লাংটাং ৰাষ্ট্ৰীয় উদ্যান | |
---|---|
নেপালী: लाङटाङ राष्ट्रिय निकुञ्ज | |
আই.ইউ.চি.এন শ্ৰেণী II (ৰাষ্ট্ৰীয় উদ্যান) | |
লাংটাং ৰাষ্ট্ৰীয় উদ্যান | |
অৱস্থান | নেপাল |
নিকটতম চহৰ | কাঠমাণ্ডু |
মাটিকালি | ১,৭১০ বৰ্গ কি.মি. (1.71×109 বৰ্গ মিটাৰ) |
প্ৰতিস্থা | ১৯৭৬ |
কৰ্তৃপক্ষ | ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী সংৰক্ষণ বিভাগ, নেপাল |
লাংটাং ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Langtang National Park) হৈছে নেপালৰ এখন ৰাষ্ট্ৰীয় উদ্যান। ১৯৭৬ চনত, ই হিমালয় অঞ্চলৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান আৰু দেশৰ চতুৰ্থ সংৰক্ষিত অঞ্চল হিচাপে প্ৰতিষ্ঠিত হয়। মধ্য হিমালয় অঞ্চলৰ নুৱাকোট, ৰসুৱা আৰু সিন্ধুপালচোক জিলাক সামৰি উদ্যানখনৰ মুঠ মাটিকালি ১,৭১০ বৰ্গ কিলোমিটাৰ (৬৬০ বৰ্গমাইল)। ইয়াত ২৬টা গ্ৰাম্য সম্প্ৰদায় আছে আৰু ইয়াৰ ভিতৰত লাংটাং উপত্যকাও অন্তৰ্ভুক্ত। উত্তৰ আৰু পূবত ই তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ ক’মোলাংমা ৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষিত বনাঞ্চলৰ সৈতে জড়িত।[1] উদ্যানখনৰ পূব আৰু পশ্চিম সীমা ক্ৰমে ভোটেকোশী নদী আৰু ত্ৰিশুলী নদীৰ তটতে অৱস্থিত।[2]
গোসাঁইকুণ্ডা হ্ৰদ, উদ্যানৰ ভিতৰত প্ৰায় ৪,৩০০ মিটাৰ উচ্চতাত অৱস্থিত। ৬,৯৮৮ মিটাৰ (২২,৯২৭ ফুট) উচ্চতাৰ দৰ্জী লাকপা ৰেঞ্জে উদ্যানখনক পশ্চিম–পূবৰ পৰা দক্ষিণ–পূবলৈ দুভাগ কৰি পেলাইছে। লাংটাং লিৰুঙৰ শিখৰটো উদ্যানখনৰ সৰ্বোচ্চ বিন্দু, যাৰ উচ্চতা ৭,২৪৫ মিটাৰ (২৩,৭৭০ ফুট)।[3]
লাংটাং ৰাষ্ট্ৰীয় উদ্যান, পবিত্ৰ হিমালয় ভূচিত্ৰৰ এক অংশ।[4]
১৯৭০ চনত ৰজাঘৰীয়া অনুমোদনে, লাংটাং ৰাষ্ট্ৰীয় উদ্যান প্ৰতিষ্ঠাক হিমালয়ৰ প্ৰথমখন সংৰক্ষিত অঞ্চল হিচাপে স্বীকৃতি দিয়ে। ১৯৭৬ চনত, ৰাষ্ট্ৰীয় উদ্যানখন গেজেটৰ অন্তৰ্ভুক্ত কৰা হয়। ১৯৯৮ চনত, অতিৰিক্ত ৪২০ বৰ্গ কিলোমিটাৰ (১৬০ বৰ্গমাইল) যুক্ত কৰা হয়।[1][5]
১৯৯২ চনৰ ৩১ জুলাইত, থাই এয়াৰৱেজৰ আন্তঃৰাষ্ট্ৰীয় বিমান ৩১১ উদ্যানখনত দুৰ্ঘটনাগ্ৰস্ত হয়। এয়াৰবাছ এ৩১০ বিমান, কাঠমাণ্ডুৰ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কাষ চাপিছিল। জাহাজখনত থকা ১১৩জন লোকৰ আটাইকেইজন লোক নিহত হয়।[6]
২০১৫ চনৰ এপ্ৰিল মাহত, নেপালত হোৱা ভূমিকম্পৰ ফলত বৰফ, শিল আৰু বোকাময় হিমস্খলনে উদ্যানখনৰ ভিতৰত অৱস্থিত লাংটাং গাঁওখন ধ্বংস কৰিছিল। ঘটনাটোত কমেও ২১৫জন লোক নিহত হয়। ২০১৬ চনত আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংঘই, শ্ৰদ্ধাঞ্জলি হিচাপে মঙ্গল গ্ৰহত ৯.৮ কিলোমিটাৰ বহল গহ্বৰ এটাৰ নাম এই গাঁওখনৰ নামেৰে ৰাখিছিল।[7]
উদ্যানখনৰ জলবায়ু দক্ষিণ-পশ্চিম গ্ৰীষ্মকালীন মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱিত হয়; বাৰ্ষিক বৰষুণৰ অধিকাংশই জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে হয় আৰু উচ্চতাৰ অত্যন্ত পাৰ্থক্যৰ বাবে বহু পৰিমাণে উষ্ণতাৰ তাৰতম্য ঘটে।[8]
লাংটাং ৰাষ্ট্ৰীয় উদ্যানত ১৪ প্ৰকাৰৰ উদ্ভিদ পোৱা যায়। এইবোৰ ১৮টা ভিন্ন পৰিৱেশ তন্ত্ৰৰ অন্তৰ্ভুক্ত। উচ্চ স্থানত আল্পাইন তুন্দ্ৰাৰ পৰা আৰম্ভ কৰি তলৰ ১০০০ মিটাৰ স্থানৰ ফালে বহুবৰ্ষজীৱী উদ্ভিদকে ধৰি যথেষ্ট বৃক্ষৰাজীৰ আশ্ৰয়স্থল।[1]
লাংটাং ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা লাংটাং ভেলী ট্ৰেক ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা