যোৰহাট | |
— নগৰ — | |
স্থানাঙ্ক | 26°45′0″N 94°13′0″E / 26.75°N 94.216667°E |
দেশ | ![]() |
অঞ্চল | উজনি অসম |
ৰাজ্য | অসম |
জিলা | যোৰহাট জিলা |
জনসংখ্যা |
|
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
মাটিকালি • উচ্চতা |
• 116 m (381 ft) |
যোৰহাট অসমৰ এখন গুৰুত্বপূৰ্ণ চহৰ আৰু যোৰহাট জিলাৰ সদৰ। ই গুৱাহাটীৰ পৰা ৩১৮ কিল'মিটাৰ পূবত অৱস্থিত। ১৮শ শতিকাত আহোম শাসনৰ শেষৰফালে টুংখুঙীয়া আহোম ৰাজবংশই যোৰহাটত ৰাজধানী স্থাপন কৰিছিল। ভোগদৈ নদীৰ ক্ৰমে পূব আৰু পশ্চিমফালে থকা 'চকীহাট' আৰু 'মাছৰহাট' নামৰ বজাৰ দুখনৰ(যোৰ) পৰাই চহৰখনৰ নাম 'যোৰহাট' হয়।[1] আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী হিচাপে যোৰহাটত আহোম ৰজাৰ সমাধিক্ষেত্ৰ ৰজা মৈদাম, লাচিত বৰফুকনৰ মৈদাম, ৰাজমাও পুখুৰী, বঙাল পুখুৰীকে ধৰি বহুতো ঐতিহাসিক সমল পোৱা যায়। যোৰহাটক অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ বুলিও কোৱা হয়। যোৰহাটৰ বাসিন্দাৰ স্বাক্ষৰতাৰ হাৰ অসমৰ ভিতৰতে সৰ্বাধিক।[উদ্ধৃতিৰ প্ৰয়োজন] অসমৰ চাহ উৎপাদনৰ অন্যতম স্থান যোৰহাট। ৰৰৈয়াত যোৰহাটৰ বিমান বন্দৰ আছে; আনহাতে ৰেলৱে ষ্টেচন হৈছে যোৰহাট টাউন ষ্টেচন আৰু ৰে'লৱে জংচনটো মৰিয়নি জংচন। অসম কৃষি বিশ্ববিদ্যালয়, টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠান, উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আদি যোৰহাটৰ অন্যতম উল্লেখযোগ্য প্ৰতিষ্ঠান।
যোৰহাটৰ স্থানাংক হৈছে 26°45′N 94°13′E / 26.75°N 94.22°E[2] আৰু গড় উচ্চতা ১১৬ মিটাৰ (381 ফুট)। যোৰহাট জিলাৰ পূবে শিৱসাগৰ জিলা, পশ্চিমে গোলাঘাট জিলা, উত্তৰে ব্ৰহ্মপুত্ৰ নদী আৰু দক্ষিণে নগা পাহাৰ। যোৰহাট নগৰৰ পৰিসীমা ৯.২০ বৰ্গ কি:মি: আৰু ইয়াত পৌৰসভাৰ অন্তৰ্গত ১৯টা ৱাৰ্ড আছে।[3]
২০০১ চনৰ লোকপিয়ল অনুসৰি যোৰহাট পৌৰসভাৰ অন্তৰ্গত অঞ্চলৰ মুঠ জনসংখ্যা আছিল ৬৬,৪৫০ আৰু ঘনবসতি ২,৮৫১ [1]। পুৰুষ আৰু মহিলাৰ জনসংখ্যা ক্ৰমে ৩৬,৩৬৬ আৰু ৩০,০৮৪ জন। ১৯৯১ চনৰ লোকপিয়লতকৈ এই সংখ্যা ১৮.৬৯ শতাংশ বেছি। বৰ্তমান যোৰহাট চহৰৰ মুঠ জনসংখ্যা প্ৰায় ১.৪৫ লাখ।
