মৰাণ
Moran Town | |
---|---|
নগৰ | |
দেশ | ![]() |
ৰাজ্য | অসম |
জিলা | ডিব্ৰুগড় জিলা |
উচ্চতা | ৯৭ মিটাৰ (৩১৮ ফুট) |
জনসংখ্যা (২০০১) | |
• মুঠ |
6,784 |
মৰাণ (Moran Town), ভাৰতৰ ৰাজ্যসমূহৰ অন্তৰ্গত অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত এখন সৰু লোকপিয়ল নগৰ। নগৰখন ঔদ্যোগিক ভাৱে উন্নত। এইখন দেশৰ এখন অন্যতম চাহ আৰু খাৰুৱা তৈল উৎপাদন হোৱা অঞ্চল। অঞ্চলটোৰ এটা প্ৰধান আকৰ্ষণ হ'ল ৰাইদঙীয়া দৌল, যিটোৱে আহোম ৰাজত্বৰ ঐতিহ্য বহন কৰিছে।
মৰাণৰ ভৌগোলিক অৱস্থান হ'ল- 27°11′N 94°56′E / 27.18°N 94.93°E[1] সাগৰ পৃষ্ঠৰ পৰা উচ্চতা ৯৭ মিটাৰ (318 ফুট)। ইয়াৰ পশ্চিমে ডুলিয়াজান নগৰ,পূৱে টেঙাখাট আৰু টিংখং, উত্তৰে মোহনবাৰী আৰু শলগুৰি, দক্ষিণে মৰাণহাট আৰু সোণাৰি। জিলাৰ প্ৰধান কাৰ্যালয় ডিব্ৰুগড়, ইয়াৰ পৰা ৪০ kilometre (25 মাইল) আঁতৰত অৱস্থিত।
ভাৰতীয় লোকপিয়ল-২০০১ মতে,[2] মৰাণৰ জনসংখ্য মাত্ৰ ৬,৭৮৪ জন। তাৰে, ৫৩% পুৰুষ আৰু বাকী ৪৭% মহিলা। এই নগৰখনৰ ১০% জনসংখ্যাৰ ৬ বছৰ বয়সতকৈ সৰু।
মৰাণ ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত[3] আৰু বিধানসভা সমষ্টি হ'ল মৰাণ বিধানসভা সমষ্টি।