লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য (Laokhowa Wildlife Sanctuary) | |
---|---|
আই.ইউ.চি.এন শ্ৰেণী IV (বাসস্থান/প্ৰজাতি ব্যৱস্থাপনা অঞ্চল) | |
অসমত লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ অৱস্থিতি | |
অৱস্থান | অসম, ভাৰত |
নিকটতম চহৰ | Nagaon |
স্থানাংক | 26°30′24″N 92°42′38″E / 26.50667°N 92.71056°Eস্থানাংক: 26°30′24″N 92°42′38″E / 26.50667°N 92.71056°E |
মাটিকালি | 70.13 sq. km[1] |
প্ৰতিস্থা | 1972[1] |
কৰ্তৃপক্ষ | Department of Environment & Forests, Assam |
লাওখোৱা অভয়াৰণ্য (ইংৰাজী: Laokhowa Wildlife Sanctuary) অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণপাৰে নগাঁও জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ই এশিঙীয়া গঁড় তথা বনৰীয়া ম'হৰ বাবে এক উত্তম বাসস্থান বুলি পৰিগণিত হৈছে। ই লাওখোৱা-বুঢ়াচাপৰি পৰিস্থিতি তন্ত্ৰৰ অন্তৰ্গত।
এই বনাঞ্চলক ১৯৭২ চনত বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰা হয়।
লাওখোৱা অভয়াৰণ্যৰ মাটিকালি প্ৰায় ৭০.১৩ বৰ্গকিলোমিটাৰ। [2] নগাওঁ তথা গুৱাহাটীৰ পৰা ইয়াৰ দুৰত্ব ক্ৰমান্ধয়ে ২৮ আৰু ১৪৮ কিলোমিটাৰ। [3]
উদ্ভিদ:
প্ৰাণী: হাতী, বনৰীয়া ম'হ, ঢেঁকীয়াপতিয়া বাঘ,কেৰ্কেটুৱা, সুগৰী পহু, বনৰীয়া গাহৰি,অসমীয়া বান্দৰ ইত্যাদি[4]
চৰাই-চিৰিকটি: প্ৰায় ২২৫ বিধ চৰাইৰ প্ৰজাতি, যেনে- হাড়গিলা,পাটিশগুণ, বৰটোকোলা,হাইঠা ইত্যাদি।
সৰীসৃপ: ১৪ বিধ বিভিন্ন সৰীসৃপৰ প্ৰজাতি, যেনে- ফেঁটীসাপ, অজগৰ, কাছ, গুইঁ ইত্যাদি।
মাছ:৩৯ বিধ মাছৰ প্ৰজাতিৰ প্ৰজননস্থলী
|