দুখন তৰোৱালেৰে আক্ৰমণাত্মক ভংগীত বাজী প্ৰভুৰ মূৰ্তি | |
অন্যান্য নাম | মৰ্দানী খেল |
---|---|
Focus | অস্ত্ৰ |
উৎপত্তি স্থল | ভাৰত |
প্ৰসিদ্ধ অনুশীলনকাৰী | Shivaji Raje Bhosale Tanaji Malusare Murar Baji Baji Prabhu |
অলিম্পিক ক্ৰীড়া | নাই |
মৰ্দানী খেল(ইংৰাজী: Mardani khel) বা বোথাটি মহাৰাষ্ট্ৰত উৎপত্তি হোৱা এক সশস্ত্ৰ ভাৰতীয় যুদ্ধ কলা। ই বিশেষকৈ ভাৰতীয় অনন্য পট্টা(তৰোৱাল) আৰু ভিটা(কৰ্ডযুক্ত লেন্স) ব্যৱহাৰৰ বাবে বিশেষভাবে পৰিচিত। এক সুকীয়া ব্যৱস্থা হিচাপে বোথাটিৰ প্ৰাৰম্ভিক ইতিহাস ১৬০০ চনৰ আগলৈ অনুসন্ধান কৰাটো কঠিন যদিও ইয়াৰ বিকাশৰ কাৰণ মহাৰাষ্ট্ৰৰ বিশেষ ভৌগোলিক অৱস্থাৰ বাবেই হোৱা বুলি ধাৰণা কৰা হয়। মহাৰাষ্ট্ৰৰ ভৌগলিক পৰিৱেশ উপত্যকা আৰু গুহাৰ বৈশিষ্ট্যযুক্ত পাহাৰীয়া অঞ্চল হোৱা বাবে ইয়াৰ বাসিন্দাসকল অশ্বাৰোহনত বিশেষজ্ঞ হৈ পৰে, যিয়ে যুদ্ধৰ সময়ত লঘু কৱচ আৰু অতি চলন্ত অশ্বাৰোহী ইউনিটৰ দৰে হৈ পৰে।[1]
মৰ্দানী খেলৰ উত্থান আৰম্ভ হৈছিল ১৬০০ চনৰ আৰম্ভণিৰ পৰা, যেতিয়া দাক্ষিণাত্যৰ চুলতানে মাৰাঠা বীৰ শ্বাহাজীৰ নেতৃত্বত হোৱা মাৰাঠা সৈন্যৰ গেৰিলা কৌশলৰ ওপৰত নিৰ্ভৰ কৰিছিল। তেওঁৰ পুত্ৰ শিৱাজী ৰাজে ভোছালে সৰুৰে পৰা যুদ্ধৰ কলা শিকিছিল আৰু কৈশোৰ কালতেই তেওঁ বিভিন্ন অস্ত্ৰ ব্যৱহাৰত পাকৈত হৈ পৰিছিল।[1] তেওঁৰ পছন্দৰ অস্ত্ৰ আছিল ভৱানী নামৰ ৪ ফুট দীঘল তৰোৱাল৷[1] ১৭ বছৰ বয়সত শিৱাজীয়ে দাক্ষিণাত্যৰ বিশৃংখল কাম-কাজৰ সুযোগ লৈ বিজাপুৰী কৰ্তৃত্বক ওফৰাই নিজাববীয়াকৈ সংগ্ৰাম আৰম্ভ কৰিছিল। এটা সময়ত দাক্ষিণাত্যত সিঁচৰতি হৈ থকা মাৰাঠা জনগোষ্ঠীয় লোকে শিৱাজীৰ অধীনত একত্ৰিত হৈ পশ্চিম ঘাটত এখন স্বতন্ত্ৰ ৰাজ্য গঢ়ি তুলিছিল। অসহিষ্ণু মুছলমান শাসনৰ সময়ত হিন্দু ঐক্যবদ্ধ হোৱাৰ কাৰণ আছিল যে, মাৰাঠাসকল মোগলৰ পৰা অহৰহ ভাবুকিৰ সন্মুখীন হৈছিল৷[2] মোগলৰ আগ্নেয়াস্ত্ৰ প্ৰয়োগৰ সুবিধা সীমিত হোৱাৰ বাবে তেওঁলোকে ইয়াৰ স্থানীয় ভূখণ্ডৰ ভৌগলিক গাঁথনিক মূলধন হিচাপে ব্যৱহাৰ কৰিছিল যিটো আক্ৰমণকাৰীৰ গধুৰ অস্ত্ৰ প্ৰয়োগৰ বাবে অনুপযুক্ত আছিল[3] ফলস্বৰূপে, মোগলসকলৰ লগত প্ৰায়ে মাৰাঠাসকলে, তেওঁলোকৰ তুলনামূলকভাৱে লঘু কৱচ থকাৰ সুবিধাৰ বাবে হতাহতি যুদ্ধ কৰিবলৈ বাধ্য কৰিছিল৷
