মহাকবি লক্ষ্মী প্ৰসাদ দেৱকোটা | |
---|---|
लक्ष्मीप्रसाद देवकोटा | |
শিক্ষা আৰু স্বায়ত্তশাসিত প্ৰশাসন মন্ত্ৰী | |
কাৰ্যকাল ২৬ জুলাই ১৯৫৭ – ১৫ মে' ১৯৫৮ | |
ৰাজশাসক | ৰজা মহেন্দ্ৰ |
প্ৰধানমন্ত্ৰী | কোঁৱৰ ইন্দৰজিৎ সিং |
ব্যক্তিগত তথ্য | |
জন্ম | ১২ নৱেম্বৰ, ১৯০৯ ধোবিধাৰা, কাঠমাণ্ডু, নেপাল |
মৃত্যু | ১৪ ছেপ্টেম্বৰ, ১৯৫৯ (৪৯ বছৰ) পশুপতি আৰ্যঘাট |
ৰাষ্ট্ৰীয়তা | নেপালি |
দাম্পত্যসঙ্গী | মনদেৱী চলিছি [1] |
সন্তান | ৫ গৰাকী কণ্যা আৰু চাৰিজন পুত্ৰ[2] |
পিতৃ-মাতৃ | তীল মাধৱ দেৱকোটা (পিতৃ) অমৰ ৰাজ্য লক্ষ্মী দেৱী (মাতৃ) |
সম্বন্ধীয় | লোক প্ৰিয়া দেৱী (sister)[2] |
পেচা | কবি, নাট্যকাৰ আৰু পণ্ডিত |
লক্ষ্মী প্ৰসাদ দেৱকোটা (ইংৰাজী: Laxmi Prasad Devkota ) হ'ল এজন নেপালী কবি, নাট্যকাৰ, ঔপন্যাসিক আৰু ৰাজনীতিবিদ। মহাকবি উপাধিৰে তেওঁ নেপালী সাহিত্যত সন্মানিত; তেওঁ সোণালী হৃদয়ৰ কবি হিচাপেও পৰিচিত। তেওঁক নেপালৰ অন্যতম বিখ্যাত সাহিত্যিক হিচাপে গণ্য কৰা হয়।[3][4] তেওঁৰ জনপ্ৰিয় ৰচনাসমূহৰ ভিতৰত আছে সুলোচনা, কুঞ্জিনী, ভিখাৰী আৰু শকুন্তলাৰ লগতে সৰ্বাধিক বিক্ৰী হোৱা মুনা মদন। ৷[5]
কাঠমাণ্ডুৰ ধোবিধাৰাত ১৯০৯ চনৰ ১২ নৱেম্বৰত (২৭ কাৰ্তিক ১৯৬৬ বি. এছ.) লক্ষ্মী পূজাৰ নিশা দেৱকোটাৰ জন্ম। পিতৃ তীল মাধৱ দেৱকোটা আৰু মাতৃ অমৰ ৰাজ্য লক্ষ্মী দেৱী।[6][7] তেওঁৰ পিতৃ আছিল এজন সংস্কৃত পণ্ডিত আৰু তেওঁৰ তত্ত্বাৱধানতে দেৱকোটাই মৌলিক শিক্ষা লাভ কৰিছিল। দৰবাৰ হাইস্কুলত তেওঁৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ হৈছিল আৰু তেওঁ তাত সংস্কৃত ব্যাকৰণ আৰু ইংৰাজী দুয়োটা অধ্যয়ন কৰিছিল।[8] ১৭ বছৰ বয়সত পাটনাৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ পৰৱৰ্তী সময়ত ত্ৰি-চন্দ্ৰ কলেজৰ পৰা আইনৰ স্নাতক হোৱাৰ লগতে পাটনা বিশ্ববিদ্যালয়ৰ পৰা প্ৰাইভেট পৰীক্ষাৰ্থী হিচাপে কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। পৰিয়ালৰ আৰ্থিক অৱস্থাৰ বাবেই স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰাৰ তেওঁৰ ইচ্ছা অসম্পূৰ্ণ হৈ ৰ'ল।[9]
