যশোধৰা ৰাজে সিন্ধিয়া | |
---|---|
![]() ২০১৩ চনত চিণ্ডিয়া | |
দক্ষতা বিকাশ আৰু নিয়োগ মন্ত্ৰী, মধ্যপ্ৰদেশ চৰকাৰ | |
কাৰ্যকাল ২ জুলাই ২০২০ – ১৩ ডিচেম্বৰ ২০২৩ | |
মুখ্যমন্ত্ৰী | শিৱৰাজ সিং চৌহান |
চতুৰ্থ চৌহান মন্ত্ৰালয়, মধ্যপ্ৰদেশ চৰকাৰ | |
কাৰ্যকাল ২ জুলাই ২০২০ – ১৩ ডিচেম্বৰ ২০২৩ | |
মুখ্যমন্ত্ৰী | শিৱৰাজ সিং চৌহান |
চতুৰ্থ চৌহান মন্ত্ৰালয় | |
কাৰ্যকাল ২০১৩ চন – ২০১৮ চন | |
মুখ্যমন্ত্ৰী | শিৱৰাজ সিং চৌহান |
ক্ৰীড়া আৰু যুৱ কল্যাণ, ধৰ্মীয় ট্ৰাষ্ট আৰু এনডাউমেণ্ট মন্ত্ৰী, মধ্যপ্ৰদেশ চৰকাৰ | |
কাৰ্যকাল ২০০৫ চন – ২০০৭ চন | |
মুখ্যমন্ত্ৰী | শিৱৰাজ সিং চৌহান |
উত্তৰসূৰী | জিতু পাটোৱাৰী |
মধ্যপ্ৰদেশ বিধানসভাৰ বিধানসভাৰ সদস্য | |
কাৰ্যকাল ২০১৩ চন – ২০২৩ | |
পূৰ্বসূৰী | মাখন লাল ৰাথোৰ |
উত্তৰসূৰী | দেৱেন্দ্ৰ কুমাৰ জৈন |
সমষ্টি | শিৱপুৰী (বিধান সভা সমষ্টি) |
কাৰ্যকাল ১৯৯৮ চন – ২০০৭ চন | |
সমষ্টি | শিৱপুৰী (বিধান সভা সমষ্টি) |
সংসদ সদস্য, লোকসভা | |
কাৰ্যকাল ২০০৭ চন – ২০১৪ চন | |
পূৰ্বসূৰী | ৰামসেৱক সিংহ (বাবুজী) |
উত্তৰসূৰী | নৰেন্দ্ৰ সিং টোমৰ |
সমষ্টি | গোৱালিয়ৰ (লোকসভা সমষ্টি) |
ব্যক্তিগত তথ্য | |
জন্ম | ১৯ জুন, ১৯৫৪ (৭০ বছৰ) লণ্ডন, যুক্তৰাজ্য |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি |
দাম্পত্যসঙ্গী | সিদ্ধাৰ্থ ভাঞ্চালী (বি. ১৯৭৭; বিবি. ১৯৯৪) |
সন্তান | ৩ |
সম্বন্ধীয় |
|
বাসস্থান | জয় বিলাস প্ৰাসাদ |
শিক্ষানুষ্ঠান | কেথেড্ৰেল আৰু জন কনন স্কুল চিন্দিয়া কন্যা বিদ্যালয় |
পেচা | ৰাজনীতিবিদ |
যশোধৰা ৰাজে সিন্ধিয়া (জন্ম-১৯ জুন ১৯৫৪) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ শিৱৰাজ সিং চৌহানৰ অধীনত মধ্যপ্ৰদেশৰ ক্ৰীড়া আৰু যুৱ কল্যাণ, কাৰিকৰী শিক্ষা, দক্ষতা বিকাশ আৰু নিয়োগ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। মধ্যপ্ৰদেশ চৰকাৰৰ বাণিজ্য, উদ্যোগ আৰু নিয়োগ বিভাগৰো তেওঁ প্ৰাক্তন মন্ত্ৰী। গোৱালিয়ৰৰ মাৰাঠা মহাৰাজা জীৱজীৰাও সিন্ধিয়া আৰু