লাপতা লেডীজ | |
---|---|
![]() লাপতা লেডীজ চিনেমাৰ পোষ্টাৰ | |
পৰিচালক | কিৰণ ৰাও |
ৰচনা |
|
প্ৰযোজক | |
অভিনয়ত |
|
চিত্ৰগ্ৰহণকাৰী | ৱিকাশ নৌলখা |
সম্পাদনা | জেবিন মাৰ্চেণ্ট |
সংগীত পৰিচালক | ৰাম সম্পত |
প্ৰযোজনা কোম্পানীসমূহ |
|
পৰিবেশক | য়শ ৰাজ ফিল্মছ |
মুক্তি |
৮ ছেপ্টেম্বৰ ২০২৩(TIFF[1]) ১ মাৰ্চ ২০২৪ |
দৈৰ্ঘ্য |
১২৪ মিনিট[3] |
দেশ | ভাৰত |
ভাষা | হিন্দী |
বাজেট | est.৪-৫ কোটি[4] |
সৰ্বমুঠ আয় | est. ২৫.২৬ কোটি[5] |
লাপতা লেডীজ (ইংৰাজী: Laapataa Ladies) হৈছে ২০২৩ চনত মুক্তিপ্ৰাপ্ত এখন হিন্দী ভাষাৰ হাস্যব্যংগ চিনেমা। কিৰণ ৰাও[6] ছবিখনৰ পৰিচালক আৰু প্ৰযোজনা কৰিছে ৰাও, আমিৰ খান আৰু জ্যোতি দেশপাণ্ডেই।[7] নিতাংশী গ’য়েল, প্ৰতিভা ৰান্তা, স্পৰ্শ শ্ৰীবাস্তৱ, চায়া কদম আৰু ৰবি কিষণে অভিনয় কৰা চলচ্চিত্ৰখন হৈছে দুগৰাকী নতুনকৈ বিয়া হোৱা কইনাৰ কাহিনী; যি নিজৰ স্বামীৰ গৃহলৈ বুলি ৰেল যাত্ৰা কৰোঁতে যাত্ৰাপথত সলনাসলনি হয়।[8]
২০২৩ চনৰ ৮ ছেপ্টেম্বৰ তাৰিখে, ৪৮ সংখ্যক টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখন প্ৰদৰ্শিত হয়[1] আৰু ২০২৪ চনৰ ১ মাৰ্চ তাৰিখে ইয়াক ছবিগৃহত মুক্তি দিয়া হয়।[9] মুক্তিৰ লগে লগে চিনেমাখনে দৰ্শক-সমালোচকৰপৰা ইতিবাচক সঁহাৰি লাভ কৰে আৰু ইয়াৰ কাহিনী, চিত্ৰনাট্য আৰু চৰিত্ৰাভিনয়ৰৰ বাবে প্ৰশংসিত হয়।[10]
মেলবৰ্ণত অনুষ্ঠিত ভাৰতীয় ছবি মহোৎসৱত ছবিখনে শ্ৰেষ্ঠ ছবিৰ সমালোচকৰ বঁটা (বেষ্ট ফিল্ম, ক্ৰিটিকচ্ চইজ) লাভ কৰে।[11] চিনেমাখন শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ শিতানত ৯৭ সংখ্যক অস্কাৰ বঁটাৰ বাবে মনোনয়ন প্ৰাপ্ত ভাৰতীয় চিনেমা হিচাপে নিৰ্বাচিত হৈছে।[12][13]
নিৰ্মল প্ৰদেশৰ দীপকৰ সৈতে ফুল কুমাৰীৰ বিয়া হয় আৰু স্বামীগৃহলৈ যোৱাৰ পথত এখন মানুহ ভৰ্তি ৰেলগাড়ীত ওচৰা-ওচৰিকৈ বহা কইনা পুষ্পা ৰাণীৰ সৈতে ফুল কুমাৰী সলনি হয়। কিয়নো নতুনকৈ বিয়া হোৱা অন্য দৰা-কইনাইও ৰেলখনত যাত্ৰা কৰিছিল আৰু সকলো কইনাই একেধৰণৰ কাপোৰ পিন্ধিছিল আৰু দীঘল ওৰণিৰে নিজৰ মুখ লুকুৱাই ৰাখিছিল। সলনি হোৱাৰ পিছত স্বামীগৃহৰ ঠিকনা নাজানি ফুল কুমাৰী ৰেল ষ্টেচনতে থাকি যায় আৰু দীপকে সলনি হোৱা কইনা পুষ্পাক লৈ ঘৰ পায়গৈ।
দীপকৰ ঘৰত ওৰণি দাঙি ফুলৰ সলনি পুষ্পাক দেখি সকলো আচৰিত হয় আৰু দীপকে স্থানীয় পুলিচ ষ্টেচনত এটা গোচৰ ৰজু কৰে। এছ আই শ্যাম মনোহৰে পুষ্পাক চোৰ সন্দেহ কৰি তেওঁক অনুসৰণ কৰিবলৈ ধৰে। সেইখিনি সময়ত ফুলে ৰেল ষ্টেচনত মঞ্জু বাইৰ চাহৰ দোকানত কাম কৰিবলৈ লয়।
