মৰাণ চৰকাৰ | |
---|---|
![]() মৰাণ চৰকাৰৰ এখন ক্ষুদ্ৰাকায় প্ৰতিকৃতি | |
জন্ম | ১৭৮১ |
মৃত্যু | ১৮৬২[1] |
মৰাণ চৰকাৰ (ইংৰাজী: Moran Sarkar ; পঞ্জাবী: موراں سرکار) এগৰাকী পঞ্জাবী মুছলমান সম্প্ৰদায়ৰ এগৰাকী দৰবাৰী নাচৰ নাচনী (nutch girl) আছিল। ১৯০২ চনত তেওঁ মহাৰজা ৰঞ্জিত সিঙক বিয়া কৰাইছিল।[2] এগৰাকী নাচনী ছোৱালীক বিয়া কৰোৱা বাবে শিখ ধৰ্মগুৰু আকালি ফুল সিঙে মহাৰজাক বেত্ৰাঘাটেৰে শাস্তি প্ৰদান কৰিছিল।[3]
লাহোৰ আৰু অমৃতসৰৰ ওচৰৰ এখন গাঁও মাখনপুৰৰ এটা মুছলমান পৰিয়াল মাই মৰাণ জন্ম হৈছিল।[4] তেওঁ মহাৰজা ৰঞ্জিত সিংহক বিয়া কৰায়। একৈশ বছৰ বয়সত ৰঞ্জিত সিংহ লাহোৰৰ মহাৰজা হয় আৰু মাই মৰাণৰ সৈতে বিয়া হোৱাৰ সময়ত তেওঁ ৰাজপাটত উঠাৰ এবছৰ হৈছিলহে। বিয়াৰ পিছত মাই মৰাণক আনুষ্ঠানিক ভাবে মহাৰাণী চাহিবা নাম দিয়া দিয়া হৈছিল। তেওঁ এগৰাকী নাচনী ছোৱালী বা নৰ্তকী আছিল। বিবাহৰ পূৰ্বে মহাৰজাই তেওঁ নাচ উপভোগ কৰিছিল। লাহোৰ আৰু অমৃতসৰৰ মাজভাগত অৱস্থিত 'পুল কঞ্জৰী' নামে ঠাই এটুকুৰাত তেওঁ নাচ প্ৰদৰ্শন কৰিছিল। এতিয়া এই ঠাইখনৰ নাম 'পুল মৰাণ' কৰা হৈছে।[5]
মহাৰজা হোৱাৰ পিছত ৰঞ্জিত সিংহৰ সৈতে মাই মৰাণ বিয়া হয়। বিয়াৰ পূৰ্বে মাই মৰাণক মৰাণ বা মহৰান বাই নামেৰে জনা গৈছিল। তেওঁলোকে বিয়াৰ প্ৰথম নিশা 'ৱাজিৰ খান মছজিদ'ৰ মিনাৰত কটাইছিল, যি ঘটনাৰ বাবে মুছলমান সমাজত বিক্ষোভৰ সৃষ্টি হৈছিল। কিয়নো মছজিদ মুছলমানসকলৰ বাবে অতি পবিত্ৰ ঠাই আৰু এনেহেন পবিত্ৰ ঠাইত যৌন সংসৰ্গ ঘটোৱা পাপ বা অপৰাধ বুলি গণ্য কৰা হয়। এই ঘটনাৰ পিচত মহাৰজাই ডাঙৰ অসুখত ভুগিছিল আৰু ইয়াক মছজিদৰ ঘটনাটোৰে অভিশাপ লগা বুলি ভবা হৈছিল। হিন্দু পণ্ডিত, মুছলমান গ্ৰন্থি আৰু মুছলমান মোল্লাসকলক মাতি অনা হৈছিল। সকলোৱে একমুখে কৈছিল যে এয়া মহাৰজা আৰু মাই মৰাণ দুয়োৰো ওপৰত মুছলমান সন্ত চৈয়দ মহম্মদ ইচাক গুজৰানী বা সকলোৱে জনাজাত নাম- হজৰত মিৰান শাহৰ অভিশাপ বৰ্ষিত হৈছে, যাৰ সমাধিস্থল মছজিদ চৌহতত আছিল। মৰাণ বায়ে অবিলম্বে ইছলাম ধৰ্মৰ আচাৰ-অনুষ্ঠান পালন কৰিবলৈ ল’লে আৰু নিজৰ নাম মাই মৰাণলৈ সলনি কৰি ললে। পাপৰ প্ৰায়শ্চিত্ত হিচাপে তেওঁ নিজৰ হাউলীৰ ওচৰতে শাহআলমী গেটৰ ওচৰত পাপৰ মাণ্ডীত এটা মছজিদ সজাই দিলে। ইফালে মাই মৰাণৰ যেতিয়া মৃত্যু হ’ল, তেওঁক মিয়ানী চাহিবত হজৰত তাহিৰ বন্দেগীৰ কবৰৰ কাষতে কবৰ দিলে। এই স্থানত ৰাণী গুলবাহাৰ বেগমকো কবৰ দিয়া হৈছিল। ইয়াৰ পিছতো মহাৰজা ৰঞ্জিত সিংহ বহুদিন জীয়াই আছিল। জীয়াই থকা কালচোৱাত তেওঁ প্ৰতি বৃহস্পতিবাৰে পাপৰ প্ৰায়শ্চিত্ত হিচাপে এই স্থানৰ দুখীয়া-দৰিদ্ৰসকলক খোৱাবস্তু দান কৰিছিল।[6][7] তেওঁ ৰাণী মৰাণৰ নামেৰে এটা মুদ্ৰা খোদিত কৰে[8] আৰু সেই কাৰণে তেওঁক লাহোৰবাসীয়ে মৰাণ চৰকাৰ নামৰে সম্বোধন কৰিবলৈ ল'লে।[9]
তেওঁক কলাবিদ্যাৰ ক্ষেত্ৰত অতি পাৰদৰ্শী আছিল বুলি ভবা হয়। তেওঁ বহুতো জনহিতকৰ কাম কৰিছিল আৰু ৰাজহুৱা সমস্যা আদিৰ ক্ষেত্ৰত মহাৰজাৰ দৃষ্টি আকৰ্ষণ কৰাইছিল।[10]
মৰাণৰ অনুৰোধতে মহাৰজা ৰঞ্জিত সিংহই 'মছজিদ-ই-তৱাইফন' নিৰ্মাণ কৰিছিল। ইয়াক ১৯৯৮ চনত মাই মৰাণ মছজিদ নামে পুনৰ নামকৰণ কৰা হয়।[11] ই শাহআলমী গেটৰ ওচৰত বৰ্তমান লাহোৰ বজাৰ জনাজাত, পাপৰ মাণ্ডীত অৱস্থিত।[12]