লং | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Myrtales |
পৰিয়াল: | Myrtaceae |
গণ: | Syzygium |
প্ৰজাতি: | S. aromaticum |
বৈজ্ঞানিক নাম | |
Syzygium aromaticum (L.) Merrill & Perry | |
সমাৰ্থক[1] | |
|
লং (ইংৰাজী: Clove) এবিধ মুখশুদ্ধিৰূপে বা দৰৱত ব্যৱহাৰ কৰা এবিধ গছৰ শুকান সুগন্ধি অংকুৰ আৰু তাৰ গছ। ইয়াৰ বৈজ্ঞানিক নাম Syzygium aromaticum। ইণ্ডোনেছিয়াৰ মালুকু দ্বীপত উৎপত্তি হোৱা লং এতিয়া গোটেই বিশ্বতে ব্যৱহাৰ কৰা হয়। ইয়াক ঘাইকৈ মছলা হিচাপে ব্যৱহাৰ কৰা হয় যদিও ইয়াৰ বহুতো ঔষধি গুণ আছে। ঘাইকৈ জাঞ্জিবাৰ, মাদাগাস্কাৰ আৰু ইণ্ডোনেছিয়াত লঙৰ খেতি কৰা হয়। দক্ষিণ এছিয়াৰ ভাৰত, বাংলাদেশ, শ্ৰীলংকা আৰু পাকিস্তানতো লঙৰ খেতি হয়। লং গছৰ পৰা গোটেই বছৰজুৰি উৎপাদন পোৱা যায়।[2] ভাৰতীয় খাদ্যত লং এবিধ অপৰিহাৰ্য মছলা।
খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাত হান সম্ৰাজ্যৰ চীনা সম্ৰাটে ৰাজ-দৰবাৰত লং চোৱাই মুখশুদ্ধি কৰাৰ আদেশ দিয়া উল্লেখ পোৱা যায়।[3] প্লীনি দা এলডাৰৰ বৰ্ণনা মতে খ্ৰীষ্টীয় প্ৰথম শতিকাত লং ৰোমান সাম্ৰাজ্য পাইছিল।[4] পুৰতাত্বিক অৱস্থিতি লিখিত সাহিত্যত উল্লেখ থকাৰ বহু পিছৰ সময়ত শ্ৰীলংকাৰ বাণিজ্য বন্দৰ এটাত ৯০০-১১০০ খ্ৰীষ্টাব্দৰ লং পোৱা গৈছে।[5] মধ্যযুগত ওমানৰ বণিক সকলে ভাৰতৰ পৰা লঙৰ বেপাৰ কৰি মধ্যপূৰ্ব অঞ্চল আৰু আফ্ৰিকালৈ নিছিল।
আধুনিক কালৰ আগৰলৈকে লং কেৱল ইণ্ডোনেছিয়াৰ মলুকাছ দ্বীপপুঞ্জত খেতি কৰা হৈছিল। এই দ্বীপপুঞ্জক মছলাৰ দ্বীপ বুলিও জনা যায়।[6]
লং এবিধ গুল্মজাতীয় চিৰসেউজীয়া গছ। ইয়াৰ সৰ্বাধিক উচ্চতা ৮-১২ মিটাৰ মান হয়। পাতবোৰ দীঘল আৰু সেউজীয়া ৰঙৰ। লঙৰ ফুল ডাঠ ৰঙা ৰঙৰ ডালৰ অগ্ৰঅংশত থোপা-থোপে লাগে। ফুলৰ কলি সমূহ প্ৰথমতে শেঁতা ৰঙৰ থাকে, পিছলৈ সেউজীয়া হয়। সেউজীয়াৰ পৰা ডাঠ ৰঙা ৰঙৰ হলে লং সমূহ চপাই লোৱা হয়। ফুলৰ কলিটো ঠাৰিৰে সৈতে আৰু চাৰিটা বৃতিৰে ঘূৰণীয়া সৰু কোচ খাই থকা পাহি থকা লং সমূহ ১.৫-২ ছেণ্টিমিটাৰ মানত ছিঙা হয়। পিছত ৰ'দত শুকুৱাই ব্যৱহাৰৰ উপযোগী কৰি লোৱা হয়।
লঙৰ পৰা নিষ্কাষণ কৰা উদ্ধায়ী তেলৰ ৭২-৯০% ইউজিন'ল নামৰ যৌগৰে গঠিত। ইয়াৰ ফলত লঙে ইয়াৰ বিশেষ গোন্ধ লাভ কৰে।[7][8] ইয়াত পোৱা অন্যান্য যৌগ সমূহ হৈছে:
