যমান্তক বজ্ৰভৈৰৱ | |
---|---|
মৃত্যু বিজয় | |
![]() ম'হৰ ওপৰত উপৱিষ্ট বজ্ৰযান বৌদ্ধধৰ্মৰ যমান্তক | |
অস্ত্ৰ | তৰোৱাল, পাশ ইত্যাদি |
যমান্তক (সংস্কৃত: यमान्तक) বা বজ্ৰভৈৰৱ হৈছে বজ্ৰযান বৌদ্ধধৰ্মৰ এগৰাকী দেৱতা।[1] তেওঁক কোনো কোনো সময়ত "মৃত্যু দেৱতাৰ ওপৰত বিজয়ী হিচাপে কল্পনা কৰা হয়।[2]
যমন্তক হৈছে এটা সংস্কৃত নাম আৰু ইয়াক এনেদৰে ভাঙিব পাৰি: যম, –মৃত্যুৰ দেৱতা; আৰু অন্তক –ধ্বংসকাৰী।[3] এইদৰে যমন্তকৰ অৰ্থ হৈছে “মৃত্যুৰ ধ্বংসকাৰী” বা "মৃত্যুৰ বিজয়ী।" [2][4]
সেয়েহে যমন্তক যমৰ শত্ৰু যদিও তেওঁৰ উপস্থাপনে বহু দিশত যমক প্ৰতিফলিত কৰে: তেওঁ যমৰ দৰেই প্ৰায়ে ম'হত আৰোহণ কৰে আৰু প্ৰায়ে ম'হৰ শিৰৰ সৈতে তেওঁক চিত্ৰিত কৰা হয়।
বৌদ্ধ ধৰ্মত "মৃত্যুৰ অন্ত পেলোৱা" সকলো বুদ্ধৰে এটা গুণ কাৰণ তেওঁলোকে পুনৰ্জন্মৰ চক্ৰ, সংসাৰ সমাপ্ত কৰিছে।
যমান্তক নামৰ আন এটা ঐতিহাসিক উৎস হিন্দু দেৱতা শিৱৰ এটা ৰূপ কালান্তক। কালান্তকে নিজৰ ভক্ত মাৰ্কণ্ডেয়ক মৃত্যুৰ দেৱতা যমৰ কবলৰ পৰা ৰক্ষা কৰে। তেওঁক বৌদ্ধ ধৰ্ম আৰু হিন্দু ধৰ্মৰ মহামৃত্যুঞ্জয় মন্ত্ৰৰ আনুগত্য আৰু উৎপত্তিৰ দেৱতা হিচাপে গণ্য কৰা হয়।
বৌদ্ধ ধৰ্মত যমান্তক হৈছে বোধিসত্ত্ব মঞ্জুশ্ৰীৰ ক্ৰোধপূৰ্ণ ৰূপ। তেওঁ অন্যান্য প্ৰসংগত ধৰ্মপাল বা হেৰুক হিচাপেও কাম কৰে। তেওঁ মৃত্যুৰ গৰাকী যমক পৰাস্ত কৰিবলৈ এই ৰূপ ধাৰণ কৰিছিল কাৰণ যমে অকালতে লোকসকলৰ জীৱন হৰণ কৰি কৰ্মত অহংভাৱেৰে হস্তক্ষেপ কৰি আছিল। যমান্তকে যমক নিজৰ ভয়ংকৰ ৰূপেৰে আতংকিত কৰি বশ কৰিলে। তেতিয়া যমে নিজৰ কৰ্মৰ অনুতাপ কৰি ধৰ্মৰ ৰক্ষক হৈ পৰিল। এই পদ্ধতিৰে মঞ্জুশ্ৰীয়ে মৃত্যুভয়ৰ মায়াময় স্বৰূপৰ লগতে মৃত্যুৰ অবাস্তৱতাও উদঙাই দিছিল।[5][6]
যমান্তকক বিভিন্ন ৰূপত উপস্থাপন কৰা হয়। ইয়াৰে এক ৰূপত[7] তেওঁ ছয় ভৰি, ছয় মুখ আৰু ছয় হস্তৰ সৈতে ম'হৰ ওপৰত বহি বা থিয় হৈ বিভিন্ন অস্ত্ৰ ধৰি থাকে। আটাইতকৈ ওপৰত অৱস্থিত মুখখন হৈছে মঞ্জুশ্ৰীৰ ক্ৰোধপূৰ্ণ দিশ। তাৰ তলৰ মুখ ৰক্তবৰ্ণ। আন মুখবোৰ হালধীয়া, গাঢ় নীলা, ৰঙা, ক’লা, বগা, ধূসৰ, আৰু বাদামী ৰঙৰ। প্ৰতিখন মুখত তিনিটাকৈ চকু থাকে। অন্য সাধাৰণ উপস্থাপনতো তেওঁক বত্ৰিশখন হাত আৰু ষোল্লখন ভৰিৰ সৈতে চিত্ৰণ কৰা হয়।[8] লগতে যমৰ দৰেই তেওঁক এটা উত্থিত পুৰুষাংগৰ সৈতে উপস্থাপন কৰা হয়। ই শৰীৰৰ তৰল পদাৰ্থৰ ৰসায়নৰ প্ৰতীক।[9]
চীনা গুপ্ত বৌদ্ধ ধৰ্ম আৰু শ্বিংগন বৌদ্ধ ধৰ্মত যমান্তক হৈছে অমিতাভ বুদ্ধৰ ক্ৰোধপূৰ্ণ প্ৰকাশ। তেওঁক শুকুলা ষাঁড়ৰ ওপৰত উপৱিষ্ট, ছখন মুখ, ভৰি আৰু বিভিন্ন অস্ত্ৰ ধৰি থকা হাতেৰে চিত্ৰিত কৰা হৈছে।[10]