গোৱালিয়াৰৰ প্ৰয়াত ৰাজমাতা বিজয়াৰাজে সিন্ধিয়া[1]ৰ তেওঁ কনিষ্ঠ কন্যা। প্ৰথমবাৰৰ বাবে ২০০৭ চনত উপ-নিৰ্বাচনৰ জৰিয়তে গোৱালিয়ৰৰ (লোকসভা সমষ্টি)ৰ পৰা চতুৰ্দশ লোকসভালৈ নিৰ্বাচিত হয় আৰু পুনৰ ২০০৯ চনৰ সাধাৰণ নিৰ্বাচনত নিৰ্বাচিত হয়। ২০১৩ চনৰ পৰা মধ্যপ্ৰদেশৰ শিৱপুৰী সমষ্টিৰ পৰা তেওঁ বিধানসভাৰ সদস্য হয়।[2]
তেওঁ মুম্বাইৰ দ্য কেথেড্ৰেল আৰু জন কনন স্কুলত, তাৰ পিছত কোড়াইকানালৰ প্ৰেজেণ্টেচন কনভেণ্টত আৰু শেষৰ ২ বছৰ গোৱালিয়ৰৰ সিন্ধিয়া কন্যা বিদ্যালয়ত[3] তেওঁ মাতৃয়ে প্ৰতিষ্ঠা কৰা স্কুলত শিক্ষা গ্ৰহণ কৰে।
১৯৯৪ চনত ভাৰতলৈ উভতি আহি আনুষ্ঠানিক ৰাজনীতিত সোমাই যশোধৰাই ১৯৯৮ চনত মধ্যপ্ৰদেশ ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে প্ৰতিদ্বন্দ্বিতা কৰে আৰু তাৰ ৫ বছৰৰ পিছত পুনৰবাৰ নিৰ্বাচিত হয়৷ ২০০৩ চনত ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনত দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হয়।[4] তেওঁৰ ৰাজ্যিক বিধানসভা দলৰ এগৰাকী সক্ৰিয় সদস্য। তেওঁ মধ্যপ্ৰদেশ চৰকাৰত পৰ্যটন, ক্ৰীড়া আৰু যুৱ কল্যাণৰ কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[5]২০০৬ চনৰ অক্টোবৰ/নৱেম্বৰ মাহত যশোধৰাই এক ধৰণৰ বিতৰ্কৰ সৃষ্টি কৰিছিল যেতিয়া তেওঁ বিজেপিক এখন জাননী জাৰি কৰিছিল যে তেওঁক আনুষ্ঠানিকভাৱে "শ্ৰীমন্ত" বুলি সম্বোধন কৰা হ'ব যাৰ অৰ্থ হৈছে আপোনাৰ মহামহিম।[6]
২০০৭ চনৰ মাৰ্চ মাহৰ আৰম্ভণিতে অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনত মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ পৰা দলটোৰ প্ৰাৰ্থী হিচাপে মনোনীত হৈছে। ২০০৭ চনৰ ১১ মাৰ্চ দেওবাৰে বিজেপিৰ যশোধৰা ৰাজে সিন্ধিয়াক গোৱালিয়ৰৰ লোকসভাৰ আসনলৈ নিৰ্বাচিত ঘোষণা কৰা হয়। নিকটতম কংগ্ৰেছ প্ৰতিদ্বন্দ্বী অশোক সিঙক তেওঁ ৩৫ হাজাৰৰো অধিক ভোটত পৰাস্ত কৰে। ২০১৩ চনৰ ৮ ডিচেম্বৰত শিৱপুৰীত বিধানসভাৰ নিৰ্বাচনত ৭৬,৩৩০ টা ভোট লাভ কৰি জয়ী হয়। পুনৰ ২০১৮ চনত শিৱপুৰী বিধান সভা সমষ্টিৰ পৰা ২৪,২৮২ ভোট লাভ কৰি জয়ী হয়।