অধিবক্তা হিচাপে স্নাতক ডিগ্ৰী লাভ কৰাৰ এটা দশকৰ পিছত তেওঁ নেপাল ভাসানুবাদ পৰিষদ (পাব্লিকেচন চেঞ্চৰ ব’ৰ্ড)ত কাম কৰিবলৈ আৰম্ভ কৰে, য’ত তেওঁ বিখ্যাত নাট্যকাৰ বালকৃষ্ণ সামাক লগ পায়। একে সময়তে তেওঁ ত্ৰি-চন্দ্ৰ মহাবিদ্যালয় আৰু পদ্ম কন্যা মহাবিদ্যালয়ত প্ৰবক্তা হিচাপেও কাম কৰিছিল।[10]
আধুনিক নেপালী ভাষাত ৰোমাণ্টিক আন্দোলন আৰম্ভ কৰি দেৱকোটাই নিজ দেশৰ নেপালী সাহিত্যলৈ অৰিহণা যোগাইছিল। নেপালী সাহিত্যত মহাকাব্য লিখিবলৈ আৰম্ভ কৰা আৰু নেপালত জন্মগ্ৰহণ কৰা তেওঁ হ'ল দ্বিতীয়জন লেখক। ভাষাৰ উদ্ভাৱনীমূলক ব্যৱহাৰৰ যোগেদি দেৱকোটাই নেপালী কবিতাক এক মাত্ৰা প্ৰদান কৰি নতুন আয়তন প্ৰদান কৰিছিল।
সেই সময়ত নেপালী সাহিত্য জগতত আধিপত্য বিস্তাৰ কৰা সংস্কৃত পৰম্পৰাৰ পৰা আঁতৰি আহি, নেৱাৰ ভাষাৰ বেলাড গীত জি ৱায়া লা লাচি মাডুনিৰ দ্বাৰা অনুপ্ৰাণিত হৈ ঝ্যাউৰে ভাষাৰ (১৯৩০) লোক সুৰত তেওঁ দীঘলীয়া আখ্যানমূলক জনপ্ৰিয় কবিতা মুনা মদন (১৯৩০) ৰচনা কৰে। নিঃসন্দেহে মুনা মদন নেপালী সাহিত্যৰ ইতিহাসত সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থ। ২০০৩ চনত ৭৬ সংখ্যক অকাডেমী বঁটা প্ৰদান অনুষ্ঠানত শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ বাবে নেপালৰ পৰা আনুষ্ঠানিক প্ৰৱেশৰ অনুমতি পোৱ মুনা মদন চলচ্চিত্ৰথন এই কবিতাটোৰ আধাৰত নিৰ্মিত হৈছিল।[11] এই কামটোৱে সেই সময়ত দেশৰ মন্ত্ৰী আৰু ৰাণাসকলৰ পৰা তাৎক্ষণিক স্বীকৃতি লাভ কৰিছিল। মুনা মদন এগৰাকী ভ্ৰমণকাৰী ব্যৱসায়ীৰ কাহিনী, যি তেওঁৰ পত্নী মুনাক এৰি ধন উপাৰ্জন কৰিবলৈ তিব্বতলৈ যায়। কবিতাটোত বিচ্ছেদৰ দুখ, আকাংক্ষাৰ উচপিচনি, আৰু মৃত্যুৰ যন্ত্ৰণা আদি যাত্ৰাৰ বিষয়ভিত্তিক কষ্টৰ বৰ্ণনা কৰা হৈছে।[12]
