যৌন সংক্ৰামক ৰোগ | |
---|---|
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল | |
![]() "Syphilis is a dangerous disease, but it can be cured." ১৯৩৬ আৰু ১৯৩৮ চনৰ মাজত প্ৰকাশিত এখন পোষ্টাৰ। | |
আই.চি.ডি.-10 | A64 |
আই.চি.ডি.-9 | 099.9 |
ডিজিজেছ ডে'টাবে'ছ | 27130 |
MeSH | D012749 |
যৌন সংক্ৰামক ৰোগ (ইংৰাজী: Sexually transmitted infections; চমুকৈ STI; sexually transmitted diseases (STD) আৰু venereal diseases (VD) বুলিও কোৱা হয়) হৈছে যৌনতাৰ দ্বাৰা সংক্ৰমন হোৱা একশ্ৰেণীৰ সংক্ৰামক ৰোগ। এনে বেচিভাগ ৰোগৰে কোনো প্ৰাৰম্ভিক লক্ষণ দেখা নাযায়।[1] ইয়াৰ ফলত এই ৰোগবোৰ এজনৰ পৰা আন এজনলৈ বিয়পাৰ সম্ভাৱনা বাঢ়ি যায়।[2][3] গৰ্ভাৱস্থাত বা তাৰ আগত হোৱা সংক্ৰমণৰ ফলত শিশুৰ জন্মত সমস্যাৰ সৃষ্টি হয়। কিছু ক্ষেত্ৰত গৰ্ভধাৰণ ক্ষমতাতো সমস্যাৰ সৃষ্টি কৰে। প্ৰায় ৩০ প্ৰকাৰতকৈও অধিক বেক্টেৰিয়া, ভাইৰাছ আৰু পৰজীৱীৰ পৰা এনে সংক্ৰমণ হয়। ক্লামিডিয়া, গনৰিয়া, আৰু চিফিলিছ আদি বেক্টেৰিয়াজনিত সংক্ৰমণ। ভাইৰাছজনিত ৰোগ হৈছে যৌনাংগৰ হাৰপিছ, HIV/AIDS, আদি। ট্ৰাইক'ম'নিয়াছিছ হৈছে পৰজীৱীৰ পৰা হোৱা এনে ৰোগ। সাধাৰণতে যৌন-ক্ৰিয়াৰ ফলত এনে ৰোগৰ বিস্তাৰ হয় যদিও, কিছু ৰোগ তেজ আৰু কলাৰ জৰিয়তে, দুগ্ধ পাণ, বা জন্মৰ দৰে অযৌন প্ৰকাৰেও বিয়পিব পাৰে।[1] এই ৰোগবোৰৰ নিৰ্ধাৰণ পদ্ধতি উন্নত দেশবোৰত সুলভ যদিও উন্নয়নশীল দেশসমূহত সহজলভ্য নহয়। যৌন সঞ্চাৰিত ৰোগৰ পৰা হাত হৰাৰ একমাত্ৰ সুৰক্ষিত উপায়টো হৈছে যৌন-ক্ৰিয়াৰ পৰা বিৰত থকা।[4] হেপাটাইটিছ বি আৰু কিছুমান HPV ৰোগৰ বাবে প্ৰতিষেধক ছিটা ব্যৱহাৰ কৰিও প্ৰতিৰোধ কৰিব পাৰি। সঞ্চাৰণ ৰোধ কৰিবৰ বাবে সুৰক্ষিত যৌন ক্ৰিয়া; কনডমৰ ব্যৱহাৰ, সীমিত যৌন সংগী, আৰু কেৱল এজন সংগীৰ সৈতেহে যৌন ক্ৰিয়া কৰা আদিৰ দ্বাৰাও সংক্ৰমণ হ্ৰাস কৰিব পাৰি।[1][4] অধিকাংশ STIৰ চিকিৎসা কৰিব পাৰি আৰু আৰোগ্য লাভ কৰিব পাৰি।[1] সমীক্ষামতে ২০০৮ চনত প্ৰায় ৫০০ নিযুততকৈও অধিক লোক হয়তো চিফিলিছ, গনৰিয়া, ক্লামিডিয়া অথবা ট্ৰাইক'ম'নিয়াছিছত আক্ৰান্ত বুলি অনুমান কৰা হৈছিল।[1] কমেও অতিৰিক্ৰ ৫৩০ নিযুত লোক যৌনাংগৰ হাৰপিছ আৰু ২৯০ নিযুত মহিলা হিউমেন পাপিল্ল'মাভাইৰাছত আক্ৰান্ত বুলি অনুমান কৰা হয়।[1]