য়েছুবাল ভোঁচলে | |
---|---|
ছত্ৰপতি মহাৰাণী
| |
Tenure | ২০ জুলাই ১৬৮০- ১১ মাৰ্চ ১৬৮৯ |
পূৰ্বসূৰী | ছাই ভোঁচলে ছয়াৰাবাই |
উত্তৰাধিকাৰী | জানকীবাই তাৰাবাই |
দাম্পত্য সঙ্গী | সম্ভাজী |
সন্তান | |
ভৱানী বাই ছত্ৰপতি শাহু-১ মহাৰাজ | |
সম্পূৰ্ণ নাম | |
য়েছুবাই সম্ভাজী ভোঁচলে | |
বাসগৃহ | শিৰ্কে (বিবাহৰ পূৰ্বে) ভোচঁলে প্ৰাসাদ |
পিতৃ | পিলাজিৰাও শিৰ্কে |
ধৰ্ম | হিন্দু |
মহাৰাণী য়েছুবাই ভোঁচলে (ইংৰাজী: Maharani Yesubai Bhonsale (née Jivubai / Rajau / Rajasa Shirke)) ছত্ৰপতি সম্ভাজী মহাৰাজৰ পত্নী আছিল৷ তেওঁক মাৰাঠা ৰাজ্যৰ ছত্ৰপতি মহাৰাণী বুলি কোৱা হয়। তেওঁ আনুষ্ঠানিকভাৱে স্বৰাজ্যৰ দ্বিতীয়গৰাকী ৰাজ অভিষেক ৰাণী হৈছিল। তেওঁ ছত্ৰপতি শ্বাহু-প্ৰথমৰ মাতৃ। পিছলৈ ছত্ৰপতি শ্বাহুৰ ৰাজত্বকালত তেওঁ ৰাজমাতা/ৰাণী মাতৃ হয়। ছত্ৰপতি সম্ভাজীয়ে সম্ৰাজ্ঞী য়েছুবাইৰ লগত নিজৰ ক্ষমতা ভাগ কৰিছিল। যুদ্ধৰ বাবে সম্ভাজী যেতিয়া মাৰাঠা ৰাজধানীৰ পৰা আঁতৰত আছিল, তেতিয়া সকলো ৰাজনৈতিক সিদ্ধান্ত তেওঁৰ দ্বাৰাই লোৱা হৈছিল।[1][2][3][4][5][6][7]
জিজাবাইৰ পিছত য়েছুবাই স্বৰাজ্যৰ কুলমুখ্যতৰ (যিজনে ন্যায়ৰ ক্ষেত্ৰত হস্তক্ষেপ কৰিব পাৰে) হয়। ছত্ৰপতি সম্ভাজী মহাৰাজে য়েছুবাই ৰাণীচাহেবাক তেওঁৰ নিজা (ৰাজমুদ্ৰা) "শ্ৰী সখী ৰদনী জয়তী" দিছিল যাতে তেওঁ স্বতন্ত্ৰভাৱে ৰাজনৈতিক সিদ্ধান্ত ল'ব পাৰে। ছত্ৰপতিৰ অনুপস্থিতিত স্বৰাজ্য চোৱাচিতা কৰাৰ ক্ষমতা ধাৰণ কৰা মূল ব্যক্তিগৰাকী আছিল য়েছুবাই। ঔৰংজেৱে ছত্ৰপতি সম্ভাজী মহাৰাজক ফাঁচী দিয়াৰ পিছত যুৱৰাজ ৰাজাৰামক স্বৰাজ্যৰ পৰৱৰ্তী ছত্ৰপতি হিচাপে ঘোষণা কৰে। ছত্ৰপতি সম্ভাজী মহাৰাজৰ মৃত্যুৰ পিছত ৭-৮ মাহ ৰায়গদ দুৰ্গত যুদ্ধ কৰিছিল যদিও পিছলৈ মোগলৰ ৰাজকুমাৰী জীনাতুন্নিছাৰ স্বাক্ষৰিত কিছু চুক্তিৰে ৰায়গদ দুৰ্গ মোগলৰ হাতত অৰ্পণ কৰিছিল যিয়ে ৰাজপৰিয়ালৰ নিৰাপত্তা নিশ্চিত কৰিছিল। মোগলে মহাৰাণী য়েছুবাইক বন্দী কৰি ৰাখিছিল যাতে ছত্ৰপতি শহুৰাজে মুক্তিৰ চৰ্ত মানি চলি থাকে। ২৯ বছৰ ধৰি বন্দী কৰি ৰখা হৈছিল, ১৭ বছৰ ধৰি মহাৰাষ্ট্ৰৰ বিভিন্ন ঠাইত পুত্ৰ শ্বহুৰাজৰ সৈতে আৰু ১২ বছৰ দিল্লীৰ ৰঙা দুৰ্গত তেওঁক ৰখা হৈছিল। মোগলৰ বন্দী অৱস্থাত তেওঁৰ পাৰ্চী ভাষাত আন এখন নমামুদ্ৰা আছিল-"য়েছুবাই ৱালিদা-ই-শ্বাহু"। ছত্ৰপতি শ্বাহু মহাৰাজ আৰু ৰাজমাতা য়েছুবাই আনৰ লগত গোপনে যোগাযোগ কৰিছিল-যাৰ প্ৰমাণ ইতিহাসত উপস্থিত। ১৭১৯ চনত ছত্ৰপতি শ্বাহু মহাৰাজ (ছত্ৰপতি সম্ভাজী মহাৰাজ আৰু মহাৰাণী য়েছুবাইৰ পুত্ৰ) আৰু পেশ্বৱা বালাজী বিশ্বনাথৰ অধীনত মাৰাঠাসকল শক্তিশালী হৈ উঠাত তেওঁক মুকলি কৰি দিয়া হয়।