জি ৱায়া লা লাচি মাডুনি বেলাডটো মাডুনি নামৰ এজন নেৱা ব্যৱসায়ী, তেওঁৰ মাক আৰু তেওঁৰ পত্নীৰ আধাৰত ৰচিত এক শোক গীত। ব্যৱসায়ীজন কাম এটাৰ বাবে কাঠমাণ্ডুৰ পৰা তিব্বতলৈ যাবলৈ ওলাইছে। গীতটোৰ আৰম্ভণিতে পত্নীয়ে শাহুৱেকক বাধা দিবলৈ অনুৰোধ কৰি কয় যে তাই তেওঁলোকৰ ঘৰলৈ অহা এমাহো হোৱা নাই আৰু তেওঁ আঁতৰি যাব বিচাৰিছে৷ কাঠমাণ্ডুত ডাঙৰ-দীঘল হোৱা দেৱকোটাই স্থানীয় লোকৰ পৰা এই গীতটো শুনিছিল, যিয়ে স্থানীয় এটা পতি (নেপালী ভাষাত পাটয় বা ফলছাহ) ত এই গীতটো গাইছিল। এই গীতটোৰ প্ৰতি অতিশয় আকৰ্ষিত হৈ তেওঁ ইয়াক নেপালী ভাষাত পুনৰ্লিখনৰ সিদ্ধান্ত লৈছিল। ৰাণা শাসকসকলে যিহেতু নেৱা বাণিজ্য, ভাষা আৰু সাহিত্যৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল, সেয়ে তেওঁ মূল চৰিত্ৰটো মূল গীতটোৰ দৰে নাৰাখি নেৱা ব্যৱসায়ীৰ পৰা ইয়াক ক্ষত্ৰীয় (যোদ্ধা শ্ৰেণীৰ চৰিত্ৰ) চৰিত্ৰলৈ সলনি কৰিছিল। যদিও সেই দিনবোৰত ক্ষত্ৰীয় লোকসকলে তেওঁলোকৰ জীৱিকাৰ বাবে ব্যৱসায় কৰা নাছিল, তথাপিও ৰাণা শাসকসকলক প্ৰলোভিত কৰিবলৈ তেওঁ ইয়াক এনেদৰে চিত্ৰিত কৰিব লগা হৈছিল।[13]
মহাকাব্যখনৰ আটাইতকৈ বিখ্যাত আৰু সঘনাই উদ্ধৃত শাৰীবোৰৰ ভিতৰত থকা তলত উল্লিখিত শাৰীকেইটাই নেপালী সংস্কৃতিত জাতিৰ দ্বাৰা সৃষ্ট স্তৰসমূহৰ ওপৰত মানৱতা আৰু মমতাৰ জয়লাভক উদযাপন কৰিছে এনেদৰে-
"क्षेत्रीको छोरो यो पाउ छुन्छ, घिनले छुँदैन |
ক্ষত্ৰিয়ৰ পুতেকে আপোনাৰ ভৰি দুখন ঘৃণাৰে নহয় মৰমেৰে স্পৰ্শ কৰে। |
তেওঁৰ মহান ৰচনা হিচাপে বিবেচিত মুনা মদন নেপালী সাহিত্যৰ সাধাৰণ পাঠকসকলৰ মাজত ব্যাপকভাৱে জনপ্ৰিয়। ১৯৩৬ চনৰ পৰাই ই আটাইতকৈ জনপ্ৰিয় নেপালী গ্ৰন্থ হিচাপে বিবেচিত হৈ আহিছে। এই গ্ৰন্থখন মেণ্ডাৰিন ভাষালৈও অনুবাদ কৰা হৈছিল; ইয়াক চীনে ভালদৰে গ্ৰহণ কৰিছিল আৰু সফল বুলি গণ্য কৰিছিল॥[14][15]
মানসিক আশ্ৰয় শিবিৰত পাঁচ মাহ থকাৰ অভিজ্ঞতাৰে অনুপ্ৰাণিত হৈ ১৯৩৯ চনত দেৱকোটাই পাগাল নামৰ এটি মুক্ত-পদ্যৰ কবিতা লিখিছিল। এই কবিতাটোত তেওঁ স্বাভাৱিক মানসিক ক্ষমতাৰ বিষয়ে আলোচনা কৰিছে আৰু ইয়াক নেপালী ভাষাৰ অন্যতম শ্ৰেষ্ঠ কবিতা হিচাপে বিবেচনা কৰা হয়।[8][16]
"जरुर साथी म पागल ! |
ঠিকেই বন্ধু, মই পাগল, |
অতি কম সময়ৰ ভিতৰতে সাহিত্যিক জটিলতা আৰু দাৰ্শনিক ঘনত্বৰে দীঘলীয়া মহাকাব্য আৰু কবিতা ৰচনা কৰাৰ ক্ষমতা আছিল দেৱকোটাৰ। তেওঁ তেওঁৰ প্ৰথম মহাকাব্যকি কবিতা শকুন্তলা মাত্ৰ তিনিমাহতে ৰচনা কৰে; ই হ'ল নেপালী ভাষাত ৰচিত প্ৰথম মহাকাব্য। ১৯৪৫ চনত প্ৰকাশিত শকুন্তলা কালিদাসৰ বিখ্যাত সংস্কৃত নাট অভিজ্ঞানশকুন্তলমৰ আধাৰত ২৪টা কণ্টোৰ বিস্তৃত গ্ৰন্থ। শকুন্তলাত দেৱকোটাই সংস্কৃত ছন্দ আৰু শব্দবিন্যাসৰ ওপৰত থকা তেওঁৰ দক্ষতা প্ৰদৰ্শন কৰিছে, যিটো তেওঁ মূলতঃ নেপালী ভাষাত কাম কৰাৰ বাবে যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰিছিল। প্ৰয়াত পণ্ডিত তথা অনুবাদক ডেভিদ ৰুবিনৰ মতে শকুন্তলা দেৱকোটাৰ সৰ্ববৃহৎ সাফল্যৰ ভিতৰত অন্যতম। তেওঁৰ মতে,"এয়া নিঃসন্দেহে এক উল্লেখযোগ্য ৰচনা, এক বিশেষ ধৰণৰ মাষ্টাৰপিছ, আধুনিক দৃষ্টিকোণৰ সৈতে ধ্ৰুপদী পৰম্পৰাৰ বিভিন্ন উপাদানৰ মিলন, মহাজাগতিক ৰূপকৰে সৈতে এটা পেষ্টাৰেল, কালিদাসৰ পাৰ্থিৱ প্ৰেমৰ ৰোমাণ্টিক কমেডী যাৰ প্ৰতীকী গাঁথনিৰ সৈতে কামুক আৰু পবিত্ৰ প্ৰেমৰ মিলনৰ জৰিয়তে মুক্তিৰ ফালে আঙুলিয়াই দিয়ে।" [17]
দেৱকোটাই বিভিন্ন পৰম্পৰাগত আৰু অগতানুগতিক ৰূপ আৰু ছন্দত নিৰ্মিত চুটি গীতিকবিতাৰ কেইবাটাও সংকলনও প্ৰকাশ কৰে। তেওঁৰ বেছিভাগ কবিতাতে ৱৰ্ডছৱৰ্থ আৰু ক’লৰিজৰ দৰে ইংৰাজী ৰোমাণ্টিক কবিৰ প্ৰভাৱ দেখা যায়। ভিখাৰী সংকলনৰ শিৰোনামৰ কবিতাটোৱে ৱৰ্ডছৱৰ্থৰ "The Old Cumberland Beggar" ৰ কথা মনত পেলাই দিয়ে। এই কবিতাটোত দেৱকোটাই মানৱ প্ৰেম আৰু বস্তুগত আৰামৰ পৰা বঞ্চিত হৈ ভীষণ দৰিদ্ৰতা আৰু নিৰ্জনতাত নিজৰ পথত ঘূৰি ফুৰা ভিক্ষাৰীজনৰ কথা বৰ্ণনা কৰিছে। আনহাতে, ভিক্ষাৰীক দুখ-কষ্ট আৰু অভাৱৰ মূলত স্থাপন কৰা কৰুণাৰ উৎস হিচাপেও দেখা যায়। দেৱকোতাই ভিক্ষাৰীক দয়া আৰু সহানুভূতিৰ চূড়ান্ত উৎস হিচাপে ঐশ্বৰিকতাৰ সৈতে সংযোগ কৰিছে -
"कालो बादलबाट खसेको |
