লায়লা মজনু | |
---|---|
![]() চিত্ৰগৃহত মুক্তিৰ পোষ্টাৰ | |
পৰিচালক | সাজিদ আলী |
চিত্ৰনাট্য | ইমতিয়াজ আলী সাজিদ আলী |
প্ৰযোজক | একতা কাপুৰ শোভা কাপুৰ প্ৰীতি আলী |
অভিনয়ত | তৃপ্তি ডিমৰি অবিনাশ তিৱাৰী |
চিত্ৰগ্ৰহণকাৰী | সায়ক ভট্টাচাৰ্য |
সম্পাদনা | প্ৰথমেশ চান্দে |
সংগীত পৰিচালক | গীত: নীলাদ্ৰি কুমাৰ জয় বৰুৱা আলিফ আৱহ সংগীত: হিতেশ সোণিক |
প্ৰযোজনা কোম্পানীসমূহ |
বালাজী মোচন পিকচাৰ্চ পিআই পিকচাৰ্চ |
মুক্তি |
৭ ছেপ্টেম্বৰ ২০১৮ |
দৈৰ্ঘ্য |
১৪০ মিনিট |
দেশ | ভাৰত |
ভাষা | হিন্দী |
সৰ্বমুঠ আয় | est.₹২.১৮–৩.২৫ কোটি (প্ৰাৰম্ভিক দৌৰ)[টোকা 1] ₹১১.৫০ কোটি (পুনঃমুক্তি)[5] |
লায়লা মজনু (হিন্দী উচ্চাৰণ: [lɛːlaː mədʒnuː]) হৈছে ২০১৮ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় হিন্দী ভাষাৰ এখন ৰোমাণ্টিক নাট্যধৰ্মী চলচ্চিত্ৰ। ছবিখনত অবিনাশ তিৱাৰী আৰু নৱাগতা অভিনেত্ৰী তৃপ্তি ডিমৰিয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিখনৰ পৰিচালনা কৰিছে সাজিদ আলীয়ে, উপস্থাপন কৰিছে ইমতিয়াজ আলীয়ে আৰু সহ-প্ৰযোজনা কৰিছে একতা কাপুৰ, শোভা কাপুৰ আৰু প্ৰীতি আলীয়ে।[6][7][8][9] ছবিখন পৌৰাণিক আৰবী শোক-জনক কাহিনী লায়লা-মজনুঁৰ এটি সমসাময়িক পুনৰাবৃত্তি। ছবিখনৰ মুখ্য চৰিত্ৰ দুই প্ৰেমিক-প্ৰেমিকা, লায়লা (ডিমৰি) আৰু কাইছ ভট্ট (তিৱাৰী), যিয়ে তেওঁলোকৰ পৰিয়ালৰ বিৰোধিতাৰ বাবে একত্ৰিত হ’ব নোৱাৰে। ভাগ্যৰ ফেৰত, লায়লাই আন এজনলৈ বিয়া হয় আৰু ইফালে কেইছ লণ্ডনলৈ গুচি যায়। চাৰি বছৰৰ পিছত দুয়োৰে মিলন হয়, যদিও তেওঁলোকে ইজনে সিজনৰ বাবে অপেক্ষা কৰে।
২০১৮ চনৰ ৭ ছেপ্টেম্বৰত, মুক্তি লাভ কৰা ছবিখনে বহুত কম সঁহাৰি লাভ কৰিছিল আৰু বক্স অফিচত ব্যৱসায়িকভাৱেও ব্যৰ্থ হৈছিল। কিন্তু পৰৱৰ্তী বছৰবোৰত, ছবিখনে ইয়াৰ কাহিনী, অভিনয় শিল্পীসকলৰ অভিনয় আৰু ছবিখনৰ সংগীতৰ বাবে ইতিবাচক সমালোচনা লাভ কৰাৰ লগতে সমালোচকৰ প্ৰশংসাও লাভ কৰে। ছবিখনৰ ডিজিটেল মুক্তিৰ পিছত, কিছুমান আউটলেটে ছবিখনক কাল্ট ফিল্মৰ মৰ্যাদাও দিছিল।[10]