মাৰাঠা জনগোষ্ঠীৰ প্ৰচণ্ড যুদ্ধ সংস্কৃতি আৰু যুদ্ধৰ প্ৰতি থকা প্ৰৱণতাৰ কথা সপ্তম শতিকাতেই চীনৰ সন্ন্যাসী জুয়ানজাঙে উল্লেখ কৰিছে। তেওঁ লিখিছে, “জলবায়ু গৰম, জনসাধাৰণৰ স্বভাৱ সৎ আৰু সহজ, তেওঁলোক মধ্যমীয়া গঠনৰ আৰু কঠোৰ, প্ৰতিশোধপৰায়ণ চৰিত্ৰৰ। তেওঁলোকৰ উপকাৰীজনৰ প্ৰতি তেওঁলোক কৃতজ্ঞ, তেওঁলোকৰ শত্ৰুৰ প্ৰতি অদম্য। যদি তেওঁলোকক অপমান কৰা হয়, তেন্তে তেওঁলোকে প্ৰাণ পণ কৰি বিপদৰ সম্মুখীন হ'ব।" যদি তেওঁলোকক বিপদত পৰা এজনক সহায় কৰিবলৈ কোৱা হয়, তেন্তে তেওঁলোকে স্বেচ্ছাই সন্মত হয়৷ যদি তেওঁলোকে প্ৰতিশোধ ল’বলৈ আগবাঢ়ে, তেন্তে পোনতে সঁকিয়নি দিব, তাৰপিছত প্ৰত্যেক অস্ত্ৰৰ উত্তৰ অস্ত্ৰেৰে দিব৷ কোনোবা যদি পলাই যায়, তেন্তে তাৰ পিছে পিছে যাব কিন্তু, তেওঁলোকে তেওঁক বধ নকৰে৷ দেশখনত কেইবাশ পাৰদৰ্শী লোকৰ এটা দলৰ ব্যৱস্থা আছে। প্ৰতিবাৰেই তেওঁলোকে সংঘাতত লিপ্ত হ'বলৈ ওলোৱাৰ সময়ত মদ্যপান কৰে আৰু তাৰ পিছত হাতত বল্লম লৈ এজন মানুহে দহ হাজাৰক লগ পাবলৈ আৰু যুদ্ধত তেওঁলোকক প্ৰত্যাহ্বান জনাবলৈ আগবাঢ়ে।"[4]
জুয়ানজাঙে আৰু লিখিছে, এই চেম্পিয়ন বেণ্ডটো যুদ্ধত অপৰাজিত যেন লাগিছিল। "কোনো শত্ৰুৱে তেওঁলোকৰ সম্মুখত থিয় দিব নোৱাৰে" আৰু ইয়াৰ বাবেই তেওঁলোকৰ ৰজা দ্বিতীয় পুলাকেশীয়ে "নিজৰ ওচৰ-চুবুৰীয়াৰ লগত অৱজ্ঞাৰ ব্যৱহাৰ" কৰিবলৈ সুবিধা পাইছিল। খুৰাক মংগলেশে পুলকেশীৰ সিংহাসনত অধিকাৰ অস্বীকাৰ কৰাত পুলাকেশীয়ে এক যুঁজাৰু সৈন্যবাহিনী গঠিত কৰি তেওঁলোকৰ আত্মীয়ৰ বিৰুদ্ধে নেতৃত্ব দিয়ে। সামন্তসকলে পুলকেশীৰ ৰাজ অভিষেকক প্ৰত্যাহ্বান জনায় যদিও তেওঁৰ সেনাই সকলো প্ৰতিদ্বন্দ্বীক নিজৰ অধীনলৈ আনিবলৈ সক্ষম হয়। নিজৰ যুদ্ধ বাহিনী আৰু অধিক বৃদ্ধি কৰাৰ পিছত পুলাকেশীয়ে ধাৰাবাহিক বিজয়ত নামি পৰে, দাক্ষিণাত্য মালভূমিৰ বেছিভাগতে চালুক্য ৰাজত্বকাল বিয়পি পৰে। ৬৩০ খ্ৰীষ্টাব্দত তেওঁ আত্মবিশ্বাসেৰে সম্ৰাট হৰ্ষ বৰ্ধনক অৱজ্ঞা কৰিছিল, যিয়ে নিজৰ সকলো সৈন্য আৰু পাকৈত সেনাপতি পঠিয়াইছিল যদিও পুলাকেশীৰ যুঁজাৰুসকলক আকৰ্ষিত কৰাত ব্যৰ্থ হৈছিল।
ভাৰতৰ বহু যুদ্ধ পদ্ধতিৰ দৰেই মাৰ্দানী খেলৰ গুৰুত্বও ঔপনিৱেশিক সময়ছোৱাত আগ্নেয়াস্ত্ৰৰ অধিক ব্যৱহাৰৰ ফলত ক্ৰমান্বয়ে হ্ৰাস পাইছিল। কিন্তু ১৮ শতিকাৰ ব্ৰিটিছ ঔপনিৱেশিকসকলে মাৰাঠা জনগোষ্ঠীৰ সামৰিক গুণক স্বীকৃতি দিয়াৰ বাবে এই শিল্প কেতিয়াও মৰি যোৱা নাছিল। ছাৰ জি মালেটে লিখিছে যে, বন্দুকৰ সৈতে পৰিচয় হোৱাৰ পিছতো কমসংখ্যক মাৰাঠা সৈন্যইহে দুখন তৰোৱালৰ বাহিৰে আন কোনো অস্ত্ৰ-শস্ত্ৰ লৈ ফুৰিছিল। ১৭৬৮ চনত বম্বেত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সম্পত্তি সুৰক্ষিত কৰিবলৈ মাৰাঠা লাইট ইনফেণ্ট্ৰি ৰেজিমেণ্ট গঠন কৰা হৈছিল।[5]