'যোৰহাট' শব্দটোৰ অৰ্থ হৈছে 'দুখন বজাৰ' (যোৰ-দুই, হাট-বজাৰ), ১৮শ শতিকাত ভোগদৈ নদীৰ দুয়োপাৰে থকা "চকীহাট" আৰু "মাছৰহাট"ৰ পৰাই এই নাম আহে। ই আছিল আহোম ৰাজ্যৰ অন্তিম ৰাজধানী। ১৭৯৪ খ্ৰীষ্টাব্দত আহোম ৰজা গৌৰীনাথ সিংহই ৰাজ্যৰ ৰাজধানী শিৱসাগৰ( পূৰ্বৰ ৰংপুৰ) ৰ পৰা যোৰহাটলৈ স্থানান্তৰিত কৰে।[1] আহোম ৰজাসকলে নগৰখনত ৰাজমাও পুখুৰী বা বৰপুখুৰী, বুঢ়াগোঁহাই পুখুৰী, বলিয়া গোঁহাই পুখুৰী, বঙাল পুখুৰী, কটকী পুখুৰী, মিঠাপুখুৰী আদি খন্দাইছিল। কিন্তু ১৮১৭ চনৰ পিছত হোৱা উপৰ্যুপৰি মানৰ অসম আক্ৰমণত যোৰহাট নগৰ প্ৰায় সম্পূৰ্ণ ৰূপে ধ্বংস হয়। তাৰ পৰৱৰ্তী কালত যোৰহাট ব্ৰিটিছৰ দখললৈ আহে আৰু ডেভিদ স্কট, কেপ্তেইন ৰিচাৰ্দ আদি চাহাবৰ নেতৃত্বত চহৰখনৰ পুনৰ নিৰ্মাণ আৰম্ভ হয়।
ব্ৰিটিছ শাসন যদিও নানা বিদ্ৰোহ, আন্দোলন আদিৰ পৰা মুক্ত নাছিল, তথাপিও, এই ঐতিহাসিক চহৰ খনৰ পুনৰ নিৰ্মাণত তেওঁলোকৰ অৱদান অনস্বীকাৰ্য্য। তেওঁলোকৰ শাসনৰ প্ৰথম দশকতে ১৮৩৯ চনত গোমধৰ কোঁৱৰ, পিয়লি ফুকন, জীউৰাম দুলীয়া বৰুৱা আদিৰ নেত্বত্বত ব্ৰিটিছৰ বিৰূদ্ধে বিদ্ৰোহে গা কৰি উঠে। বিখ্যাত চিপাহী বিদ্ৰোহৰ কেন্দ্ৰ স্বৰূপ এই নগৰতে বিদ্ৰোহ দমন কৰাৰ নামত মণিৰাম দেৱানকে ধৰি ১৮৫৮ চনত বিদ্ৰোহৰ নেতাসকলক ৰাজহুৱাভাৱে ফাঁচি দিয়া হয়।[4]
১৮৬৯ চনত যোৰহাটক শিৱসাগৰ জিলাৰ অন্তৰ্গত এটা মহকুমা হিচাপে স্বীকৃতি দিয়া হয় আৰু ১৯১১ চনত যোৰহাটক শিৱসাগৰ জিলাৰ সদৰ ঠাই বুলি ঘোষণা কৰা হয়[1]। ১৮৮৫ চনত ব্ৰিটিছে স্থাপন কৰা নেৰ' গজ ৰে'ল সেৱা যোৰহাট প্ৰভিঞ্চিয়েল ৰে'লৱেৰ জৰিয়তে যোৰহাটলৈ ৰে'লসেৱাৰ সূচনা হয়[5]। ১৯০৯ চনত যোৰহাট পৌৰসভা গঠন কৰা হয়।
