চিত্ৰ:ম্লাব্ৰি.png |
মুঠ জনসংখ্যা |
---|
~400 (est.) |
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ |
লাওছ, থাইলেণ্ড |
ভাষাসমূহ |
ম্লাব্ৰি, অনান্য |
ধৰ্ম |
ম্লাব্ৰি (ইংৰাজী: :Mlabri,থাই:มลาบรี) বা ম্ৰাব্ৰি, যাক ফাই টং লুৱাং বুলিও কোৱা হয়, থাইলেণ্ড আৰু লাওছৰ এটা জনগোষ্ঠী, আৰু ইয়াক "দক্ষিণ-পূব এছিয়াৰ আটাইতকৈ আকৰ্ষণীয় আৰু কম বুজা জনগোষ্ঠী" বুলি কোৱা হয়।[4] আজি বিশ্বত মাত্ৰ প্ৰায় ৪০০ বা তাতকৈ কম ম্লাব্ৰিছহে বাচি আছে, কিছুমানৰ মতে এই সংখ্যা ১০০ তকৈও কম হব পাৰে। এওঁলোক লাওছৰ সীমান্তৰ উত্তৰ থাইলেণ্ডৰ এটা পাহাৰীয়া জনগোষ্ঠী, তেওঁলোক যাযাবৰী চিকাৰী-সংগ্ৰাহকৰ দল হিচাপে পূৰ্বপুৰুষীয় ৰীতি- নীতিৰে জীৱন নিৰ্বাহ কৰি আহিছে। থাইলেণ্ডত থকাসকল হমং আৰু উত্তৰ থাইসকলৰ ওচৰতে থাকে আৰু লাওছত বাস কৰাসকলে আন জনগোষ্ঠী সমূহৰ ওচৰে পাজৰে থাকে।
ম্লাব্ৰি নামটো থাই বা লাও ভাষাৰ ম্ৰাব্ৰি শব্দৰ পৰিৱৰ্তিত ৰূপ, যিটো সম্ভবত খ্মুইক শব্দৰ পৰা আহিছে যাৰ অৰ্থ "বনাঞ্চলৰ মানুহ।" খমু ভাষাত mra মানে "ব্যক্তি" আৰু bri "বন।" স্থানীয়ভাৱে ইহঁতক ফি টং লেউয়াং (থাই: ผีตองเหลือง, লাও: ຜີຕອງເຫລືອງ) বা "হালধীয়া পাতৰ আত্মা" বুলিও জনা যায়, যিহেতু ইহঁতে নিজৰ আশ্ৰয় শিবিৰ পৰিত্যাগ কৰে যেতিয়া... পাতবোৰ হালধীয়া হ’বলৈ আৰম্ভ কৰে।
হিৰোকি ঔটা আৰু তেওঁৰ সহকৰ্মীসকলে ম্লাব্ৰি গোটৰ আনুবংশিক বিশ্লেষণৰ ফলত এইটো অনুমান কৰে যে তেওঁলোকৰ মাইট’কণ্ড্ৰিয়েল ডিএনএ (mtDNA)-ৰ বৈচিত্ৰ্য অতি কম, যাৰ দ্বাৰা এই কথা সূচাই যে ম্লাব্ৰি গোটৰ উৎপত্তি প্ৰায় ৫০০-৮০০ বছৰৰ পূৰ্বে অতি কমসংখ্যক ব্যক্তিৰ মাজৰ পৰা উদ্ভৱ হৈছিল। কিন্তু, ২০০৫ চনৰ PLoS Biology নামৰ বিজ্ঞান ভিত্তিক আলোচনী খনত টনি ৱটাৰ্ছৰ সৈতে হিৰোকি ঔটা আৰু তেওঁৰ সহকৰ্মীসকলৰ প্ৰবন্ধ-প্ৰত্যুত্তৰৰ আদান-প্ৰদানত এই মতক লৈ বিতৰ্ক সৃষ্টি হৈছিল।