কৃষ্ণ ক’লা ডাৱৰৰ পৰা সৰি |
তেওঁৰ বহু কবিতাত মানৱ আৰু প্ৰাকৃতিক জগতৰ লৌকিক উপাদানসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁৰ কবিতাৰ শিৰোনামসমূহ যেনে বন, কিচান,বাদল -এ দেখুৱায় যে তেওঁ বিশ্বৰ সাধাৰণ আৰু নিকটৱৰ্তী দিশবোৰত কাব্যিক অনুপ্ৰেৰণা বিচাৰিছিল। তেওঁৰ বেছিভাগ কবিতাতে যি প্ৰতিধ্বনিত হয় সেয়া হ 'ল মানৱতাৰ ওপৰত তেওঁৰ গভীৰ বিশ্বাস। উদাহৰণস্বৰূপে, বান কবিতাটোত বক্তাই কেৱল ব্যক্তি হিচাপে তেওঁক দিব পৰা সকলো ধৰণৰ আৰাম আৰু সান্ত্বনা নাকচ কৰি ধাৰাবাহিকভাৱে জেৰাৰ মাজেৰে পাৰ হৈ যায়। বৰঞ্চ সতীৰ্থৰ প্ৰতি থকা তেওঁৰ নিজৰ দায়িত্ব আৰু চিন্তাক তেওঁ আঁকোৱালি লয়। বক্তাৰ মানৱতাবাদী প্ৰৱণতাক উজ্জ্বল কৰি তোলা তলত দিয়া চতুৰ্থাংশৰে কবিতাটো সামৰণি পৰিছে:
"दोस्त कहाँ छन्? साथ छ को को? घर हो तिम्रो कुन देश? |
তোমাৰ বন্ধুবৰ্গ ক'ত? কোন যায় তোমাৰ লগত? কোনটুকুৰা ঠাইত তোমাৰ ঘৰ? |
কবিতাৰ উপৰিও দেৱকোটাই প্ৰবন্ধৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। তেওঁক আধুনিক নেপালী প্ৰবন্ধৰ পিতৃ বুলি গণ্য কৰা হয়। তেওঁ ৰচনাৰ গতানুগতিক ৰূপটোক অৱজ্ঞা কৰি ৰচনা লিখাৰ পৰম্পৰাগত নিয়ম ভংগ কৰি অধিক তৰল আৰু কথিত শৈলী আঁকোৱালি লৈছিল যাৰ অৰ্থত অধিক স্পষ্টতা, অনুভৱত প্ৰকাশভংগী আৰু ভাষাৰ ক্ষেত্ৰত বাকপটুতা আছিল। তেওঁৰ প্ৰবন্ধসমূহ সাধাৰণতে ব্যংগাত্মক স্বৰত লিখা আৰু ইয়াৰ বৈশিষ্ট্য হৈছে ইয়াৰ তীক্ষ্ণ হাস্যৰস আৰু নেপালী সমাজত পশ্চিমৰ পৰা অহা আধুনিকীকৰণৰ প্ৰভাৱৰ নিৰ্মম সমালোচনা। ভলাদ্মী শীৰ্ষক এটা ৰচনা বা নেপালী সমাজত মানুহৰ প্ৰকৃত অভ্যন্তৰীণ মূল্য আৰু ব্যক্তিত্বৰ পৰিৱৰ্তে তেওঁলোকৰ বাহ্যিক ৰূপ আৰু সাজ-পোছাকৰ ওপৰত ভিত্তি কৰি সন্মান কৰাৰ এক অৱক্ষয়ী ধাৰাক সমালোচনা কৰা হৈছে। কে নেপাল ছানো চা?, তেওঁ ব্ৰিটিছ ভাৰতৰ পৰা অহা ঔপনিৱেশিক শক্তিসমূহৰ বিৰুদ্ধে গভীৰ জাতীয়তাবাদী আৱেগ প্ৰকাশ কৰে যিয়ে তেওঁৰ অনুভৱত নেপালী সংস্কৃতিৰ সকলো দিশ বেদখল কৰি আছে।[18] তেওঁৰ প্ৰবন্ধসমূহ লক্ষ্মী নিবন্ধন সংগ্ৰহ শীৰ্ষক এখন পুথিত প্ৰকাশিত হৈছে।[13]