প্ৰখ্যাত জীৱনীকাৰ গুণাভিৰাম বৰুৱাই 'আসাম বুৰঞ্জী' গ্ৰন্থত উল্লেখ কৰা এক প্ৰচলিত প্ৰবাদ মতে প্ৰাচীন মগধৰাজ জৰাসন্ধই বহুতো ক্ষুদ্ৰ ৰাজ্য (প্ৰায় ৮৬ খন) জয় কৰি ইয়াৰ ৰজাসকলক এতিয়াৰ যোৰহাটত বন্দী কৰি ৰাখিছিল। পিছত ভীমে জৰাসন্ধক বধ কৰি ৰজাসকলক মুকলি কৰি দিয়ে আৰু তেতিয়াৰে পৰা ৰাজ্যবোৰৰ মাজত সুখ-শান্তি বিৰাজ কৰিবলৈ দিয়ে। এতিয়াৰ চেকণীধৰা, কমলাবৰীয়া আৰু আতিলা গাঁও আগুৰি থকা ঠাইখণ্ড জৰাসন্ধ ৰজাৰ পোতাশাল আছিল বুলি জনা যায়।[6]
যোৰহাটক অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়। যোৰহাটৰ সংস্কৃতিপ্ৰেমী ৰাইজৰ নীৰৱচ্ছিন্ন প্ৰচেষ্টাৰ ফলত চহৰখনত এতিয়াও পুৰণি ঐতিহ্যৰ স্বাক্ষৰ দেখিবলৈ পোৱা যায়। নাটক তথা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ উদ্দেশ্যে ১৮৯৬ চনত যোৰহাটৰ কেইজনমান বিশিষ্ট ব্যক্তিৰ তত্ত্বাৱধানত 'যোৰহাট থিয়েটাৰ'ৰ জন্ম হয়[7]। ১৯১৫ চনত 'যোৰহাট সাহিত্য সভা' স্থাপিত হয়। অসম সাহিত্য সভাৰ এক মুখ্য কাৰ্য্যালয় ৰাধাকান্ত সন্দিকৈয়ে দান দিয়া "চন্দ্ৰকান্ত সন্দিকৈ ভৱন" ইয়াতে অৱস্থিত।
যোৰহাট জিলা অসমৰ কেইবাজনো বিখ্যাত মণিষীৰ জন্মস্থান। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কৃষ্ণকান্ত সন্দিকৈ, জ্ঞানপীঠ বঁটা বিজয়ী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, নীলমণি ফুকন আদিকে ধৰি বহুতো কবি, সাহিত্যিক, গৱেষক পণ্ডিত, কাৰিকৰী বিশাৰদ, সাংবাদিকে যোৰহাটত জন্মগ্ৰহণ কৰিছিল।
১৯৩৫ চনত অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকত দৈনিক বাতৰি ৰায়বাহাদুৰ শিৱপ্ৰসাদ বৰুৱাৰ উদ্যোগত যোৰহাটৰ পৰা প্ৰকাশ পাইছিল। [8] [9] যোৰহাটৰ পৰা কেইবাখনো দৈনিক আৰু সাপ্তাহিক বাতৰি কাকত প্ৰকাশ হয়- ইংৰাজীত The North East Times আৰু The Telegraph, অসমীয়াত সাপ্তাহিক জনমভূমি, দৈনিক জনমভূমি, আমাৰ অসম, অসমীয়া খবৰ আৰু দৈনিক অগ্ৰদূত, হিন্দীত পূৰ্বাঞ্চল প্ৰহৰী[1]। City Guide of Jorhat নামৰে ১৯৮৭ চনত যোৰহাটৰ প্ৰথমখন নিৰ্দেশিকা প্ৰকাশ পায়। যোৰহাটৰ আকাশবাণী ৰেডিঅ' কেন্দ্ৰটো চহৰখনৰ গড়মূৰ অঞ্চলত অৱস্থিত।
