প্ৰশ্ন-প্ৰমেয় ,সত্যাসত্য , ঘটনা-পৰিঘটনা-বিশ্বাস, নিয়মাচাৰৰ বিচাৰকে আদি কৰি যিকোনো কিবাৰ সজ্ঞান স্থিতিপ্ৰতিষ্ঠা, কাৰণ-বিচাৰ,সমিধান অথবা ভেদ-ভঙ্গৰ ক্ষমতা বা সেইমৰ্মে উপস্থাপিত নতুন ও অৱধাৰিত তথ্যোক্তিকে যুক্তি বোলা হয়। মানৱীয় প্ৰজ্ঞাচৰণৰ উদাহৰণ বা তাৰ দ্বাৰা আহৰিত বা বিকশিত ভিন্ন জ্ঞান-বিদ্যা যেনে দৰ্শন, বিজ্ঞান, ভাষা, গণিত আৰু কলাৰ লগত সততে জড়িত অথ যুক্তি মানৱীয় দৃষ্টিভঙ্গী বা তাৰ সংজ্ঞাৰ এক অপৰিহাৰ্য্য উপাদান।
চিন্তন, সংগোচৰ আৰু বুদ্ধিৰ লগত যুক্তিৰ উতঃপোতঃ সম্পৰ্ক আছে। অন্তঃদৃষ্টি বা অভ্যাসৰ দৰে যুক্তিৰ দ্বাৰাও কাণ্ডজ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব পাৰি। এইয়েনে যুক্তিৰ দ্বাৰাই সমূলক ব্যক্তিজনে নিজে যিকোনো কিবাৰ কাৰণ আৰু প্ৰতিফলৰ চিন্তা ,সত্যাসত্য নিৰূপন আৰু ভাল-বেয়াৰ বিচাৰ কৰিবলৈ সক্ষম হয়। সজ্ঞানে যিকোনো বিশ্বাস , আত্মচাৰ, লোকাচাৰ আৰু আনুষ্ঠানিকতাৰ পৰিবৰ্ত্তন আৰু তাৰ দ্বাৰা স্বতন্ত-নিৰ্ণয় আৰু আত্ম-নিৰ্ণয় যুক্তিৰ মাধ্যমেৰে সক্ষম ও সম্ভাৱিত হয়।