যশপাল সিং ভাট্টি | |
---|---|
![]() | |
জন্ম | ০৩ মাৰ্চ, ১৯৫৫ অমৃতসৰ, পঞ্জাব |
মৃত্যু | ২৫ অক্টোবৰ, ২০১২ (৫৭ বছৰ) জলন্ধৰ, পঞ্জাব |
পেচা | অভিনেতা, প্ৰযোজক, পৰিচালক |
সক্ৰিয় হৈ থকা সময় | ১৯৯০-২০১২ |
ধৰ্ম | শিখ ধৰ্ম |
দাম্পত্যসঙ্গী | সবিতা ভাট্টি (১৯৮৫-২০১২) |
যশপাল ভাট্টি (ইংৰাজী: Jaspal Singh Bhatti; ৩ মাৰ্চ ১৯৫৫ – ২৫ অক্টোবৰ ২০১২) আছিল এগৰাকী ভাৰতীয় কৌতুক শিল্পী, প্ৰযোজক আৰু পৰিচালক। সাধাৰণ জনতাৰ বিভিন্ন সমস্যাৰাজি কৌতুকৰ মাধ্যমেৰে উপস্থাপন কৰি জনপ্ৰিয় হৈ পৰা যশপাল ভাট্টি নব্বৈৰ দশকৰ দুখন বিখ্যাত হাস্য বংগ্য ধাৰাবাহিক "ফ্লপ শ্ব'" আৰু "উল্টা পুল্টাৰ" বাবে বিখ্যাত হৈ পৰে।[1] ২৫ অক্টোবৰ ২০১২ত এইগৰাকী কৌতুক শিল্পীৰ এক পথ দুৰ্ঘটনাত মৃত্যু হয়।
১৯৫৫ চনৰ ৩ মাৰ্চ পঞ্জাবৰ অমৃতসৰৰ এক ৰাজপুট শিখ পৰিয়ালত যশপাল ভাট্টিৰ জন্ম হয়। চণ্ডীগড়ৰ পঞ্জাব অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা বৈদ্যুতিক অভিযান্ত্ৰিকতা বিভাগৰ স্নাতক যশপাল ভাট্টি মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা কালত "দ্য নন্ছেন্স ক্লাব"ৰ দৰে বিভিন্ন বাটৰ নাটসমূহৰ বাবে জনপ্ৰিয় হৈ পৰে। তেওঁৰ বেছিভাগ নাটেই মূলতঃ আছিল সমাজত চলি থকা দুৰ্নীতি ভ্ৰষ্টাচাৰ সমূহৰ বিপক্ষে প্ৰতিবাদ।[2] যশপাল ভাট্টি চণ্ডীগড়ৰ পৰা প্ৰকাশিত "দা ট্ৰিবিউন" কাকতখনৰ এগৰাকী কাৰ্টুনিষ্ট হিচাবেও আত্মপ্ৰকাশ কৰিছিল।
নব্বৈৰ দশকৰ দূৰদৰ্শনৰ কম বাজেটৰ হাস্য বংগ্য ধাৰাবাহিক ‘ফ্লপ শ্ব’ৰ বাবে যশপাল ভাট্টি বিখ্যাত হৈ পৰে।[2] তেওঁৰ পত্নী সবিতা ভাট্টিয়ে প্ৰযোজনা কৰা এই ধাৰাবাহিকখন আছিল মাথোঁ দহটা খণ্ডৰ। তথাপিও ধাৰাবাহিকখন আজিও দূৰদৰ্শনপ্ৰেমী দৰ্শকৰ বাবে চিৰসেউজ[2]।
ভাট্টিয়ে পিছলৈ দূৰদৰ্শনৰ বাবে জনপ্ৰিয় টেলিভিছন চিৰিজ "উল্টা পুল্টা" আৰু "নন্চেন্স প্ৰাইভেট লিমিটেড" পৰিচালনা কৰাৰ লগতে অভিনয় কৰে। ১৯৯৯ চনত পঞ্জাব আৰক্ষীৰ বিষয়ে ব্যঙ্গ কাহিনীৰে "মাহৌল থিক হেই" আছিল পঞ্জাবী ভাষাত তেখেতৰ পৰিচালনাত প্ৰথম পূৰ্ণাঙ্গ বোলছবি। ইয়াৰ বাহিৰে তেখেতে " আ অব লৌত চলে", "ফানা", "কই মেৰে দিল চে পুচে", "কুচ মিঠা হো যায়ে" আদি চলচ্চিত্ৰত অভিনয় কৰে।
চাব টিভিৰ অনুষ্ঠান "কমেডী কা কিং কৌন"ত তেখেতে দিব্যা দত্তৰ লগত বিচাৰকৰ ভূমিকা পালন কৰিছিল। ২০০৮ চনত ষ্টাৰ প্লাছ চেনেলৰ নৃত্য অনুষ্ঠান "নাছ বলিয়ে" যশপাল ভাট্টিয়ে তেখেতৰ পত্নীৰ লগত অংশগ্ৰহণ কৰিছিল।[3]
যশপাল ভাট্টিয়ে ম'হালিত এখন চলচ্চিত্ৰ প্ৰশিক্ষণ বিদ্যালয় আৰু ষ্টুডিঅ' স্থাপন কৰিছিল।[4] ২০০৯ চনত এই বিদ্যালয়ৰ পৰা ছোৱালীৰ ভ্ৰুণ হত্যাৰ ওপৰত নিৰ্মিত এনিমেচন চলচ্চিত্ৰ "নন্হী চিড়িয়া"ই এড্ভাণ্টেজ ইণ্ডিয়াত দ্বিতীয় স্থান লাভ কৰে।[5]
প্ৰথম "গ'ল্ডেন কে'লা বঁটা" অনুষ্ঠানত যশপাল ভাট্টিয়ে জীৱনযোৰা সাধনাৰ বঁটা লাভ কৰিছিল।[6]
২৪ মাৰ্চ ১৯৮৫ চনত যশপাল ভাট্টি, সবিতা ভাট্টিৰ লগত বিবাহ পাশত আৱদ্ধ হয়। পৰিয়ালৰ অইন সদস্যসকলৰ ভিতৰত – পুত্ৰ যশৰাজ ভাট্টি আৰু জীয়ৰী ৰাবিয়া ভাট্টি।[7]
২০১২ চনৰ ২৫ অক্টোবৰত যশপাল ভাট্টিৰ এক পথ দুৰ্ঘটনাত মৃত্যু হয়। সেই সময়ত তেখেতে ভাটিণ্ডাৰ পৰা জলন্ধৰলৈ তেখেতৰ বোলছবি "পাৱাৰ কাট"ৰ প্ৰচাৰৰ বাবে পুত্ৰ যশৰাজ আৰু অভিনেত্ৰী সুৰিলী গৌতমৰ লগত গৈ আছিল। মূৰত গুৰুতৰ আঘাত পোৱা ভাট্টিক জলন্ধৰৰ এখন চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেখেতক মৃত ঘোষণা কৰে। তেখেতক চণ্ডীগড়ত সমাধিস্থ কৰা হয়।[8][1]
ধাৰাবাহিক | কেন্দ্ৰ | চৰিত্ৰ | টোকা |
---|---|---|---|
উল্টা পুল্টা | দিল্লী দূৰদৰ্শন কেন্দ্ৰ | ||
ফ্লপ শ্ব | দিল্লী দূৰদৰ্শন কেন্দ্ৰ | ||
ফুল টেনছন | |||
থেংক ইউ জিজাজী | চাব টিভি[9] | ভিনিহীয়েক | |
হাই জিন্দগী বাই জিন্দগী |