্ৰতিবেদনত এই কথাও উল্লেখ কৰিছে যে নগৰ আৰু চহৰৰ বাৰ্মিজ মহিলাসকল অৰ্থনৈতিক অবনতিৰ জলবায়ুৰ দ্বাৰা প্ৰভাৱিত হৈছিল। [11] ফলস্বৰূপে বাৰ্মিজ পৰিয়ালবোৰে সীমিত সম্পদৰ মহিলাতকৈ লাহে লাহে পুৰুষৰ অধিকাৰক বেছিকৈ গুৰুত্ব দিবলৈ ধৰিলে। এই পৰিবৰ্ত্তনে বাৰ্মিজ মহিলা সকলক পুষ্টিকৰ আহাৰ, ঔষধ, চিকিৎসা সেৱা, বৃত্তিমূলক প্ৰশিক্ষণ আৰু উচ্ছ শিক্ষা ইত্যাদিৰ সুযোগবোৰৰ পৰা আঁতৰাই পেলাবলৈ সক্ষম হৈছে। লাহে লাহে বাৰ্মাৰ মহিলাসকল দাসত্ত্ব, হত্যা, নিৰ্যাতন, ধৰ্ষণ আৰু আক্ৰমণৰ চিকাৰ হৈ সাময়িক বাহিনীৰ অনিচ্ছুক বুজা কঢ়িওৱা আৰু অবৈতনিক শ্ৰমিক হ'বলৈ বাধ্য হয়।[12]