লালা লাজপত ৰায় Lala Lajpat Rai | |
---|---|
![]() | |
জন্ম | ২৮ জানুৱাৰী, ১৮৬৫ ধুড়িকে, লুধিয়ানা জিলা, পঞ্জাব (ব্ৰিটিছশাসিত ভাৰত), বৰ্তমানৰ পঞ্জাব, ভাৰত |
মৃত্যু | ১৭ নৱেম্বৰ, ১৯২৮ (৬৩ বছৰ) লাহোৰ, পঞ্জাব (ব্ৰিটিছ শাসিত), বৰ্তমানৰ পঞ্জাব (পাকিস্তান) |
মৃত্যুৰ কাৰণ | আৰক্ষীৰ লাঠি চালনা |
পেচা | লেখক, ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ হিন্দু মহাসভা |
ৰাজনৈতিক আন্দোলন | ভাৰতীয় স্বাধীনতা আন্দোলন |
লালা লাজপত ৰায় (ইংৰাজী: Lala Lajpat Rai)(২৮ জানুৱাৰী ১৮৬৫-১৭ নৱেম্বৰ ১৯২৮) আছিল এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী৷ তেখেত আছিল আগৰৱাল জৈন আৰু তেখেতৰ গোত্ৰ আছিল ৰায় ৷ ভাৰতৰ স্বাধীনতা আন্দোলনত তেখেতে সক্ৰিয়ভাৱে বৰঙণি আগবঢ়াইছিল৷ তেখেত পঞ্জাৱ কেশৰী নামেৰেও পৰিচিত৷ লাল বাল পাল শীৰ্ষক ত্ৰিমূৰ্তিৰ তেখেতো এজন আছিল৷ [1] পঞ্জাৱ নেশ্যনেল বেংক আৰু লক্ষ্মী বীমা কোম্পানীৰ প্ৰাৰম্ভিক সময়ছোৱাৰ কৰ্মপন্থাত লালা লাজপত ৰায়ে সহযোগিতা আগবঢ়াইছিল৷ ভাৰতৰ সংবিধান সংশোধনৰ বাবে সৰ্ব-ব্ৰিটিছ সদস্যৰে সংগঠিত ছাইমন কমিছন ভাৰতলৈ আহোঁতে তেখেতে এক শান্তিপূৰ্ণ প্ৰতিবাদী সমদল উলিয়াইছিল, যাৰ বাবে তেখেত আৰক্ষীৰ লাঠী-চালনাৰ সমুখীন হৈছিল৷ তেখেত একাধিক স্থানত আঘাতপ্ৰাপ্ত হয়৷ এই শোকাৱহ ঘটনাৰ কিছুসপ্তাহ পাছতেই লালা লাজপত ৰায়ে মৃত্যুক সাবটি লয়৷
১৮৬৫ চনৰ ২৮ জানুৱাৰী তাৰিখে এটা জৈন পৰিয়ালত লালা লাজপত ৰায়ৰ জন্ম হৈছিল৷ [2][3] পিতৃ আছিল উৰ্দু আৰু পাৰ্চী চৰকাৰী বিদ্যালয়ৰ শিক্ষক মুঞ্চী ৰাধা কৃষণ আজাদ আৰু মাতৃ আছিল গোলাব দেৱী৷ [4] জন্মস্থান আছিল ধুড়িকে৷[5][6][7] পঞ্জাবৰ লুধিয়ানা জিলাৰ জাগৰাওতেই তেখেতে কৈশোৰ আৰু যৌৱনৰ অধিকাংশ সময় অতিবাহিত কৰিছিল৷ জাগৰাওত তেখেতৰ ঘৰটো এতিয়াও দৃশ্যমান হয়৷ ঘৰটোত এটা পুথিভঁৰাল আৰু এটি সংগ্ৰাহালয় আছে৷[8]
১৮৭০ৰ দশকত লাল লাজপত ৰায়ৰ পিতৃ ৰেৱাৰীলৈ বদলি হয়৷ ৰেৱাৰীত থকা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়তেই লালা লাজপত ৰায়ে প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে৷ এইখন বিদ্যালয়তে তেখেতৰ পিতৃয়ে উৰ্দু শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল৷ জীৱনৰ আদিছোৱা সময়ত, ৰায়ৰ উদাৰনৈতিক দৃষ্টিভংগী আৰু হিন্দুধৰ্মীয় বিশ্বাস গঢ় দিয়াত পিতৃ আৰু ধৰ্মপ্ৰাণা মাতৃ উভয়েই সহায় কৰিছিল৷ এই শিক্ষাকে সাৰোগত কৰি পাছলৈ ৰায়ে ৰাজনীতি আৰু সংবাদমূলক