ব্যক্তিগত তথ্য | ||||
---|---|---|---|---|
জন্ম | ১১ আগষ্ট, ১৯৫৪ লুধিয়ানা, পঞ্জাব, ভাৰত | |||
মৃত্যু | ১৩ জুলাই, ২০২১ (৬৬ বছৰ) নতুন দিল্লী, ভাৰত | |||
বেটিং শৈলী | সোঁ-হতীয়া | |||
বলিং শৈলী | সোঁ-হতীয়া মধ্যমীয়া ফাষ্ট | |||
ভূমিকা | বেটছমেন | |||
আন্তঃৰাষ্ট্ৰীয় তথ্য | ||||
জাতীয় দল | ভাৰত | |||
টেষ্ট অভিষেক (কেপ ১৪৫) | ২ আগষ্ট ১৯৭৯ বনাম ইংলেণ্ড | |||
অন্তিম টেষ্ট | ৩ নৱেম্বৰ ১৯৮৩ বনাম ৱেষ্ট ইণ্ডিজ | |||
অ'ডিআই অভিষেক (কেপ ২৬) | ১৩ অক্টোবৰ ১৯৭৮ বনাম পাকিস্তান | |||
অন্তিম অ'ডিআই | ২৭ জানুৱাৰী ১৯৮৫ v ইংলেণ্ড | |||
অ'ডিআই চোলা নং. | ৬৮ | |||
ঘৰুৱা দলৰ তথ্য | ||||
বছৰ | দল | |||
1973/74–1986/87 | পঞ্জাব ক্ৰিকেট দল, ভাৰত | |||
১৯৮৭/৮৮–১৯৮৯/৯০ | হাৰিয়ানা ক্ৰিকেট দল | |||
১৯৯১/৯২–১৯৯২/৯৩ | ৰেলৱে ক্ৰিকেট দল | |||
কেৰিয়াৰ পৰিসংখ্যা | ||||
প্ৰতিযোগিতা | টেষ্ট ক্ৰিকেট | এদিনীয়া আন্তঃৰাষ্ট্ৰীয় | প্ৰথম শ্ৰেণীৰ ক্ৰিকেট | LA |
মুঠ খেল | ৩৭ | ৪২ | ১৬০ | ৭৪ |
ৰাণ | ১,৬০৬ | ৮৮৩ | ৮,৯৩৩ | ১,৮৫৯ |
বেটিং গড় | ৩৩.৪৫ | 28.48 | ৪৪.৮৮ | ৩৪.৪২ |
শতক/অৰ্ধশতক | ২/৯ | ০/৪ | ২১/৪৬ | ০/১২ |
সৰ্বোচ্চ ৰাণ | ১৪০ | ৮৯ | ২০১(নট আউট) | ৯১ |
বল | ৩০ | ২০১ | ৩,৬৫০ | ৫৬৮ |
উইকেট | ১ | ১ | ৪৭ | ১৩ |
বলিং গড় | ১৭.০০ | ১৯৯.০০ | ৩৩.৭০ | ৩৬.৭৬ |
এক ইনিংছত ৫টা উইকেট | ০ | ০ | ১ | ০ |
এখন খেলত ১০টা উইকেট | ০ | ০ | ০ | ০ |
শ্ৰেষ্ঠ বলিং | ১/৬ | ১/২৭ | ৫/১০৬ | ৪/৪১ |
কেচ্চ/ষ্টাম্পিং | ১৬/- | ১০/– | ৯০/২ | ২৮/১ |
উৎস: http://www.espncricinfo.com/ci/content/player/36075.html CricInfo, ১৩ জুলাই ২০২১ {{{year}}} |
যশপাল শৰ্মা ( pronunciation (সহায়·তথ্য); ১১ আগষ্ট ১৯৫৪ – ১৩ জুলাই ২০২১) এজন ভাৰতীয় আন্তঃ ৰাষ্ট্ৰীয় ক্ৰিকেট খেলুৱৈ। [1]৭০/৮০ৰ দশকৰ তেওঁ এজন বিধ্বংসী মিড্ল অৰ্ডাৰ বেটছ্মেন আছিল।[2] ১৯৮৩ চনত বিশ্বকাপ জয় কৰা ভাৰতীয় ক্ৰিকেট দল তেওঁ এজন সদস্য আছিল[3] তেওঁ ১৯৭৮ চনৰপৰা ১৯৮৫ চনলৈ ৩৭খন টেষ্ট মেচ, ৪২খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয়(ODI) খেলিছে। তেওঁৰ ভতিজাক চেতন শৰ্মাও এজন ক্ৰিকেট খেলুৱৈ। [4]