চহৰৰ এটি সুনামধন্য পৰিয়ালৰ অন্তৰ্গত লায়লা এগৰাকী ফ্লাৰ্ট কিশোৰী যিয়ে তাইৰ প্ৰতি আকৃষ্ট ল’ৰাবোৰক জোকাই ভাল পায়। তাই কাইছ ভাট নামৰ এটি ধনী পৰিয়ালৰ ল’ৰাক লগ পায়। আৰম্ভণিতে লায়লাই তাৰ বিষয়ে নিশ্চিত নহয় সেয়ে তাইক অনুসৰণ নকৰিবলৈ কয়। কাইছে তাইক এখন টোকা দিয়ে য’ত লিখা আছিল যে সি তাইক আৰু আমনি নকৰে আৰু যদি তাই তাক বিচাৰে, তাই তাৰ সৈতে যোগাযোগ কৰিব লাগিব। পিছদিনা অৱশ্যে তেওঁলোকে বিয়া এখনত আকৌ লগ হয় আৰু কাইছে উপলব্ধি কৰে যে ইয়েই নিয়তি। তেওঁলোকৰ পৰিয়ালৰ মাজত আইনী বিবাদ চলি থকাৰ স্বত্বেও, দুয়ো ইজনে সিজনৰ প্ৰেমত পৰে। লায়লাৰ পৰিয়ালে যেতিয়া তেওঁলোকৰ সম্পৰ্কৰ কথা গম পায় তেতিয়া দেউতাকৰ ৰাজনৈতিক সহায়ক ইব্বানৰ লগত তাইৰ বিয়াখন ঠিক কৰি দিয়ে। বিয়া হ’বলৈ মান্তি নহʼলে দেউতাকে বিষ পান কৰাৰ ভাবুকি দিয়াত তাই বিয়া কৰিবলৈ বাধ্য হয়। অৱশ্যে লাইলা এতিয়াও আশাবাদী আছিল যে কাইছে দেউতাকক পতিয়ন নিয়াব। কিন্তু সিহঁতৰ কথা-বতৰাৰ এটা অংশ শুনি তাইৰ দেউতাকৰ লগত সি অসন্মানেৰে কথা কৈছে বুলি ধৰি লৈ অনিচ্ছা সত্ত্বেও তাৰ লগত সম্পৰ্ক শেষ কৰে। ভুল বুজাবুজিত আঘাতপ্ৰাপ্ত কাইছে তাইক আকৌ কয় যে সি আৰু তাইক অনুসৰণ নকৰে আৰু তাইক কেতিয়াবা প্ৰয়োজন হ’লে তাক বিচাৰিবলৈ কয়।
চাৰি বছৰৰ পাছত কাইছে পিতৃৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে লণ্ডনৰ পৰা উভতি আহে। লায়লাৰ পৰা আঁতৰি থাকে। ইফালে মদ্যপায়ী স্বামীৰ দ্বাৰা নিয়মিতভাৱে নিৰ্যাতিত, লায়লাই কাইছক লগ কৰাৰ সিদ্ধান্ত লয়। তাক দেখি তাই বুজি পায় যে সিহঁতৰ ব্ৰেকআপে তাক বেয়াকৈ প্ৰভাৱিত কৰিছিল আৰু সি মানসিক স্বাস্থ্যৰ সৈতে যুঁজি আছিল। এক বিশ্ৰী মুহূৰ্তত সি তাইৰ বাবে বেলেগ মানুহ যেন লাগিছিল। লায়লাই বিবাহ বিচ্ছেদ কৰাৰ সিদ্ধান্ত লয়। লায়লাই কাইছক তাইৰ বিবাহ বিচ্ছেদ হোৱালৈকে তাইৰ বাবে অপেক্ষা কৰিবলৈ কয়। কিন্তু বিবাহ বিচ্ছেদৰ পূৰ্বেই এক পথ দুৰ্ঘটনাত তাইৰ স্বামীৰ মৃত্যু হয়। লাইলাই অন্ত্যেষ্টিক্ৰিয়াৰ দিনা কাইছৰ সৈতে পলাই যোৱাৰ সিদ্ধান্ত লয় কিন্তু তাইৰ দেউতাকে তেনে নকৰিবলৈ কয় আৰু প্ৰতিশ্ৰুতি দিয়ে যে তাই কেইসপ্তাহমানৰ পিছতেই বিয়া হ’ব পাৰিব। লায়লাই আকৌ কাইছক তাইৰ বাবে অপেক্ষা কৰিবলৈ কয়।