দেৱকোটাই উইলিয়াম শ্বেক্সপীয়েৰৰ হেমলেট নাটকখনো নেপালী ভাষালৈ অনুবাদ কৰে।[19] তদুপৰি তেওঁ নিজৰ মহাকাব্য শকুন্তলাক ইংৰাজীলৈ অনুবাদ কৰি ইংৰাজী ভাষাত কেইবাটাও কবিতা, প্ৰবন্ধ, নাটক আৰু মহাকাব্য ৰচনা কৰে।[20]
লক্ষ্মী প্ৰসাদ দেৱকোটা কোনো সুপ্ৰতিষ্ঠিত ৰাজনৈতিক দলত সক্ৰিয় নাছিল, কিন্তু তেওঁৰ কবিতাবোৰে ৰাণা ৰাজবংশৰ নিৰ্যাতনমূলক কাণ্ডৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে বিদ্ৰোহৰ মনোভাৱ প্ৰকাশ কৰিছিল। বাৰাণসীত স্ব-নিৰ্বাসন লোৱাৰ সময়ত তেওঁ নেপালী কংগ্ৰেছৰ বাতৰি কাকত যুগবাণী ৰ সম্পাদক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল আৰু তাৰ বাবে ৰাণা চৰকাৰে নেপালত থকা তেওঁৰ সকলো সম্পত্তি জব্দ কৰিছিল। ১৯৫১ চনৰ বিপ্লৱৰ জৰিয়তে গণতন্ত্ৰ প্ৰৱৰ্তনৰ পিছত, ১৯৫২ চনত ৰজা ত্ৰিভুৱনে দেৱকোটাক নেপাল ছালহকাৰ সমিতিৰ সদস্য হিচাপে নিযুক্তি দিছিল। পিছলৈ ১৯৫৭ চনত তেওঁক কোঁৱৰ ইন্দৰজিৎ সিঙৰ প্ৰধানমন্ত্ৰিত্বৰ অধীনৰ মন্ত্ৰীসভাত শিক্ষা আৰু স্বায়ত্তশাসিত প্ৰশাসন মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল।[21][22]
দেৱকোটাৰ পুত্ৰ পদ্ম দেৱকোটাও এজন কবি আৰু লেখক আৰু কাঠমাণ্ডুৰ ত্ৰিভুৱন বিশ্ববিদ্যালয় তেওঁ ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে বহু বছৰ ধৰি সেৱা আগবঢ়াইছিল।[23]
সম্ভৱতঃ তেওঁৰ পিতৃ-মাতৃ আৰু দুমহীয়া কন্যাৰ মৃত্যুৰ বাবে ১৯৩০ চনৰ শেষৰ ফালে দেৱকোটা স্নায়বিক সমস্যাত ভুগিছিল। অৱশেষত ১৯৩৯ চনত তেওঁক পাঁচ মাহৰ বাবে ভাৰতৰ ৰাঁচীৰ মানসিক আশ্ৰয় শিবিৰত ভৰ্তি কৰোৱা হয়।[24] জীৱনৰ অন্তিম দিনবোৰত আৰ্থিক ঋণ আৰু তেওঁৰ জীয়েকহঁতৰ বিবাহ আৰু যৌতুকৰ বাবে প্ৰয়োজনীয় ধন যোগাৰ কৰিব নোৱৰাৰ বাবে এবাৰ তেওঁ তেওঁৰ পত্নীক এনেদৰে কৈছিল,"আজি ৰাতি সমাজ আৰু যুৱক-যুৱতীসকলৰ যত্নৰ বাবে সন্তানসকলক ত্যাগ কৰা আৰু শোৱাৰ সময়ত পটাছিয়াম ছাইনাইড বা মৰ্ফিন বা তেনেকুৱা কিবা এটা গ্ৰহণ কৰি এই পৃথিৱী ত্যাগ কৰোঁ আহাঁ।"[sic]."[25]
