লক্ষ্মী এন মেনন |
---|
 |
জন্ম |
২৯ মাৰ্চ ১৮৯৯ |
---|
মৃত্যু |
৩০ নবেম্বৰ ১৯৯৪ |
---|
ৰাষ্ট্ৰীয়তা |
ভাৰতীয় |
লক্ষ্মী এন মেনন (ইংৰাজী: Lakshmi N. Menon ; ২৯ মাৰ্চ ১৮৯৯[1] – ৩০ নৱেম্বৰ ১৯৯৪) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী[2] আৰু ৰাজনীতিবিদ আছিল। ১৯৬২ চনৰ পৰা ১৯৬৬ চনলৈকে তেওঁ ৰাজ্যিক মন্ত্ৰী আছিল।[3] ১৯৪৮ চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত এগৰাকী প্ৰতিনিধি হিচাপে তেওঁ মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাৰ আদৰণি জনাই ভাষণ দিছিল।[4]
১৯৫২ চনৰ পৰা ১৯৬৬ চনলৈকে তেওঁ ৰাজ্যসভাৰ সদস্য আছিল।[5] তেওঁ ১৯৫২ চনৰ পৰা ১৯৫৭ চনলৈকে তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত সংসদীয় সচিব হিচাপে, ১৯৫৭ চনৰ পৰা ১৯৬২ চনলৈকে উপ-মন্ত্ৰী হিচাপে আৰু ১৯৬৬ চনলৈকে ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৬৭ চনত ৰাজনৈতিক সেৱাৰ পৰা অৱসৰ গ্ৰহণ কৰি তেওঁ সামাজিক কাম আৰু লগতে লিখাৰ প্ৰতি আগবাঢ়ে। তেওঁ অন্যান্য বিষয়ৰ লগতে অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছৰ দ্বাৰা প্ৰকাশিত অক্সফৰ্ড পেম্ফ্লেটছ অন ইণ্ডিয়ান এফেয়াৰ্ছ ছিৰিজৰ বাবে ভাৰতীয় মহিলাৰ ওপৰত এখন কিতাপ ৰচনা কৰে। তেওঁ ভাৰতৰ বিশ্ববিদ্যালয় মহিলা ফেডাৰেচন প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল।[6] তেওঁৰ সেৱাৰ স্বীকৃতি স্বৰূপে ১৯৫৭ চনত পদ্মভূষণ বঁটা লাভ কৰে আৰু এই বঁটা লাভ কৰা তেওঁ দ্বিতীয় মালয়ালী ব্যক্তি।[7]
- ↑ "Unsung Heroes Detail, Ministry of Culture". https://amritmahotsav.nic.in/unsung-heroes-detail.htm?6498। আহৰণ কৰা হৈছে: 27 March 2023.
- ↑ Lakshmi, C.S. (2 March 2000). "Strong voice, solid ideas". The Hindu. http://www.thehindu.com/2000/04/02/stories/13020615.htm. [সংযোগবিহীন উৎস]
- ↑ Adami, Rebecca (2019). Women and the Universal Declaration of Human Rights. প্ৰকাশক New York & London: Routledge. পৃষ্ঠা. 146. ISBN 9780429437939. https://www.routledge.com/Women-and-the-Universal-Declaration-of-Human-Rights/Adami/p/book/9780367622787.
- ↑ "University of Kerala, Thiruvananthapuram". way2universities.com. http://www.way2universities.com/univofkerala.php। আহৰণ কৰা হৈছে: 6 March 2016.
- ↑ Women Members of the Rajya Sabha. Rajya Sabha Secretariat. New Delhi, 2003.
- ↑ Bālā, U.; Sharma, A. (1986) (de ভাষাত). Indian Women Freedom Fighters, 1857–1947. Manohar. পৃষ্ঠা. 74. ISBN 9788185054131. https://books.google.com/books?id=cSg-AAAAMAAJ। আহৰণ কৰা হৈছে: 2020-07-31. "She was the Founder – member of the All – India Women ' s Conference , and of the Federation of University Women ."
- ↑ "Padma Awards". Ministry of Home Affairs, Government of India. 2015. http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 21 July 2015.