১৯৭২ চনত জম্বু আৰু কাশ্মীৰ স্কুলৰ বিপক্ষে পঞ্জাব স্কুলৰ হৈ ২৬০ ৰাণ কৰি যশপাল শৰ্মা প্ৰথম লোকচক্ষুলৈ আহে।[4] দুবছৰৰৰ ভিতৰতে তেওঁ ৰাজ্যিক দলত খেলিবলৈ সুযোগ লাভ কৰে আৰু নৰ্থ জ'ন দলৰ সদস্য ৰূপে ৱিঝী ট্ৰফী জয় কৰে।[5] প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত প্ৰথমবাৰৰ বাবে দুলীপ ট্ৰফীত তেওঁ সৰ্ব্বোচ ১৭৩ ৰাণ কৰিছিল। [5]
ইৰাণী ট্ৰফীত কৰা ৯৯ ৰাণেৰে যশপাল শৰ্মাই ভাৰতীয় দলত তেওঁৰ স্থান নিশ্চিত কৰিছিল আৰু তাৰ কিছু সপ্তাহ পিছতে পাকিস্তান টুৰলৈ যোৱা ভাৰতীয় দলৰ অংশ হৈছিল। এইদৰে পাকিস্তানৰ বিৰুদ্ধে ১৯৭৮ চনৰ ১৩ অক্টোবৰ তাৰিখে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত যশপাল শৰ্মাৰ অভিষেক ঘটিছিল[6] টেষ্ট ক্ৰিকেটত তেওঁৰ অভিষেক ঘটিছিল ১৯৭৯ চনৰ ২ আগষ্ট তাৰিখে, ইংলেণ্ডৰ বিৰুদ্ধে ল'ৰ্ডচত।[7]
ক্ৰিকেটৰপৰা অৱসৰ লোৱাৰ পাছত তেওঁ আম্পায়াৰ হিচাপে আৰু ভাৰতীয় ৰাষ্ট্ৰীয় দলৰ নিৰ্বাচক হিচাপে কাম কৰিছিল।[8] বি বি চি আইৰ বিভিন্ন পদত তেওঁ অধিষ্ঠিত হৈছিল।
২০২১ চনৰ ১৩ জুলাই তাৰিখে, ৬৬ বছৰ বয়ত হৃদক্ৰিয়া বন্ধ হৈ যশপাল শৰ্মাৰ আকস্মিক মৃত্যু ঘটে।[9][10]
২০০০ চনত, 'দ্য বৰ্ড অৱ কণ্ট্ৰল ফ'ৰ ক্ৰিকেট ইন ইণ্ডিয়া'ই যশপাল শৰ্মাৰ সন্মানাৰ্থে এখন দিবা/নৈশ বেনিফিট ক্ৰিকেট খেলৰ আয়োজন কৰে।.[11]
লৰ্ডচত ভাৰতীয় ক্ৰিকেট দলে প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয় কৰা ঘটনাটিৰ ভিত্তিত নিৰ্মিত এইট্টি থ্ৰী নামৰ এখন বলিউডী চলচ্চিত্ৰ ২০২১ চনত মুক্তি দিয়াৰ বাবে সাজু কৰি তোলা হৈছে। চিনেমাখনত যতীন সৰ্ণই যশপাল শৰ্মাৰ নাম ভূমিকাত অভিনয় কৰিছে। ছবিখন ক্ৰমে কবীৰ খান আৰু অনুৰাগ কাশ্যপে পৰিচালনা আৰু প্ৰযোজনা কৰিছে। [12][13]