লক্ষ্মী প্ৰসাদ দেৱকোটা এজন চেইন স্ম'কাৰ আছিল। কৰ্কট ৰোগৰ সৈতে দীঘলীয়া যুঁজৰ পিছত ১৯৫৯ চনৰ ১৪ ছেপ্টেম্বৰত কাঠমাণ্ডুৰ পশুপতিনাথ মন্দিৰ বাগমতী নদীৰ পাৰত থকা পশুপতি আৰ্যঘাটত দেৱকোটাৰ মৃত্যু হয়। মৃত্যুৰ পূৰ্বে দেৱকোটাৰ আয় নেপাল একাডেমী অৱ লিটাৰেচাৰ এণ্ড আৰ্টে বন্ধ কৰি দিছিল কাৰণ তেওঁ প্ৰথমে তেওঁলোকৰ পৰা অনুমতি নোলোৱাকৈয়ে আধুনিক তাছখণ্ডত অনুষ্ঠিত হোৱা আফ্ৰিকান এছিয়ান লেখক সন্মিলনত অংশগ্ৰহণ কৰিছিল।[26] সেই অনুষ্ঠানত তেওঁ ভানুভক্ত আচাৰ্য, লেখনাথ পৌদ্যল, পণ্ডিত হেমৰাজ, সোমনাথ চিগডেলকে ধৰি নেপালী সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে সুপৰিচিত ব্যক্তিসকলক প্ৰশংসা কৰিছিল।[27][28] দেৱকোটাই এক সাক্ষাৎকাৰত দাবী কৰিছিল যে তেওঁ পূৰ্বৰ আঠ মাহৰ দৰমহা পোৱা নাছিল আৰু তাৰ ফলত ৰোগৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ঔষধ ক্ৰয় কৰিব পৰা নাছিল; তদুপৰি তেওঁ খাদ্য কিনিবলৈও সংগ্ৰাম কৰিব লগা হৈছিল। কেন্সাৰৰ সৈতে যুঁজি থকাৰ পিছতো দেৱকোটাৰ ব্যক্তিত্ব সজীৱ আৰু আত্মবিশ্বাসী আছিল যদিও তেওঁৰ থকা কোঠাটো অসংগঠিত আছিল৷[26]
শিৰোনাম | প্ৰথম প্ৰকাশৰ বছৰ |
প্ৰথম সংস্কৰণ প্ৰকাশক (কাঠমাণ্ডু, যদিহে অন্য কোনো ধৰণে কোৱা হোৱা নাই) |
টোকাসমূহ | |
---|---|---|---|---|
শকুন্তলা | ১৯৪৫ | ছাজা | মহাকাব্য | |
সুলোচনা | ২০০২ | মহাকাব্য | ||
বানা কুসুম | মহাকাব্য | |||
মহাৰাণা প্ৰতাপ | মহাকাব্য | |||
পৃথ্বীৰাজ চৌহান | ১৯৯২-১৯৯৩ | মহাকাব্য | ||
প্ৰমেথিউছ | মহাকাব্য |
कुराकानीमा देवकोटाले आठ महीनादेखि हातमा रातो पैसो नपरेकोले ओखती त कता-कता चुल्होमा आगो बल्न पनि मुश्किल भएको वेदना साट्नुभयो। म त्यहाँ डेढ घण्टा जति बसें हुँला। क्यान्सर जस्तो रोगबाट ग्रसित भए पनि महाकविको व्यक्तित्वमा तेज र ओज थियो। तर कोठा भने असरल्ल, सामान भद्रगोल।