মৰাণ | |
---|---|
থলুৱা অঞ্চল | ভাৰত |
অঞ্চল | অসম |
ভাষা পৰিয়াল |
চীনা-তিব্বতীয়
|
ভাষা সংকেত | |
ISO 639-3 | নাই (mis ) |
ভাষাতাত্বিক |
qg1 |
গ্লোটোলগ | নাই |
মৰাণ ভাষা (ইংৰাজী: Moran language) বড়ো-গাৰো পৰিয়ালৰ অন্তৰ্গত আৰু পূৰ্ব্বতে উত্তৰ পূব ভাৰতৰ অসম (বিশেষভাৱে তিনিচুকীয়া জিলা)-ত কথিত এটা বিলুপ্ত ভাষা। এই ভাষা অসমৰে আন এক ভাষা ডিমাছাৰ সৈতে সম্পৰ্কিত।[1] তথ্য অনুসৰি মৰাণভাষী লোকৰ সংখ্যা ১৯০১ চনৰ লোকপিয়লত ৭৮, ১৯১১ চনত ২৪ আৰু ১৯৩১ চনত ০ আছিল। এই ভাষাৰ একমাত্ৰ নিৰ্ভৰযোগ্য উৎস হিচাপে ১৯০৪ চনৰ P R Gurdon-ৰ নিৱন্ধটোহে উপলব্ধ।[2][3] মৰাণভাষীসকলে অসমীয়া ভাষা গ্ৰহণ কৰে। "মৰাণ" শব্দটোৰ অৰ্থ হৈছে "বনৰ অধিবাসী"।
গৱেষক ডব্লিউ. বি. ব্ৰাউনৰ মত অনুসৰি মৰাণ জনগোষ্ঠীৰ লোকসকলৰ ভাষাৰ মূল আছিল এটা কছাৰী ভাষা। মধ্যযুগ (১৩শ-১৬শ শতিকা)-ত আক্ৰমণকাৰী আহোমসকলৰ জৰিয়তে মৰাণসকল আৰু চুতীয়াসকল সংস্পৰ্শলৈ আহিছিল আৰু তেওঁলোকৰ মাজত সংমিশ্ৰণ হৈছিল। ইয়াৰ ফলশ্ৰুতিতেই তেওঁলোকে তেওঁলোকে নিজস্ব অধিবাসিক ভাষা আৰু প্ৰাকৃতৰে মিশ্ৰিত এটা সংযোগী ভাষাৰে বাৰ্তালাপ কৰিবলৈ লৈছিল। এই পৰিবৃত্তিকৰণৰ জৰিয়তে মৰাণ ভাষাৰ বিকাশ হৈছিল, যি সময়ৰ সোঁতত পুনৰ এক আধুনিক ৰূপৰ অসমীয়া ভাষাৰ দ্বাৰা প্ৰতিষ্ঠাপিত হয়। আধুনিক অসমীয়া ভাষাৰ বিকাশতো প্ৰাকৃত ভাষাৰ এক বৃহৎ প্ৰভাৱ আছে। বৰ্তমান কালত মৰাণসকল মূলতঃ অসমৰ তিনিচুকীয়া জিলাৰ অধিবাসী। আদিকালৰ লগতে ঔপনিৱেশক শাসনৰ কালতো পৰম্পৰাগত ঝুম কৃষি পদ্ধতি অৱলম্বনৰ ফল হিচাপে মৰাণসকল ব্যাপকভাৱে পৰিভ্ৰমী বা প্ৰচৰণশীল আছিল। পৰৱৰ্তী সময়ত তেওঁলোকে আদিম বাসস্থান টিপাম আৰু চৰাইদেউৰ পৰা ক্ৰমে উত্তৰৰ দিশলৈ প্ৰৱজন কৰিবলৈ লৈছিল। উল্লেখ্য যে, সম্ভৱতঃ সিক্ত ধানখেতিৰ ব্যাপ্তিৰ ফলস্বৰূপে টিপাম আৰু চৰাইদেউতে তেওঁলোকৰ সৈতে টাই প্ৰৱজনকাৰীসকলৰ মুখামুখি হৈছিল।[4] উনবিংশ শতিকাত যেতিয়া ব্ৰিটিছসকল আহি উপস্থিত হৈছিল, ডিব্ৰুগড় আৰু শদিয়াৰ মাজৰ ঠাইখিনি মূলতঃ অনন্বেষিত অৰণ্য আছিল,[5] আৰু ইয়াৰ মুখ্য অধিবাসী আছিল মৰাণসকল। আহোম শাসনৰ আদিছোৱা কালত মৰাণসকলক শাৰীৰিক শ্ৰমযুক্ত অ-কৌশলী কৰ্মক্ষেত্ৰ যেনে খৰি-কটা আৰু পানী-তোলা আদিত নিয়োজিত কৰা হৈছিল।[6] আহোম ৰাজত্বৰ পিছৰ কালছোৱাত কাকতাল, মৰিয়নি, হোলোংপাৰ, জাঁজী আদি বিভিন্ন ঠাইত মৰাণসকলৰ বসতি পোৱা হৈছিল আৰু তেওঁলোক ঘাইকৈ কপহীয়া (কপাহৰ খেতিয়ক) হিচাপে নিয়োজিত হৈছিল। ইয়েই দেখুৱায় যে আহোম সাম্ৰাজ্যৰ প্ৰসাৰৰ লগে লগে মৰাণসকল ব্ৰহ্মপুত্ৰৰ সমগ্ৰ দক্ষিণ পাৰতেই বিস্তৃত হৈ পৰিছিল।[7]
মৰাণসকল আৰু চুতীয়াসকলৰ লগতে অন্যান্য কছাৰীসকল পানী বুজাবলৈ "দি" শব্দটো ব্যৱহাৰ কৰে, আৰু এই "দি"য়েই উজনি অসম আৰু উত্তৰ অসমৰ প্ৰায় সকলো মুখ্য নৈৰ নামৰ আদ্যাক্ষাৰটি গঠন কৰে। উদাহৰণস্বৰূপে, দিবাং, দিচাং, দিখৌ, ডিক্ৰং, ডিকৰাই, দিহিং, দিগাৰু, ডিফলু, ডিমৌ, দিচৈ ইত্যাদি নৈৰ নামে দেখুৱায় যে এই সমগ্ৰ ভু-খণ্ডত এই গোষ্ঠীৰ লোকসকলেই মুখ্য জনগোষ্ঠী আছিল। তেওঁলোকৰ মুলস্থান আছিল শদিয়া, আৰু শদিয়াই হৈছে চুতীয়াসকলৰ প্ৰাচীনতম জ্ঞাত ৰাজনৈতিক শক্তি আৰু সভ্যতাৰ পীঠ। তেওঁলোক সম্ভৱতঃ কছাৰী জনগোষ্ঠীৰ পূৱীয় শাখা যি আহোম শাসনৰ সময়ত বিছিন্ন হৈ পৰিছিল।[8]