লেখাৰ জৰিয়তে ধৰ্ম আৰু ভাৰতীয় ৰাজনৈতিক বাতাৱৰণ সলনি কৰিবলৈ প্ৰয়াস কৰিছিল৷ [9] ১৮৮০ চনত লালা লাজপত ৰায়ে লাহোৰত থকা চৰকাৰী কলেজলৈ আইনৰ শিক্ষা ল'বলৈ ৰাওনা হয়৷ এইখন শিক্ষানুষ্ঠানতেই তেখেত ভৱিষ্যতৰ স্বাধীনতা সংগ্ৰামী মহাত্মা হংসৰাজ আৰু পণ্ডিত গুৰু দত্তৰ সান্নিধ্যলৈ আহে৷ অধ্যয়নৰ কালছোৱাতেই তেখেত দয়ানন্দ সৰস্বতীৰ নেতৃত্বত চলি থকা হিন্দু সংস্কাৰকামী আন্দোলনৰ দ্বাৰা প্ৰভাৱান্বিত হয়৷ ১৮৭৭ চনত স্থাপিত হোৱা আৰ্য সমাজ, লাহোৰৰ তেখেত সদস্য হয় আৰু লাহোৰত থকা আৰ্য-গেজেটৰ প্ৰতিষ্ঠাপক সম্পাদকৰ দায়িত্ব চম্ভালে৷ [10] আইন পঢ়ি থাকোঁতেই তেখেতৰ মনত হিন্দুত্ববাদ সম্পৰ্কে এটা স্থায়ী ধাৰণাই গঢ় দিয়ে যে, ৰাষ্ট্ৰীয়তাবাদৰো ঊৰ্দ্ধত গৈ দৰাচলতে হিন্দুত্ববাদৰ ভেটিতেই ভাৰতীয় জীৱনশৈলী আধাৰিত হোৱা উচিত৷ তেখেতে বিশ্বাস কৰিছিল যে, হিন্দুত্ববাদে শান্তি আৰু মানৱতাবাদৰ অনুশীলন পৰিচালিত কৰে৷ যেতিয়া ৰাষ্ট্ৰীয়তাবাদী ধাৰণাক এইধৰণৰ শান্তিপূৰ্ণ বিশ্বাস-প্ৰণালীৰ লগত একত্ৰিত কৰা হয়, তেতিয়া ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ গঠন কৰিব পাৰি৷ উপ-মহাদেশখনত এনেধৰণৰ হিন্দুত্ববাদৰ অভ্যাসৰ বলতেই তেখেত পাছলৈ শান্তিপূৰ্ণ আন্দোলনত বিশ্বাসী হৈ উঠিছিল আৰু স্বাধীনতা আন্দোলনতো তাৰ নিদৰ্শন দেখিবলৈ পোৱা গৈছিল৷ [10][ইয়াতকৈ ভাল উৎসৰ প্ৰয়োজন] হিন্দু মহাসভাৰ দৰে সংগঠনৰ লগত গঢ়ি উঠা ঘনিষ্ঠতাৰ বাবে তেখেতে নৱজৱান ভাৰত সভাৰ পৰা সমালোচনা লাভ কৰিছিল যদিও,[11] অন্যান্য মুহূৰ্তত তেখেত দলটোৰ সদস্যবৃন্দৰ শ্ৰদ্ধাৰ পাত্ৰ হৈছিল৷[12]
১৮৮৪ চনত লালা লাজপত ৰায়ৰ পিতৃ ৰোতটকলৈ বদলি হয় আৰু ৰায়েও লাহোৰত শিক্ষা সমাপ্ত কৰি পিতৃৰ সৈতে ৰোহটকলৈ আহে৷ ১৮৮৬ চনত তেখেত পিতৃৰ নতুন বদলিৰ ঠাই হিছাৰলৈ যায় আৰু তাতেই আইনৰ অনুশীলন আৰম্ভ কৰে৷ ইয়াতেই বাবু চুড়ামণিৰ সৈতে তেখেতে হিছাৰ অধিবক্তা পৰিষদৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে বিবেচিত হয়৷ একেটা বৰ্ষতে তেখেতে হিছাৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জিলা শাখা এটাও প্ৰতিষ্ঠা কৰে৷ পুনৰ বাবু চূড়ামণিৰ দৰে একাংশ ব্যক্তিৰ লগলাগি তেখেতে আৰ্য সমাজ প্ৰতিষ্ঠা কৰে৷[13] ১৮৮৮ আৰু ১৮৮৯ চনত তেখেতে বাবু চুড়ামণিৰ সৈতে এলাহাবাদত অনুষ্ঠিত কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে৷ তেওঁলোকৰ লগত থকা আন দুজন ব্যক্তি আছিল লাল ছাবিল দাস আৰু শেঠ গৌৰী শংকৰ৷ ১৮৯২ চনত লালা লাজপত ৰায় আইনীসেