যমুনাবাই ৱাইকৰ | |
---|---|
জন্ম | ৩১ ডিচেম্বৰ, ১৯১৫ |
মৃত্যু | ১৫ মে', ২০১৮ (১০২ বছৰ) |
পেচা | লোক শিল্পী |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মশ্ৰী সংগীত নাটক একাডেমী বঁটা মহাৰাষ্ট্ৰ ৰাজ্যিক বঁটা অহিল্যাবাই হোলকাৰ বঁটা নীলু ফুলে সন্মান ঠাকুৰ ৰত্ন সন্মান আদিত্য বিক্ৰম বীৰলা কলাশিখৰ বঁটা ৰসিকমণি শ্ৰীকৃষ্ণ পণ্ডিত উত্তুং গুণগৌৰৱ বঁটা |
যমুনাবাই ৱাইকৰ (ইংৰাজী: Yamunabai Waikar; ৩১ ডিচেম্বৰ ১৯১৫ – ১৫ মে' ২০১৮), সংগীত আৰু নৃত্যৰ সৈতে জড়িত মাৰাঠী লোক পৰম্পৰা[1] লাৱনী আৰু তামাছা লোকশিল্পৰ বিশেষজ্ঞতাৰ বাবে পৰিচিত[2][3] এগৰাকী ভাৰতীয় লোকশিল্পী।[4] সংগীত নাটক একাডেমী বঁটা প্ৰাপক,[5] যমুনাবাই ৱাইকৰক ভাৰত চৰকাৰে ২০১২ চনত চতুৰ্থ সৰ্বোচ্চ ভাৰতীয় অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মানিত কৰে।[6]
মহাৰাষ্ট্ৰৰ সতৰা জিলাৰ মহাবলেশ্বৰৰ ওচৰৰ নুনেকলামে গাঁৱত কলহাটি সম্প্ৰদায়ৰ পৰিয়ালত যমুনাবাইৰ জন্ম হৈছিল।[7][8] তেওঁৰ পিতৃ মদ্যপায়ী বুলি পৰিচিত আছিল আৰু মাকে ৰাজপথৰ নৃত্য প্ৰদৰ্শনকাৰী আছিল আৰু যমনুনাবাই পাঁচটা সন্তানৰ ভিতৰত ডাঙৰ হোৱাৰ বাবে তেওঁ মাকৰ সৈতে ৰাজপথৰ নৃত্য পৰিবেশন কৰিছিল।[9] ১০ বছৰ বয়সত তেওঁ লোক কলা গোটত যোগদান কৰে আৰু তাৰ পৰাই লাৱনীৰ প্ৰথম পাঠ লাভ কৰে। পিছলৈ দেউতাকেও তেওঁলোকৰ লগত যোগ দিয়ে আৰু পৰিয়ালটোৱে এটা তামাছা গোট গঠন কৰে। সেই গোটটোত দেউতাকে ঢোলক বজাইছিল আৰু যমুনাবাই আৰু তেওঁৰ ভগ্নীসকলে নৃত্য কৰিছিল।[9]
উন্নত জীৱিকাৰ সন্ধানত পৰিয়ালটো মুম্বাইলৈ গুচি যায় আৰু যমুনাবাইয়ে মুম্বাইৰ ৰাজপথত লাৱনী আৰু চলচ্চিত্ৰ গীত পৰিবেশন কৰিবলৈ আৰম্ভ কৰে। ৰাজপথৰ পৰিবেশনৰ সফলতাত উৎসাহিত হৈ তেওঁ মঞ্চত গীত পৰিবেশন কৰিবলৈ লয়। ১৯৭৫ চনলৈকে তেওঁ মঞ্চ কেৰিয়াৰ চলাই যায় আৰু চলচ্চিত্ৰৰ জনপ্ৰিয়তাৰ লগে লগে তেওঁৰ দৰ্শকৰ সংখ্যা হ্ৰাস পাবলৈ ধৰে।[9] তথাপিও যমুনাবাইয়ে আকৌ এটা নতুন দল গঠন কৰি নিজৰ কেৰিয়াৰ পুনৰুজ্জীৱিত কৰিবলৈ চেষ্টা কৰে, কিন্তু এই চেষ্টা বিফল হয়। কোৱা হয় যে, এই সময়ছোৱাত তেওঁ নিজৰ জনগোষ্ঠী কলহাটি জনগোষ্ঠীৰ সদস্যসকলৰ বাবে কম খৰচী গৃহ নিৰ্মাণ প্ৰকল্প সম্পূৰ্ণ কৰিছিল।[9]
যমুনাবাইয়ে বিখ্যাত কথক গুৰু বিৰজু মহাৰাজৰ সৈতে ১৯৭৫ চনত একেলগে মঞ্চত পৰিবেশন কৰি ভূয়সী প্ৰশংসা লাভ কৰিছিল।[10] এই পৰিবেশনে তেওঁৰ কেৰিয়াৰক পুনৰ সজীৱ কৰি তোলাত সহায় কৰিছিল আৰু দেশৰ অন্যান্য প্ৰান্ত যেনে কলকাতা, ভূপাল, ৰায়পুৰ আদি অঞ্চলত অনুষ্ঠান পৰিৱেশন কৰাৰ সুযোগ পাইছিল।[9]
২০১৮ চনৰ ১৫ মে’ত, ১০২ বছৰ বয়সত যমুনাবাইৰ মৃত্যু হয়।[11]
লাৱনী হৈছে মহাৰাষ্ট্ৰৰ এক জনপ্ৰিয় লোকগীত আৰু নৃত্যৰ ধাৰা।[12] ই হৈছে এক পাৰম্পৰিক গান আৰু নৃত্যৰ সংমিশ্ৰণ, যি বিশেষকৈ ঢোল্কি নামৰ এক বিশেষ বাদ্যৰ লগত পৰিৱেশন কৰা হয়। লাৱনী ইয়াৰ শক্তিশালী ছন্দৰ বাবে উল্লেখযোগ্য। মাৰাঠী লোক-থিয়েটাৰ বিকাশত লাৱনীৰ যথেষ্ট অৱদান আছে।[13] লাৱনীৰ গীতবোৰ দ্ৰুত লয়ত পৰিৱেশন কৰা হয়।
যমুনাবাই ৱাইকাৰে কেইবাটাও বঁটা আৰু সন্মান লাভ কৰিছে যেনে:
•পদ্মশ্ৰী, ২০১২[6][1][9]
•মহাৰাষ্ট্ৰ ৰাজ্যিক বঁটা, ১৯৯০[9]
•সংগীত নাটক একাডেমীৰ বাৰ্ষিক বঁটা, ১৯৯৫[1][9]
•সহকৰ মহৰ্ষি শংকৰৰাও মোহিতে-পাটিল লাৱনী কালাৱন্ত বঁটা, ১৯৯৭[14]
•মহাৰাষ্ট্ৰ চৰকাৰৰ “অহিল্যাবাই হোলকাৰ বঁটা, ২০০০”[9][1]
•নীলু ফুলে সন্মান, ২০১০[1][15][16]
•ঠাকুৰ ৰত্ন সন্মানৰ লাইফ টাইম এচিভমেণ্ট বঁটা, ২০১২[1][17][18]
•আদিত্য বিক্ৰম বীৰলা কলাশিখৰ বঁটা, ২০১২ - আদিত্য বিক্ৰম বিৰলাই প্ৰতিষ্ঠা কৰা সংগীত কলা কেন্দ্ৰৰ পৰা প্ৰদান কৰা হয়[19]
•ৰসিকমণি শ্ৰীকৃষ্ণ পণ্ডিত উত্তুং গুণগৌৰৱ বঁটা, ২০১৪ - উট্টুং বাৰ্ষিকী উৎসৱত প্ৰদান কৰা হয়।[20]