য়াংজে নদী (Yangtze River) (ইংৰাজী ভাষাউচ্চাৰণ: /ˈjæŋtsi/ or /ˈjɑːŋtsi/), (Chinese: 长江, Cháng Jiāng), (চীনা নাম - Chang Jiang বা Yangzi)এছিয়াৰ আটাইতকৈ দীঘল আৰু বিশ্বৰ ভিতৰত তৃতীয় সৰ্বোচ্চ দৈৰ্ঘ্যৰ নদী। ’Qinghai-Tibet Plateau’ ৰ বৰফাবৃত অঞ্চলৰ পৰা দক্ষিণ-পশ্চিম, কেন্দ্ৰীয় আৰু পূব চীনৰ মাজেদি বৈ গৈ চাংহাইৰ পূব চীন সাগৰ (East China Sea) ত মিলিত হোৱালৈকে এই নদীয়ে প্ৰায় ৬,৩০০ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰে। এই নদীয়ে চীনৰ এক-পঞ্চমাংশ অঞ্চলৰ পানীৰ প্ৰধান উৎস আৰু এই নৈৰ উপত্যকা চীনৰ এক-তৃতীয়াংশ জনসংখ্যাৰ বাসস্থান।[6]
এই নদীয়ে চীনৰ ইতিহাস, সংস্কৃতি আৰু অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে। ইয়াৰ য়াংজে নদী ব-দ্বীপ ( Yangtze River Delta)-এ চীনৰ মূল জিডিপিৰ ২০% উৎপন্ন কৰে। এই নদী বিভিন্ন পৰিস্থিতিতন্ত্ৰৰ মাজেৰে প্ৰবাহিত হৈছে আৰু এই অঞ্চলসমূহ জৈব-বৈচিত্ৰ্যৰ ফালৰ পৰা অতি সমৃদ্ধ। সভ্যতাৰ আৰম্ভণিৰে পৰা এই নৈ উদ্যোগ, জলসিঞ্চন, পৰিবহণ, যুদ্ধ সকলো ক্ষেত্ৰতে ব্যৱহাৰ হৈ আহিছে। এই নৈৰ ওপৰত থকা ’Three Gorges Dam’ নামৰ নদীবান্ধটো বিশ্বৰ সৰ্ববৃহৎ হাইড্ৰ’ইলেকট্ৰিক পাৱাৰ ষ্টেচন ৰূপে স্বীকৃত।[7][8]
শেহতীয়াকৈ এই নদী ওদ্যোগিক প্ৰদূষণ, কৃষিক্ষেত্ৰৰ জাবৰৰ প্ৰদূষণ আদি ভাবুকিৰ সন্মুখীন হৈছে। এই নৈৰ পশ্চিম য়ুনানৰ অংশটো ইউনেস্ক’ৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত ৱৰ্ল্ড হেৰিটেজ ছাইট Three Parallel Rivers of Yunnan Protected Areas নামৰ সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্ভুক্ত।[9]
Map of the Yangtze river locating the Three Gorges DamSatellite map showing the lake created by the Three Gorges Dam. Compare Nov. 7, 2006 (above) with April 17, 1987 (below)
↑Zhang Zengxin; Tao Hui; Zhang Qiang; Zhang Jinchi; Forher, Nicola; Hörmann, Georg. "Moisture budget variations in the Yangtze River Basin, China, and possible associations with large-scale circulation". Stochastic Environmental Research and Risk Assessment (Springer Berlin/Heidelberg) খণ্ড 24 (5): 579–589. doi:10.1007/s00477-009-0338-7.
Carles, William Richard, "The Yangtse Chiang", The Geographical Journal, Vol. 12, No. 3 (Sep., 1898), pp. 225–240; Published by: Blackwell Publishing on behalf of The Royal Geographical Society (with the Institute of British Geographers)
Danielson, Eric N. 2004. Nanjing and the Lower Yangzi, From Past to Present, The New Yangzi River Trilogy, Vol. II. Singapore: Times Editions/Marshall Cavendish. ISBN 981-232-598-0.
Danielson, Eric N. 2005. The Three Gorges and The Upper Yangzi, From Past to Present, The New Yangzi River Trilogy, Vol. III. Singapore: Times Editions/Marshall Cavendish. ISBN 981-232-599-9.
Grover, David H. 1992 American Merchant Ships on the Yangtze, 1920-1941. Wesport, Conn.: Praeger Publishers.
Van Slyke, Lyman P. 1988. Yangtze: nature, history, and the river. A Portable Stanford Book. ISBN 0-201-08894-0
Winchester, Simon. 1996. The River at the Center of the World: A Journey Up the Yangtze and Back in Chinese Time, Holt, Henry & Company, 1996, hardcover, ISBN 0-8050-3888-4; trade paperback, Owl Publishing, 1997, ISBN 0-8050-5508-8; trade paperback, St. Martins, 2004, 432 pages, ISBN 0-312-42337-3