পৰম্পৰাগতভাৱে ম্লাব্ৰিসকলে যাযাবৰী জীৱনশৈলী কটায়। তেওঁলোকে খাদ্য আৰু নিৰাপত্তাৰ সন্ধানত সঘনাই স্থানান্তৰিত হয়, স্থায়ী বাসস্থান নাই, বৰঞ্চ গছৰ বহল পাত যেনে,তাল জাতীয় গছৰ পাত, কলপাত আৰু বাঁহ আদিৰে অস্থায়ী আশ্ৰয়স্থল বনাই লৈছিল। তেওঁলোকে কেৱল গছৰ বাকলি বা কাপোৰৰ কঁকালৰ আৱৰণহে পিন্ধিছিল যদিও এতিয়া বেছিভাগ ম্লাব্ৰিয়ে আন পাহাৰীয়া জনগোষ্ঠীৰ দৰে কাৰখানাত নিৰ্মিত কাপোৰ পিন্ধে। মহিলাসকলে হাবিৰ মাজত অকলে সন্তান জন্ম দিয়ে, আৰু ৰুগ প্ৰতিৰোধৰ বিশেষ ব্যৱস্থাৰ অভাৱত শিশুৰ মৃত্যুৰ হাৰ অতি বেছি হয়। ম্লাব্ৰি গোটত বিশেষকৈ নিয়মতান্ত্ৰিক সামাজিক অনুষ্ঠান কম, আৰু কোৱা হয় যে তেওঁলোকৰ কোনো আনুষ্ঠানিক ধৰ্মীয় ব্যৱস্থা নাই। যদিও তেওঁলোকে বনদেৱতা আৰু প্ৰকৃতিৰ অন্যান্য আত্মাত বিশ্বাস কৰে। বিবাহবোৰ সহজ অনুৰোধৰ দ্বাৰা সম্পন্ন হয়; কন্যা দানৰ বাবে কোনো মূল্য ভৰিব নালাগে। দলটোৰ কোনো সদস্যৰ মৃত্যু হলে মৃত্যু হোৱা ঠাইৰ ওচৰতে পুতি থোৱা হয় আৰু জনগোষ্ঠীটোৰ বাকী সদস্য তাৰপৰা আঁতৰি যায়। ১৯৩৮ চনত অষ্ট্ৰিয়াৰ নৃতত্ত্ববিদ হুগো বাৰ্নাট্জিকে "হালধীয়া পাতৰ মানুহ"ৰ নৃতাত্ত্বিক তথ্য প্ৰকাশ কৰে য'ত ২০শ শতিকাৰ আৰম্ভণিতে জনগোষ্ঠীটোৰ বিষয়ে তেওঁৰ চমু পৰ্যবেক্ষণ সন্নিবিষ্ট কৰা হৈছিল। ১৯৯০ চনৰ পৰা থাইলেণ্ডৰ ম্লাব্ৰিসকলে ফ্ৰাই আৰু নান প্ৰদেশৰ অধিক স্থায়ী গাঁৱত বসতি স্থাপন কৰিছে। থাইলেণ্ড চৰকাৰে তেওঁলোকে বাস কৰা বনাঞ্চলসমূহক চৰকাৰী বনাঞ্চল বুলি ঘোষণা কৰিছে আৰু যিকোনো ম্লাব্ৰীক পুনৰ জংঘললৈ উভতি যাবলৈ নিৰুৎসাহিত কৰিবৰ বাবে ন্যূনতম প্ৰয়োজন সমূহ প্ৰদান কৰিছে।[5] বৰ্তমান ম্লাব্ৰীসকলে বসবাস কৰা স্থায়ী গাঁওবোৰত থকা ঘৰবোৰ চিণ্ডাৰব্লক আৰু কাঠৰ, ধাতুৰ চালেৰে নিৰ্মিত আৰু আনকি বৈদ্যুতিক ব্যৱস্থা আছে। ম্লাব্ৰি শিশুসকলে ৰাজহুৱা বিদ্যালয়লৈ যাবলৈ আৰম্ভ কৰিছে, আৰু তেওঁলোকৰ স্বাস্থ্যসেৱা আচনিৰ মান উন্নত হৈছে।[6] ২০১৩ চনত প্ৰকাশ পাইছিল যে ম্লাব্ৰি সমপ্ৰদায়ৰ মাজত আত্মহত্যাৰ হাৰ বৃদ্ধি পাইছে।[5] ম্লাব্ৰী গাঁওবোৰত কিছুমান অৰ্থনৈতিক উত্তৰণৰ কাৰ্যকলাপ আৰম্ভ হৈছে। চিকাৰ আৰু সংগ্ৰহৰ লগতে, ম্লাব্ৰি সম্প্ৰদায়ে এতিয়া উচ্চভূমিত খেতি-বাতি কৰে, দোৱা বনৰ ত্ৰিপল বোৱা(হামক বোৱা) কামত নিয়োজিত হৈছে, আৰু দিনমজুৰি হিচাপেও কাম কৰিবলৈ লৈছে। নান প্ৰদেশত থকা ম্লাব্ৰি বসতি অঞ্চল সমূহৰ ভিতৰৰ এটা খণ্ড বৰ্তমান থাই ৰাজকুমাৰী প্ৰিন্সেছ ছিৰিন্ধহৰ্ণৰ পৃষ্ঠপোষকতাৰ অধীনত আছে।