বছৰ বছৰ ধৰি তাইৰ বাবে অপেক্ষা কৰি থকা কাইছে অনুভৱ কৰে যে তেওঁ কেতিয়াও তাইৰ লগত একত্ৰিত হ’ব নোৱাৰে আৰু এই চিন্তাই তাক উদ্ভট কৰি তোলে। লায়লাৰ বিষয়ে সি ভ্ৰম কৰিবলৈ আৰম্ভ কৰে, তাইৰ লগত কথা পাতে আৰু শেষত পাহাৰ এটালৈ পলাই যায়। তেওঁৰ পৰিয়াল, বন্ধুবৰ্গ আৰু লায়লাই প্ৰতিদিনে তেওঁক বিচাৰি ফুৰে যদিও তেওঁক বিচাৰি নাপায়। কাইছে লায়লাক তেওঁৰ লগত থকা বুলি ভ্ৰম কৰে আৰু তাইৰ সৈতে পাহাৰত থাকিবলৈ লয়। কিছুমান মানুহে তাক ধৰি ঘৰলৈ লৈ আহে। তাত তেওঁ লায়লাক চিনি পায় যদিও কয় যে লায়লা এগৰাকী মানুহ নহয় বৰঞ্চ তাই সকলোতে আছে আৰু বিভিন্ন দিশলৈ আঙুলিয়াই দিয়ে।
লায়লা এই সিদ্ধান্তত উপনীত হয় যে সি প্ৰেমৰ চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। তাই ঘোষণা কৰে যে তেওঁলোকৰ আত্মা তেওঁলোকৰ সৈতে থকাটো প্ৰয়োজনীয়। তাৰ পিছত, তেওঁলোকৰ সম্পৰ্কৰ আৰম্ভণিতে তাইক দিয়া টোকাটো হাতত লৈ, তাই মৃত্যুবৰণ কৰে। টোকাটোত লিখা আছিল যে যদি তাই তাক বিচাৰে তেন্তে তাই তাৰ ওচৰলৈ যাব লাগিব, যিয়ে সূচায় যে লায়লাই পুনৰ তাৰ ওচৰলৈ যোৱাৰ যাত্ৰা আৰম্ভ কৰিছে। কাইছে (যাক মজনু বুলি কোৱা হয়, আৰবী ভাষাত যাৰ অৰ্থ হৈছে "পাগল", চলচ্চিত্ৰখনৰ দ্বিতীয়াৰ্ধত লায়লা-মজনুঁৰ বাবে এক স্তুতি হিচাপে), লায়লা আৰু নাই বুলি অনুভৱ কৰি, যেতিয়া সি উজুটি খায় আৰু লায়লাৰ কবৰত শোৱে তেতিয়া সি আকৌ পাহাৰলৈ দৌৰি যায়। যেতিয়া সি শেষ উশাহ লয়, তেতিয়া লায়লাক পাহাৰৰ ওপৰৰ পৰা মাতি থকা দেখা পায়। ছবিখনৰ শেষত এটা গীতত দেখা যায় যে তেওঁলোকৰ আত্মা অৱশেষত পুনৰ একত্ৰিত হৈছে, এতিয়া তেওঁলোকে একেলগে কৰিবলৈ পৰিকল্পনা কৰা সকলো কাম কৰিবলৈ মুক্ত। চলচ্চিত্ৰখনৰ সমাপ্তি ঘটে উক্ত শাৰীটোৰ সৈতে, "তেওঁলোকে চিৰকাল সুখেৰে বাস কৰিছিল - যিটো বিদ্ৰূপাত্মক আৰু সঁচা; দুয়োটাই" (They lived happily ever after - which is both ironic and true.)।
লায়লা মজনু | |
---|---|
নীলাদ্ৰি কুমাৰ, জয় বৰুৱা আৰু আলিফৰ সংগীত এলবাম | |
মুক্তি | ১৭ আগষ্ট ২০১৮[11] |
বাণীবন্ধন | ২০১৮ |
শৈলী/ধৰণ | ফিচাৰ ফিল্ম চাউণ্ডট্ৰেক |
দৈৰ্ঘ্য | ৪২:৩৩ |
ভাষা | হিন্দী |
লেবেল | জি মিউজিক কোম্পানী |