যোৰহাট চহৰ যোৰহাট (লোকসভা সমষ্টি)ৰ অন্তৰ্গত[10]। ভাৰতীয় জাতীয় কংগ্ৰেছৰ গৌৰৱ গগৈ যোৰহাট লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ। আনহাতে যোৰহাট বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক হৈছে ভাৰতীয় জনতা পাৰ্টিৰ হিতেন্দ্ৰ নাথ গোস্বামী।
"যোৰহাট বিমান বন্দৰ"ক "ৰৰৈয়া বিমানবন্দৰ" বুলিও কোৱা হয়। চহৰৰ ৰৰৈয়া অঞ্চলত ইয়াৰ অৱস্থান। যোৰহাটৰ পৰা নিয়মীয়াভাৱে কলকাতা, গুৱাহাটী আৰু নতুন দিল্লী লৈ ইণ্ডিগ' বিমান সেৱাৰ বিমান চলাচল কৰে। যাত্ৰীৰ সংখ্যাৰ ফালৰ পৰা ই অসমৰ ৪ৰ্থ ব্যস্ত বিমানবন্দৰ। ই পূব ভাৰতৰ প্ৰথমটো বায়ুসেনাৰ বিমানঘাটি।
যোৰহাট ভাৰতীয় ৰেলসেৱাৰ উত্তৰ-পূব সীমান্ত ৰেলসেৱাৰ অন্তৰ্গত। চহৰৰ ভিতৰত যোৰহাট টাউন ৰেল ষ্টেচন আৰু কিছু আঁতৰৰ মৰিয়নিত মৰিয়নি জংচন আছে। গুৱাহাটী-যোৰহাট জন শতাব্দী এক্সপ্ৰেছ, গুৱাহাটী-যোৰহাট-ডিব্ৰুগড় নাগালেণ্ড এক্সপ্ৰেছ আৰু গুৱাহাটী-যোৰহাট-মৰিয়নি বি.জি. এক্সপ্ৰেছ হৈছে টাউন ষ্টেচনৰ প্ৰধান ৰেল সংযোগ।
উত্তৰ-পূব ভাৰতৰ প্ৰধান নগৰ-চহৰসমূহৰ লগত যোৰহাটৰ স্থলপথেৰে সু-সংযোগ আছে। তৰাজানৰ কটকীপুখুৰীস্থিত আন্তঃৰাজ্যিক বাছ আস্থানৰ পৰা ৰাজ্য তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইলৈ চৰকাৰী আৰু বেচৰকাৰী বাছ চলাচল কৰে। ৰাষ্ট্ৰীয় ঘাইপথ ৩৭এ যোৰহাটক অসমৰ আন ঠাইসমূহৰ লগত সংযোগ কৰিছে।
১৮৭৬ চনত চেকনীধৰা গাঁৱত ডি. স্লিমনৰ দ্বাৰা এই জিমখানা ক্লাবটো স্থাপন কৰা হৈছিল। স্থাপন হোৱা বছৰ ধৰি ইয়াত ঘোঁৰা দৌৰ অনুষ্ঠিত হৈ আহিছে য'ত বিজয়ীক "গ'ভাৰ্ণৰছ কাপ" প্ৰদান কৰা হয়। ইয়াত থকা 'নাইন হ'ল গ'ল্ফ ক'ৰ্ছ' এছিয়াৰ আটাইতকৈ পুৰণি গ'ল্ফ ক'ছ আৰু বিশ্বৰ ভিতৰত তৃতীয় সৰ্বোচ্চ পুৰণি। ইয়াত এতিয়া ল'ন টেনিছ গ্ৰাছ ক'ৰ্ট, চুইমিং পুল, বিলিয়াৰ্ডছ্, প'ল' আৰু চিনেমা থিয়েটাৰৰ সুবিধা আছে। ইয়াত ক্ৰিকেটৰ বাবে 'যোৰহাট জিমখানা খেলপথাৰ'ও আছে। নগৰৰ পৰা ক্লাবলৈ যোৱা পথটো ব্ৰিটিছৰ দ্বাৰা নিৰ্মিত যোৰহাটৰ প্ৰথম পকী পথ।