পুষ্পাৰ সন্দেহজনক গতি-বিধি লক্ষ্য কৰি থকা মনোহৰে যেতিয়া পুষ্পাৰ আচল নাম জয়া বুলি গম পালে, তেওঁ জয়াক এৰেষ্ট কৰি থানালৈ আনে। থানালৈ অনাৰ পিছত তেওঁ জয়াৰ মুখেৰে গম পায় যে, দেউতাক ঢুকোৱাৰ পিছত খুব কষ্টেৰে জয়াৰ মাকে সিহঁতক ডাঙৰ কৰিছিল। এই বিবাহত জয়াৰ আপত্তি আছিল কিয়নো তেওঁ বিয়াতকৈ উচ্চ-শিক্ষাৰ বাবেহে আগ্ৰহী; সেয়ে বিয়াৰ অলংকাৰ বিক্ৰী কৰি সেই টকাৰে পঢ়িবলৈ যাবলৈ ওলাইছিল। তাৰোপৰি তেওঁৰ স্বামীৰ ব্যৱহাৰ তেওঁৰ প্ৰতি ভাল নহয় আৰু সেয়ে তেওঁ পুনৰ স্বামী গৃহলৈ উভতি যাবলৈ ইচ্ছুক নহয়। ইতিমধ্যে জয়াক নিবলৈ থানালৈ অহা সুৰাসক্ত স্বামী প্ৰদীপে যেতিয়া পুলিচ বিষয়াৰ সমুখতে জয়াক এচৰ মাৰি এই ঘটনাৰ বাবে তেওঁ জয়াৰ মাকৰপৰা সম্পূৰ্ণ যৌতুক বিচাৰিব বুলি কয়, এছ আই শ্যাম মনোহৰে কয় যে, যিহেতু জয়া এগৰাকী পূৰ্ণ বয়স্ক মহিলা; সেয়ে নিজৰ সিধান্ত নিজে লবলৈ তেওঁ স্বাধীন আৰু প্ৰদীপে যদি জয়াৰ অমতত তেওঁক জোৰ-জৱৰদস্তি লগত নিবলৈ চেষ্টা কৰে, তেনে ঘৰুৱা হিংসাৰ অপৰাধত তেওঁক আইন মতে দোষী সাব্যস্ত কৰাই নহয় পূৰ্বৰ স্ত্ৰীক জ্বলাই দিয়াৰ অপৰাধত শাস্তি বিধান কৰা হব।
শ্যাম মনোহৰৰ এই পদক্ষেপে জয়াক স্বাধীন কৰে। আকৌ, দীপকৰ ঘৰত থাকোঁতে, জয়াই দীপকৰ নৌৱয়েকৰ ছবি অঁকাৰ প্ৰতিভাৰ কথা গম পাই তেওঁৰ হাতেৰে ফুলৰ ছবি আঁকি তাত দীপকৰ ফোন নম্বৰ লিখি সেই ছবিসমূহ ৰাজহুৱা স্থানত লগোৱাৰ ব্যৱস্থা কৰিছিল। এই ছবিৰ জৰিয়তে ফুল উদ্ধাৰ হয় আৰু স্বামী দীপকৰ ঘৰলৈ উভতি আহে। জয়াও নিজৰ সপোন পূৰণ কৰিবলৈ ডেৰাডুনত পঢ়িবলৈ যায়।
চিনেমাখনৰ সংগীত লিখিছে দিব্যানিধি শৰ্মা, প্ৰশান্ত পাণ্ডে তথা স্বানন্দ কিৰকিৰে আৰু সুৰ কৰিছে ৰাম সম্পতে।[14]
ক্ৰমিক নং | গীতৰ শীৰ্ষক | কণ্ঠশিল্পী | গীতিকাৰ | দৈৰ্ঘ্য |
---|---|---|---|---|
১ | ডুবতা | সুখৱিন্দৰ সিং | দিব্যানিধি শৰ্মা | ২:৩০ |
২ | সজনী | অৰিজিৎ সিং | প্ৰশান্ত পাণ্ডে | ২:৫০ |
৩ | ধীমে ধীমে | শ্ৰেয়া ঘোষাল | স্বানন্দ কিৰকিৰে | ৪:২৮ |
৪ | বেৰা পাৰ | সোনা মহাপাত্ৰ | প্ৰশান্ত পাণ্ডে | ২:২৬ |
লাপতা লেডীজ | |
---|---|
ৰাম সম্পতৰ চাউণ্ডট্ৰেক | |
মুক্তি | ১৩ ফেব্ৰুৱাৰী, ২০২৪ |
বাণীবন্ধন | ২০২৩ |
শৈলী/ধৰণ | চিনেমাৰ চাউণ্ডট্ৰেক |
দৈৰ্ঘ্য | ১২:১৪ |
ভাষা | হিন্দী |
লেবেল | টি চিৰিজ |
২০২৪ চনৰ ১ মাৰ্চ তাৰিখে লাপতা লেডীজ ছবিগৃহত মুক্তি পায়।[15] য়শ ৰাজ ফিল্মছে ছবিখনৰ গোলকীয় পৰিৱেশনৰ অধিকাৰ লাভ কৰে আৰু একেবছৰৰে ২৬ এপ্ৰিল তাৰিখে চিনেমাখন নেটফ্লিক্সত মুক্তি দিয়া হয়।[16]
বৰ্ষ | বঁটা | শ্ৰেণী | মনোনীত ব্যক্তি/ কাম | ফলাফল | Ref. |
---|---|---|---|---|---|
২০২৪ | ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ, মেলবৰ্ণ | শ্ৰেষ্ঠ ছবি (সমালোচকৰ বঁটা) | লাপতা লেডীজ | বিজয়ী | [17] |
শ্ৰেষ্ঠ পৰিচালক (সমালোচকৰ বঁটা) | কিৰণ ৰাও | মনোনয়ন | [18][19] | ||
শ্ৰেষ্ঠ অভিনেত্ৰী | নিতাংশী গ’য়েল | মনোনয়ন | |||
শ্ৰেষ্ঠ অভিনেত্ৰী | প্ৰতিভা ৰান্তা | মনোনয়ন | |||
শ্ৰেষ্ঠ অভিনেতা | স্পৰ্শ শ্ৰীবাস্তৱ | মনোনয়ন |