হিতেশ সোণিক আৰু নীলাদ্ৰি কুমাৰ, জয় বৰুৱা আৰু আলিফে ছবিখনৰ আৱহ সংগীত ৰচনা কৰিছিল। ইৰছাদ কামিল, মেহমুদ গামী আৰু মহম্মদ মুনীমে ছবিখনৰ গীতৰ কথা ৰচনা কৰিছিল। ২০১৮ চনৰ ৯ আগষ্টত "আহিস্তা" শীৰ্ষক ছবিখনৰ প্ৰথমটো গীত মুক্তি পাইছিল।[12] তাৰ পিছত ২০১৮ চনৰ ১৩ আগষ্টত "অ মেৰী লাইলা" শীৰ্ষক টাইটেল ট্ৰেকটি মুক্তি পাইছিল।[13]
গীতৰ তালিকা | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
নং | শিৰোনাম | কণ্ঠশিল্পী(সকল) | দৈৰ্ঘ্য | |||||||
1. | "আহিস্তা" (নেপথ্য কণ্ঠস্বৰ: ৰাণীনা ৰেড্ডী, হৰ্ষ বৰ্ধন চাভলি) | অৰিজিৎ সিং, জোনিতা গান্ধী | ৫:২০ | |||||||
2. | "অʼ মেৰী লায়লা" (নেপথ্য কণ্ঠস্বৰ: ৰাণীনা ৰেড্ডী, অৰিজিৎ সিং, নকুল অভ্যংকৰ) | আতিফ আচলম, জ্যোতিকা টাংগ্ৰী | ৪:৪১ | |||||||
3. | "তুম" | আতিফ আচলম | ৪:৩৯ | |||||||
4. | "হাফিজ হাফিজ" | মোহিত চৌহান | ৫:৩৯ | |||||||
5. | "চাৰ্ফিৰি" | শ্ৰেয়া ঘোষাল, বাবুল সুপ্ৰিয় | ৪:০৫ | |||||||
6. | "গয়ী কাম ছে" | দেৱ নেগী, অমিত শৰ্মা, মীনাল জৈন | ৪:১৩ | |||||||
7. | "লালা জুলা জালিঅʼ" | ফ্ৰেংকি (কাশ্মিৰী), জয় বৰুৱা, সুনিধি চৌহান | ৩:০০ | |||||||
8. | "অʼ মেৰী লায়লা" (ৰেডিঅʼ সংস্কৰণ) | জয় বৰুৱা | ৩:১১ | |||||||
9. | "তুম" (২য় সংস্কৰণ) | জাভেদ আলী | ৪:৪১ | |||||||
10. | "কাত্যু চুকো" | মহম্মদ মুনীম | ৩:০৪ | |||||||
মুঠ দৈৰ্ঘ্য: |
৪২:৩৩ |
অনুষ্ঠানৰ তাৰিখ | বঁটা | শিতান | প্ৰাপক(সকল) আৰু মনোনীত(সকল) | ফলাফল | তথ্যসূত্ৰ |
---|---|---|---|---|---|
১৬ ফেব্ৰুৱাৰী ২০১৯ | মিৰ্চি মিউজিক এৱাৰ্ড | বৰ্ষশ্ৰেষ্ঠ আগন্তুক সংগীত ৰচয়িতা | নীলাদ্ৰি কুমাৰ – "আহিস্তা" | বিজয়ী | [14][15] |
বৰ্ষশ্ৰেষ্ঠ গীতিকাৰ | ইৰছাদ কামিল – "আহিস্তা" | মনোনীত | |||
২৩ মাৰ্চ ২০১৯ | ৬৪ তম ফিল্মফেয়াৰ বঁটা | চলচ্চিত্ৰ সংগীতত আগন্তুক প্ৰতিভাৰ আৰডি বৰ্মন বঁটা | নীলাদ্ৰি কুমাৰ | বিজয়ী | [16] |
শ্ৰেষ্ঠ নেপথ্য গায়িকা | জোনিতা গান্ধী – "আহিস্তা" | মনোনীত | [17] |
জনপ্ৰিয় চাহিদাৰ বাবে, চলচ্চিত্ৰখন ২০২৪ চনৰ ৯ আগষ্টত ভাৰতীয় ছবিগৃহসমূহত পুনৰবাৰ মুক্তি পায়, বক্স অফিচত ১১.৫০ কোটিৰো অধিক টকা আয় কৰে,[5] যি ইয়াৰ মূল আয় ২.১৮-৩.২৫ কোটি টকাৰ তুলনাত উল্লেখযোগ্যভাৱে বেছি। ছবিখন সৰ্বকালৰ ষষ্ঠ সৰ্বাধিক উপাৰ্জনকাৰী পুনঃ-মুক্তিপ্ৰাপ্ত ভাৰতীয় চলচ্চিত্ৰত পৰিণত হয়।[18][19]