লাজুকী বান্দৰ (Bengal slow loris) | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Primates |
পৰিয়াল: | Lorisidae |
গণ: | Nycticebus |
প্ৰজাতি: | N. bengalensis |
বৈজ্ঞানিক নাম | |
Nycticebus bengalensis (Lacépède, 1800) | |
লাজুকী বান্দৰৰ গোলকীয় বিতৰণ | |
সমাৰ্থক[1][2] | |
|
লাজুকী বান্দৰ (ইংৰাজী: Bengal slow loris) প্ৰধানতঃ ভাৰত উপমহাদেশ তথা ইণ্ডোনেচিয়াত পোৱা বান্দৰৰ এটা প্ৰজাতি। সমগ্ৰ বিশ্বত পোৱা অন্যান্য পাঁচটা লাজুকী বান্দৰৰ প্ৰজাতিৰ ভিতৰত এই প্ৰজাতিটোয়ে আটাইতকৈ বহুলভাৱে বিস্তৃত। এই জন্তুবিধৰ মুৰটো ঘূৰণীয়া, সমতল মুখমণ্ডল, বৃহৎ চকু, ক্ষুদ্ৰাকৃতিৰ কাণ তথা নোমাল দেহ ইয়াৰ দেহৰ প্ৰধান বৈশিষ্ট্য।
পূৰ্বতে সুন্দা লাজুকী বান্দৰৰ উপপ্ৰজাতি ৰূপে গণ্য কৰা এই জন্তু বিধে ২০০১ চনত পোনপ্ৰথমে পৃথক প্ৰজাতিৰ স্বীকৃতি পায়। অন্যান্য আঞ্চলিক ভাষাত এই প্ৰাণীবিধৰ নামবোৰ এনেধৰণৰ- বড়ো-নীলাজী মাকৰা,হিন্দী- মৰমিন্দি বিল্লি, বাংলা- লজ্জাৱতী বান্দৰ, গাৰো- গলুই ডুৰক, মিজো-চাহুয়াই, মণিপুৰী- সমৰোক গেমকক, খাচী- ইয়াপনঙ ইত্যাদি[3]
লাজুকী বান্দৰৰ শৰীৰ ঘন নোমেৰে আৱৰা। দেহৰ বৰণ ছাই বৰণীয়া, খয়েৰীৰ পৰা বগা ধৰণৰ। দেহ সৰু, ঘূৰণীয়া মুখৰ অধিকাংশ আৱৰি বৃহৎ চকুযোৰ , কাণ ক্ষুদ্ৰাকৃতিৰ। সমগ্ৰ দেহ ভেলভেট ৰঙৰ নোমেৰে আবৃত , মূৰ আৰু বাহুৰ নোমৰ ৰঙ পাতলীয়া। লাজুকী বান্দৰৰ কান্ধৰ ওপৰত আৰু চকুৰ চাৰিওফালে চক্ৰাকাৰ গাঢ় খয়েৰী বৰণৰ দাগ দেখিবলৈ পোৱা যায়। এই লাজকুৰীয়া জন্তুটোৰ বিষয়ে বৈজ্ঞানিক তথ্য এতিয়াও সীমিত। ইয়াৰ দিবতীয় আঙুলিৰ নখটো বেঁকা হয় আৰু ইয়াক গছৰ মুঢ়াৰ পৰা পোক-পতংগ খান্দি উলিওৱাত ব্যৱহাৰ কৰে
লাজুকী বান্দৰৰ দেহৰ দৈৰ্ঘ্য ৩০-৪০ ছে. মি.। ওজন- ১.২-১.৩ কি.গ্ৰা.।
লাজুকী বান্দৰৰ মূৰৰ আগৰ পৰা পিঠিৰ ফাললৈ এটা ডাঠ দীঘলীয়া আঁক আছে। ইয়াৰ আগঠেং দুখন প্ৰায় বগা।
১৭ৰ পৰা ২১ মাহ বয়স হ'লে মাইকী লাজুকী বান্দৰে পোৱালি দিয়ে। গৰ্ভধাৰণৰ কাল প্ৰায় ১৯১ দিন হয়। ১২ ৰ পৰা ১৮ মাহৰ মূৰে মূৰে ই এটাকৈ পোৱালি দিয়া দেখা যায়। লাজুকী বান্দৰৰ আয়ুস প্ৰায় ২০ বছৰ[4]।
লাজুকী বান্দৰৰ অন্যন্য সকলো প্ৰজাতিতকৈ ই বহুল ভাৱে বিস্তৃত হৈ আছে। ভাৰত উপমহাদেশ, বাংলাদেশ, ইণ্ডোনেছিয়া, কম্বোডিয়া, লাওছ, ম্যানমাৰ, ভিয়েটনাম, দক্ষিণ চীন তথা থাইলেণ্ড জুৰি এই জন্তুৰ আৱাসভূমি। এই লাজুকী বান্দৰ বিধ মূলত: উত্তৰ-পূব ভাৰত অৰ্থাৎ অসম, অৰুণাচল প্ৰদেশ, মিজোৰাম, নাগালেণ্ড, মেঘালয়, মণিপুৰ আৰু ত্ৰিপুৰাৰ গভীৰ চিৰসেউজীয়া তথা সেমেকা পৰ্ণপাতী অৰণ্যত পোৱা যায়।
লাজুকী বান্দৰ নিশাচৰ জন্তু। ইয়াৰ খাদ্য হ’ল, ফল-মূল, গছৰ পাত, চৰাই, পোক-পতংগ ইত্যাদি। অকলশৰে নাইবাযোৰ পাতি থাকে। ফল-মূল খাওঁতে ওলোটাকৈ ওলমি থাকিব পাৰে।
দিনৰ ভাগত ই গভীৰ জোপোহা বা গছৰ খোৰোঙত নিদ্ৰামগ্ন হৈ থাকে। মতা-মাইকী উভয়ে নিজা ঠাই (territory) মূত্ৰৰ সহায়ত চিহ্নিত কৰে।
লাজুকী বান্দৰ ভাৰতীয় বন্যপ্ৰাণী সংৰক্ষণ আইনৰ দ্বাৰা কঠোৰভাৱে সংৰক্ষিত। এই আইন অনুসৰি লাজুকী বান্দৰ ১ নঙ তালিকাভুক্ত প্ৰাণী। তদুপৰি ২০০৮ চনৰ আই.ইউ. চি. এন (IUCN) ৰ ৰেড ডাটা লিষ্টত লাজুকী বান্দৰক "বিপথগামী" (Vulnerable) প্ৰজাতি হিচাপে চিহ্নিত কৰা হৈছে। চোৰাংচিকাৰ তথা বনাঞ্ছল ধ্বংসকে ইয়াৰ বাবে জগৰীয়া কৰা হয়।