ইয়াৰ উপৰি কিছুমান টেনিন যেনে বাইকৰ্নিন,[7][9] গেল'টেনিক এচিড, মিথাইল চেলিচাইলেট (বিষনাশক) কিছুমান ফ্লেভেনইড যেনে ইউজেনিন, কেম্ফৰল, ৰেমনেটিন, ইউজেনাইটিন কিছুমান ট্ৰাইটাৰপেনয়ড যেনে অলেন'লিক এচিড, কেম্পপেষ্ট'ৰল আৰু বহুতো চেছকুইটাৰপেন পোৱা যায়।[10]
লঙৰ সুগন্ধি গুণৰ বাবে ৰন্ধন প্ৰক্ৰিয়াত ইয়াক ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়। এছিয়ান, ভূমধ্য সাগৰীয়, আফ্ৰিকান, মধ্যপ্ৰাচ্য আদি অঞ্চলৰ খাদ্যত লং বহুল পৰিমাণে ব্যৱহাৰ কৰা হয়। বিশেষকৈ মাংসৰ আঞ্জা, পোলাও, তৰকাৰী ইত্যাদি আমিষ-নিৰামিষ দুয়ো প্ৰকাৰৰ খাদ্যত লং ব্যৱহাৰ কৰা হয়। সেইদৰে বিভিন্ন মিষ্টান্নতো লং ব্যৱহাৰ কৰা হয়। তামোল-পাণ-চুপাৰীৰ সৈতে মুখশুদ্ধিৰ বাবে লং ব্যৱহৃত হয়। লং মছলা চাহ আৰু গৰম মছলাৰ অন্যতম উপাদান। লঙৰ পৰা ইণ্ডোনেছিয়াত বিশেষ ধৰণৰ ক্ৰেটেক নামৰ চিগাৰেট প্ৰস্তুত কৰা হয়। এছিয়া, ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত লং চিগাৰেট ব্যৱহাৰ কৰা হয়।
লঙৰ পৰা সুগন্ধি তেল নিষ্কাষণ কৰি বিভিন্ন প্ৰকাৰৰ ৰুম ফ্ৰেছনাৰ, মাউথ ফ্ৰেছনাৰ ইত্যাদিত ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও টুথপেষ্ট, চাবোন, প্ৰসাধন সামগ্ৰী, আতৰ আদিত লং ব্যৱহাৰ কৰা হয়।
লঙৰ তেল পৰুৱা আৰু মহ খেদিবলৈ ব্যৱহাৰ কৰা হয়।
অতীজৰে পৰা পাৰম্পৰিক ঔষধ আৰু আয়ুৰ্বেদিক চিকিৎসাত লং ব্যৱহাৰ কৰা হৈ আহিছে। দাঁতৰ বিষৰ উপশম ঘটাবলৈ লংতেল ব্যৱহৃত হয়। লঙৰ তেলে দাঁতৰ আলুৰ সংক্ৰমণো কম কৰে। ইয়াৰ লগতে লঙে মুখৰ দুৰ্গন্ধ সৃষ্টি কৰা বেক্টেৰিয়াক নাশ কৰে। ওকালি আৰু বমি ভাৱ আতৰ কৰিবলৈ লং পিচি মৌজোলৰ সৈতে মিহলাই খাব পাৰি। এচিডিটি, পেটৰ বিষ অজীৰ্ণ, বদহজমি আৰু বায়ুৰ সমস্যা লঙে আঁতৰ কৰে। ফাইবাৰে শৌচকচা আৰোগ্য কৰে আৰু পাকস্থলীৰ ঘাঁ শুকুৱাত লং সহায়ক হয়। লংত থকা এণ্টিঅক্সিডেণ্ট ইউজিনলে লিভাৰৰ সক্ৰিয়তা বঢ়ায়। কাণৰ বিষত লঙৰ তেল ব্যৱহাৰ কৰা হয়। লংত থকা ৰাসায়নিক উপাদান সমূহ মধুমেহ আৰু কৰ্কট ৰোগৰ বাবে উপকাৰী। কাঁহ আৰু ডিঙিৰ সুৰ-সুৰণিত লঙৰ ব্যৱহাৰ কৰি সুফল পোৱা যায়। লঙৰ সুগন্ধি এৰমাথেৰাপিত ব্যৱহাৰ কৰা হয়। ইয়াৰ সুগন্ধয়ে মানসিক চাপ কমাই প্ৰশান্তি আনে।[11][12]