এই প্ৰবন্ধটো ইংৰাজী ৱিকিপিডিয়াৰ "machine learning" নামৰ প্ৰবন্ধৰ আধাৰত লিখা বা অনুবাদ কৰা হৈছে। ইয়াত বিষয়বস্তুৰ এক থুলমূল আভাসহে দিয়া হৈছে। |
যন্ত্ৰ শিক্ষণ বা মেশ্বিন লাৰ্নিং এটা কম্পিউটাৰ বিজ্ঞানৰ বিষয়[1]। "কৃত্ৰিম বুদ্ধিমত্তা" বা "আৰ্টিফিচিয়েল ইণ্টেলিজেন্স"-অৰ অধ্যয়নৰ লগত জড়িত "পেটাৰ্ন ৰিকগ্নিশ্যন" আৰু "কম্পিউটেশ্যনেল লাৰ্নিং থিয়'ৰি"ৰ পৰা এই বিষয় উদ্ভুদ হৈছে[1]।
মেশ্বিন লাৰ্নিঙত এলগৰিথমৰ গঠন আৰু গৱেষণা সম্পৰ্কে অধ্যয়ন কৰা হয়। এই এলগৰিথম বোৰে নিজে নিজে জ্ঞান আহৰণ (শিকি) কৰি নিজকে নিজে উন্নীত কৰি ভৱিষ্যতৰ তথ্য সম্পৰ্কে অনুমান লগাব পাৰে। [2]। ইহঁতে প্ৰাপ্ত তথ্যৰ আধাৰত সমাধান কৰিবলগা সমস্যাৰ এক গাণিতিক মডেল তৈয়াৰ কৰি তাৰ সহায়ত ভৱিষ্যতৰ অনুমান লগাব বা সিদ্ধান্ত ল'ব পাৰে[3]:2।
<ref>
টেগ;
bishop
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই