মৎস্য অৱতাৰ (সংস্কৃত: मत्स्य) বিষ্ণুৰ দহ মুখ্য অৱতাৰৰ অন্যতম। মৎস্য অৱতাৰে মনুক আৰু সৃষ্টিক প্ৰলয়ৰপৰা ৰক্ষা কৰিছিল। মাছ-ৰূপী-ৰক্ষকৰ ৰূপত মৎস্যক চোৱা আতাইতকৈ পুৰণি দস্তাবেজত মৎস্যক বৈদিক আৰাধ্য প্ৰজাপতিৰ সম দেখা গৈছিল। বৈদিক যুগৰ পাছত মৎস্যক ব্ৰহ্মাৰ সৈতে এক গণ্য কৰা হৈছিল। তাৰ পাছত মৎস্যক বিষ্ণুৰ অৱতাৰ ৰূপে গ্ৰহণ কৰা হ'ল।[1][2][3] মৎস্য সম্বন্ধিত আখ্যানৰ হিন্দু গ্ৰন্থসমূহত প্ৰসাৰ, ক্ৰমবিকাশ আৰু ভিন্ন হোৱা দেখা যায়। কাহিনীসমূহত সাংকেতিক অৰ্থ অন্তৰ্নিহিত হৈ আছে- ক্ষুদ্ৰ মৎস্যক মনুৱে আশ্ৰয় প্ৰদান কৰে, সেই মৎস্যই পিছলৈ ডাঙৰ হৈ সৃষ্টিক ৰক্ষা কৰে।[4][5] মৎস্য অৱতাৰক কেতিয়াবা শিঙৰ সৈতে দেখুৱা হয়, আৰু কেতিয়াবা মানৱি অংগৰ সৈতে।[6][4]
মৎস্যৰ সংস্কৃত অৰ্থ মাছ। এই শব্দ ঋকবেদতো উল্লিখিত। এই শব্দৰ মচ্ছ শব্দৰ সৈতেও সম্পৰ্ক আছে, যাৰ অৰ্থও মাছ।[7]
মৎস্য অৱতাৰক প্ৰায় দশাৱতাৰৰ প্ৰথম অৱতাৰ আখ্যা দিয়া হয়। পিচে কোনো কোনো গ্ৰন্থত তেনে কৰা হোৱা নাই। শ্ৰীমন্ত শংকৰদেৱেও কীৰ্ত্তন ঘোষাত মৎস্যক চতুৰ্বিংশতি অৱতাৰৰ প্ৰথম আখ্যা দিছে।
মৎস্য পূজাৰ বাবে মন্দিৰ খুব কম সংখ্যক দেখা যায়। বেত দ্বাৰকাৰ শংখোদৰ মন্দিৰ আৰু নগলপুৰমৰ বেদনাৰায়ণ মন্দিৰ প্ৰমুখ। কোণেশ্বৰম মৎস্যকেশ্বৰম মন্দিৰ ধ্বংস হ'ল। বেংগালুৰুতো মৎস্য নাৰায়ণ মন্দিৰ আছে।
|