লাডাখ | |
---|---|
প্ৰশাসনিক অঞ্চল প্ৰস্তাবিত কেন্দ্ৰীয় শাসিত অঞ্চল | |
![]() লেহ চহৰৰ দৃশ্য | |
![]() ভাৰতত লাডাখৰ অৱস্থান | |
স্থানাংক: 34°10′12″N 77°34′48″E / 34.17°N 77.58°Eস্থানাংক: 34°10′12″N 77°34′48″E / 34.17°N 77.58°E | |
দেশ | ভাৰত |
অঞ্চল | ৮ ফেব্ৰুৱাৰী ২০১৯ |
কেন্দ্ৰীয় শাসিত অঞ্চল | ৩১ অক্টোবৰ ২০১৯ (প্ৰস্তাবিত)[1] |
সদৰ | লেহ[2] |
জিলা | কাৰ্গিল জিলা, লেহ জিলা |
কালি | |
• মুঠ |
59,146 km2 (22,836 sq mi) |
সৰ্বোচ্চ উচ্চতা | ৭,৭৪২ মিটাৰ (২৫,৪০০ ফুট) |
সৰ্বনিম্ন উচ্চতা | ২,৫৫০ মিটাৰ (৮,৩৭০ ফুট) |
জনসংখ্যা (2011) | |
• মুঠ |
2,74,289 |
• ঘনত্ব | 4.6/km2 (12/sq mi) |
লাডাখ উত্তৰ ভাৰতৰ এক কেন্দ্ৰীয় শাসিত অঞ্চল। লাডাখ এলেকা কাৰাকোৰাম ৰেঞ্জৰ চিয়াচেনৰ পৰা দক্ষিণত হিমালয়লৈকে। লাডাখবাসী মূলতঃ ভাৰতীয়-আৰ্য আৰু তিব্বতী মূলৰ।[5][6] লাডাখৰ জনঘনত্ব ভাৰতৰ প্ৰেক্ষাপটত অতিকৈ কম আৰু এই অঞ্চলৰ সংস্কৃতিও তিব্বতী সংস্কৃতিৰ সৈতে মিলে। লাডাখ নিজৰ পৰ্বতীয়া সৌন্দৰ্য আৰু সংস্কৃতিৰ বাবে জনাজাত।
ঐতিহাসিকভাৱে লাডাখে বালতিস্তান (বাল্টিয়ুল) উপত্যকা (বৰ্তমানে প্ৰায় অংশ পাকিস্তানত আছে), উজনি সিন্ধু উপত্যকা, জান্স্কাৰ, লাহৌল আৰু স্পিটি, ঙাৰি (ৰুডক, গুগে সামৰি) আক্সাই চিন (কুন-লুন সামৰি), উত্তৰত খাৰ্ডং লাৰ নুব্ৰা উপত্যকালৈকে সামৰিছিল। বৰ্তমানৰ লাডাখৰ সীমাত পূব দিশে তিব্বত, দক্ষিণে লাহৌল আৰু স্পিটি, পশ্চিমে কাশ্মীৰ, জম্মু আৰু বাল্টিয়ুল আৰু উত্তৰে চীনৰ চিঞ্জিয়াং আছে।
আক্সাই চিন ভাৰত আৰু চীনৰ মাজত বিবাদিত অঞ্চল।[7] এই অঞ্চলত বৰ্তমান চীনৰ শাসন চলি আছে- হ'টানৰ অংশ হিচাপে, পিচে ভাৰতেও এই অঞ্চলক জম্মু-কাশ্মীৰৰ অংশ হিচাপে দাবী কৰি আহিছে। ১৯৬২ চনত দুয়ো দেশৰ মাজত আক্সাই চিন আৰু অৰুণাচল প্ৰদেশক লৈ যুদ্ধ সংঘটিত হৈছিল। পিচে ১৯৯৩ আৰু ১৯৯৬ চনত দুয়ো দেশে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাক সন্মান জনোৱাৰ কথাক লৈ চুক্তি স্বাক্ষৰ কৰিলে।[8]
অতীতত গুৰুত্বপূৰ্ণ বাণিজ্য পথ লাডাখেৰে পাৰ হোৱাৰ বাবে লাডাখৰ এক বিশেষ মহত্ত্ব আছিল এই ক্ষেত্ৰৰ।[9] কিন্তু ১৯৬০ৰ দশকত চীনে তিব্বত আৰু মধ্য এছিয়াৰ সীমা বন্ধ কৰাত আন্তৰ্জাতিক বাণিজ্য হ্ৰাস পাবলৈ ধৰিলে- কিছু পৰিমাণে পৰ্যটনহে এতিয়াও গুৰুত্বপূৰ্ণ হৈ আছে। কেইবাদশক ধৰি ভাৰতৰ কৌশলগতভাৱে গুৰুত্বপূৰ্ণ জম্মু-কাশ্মীৰৰ অংশ হিচাপে থকাৰ বাবে ভাৰতীয় সেনাৰ ভালেমান উপস্থিতি অঞ্চলটোত আছে।
লাডাখৰ বৃহত্তম চহৰ লেহ আৰু তাৰ পাছতেই আছে কাৰ্গিল।[10] লাডাখৰ ৩৯.৭% মানুহ তিব্বতী বৌদ্ধ ধৰ্মাৱলম্বী, ১২.১% হিন্দু আৰু ৪৬.৪% লোক মুছলমান (মূলতঃ শ্বিয়া)[11] অন্যান্য উপস্থিত ধৰ্মৰ ভিতৰত শিখ অন্যতম।[12]
লেহৰ কিছু সংগঠন আৰু ব্যক্তিয়ে বিগত কেইবছৰমানৰ পৰা লাডাখক জম্মু-কাশ্মীৰৰ পৰা পৃথক এক কেন্দ্ৰীয় শাসিত অঞ্চললৈ ৰূপান্তৰিত কৰাৰ দাবী জনাই আহিছিল। ইয়াৰ কাৰণ আছিল এই ধাৰণা যে কাশ্মীৰে প্ৰায় বিকাশৰ ক্ষেত্ৰত লাডাখক আওকাণ কৰিছিল- লগতে মুছলিম প্ৰধান কাশ্মীৰৰ সৈতে লাডাখৰ সাংস্কৃতিক পাৰ্থক্যও আছে। পিচে কাৰ্গিলৰ কিছু লোকে এই প্ৰস্তাৱৰ বিৰোধিতাও কৰিছিল।[13][14] ফেব্ৰুৱাৰী ২০১৯ চনত লাডাখক জম্মু-কাশ্মীৰৰ অন্তৰ্গত এক পৃথক ভাগ ঘোষণা কৰা হ'ল। আগষ্ট ২০১৯ত ভাৰতীয় সংসদৰ দুয়ো সদনে গৃহীত কৰা এক বিল অনুযায়ী লাডাখ জম্মু-কাশ্মীৰৰ পৰা পৃথক এক কেন্দ্ৰীয় শাসিত অঞ্চল হ'ব।[15]
|
উদ্ধৃতি ত্ৰুটি: <ref>
টেগ্সমূহ "টোকা" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="টোকা"/>
টেগ্ পোৱা নগ'ল