স্থানাংক: 26°55′29″N 75°49′28″E / 26.92472°N 75.82444°E
যন্তৰ মন্তৰ (জয়পুৰ) | |
---|---|
বিশ্ব ঐতিহ্য ক্ষেত্ৰত তালিকাভুক্ত হিচাপে নাম | |
![]() জয়পুৰৰ যন্তৰ মন্তৰ | |
দেশ | ভাৰত |
ধৰণ | সাংস্কৃতিক |
মাপকাঠি | iii, iv |
উদ্ধৃতি | ১৩৩৮ |
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল | দক্ষিণ এছিয়া |
অভিলিখনৰ ইতিহাস | |
অভিলিখন | ২০১০ (৩৪ তম অধিবেশন) |
যন্তৰ মন্তৰ ৰাজস্থানৰ জয়পুৰৰ প্ৰতিষ্ঠাপক ৰাজপুত ৰজা ছাৱাই জয় সিংহই নিৰ্মাণ কৰিছিল। ইয়াত ১৯টা জ্যোতিৰ্বিজ্ঞানৰ যন্ত্ৰ একেলগ কৰা আছে। ১৭৩৪ চনত এই কীৰ্তিচিহ্ন নিৰ্মাণ সম্পূৰ্ণ হয়।[1][2] ইয়াত বিশ্বৰ আটাইতকৈ ডাঙৰ শিলৰ সূৰ্য্যঘড়ী আছে আৰু ই ইউনেস্কোৰ দ্বাৰা স্বীকৃত বিশ্ব ঐতিহ্য ক্ষেত্ৰ।[1][3] ই চিটি পেলেচ আৰু হাৱা মহলৰ ওচৰত।[4] এই যন্ত্ৰসমূহৰ দ্বাৰা খালী চকুৰে জ্যোতিৰ্বিজ্ঞানৰ অৱস্থান পৰ্যবেক্ষণ কৰিব পৰা যায়।[1] এই মহাকাশ নিৰীক্ষণ কেন্দ্ৰটো বহু সভ্যতাৰ মাজত বিয়পি পৰা টলেমিক অৱস্থান জ্যোতিৰ্বিজ্ঞান(Ptolemaic positional astronomy)ৰ উদাহৰণ।[1][2]
এই স্মৃতিসৌধটোত তিনিটা মূল ধ্ৰুপদী আকাশী স্থানাংক ব্যৱস্থাত কাম কৰা প্ৰতিটো যন্ত্ৰৰে বৈশিষ্ট্য আছে: দিগন্ত-জিনিথ স্থানীয় ব্যৱস্থা, বিষুৱীয় ব্যৱস্থা আৰু গ্ৰহণ ব্যৱস্থা।[2] কনমালা যন্ত্ৰপ্ৰকৃততে এনে এটা যন্ত্ৰ, যিয়ে দুটা ব্যৱস্থাত কাম কৰে আৰু স্থানাংকসমূহক এটা ব্যৱস্থাৰ পৰা আনটো ব্যৱস্থালৈ পোনপটীয়াকৈ ৰূপান্তৰিত কৰিব পাৰে।[5] ইয়াত পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ সূৰ্য্যঘড়ী আছে।
১৯ শতিকাত এই স্মৃতিসৌধটোৰ ক্ষতিসাধন হৈছিল। জয়পুৰ জিলাৰ সহকাৰী ৰাজ্যিক অভিযন্তা হিচাপে নিযুক্তি পোৱাৰ সময়ত এজন আগ্ৰহী অপেশাদাৰী জ্যোতিৰ্বিজ্ঞানী মেজৰ আৰ্থাৰ গেৰেটৰ তত্ত্বাৱধানত পুনৰুদ্ধাৰৰ প্ৰাৰম্ভিক কাম কৰা হৈছিল।[6]
যন্তৰ-মন্তৰ নামটোৰ যন্তৰ শব্দটো সংস্কৃত শব্দ "যন্ত্ৰ"ৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ "যন্ত্ৰ", আৰু মন্তৰ সংস্কৃত শব্দ "মন্ত্ৰণ"ৰ পৰা আহিছে, যাৰ অৰ্থ ("পৰামৰ্শ, হিচাপ")[7] গতিকে যন্তৰ মন্তৰৰ আক্ষৰিক অৰ্থ হৈছে “গণনা যন্ত্ৰ’’।[3]
জয় সিঙে লক্ষ্য কৰিছিল যে, মহাকাশীয় বস্তুৰ অৱস্থান নিৰ্ণয়ৰ বাবে ব্যৱহাৰ কৰা জিজ (Zij) টেবুলত গণনা কৰা অৱস্থানৰ লগত মিল নাথাকে। অধিক সঠিক জিজ সৃষ্টিৰ উদ্দেশ্যে তেওঁ বিভিন্ন চহৰত পাঁচটা নতুন মহাকাশ নিৰীক্ষণ কেন্দ্ৰ নিৰ্মাণ কৰিছিল। জিজ-ই মহম্মদ শ্বাহী নামেৰে পৰিচিত জয় সিঙে সৃষ্টি কৰা জ্যোতিৰ্বিজ্ঞানৰ তালিকাসমূহ ভাৰতত এশ বছৰ ধৰি অবিৰতভাৱে ব্যৱহাৰ হৈ আছিল। (কিন্তু ভাৰতৰ বাহিৰত এই টেবুলখনৰ গুৰুত্ব কম আছিল। ) লগতে সময় জুখিবলৈও ইয়াক ব্যৱহাৰ কৰা হৈছিল।[8]
ৰাজা জয় সিংহই জয়পুৰত কেতিয়াৰ পৰা নিৰ্মাণ আৰম্ভ কৰিছিল, সেয়া সঠিকভাৱে জনা নাযায় যদিও ১৭২৮ চনৰ ভিতৰত কেইবাটাও যন্ত্ৰ নিৰ্মাণ কৰা হৈছিল আৰু জয়পুৰত যন্ত্ৰ নিৰ্মাণ ১৭৩৮ চনলৈকে চলি আছিল। ১৭৩৫ চনৰ ভিতৰত, যেতিয়া নিৰ্মাণকাৰ্য তুংগত উঠিছিল, তেতিয়া জয়পুৰত কমেও ২৩জন জ্যোতিৰ্বিজ্ঞানীক নিয়োগ কৰা হৈছিল আৰু পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশৰ বাবে দিল্লীৰ সলনি জয়পুৰকেই ৰাজা জয় সিংহই মূল মহাকাশ নিৰীক্ষণ কেন্দ্ৰ হিচাপে বাছি লৈছিল আৰু ১৭৪৩ চনত জয়সিঙৰ মৃত্যুৰ আগলৈকে আছিল।
ঈশ্বৰ সিংহৰ (ৰা-১৭৪৩-১৭৫০) অধীনত মহাকাশ নিৰীক্ষণ কেন্দ্ৰটোৱে জনপ্ৰিয়তা হেৰুৱাই পেলায়, কাৰণ তেওঁ তেওঁৰ ভায়েকৰ লগত উত্তৰাধিকাৰী যুঁজত লিপ্ত হৈছিল। অৱশ্যে ঈশ্বৰ সিংহৰ উত্তৰাধিকাৰী মাদো সিং (ৰা- ১৭৫০–১৭৬৮) মানৱ নিৰীক্ষণ কেন্দ্ৰটোক সমৰ্থন কৰিছিল যদিও জয় সিঙৰ দিনত সিমান কাৰ্যকলাপ দেখা নাছিল। যদিও প্ৰতাপ সিংহৰ অধীনত (ৰা-১৭৭৮-১৮০৩) যন্তৰ মন্তৰৰ কিছু পুনৰুদ্ধাৰ কৰা হৈছিল, তথাপিও মানৱ নিৰীক্ষণ কেন্দ্ৰটোৰ কাৰ্যকলাপ পুনৰ স্তিমিত হৈ গ’ল। এই সময়ছোৱাত এটা মন্দিৰ নিৰ্মাণ কৰা হয় আৰু প্ৰতাপ সিঙে মানৱ নিৰীক্ষণ কেন্দ্ৰটোৰৰ স্থানক বন্দুকৰ কাৰখানালৈ ৰূপান্তৰিত কৰে।[9]
ৰামসিংহই (ৰাজ্য ১৮৩৫–১৮৮০) ১৮৭৬ চনত যন্তৰ মন্তৰ পুনৰুদ্ধাৰৰ কাম সম্পূৰ্ণ কৰে, আনকি যন্ত্ৰৰ ৰেখাত সীহ সুমুৱাই শিলৰ ব্যৱহাৰ কৰি কিছুমান যন্ত্ৰক অধিক আকৰ্ষণীয় কৰি তুলিছিল আৰু কিছুমান প্লাষ্টাৰৰ যন্ত্ৰ পুনৰুদ্ধাৰ কৰিবলৈ শিল ব্যৱহাৰ কৰিছিল। কিন্তু অতি সোনকালেই এই নিৰীক্ষণ কেন্দ্ৰটো পুনৰ অৱহেলিত হৈ পৰে আৰু ১৯০১ চনলৈকে মাধো সিং দ্বিতীয় (ৰা. ১৮৮০–১৯২২) [8]ৰ কাৰ্যকালতো পুনৰুদ্ধাৰ কৰা নহ'ল।
এই নিৰীক্ষণ কেন্দ্ৰটোত সময় জোখাৰ বাবে ঊনৈশটা যন্ত্ৰ আছে, গ্ৰহণৰ ভৱিষ্যদ্বাণী কৰা, পৃথিৱীয়ে সূৰ্য্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰাৰ সময়ত প্ৰধান তৰাৰ অৱস্থান অনুসৰণ কৰা, গ্ৰহৰ অৱনতি নিৰ্ণয় কৰা, আৰু আকাশী উচ্চতা আৰু আনুষংগিক এফেমেৰাইড নিৰ্ণয় কৰা। যন্ত্ৰসমূহৰ চমু বিৱৰণ তলত দিয়া হ’ল:[2]
বৃহৎ সম্ৰাট যন্ত্ৰৰ উচ্চতা ৮৮ ফুট(২৭ মিটাৰ), যাৰ বাবে ই বিশ্বৰ অন্যতম বৃহৎ সূৰ্য্যঘড়ী।[13] ইয়াৰ মুখখন হেলনীয়াকৈ জয়পুৰৰ ফালে ২৭ ডিগ্ৰী অক্ষাংশ কোণত। ইয়াৰ দ্বাৰা জয়পুৰ স্থানীয় সময় অনুসৰি প্ৰায় দুইছেকেণ্ডৰ সঠিকভাৱে সময় কোৱা হয়।[14] ইয়াৰ ছাঁ প্ৰতি ছেকেণ্ডত ১ মিলিমিটাৰকৈ আৰু সাধাৰণভাৱে প্ৰতি মিনিটত এহাতকৈ দৃশ্যমানভাৱে গতি কৰে, ওপৰত থকা হিন্দু ছত্ৰী (সৰু কুপোলা)ক গ্ৰহণ আৰু বাৰিষাৰ আগমনৰ ঘোষণাৰ বাবে মঞ্চ হিচাপে ব্যৱহাৰ কৰা হয়।
জয়প্ৰকাশ যন্ত্ৰ জয়পুৰৰ যন্তৰ মন্তৰৰ যন্ত্ৰবোৰ বেছিভাগ ক্ষেত্ৰতে বিশাল গঠন। যি স্কেলত এইবোৰ নিৰ্মাণ কৰা হৈছে তাৰ সঠিক বৃদ্ধিৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। কিন্তু সূৰ্য্যৰ পেনুম্ব্ৰা ৩০ মিলিমিটাৰ বহল হ’ব পাৰে, যাৰ ফলত সম্ৰাটযন্ত্ৰৰ সূৰ্য্যঘড়ীৰ ১ মিলিমিটাৰ বৃদ্ধি কোনো ব্যৱহাৰিক তাৎপৰ্য্যৰ পৰা বঞ্চিত হৈ পৰে। ইয়াৰ উপৰিও যন্ত্ৰ নিৰ্মাণ কৰা ৰাজমিস্ত্ৰীসকলৰ এই স্কেলৰ নিৰ্মাণৰ অভিজ্ঞতা পৰ্যাপ্ত নাছিল আৰু ভেটিবোৰ ডুব যোৱাৰ ফলত পৰৱৰ্তী সময়ত সেইবোৰ ভুলকৈ প্ৰান্তিককৃত হৈ পৰিছে।[উদ্ধৃতিৰ প্ৰয়োজন]
স্থানীয় শিল আৰু মাৰ্বলৰ পৰা নিৰ্মিত প্ৰতিটো যন্ত্ৰই জ্যোতিৰ্বিজ্ঞানৰ মাপকাঠি বহন কৰে, সাধাৰণতে মাৰ্বলৰ ভিতৰৰ আৱৰণত চিহ্নিত কৰা হয়। প্ৰায় ১৮,৭০০ বৰ্গমিটাৰত বিস্তৃত এই স্মৃতিসৌধটোত যন্ত্ৰপাতি নিৰ্মাণত ব্ৰঞ্জৰ ফলি, ইটা আৰু মৰ্টনৰ ব্যৱহাৰ কৰা হৈছিল।[2] প্ৰায় ১৮০০ চনলৈকে ইয়াক অবিৰতভাৱে ব্যৱহাৰ কৰা হৈছিল, তাৰ পিছত ইয়াৰ ব্যৱহাৰ আৰু মেৰামতি নোহোৱা হৈ পৰিছিল।[2] ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ সময়ত বিশেষকৈ ১৯০২ চনত কেইবাবাৰো পুনৰ্নিৰ্মাণ কৰা যন্তৰ মন্তৰক ১৯৪৮ চনত ৰাষ্ট্ৰীয় কীৰ্তিচিহ্ন হিচাপে ঘোষণা কৰা হয়। ২০০৬ চনত ইয়াক পুনৰুদ্ধাৰ কৰা হয়।[2] ২০ শতিকাৰ আৰম্ভণিতে পুনৰুদ্ধাৰ প্ৰক্ৰিয়াই নিৰ্মাণৰ কিছুমান মূল সামগ্ৰীৰ ঠাইত বিভিন্ন সামগ্ৰীৰে সলনি কৰে।[2]
১৯৬১ চনৰ পৰা ৰাজস্থানৰ প্ৰত্নতাত্ত্বিক স্থান আৰু কীৰ্তিচিহ্ন আইনৰ অধীনত যন্তৰ মন্তৰ পৰিচালিত হয় আৰু ১৯৬৮ চনৰ পৰা ৰাজস্থানৰ ৰাষ্ট্ৰীয় স্মৃতিসৌধ হিচাপে সুৰক্ষিত কৰা হয়।[15]
বেদত জ্যোতিৰ্বিজ্ঞানৰ শব্দ, সময় আৰু কেলেণ্ডাৰৰ জোখ-মাখৰ কথা উল্লেখ আছে যদিও কোনো জ্যোতিৰ্বিজ্ঞানৰ যন্ত্ৰৰ কথা উল্লেখ কৰা হোৱা নাই।[4] জ্যোতিৰ্বিজ্ঞানৰ যন্ত্ৰ গ্নোমন আৰু ক্লেপচিড্ৰাৰ বিষয়ে আদিম আলোচনা প্ৰাচীন সংস্কৃত গ্ৰন্থ বেদাংগত পোৱা যায়।[4][16] যন্তৰ মন্তৰ স্মৃতিসৌধত পোৱা গ্নোমন(শংকু, শংকু বুলি কোৱা হয়)[17] ৰ বিষয়ে খ্ৰীষ্টপূৰ্ব এই প্ৰথম সহস্ৰাব্দ বেদাংগসমূহত আৰু পিছৰ বহু গ্ৰন্থ যেনে কাত্যায়ন শাল্বসূত্ৰত আলোচনা কৰা হৈছে।[4] জ্যোতিৰ্বিজ্ঞানৰ যন্ত্ৰৰ অন্যান্য আলোচনা হিন্দু ধৰ্মৰ গ্ৰন্থ যেনে খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাৰ[16] অৰ্থশাস্ত্ৰ, বৌদ্ধ গ্ৰন্থ যেনে চৰ্দুলকৰ্ণ-অৱদান, আৰু জৈন ধৰ্মৰ গ্ৰন্থ যেনে সূৰ্য্য-প্ৰজ্ঞাপতি আদিত পোৱা যায়। যন্ত্ৰৰ আঁৰৰ তত্ত্ব খ্ৰীষ্টীয় পঞ্চম শতিকাৰ আৰ্যভট্ট, খ্ৰীষ্টীয় ষষ্ঠ শতিকাৰ ব্ৰহ্মগুপ্ত আৰু বৰাহমিহিৰ, নৱম শতিকাৰ লল্লা, একাদশ শতিকাৰ শ্ৰী পতি আৰু ভাস্কৰাচাৰ্যৰ গ্ৰন্থসমূহত পোৱা যায়। ভাস্কৰৰ গ্ৰন্থসমূহত বাদ্যযন্ত্ৰৰ ওপৰত নিবেদিত অধ্যায় আছে আৰু তেওঁ সেইবোৰক যন্ত্ৰ-অধ্যায় বুলি কয়।[4][16] চক্ৰ-যন্ত্ৰ, যতী-যন্ত্ৰ, ধনুৰ-যন্ত্ৰ, কপাল-যন্ত্ৰ, নাদিবলয়-যন্ত্ৰ, কৰতাৰী-যন্ত্ৰ আদিৰ তত্ত্ব প্ৰাচীন গ্ৰন্থত পোৱা যায়।[4]
![]() |
ৱিকিমিডিয়া কমন্সত যন্তৰ মন্তৰ (জয়পুৰ) সম্পৰ্কীয় মিডিয়া ফাইল আছে। |