ৰাধাকান্ত সন্দিকৈয়ে দান কৰা চন্দ্ৰকান্ত সন্দিকৈ ভৱন অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়। ১৯২৬ চনত ইয়াক সজা হৈছিল। যোৰহাটৰ পৰা চন্দ্ৰধৰ বৰুৱা, ডিম্বেশ্বৰ নেওগ, মিত্ৰদেৱ মহন্ত আদি ব্যক্তিয়ে অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলঙ্কৃত কৰিছিল।
যোৰহাট চহৰৰ দক্ষিণফালে ন-আলিৰ কাষত অৱস্থিত। ১৭৩৯ চনত বদন বৰফুকনে গা ধুবলৈ যাওঁতে ৰূপসিং বঙালে তেওঁক হত্যা কৰিছিল। তাৰ বাবে তেওঁ লাভ কৰা পুৰস্কাৰ ধনেৰে এই পুখুৰী খন্দোৱায়। মানুহ মাৰি পোৱা ধনেৰে নিৰ্মাণ কৰোৱা বাবে স্থানীয় ৰাইজে ইয়াৰ পানী ব্যৱহাৰ নকৰে।
বুঢ়ীগোসানী দেৱালয় হৈছে যোৰহাট চহৰৰ মাজমজিয়াত গড় আলিৰ পূবে অৱস্থিত এক শাক্ত মন্দিৰ। ১৭০৮ চনত আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়ন্তীয়া ৰাজ্যৰ পৰা গোসানীৰ বিগ্ৰহ আনি গড়গাঁৱত স্থাপন কৰিছিল। গড়গাঁৱৰ পৰা ৰংপুৰ আৰু ৰংপুৰৰ পৰা যোৰহাটলৈ আহোম ৰাজ্যৰ ৰাজধানী সলনি হোৱাত পিছলৈ এই দেৱালয় বৰ্তমানৰ ঠাইত স্থাপিত কৰা হয়।[11] মন্দিৰত থকা মূৰ্তিজনা দুৰ্গা দেৱীৰ। আগৰ দিনত বুঢ়ীগোসানী দেৱালয়ক "বৰপূজাঘৰ দ'ল" বুলিও জনা গৈছিল।
১৮৯৪ চনৰ ১ অক্টোবৰত মৃত্যু হোৱা আহোম স্বৰ্গদেউ পুৰন্দৰ সিংহৰ সমাধিক্ষেত্ৰ। ই টোকোলাই নদীৰ দক্ষিণ পাৰে অৱস্থিত।
যোৰহাট চহৰৰ মাজমজিয়াতে ঐতিহাসিক ৰাজমাও পুখুৰীৰ পাৰত ই অৱস্থিত। বিজ্ঞান কেন্দ্ৰৰ প্ৰথম মহলাত পেট্ৰ’লিয়াম (বিশেষকৈ তেল)ৰ উৎপাদনৰ সম্বন্ধীয় গেলেৰী, বালিত আঁকিব পৰা নানা ধৰণৰ আহিলা আছে। আনহাতে দ্বিতীয় মহলাত বিজ্ঞানৰ নানা ধৰণৰ আহিলা, প্ৰাকৃতিক দুৰ্যোগ সম্বন্ধীয় এটা গেলেৰী পাঁচ বছৰৰ অনূৰ্ধ্ব শিশুৰ বাবে খেলিব পৰাকৈ সুবিধা আছে।
শিক্ষাৰ দিশত যোৰহাট এখন আগবঢ়া ঠাই। ১৮৮৩ চনত প্ৰতিষ্ঠা কৰা যোৰহাট উচ্চ মাধ্যমিক বালক বিদ্যালয়ত তেতিয়াৰ পৰাই বিজ্ঞান শিক্ষাৰ ব্যৱস্থা আছিল। উজনি অসমৰ প্ৰথম মহাবিদ্যালয় ৰূপে জনাজাত “জগন্নাথ বৰুৱা মহাবিদ্যালয়” ১৯৩০ চনত যোৰহাট চহৰত প্ৰতিষ্ঠা কৰা হয়। পৰৱৰ্তী কালত চহৰৰ ভিতৰে-বাহিৰে আৰু বহুত উচ্চ শিক্ষানুষ্ঠান গঢ় লৈ উঠে।
|
|
|