লক্ষ্মণ নৰসিংহ Laxman Narasimhan | |
---|---|
জন্ম | ১৯৬৭ চনৰ ১৫ এপ্ৰিল[1] পুনে, ভাৰত |
ৰাষ্ট্ৰীয়তা | আমেৰিকান |
শিক্ষা | ইঞ্জিনিয়াৰিং কলেজ, পুনে পেনচিলভেনিয়া বিশ্ববিদ্যালয় |
পদবী | মুখ্য কাৰ্যবাহী বিষয়া, ষ্টাৰবাকছ |
পূৰ্বসূৰী | হৱাৰ্ড শ্বাল্টজ (অন্তৱৰ্তীকালীন চি.ই.অ'. হিচাপে) কেভিন জনছন (ব্যৱসায়ী) (চি.ই.অ'. হিচাপে) |
সন্তান | ২ |
লক্ষ্মণ নৰসিংহ (ইংৰাজী: Laxman Narasimhan; জন্ম: ১৫ এপ্ৰিল ১৯৬৭) এজন ভাৰতীয়-আমেৰিকান ব্যৱসায়িক কাৰ্যবাহী, যি ৰেকিট বেনকিজাৰৰ মুখ্য কাৰ্যবাহী বিষয়া(CEO) আৰু পূৰ্বে পেপচিকোৰ মুখ্য বাণিজ্যিক বিষয়া আছিল। ২০২২ চনৰ ১ ছেপ্তেম্বৰত ষ্টাৰবাকছে ঘোষণা কৰিছে যে নৰসিংহ কোম্পানীৰ পৰৱৰ্তী মুখ্য কাৰ্যবাহী বিষয়া হ’ব। হাৱাৰ্ড শ্বাল্টজৰ ঠাইত লক্ষ্মণ নৰসিংহক মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিয়া হ’ব।[2] [3]
ভাৰতৰ পুনেত নৰসিংহ ডাঙৰ-দীঘল হৈছিল।[1] তেওঁ কলেজ অৱ ইঞ্জিনিয়াৰিং, পুনেৰ পৰা যান্ত্ৰিক অভিযান্ত্ৰিকীত ডিগ্ৰী লাভ কৰে। পিছলৈ তেওঁ পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ দ্য ল'ডাৰ ইনষ্টিটিউটৰ পৰা জাৰ্মান আৰু আন্তঃৰাষ্ট্ৰীয় অধ্যয়নত এম.এ লাভ কৰে। তেওঁ পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ ৱাৰ্টন স্কুলৰ পৰা বিত্তীয় বিষয়ত এম.বি.এ লাভ কৰে।[4][5]
নৰসিংহই ২০১২ চনলৈকে মেককিনজিৰ বাবে ১৯ বছৰ কাম কৰিছিল আৰু তেওঁলোকৰ নতুন দিল্লীৰ কাৰ্যালয়ৰ পৰিচালক আৰু স্থান পৰিচালকৰ পদবীলৈ উন্নীত হৈছিল।[4] ২০১২ চনত তেওঁ পেপচিকোত যোগদান কৰি মুখ্য বাণিজ্যিক বিষয়ালৈ উন্নীত হয়।[4]
২০১৯ চনৰ ছেপ্তেম্বৰ মাহত তেওঁ ৰাকেশ কাপুৰৰ পিছত ৰেকিট বেনকিজাৰৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰে।[5][6]
২০২২ চনৰ ১ ছেপ্তেম্বৰত ষ্টাৰবাকছে ঘোষণা কৰিছিল যে নৰসিংহ ইয়াৰ পৰৱৰ্তী চিইঅ’ হ’ব। ২০২২ চনৰ মাৰ্চ মাহত কেভিন জনছনে পদত্যাগ কৰাৰ পিছত অন্তৱৰ্তীকালীন মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰা হাৱাৰ্ড শ্বাল্টজৰ ঠাইত নৰসিংহই কাৰ্যনিৰ্বাহ কৰিব।[2]
নৰসিংহ বিবাহিত। তেওঁৰ দুজন সন্তান আছে আৰু তেওঁলোক কানেকটিকাটৰ গ্ৰীণউইচত থাকে।[7]তেওঁ ছটা ভাষা কয়।[5]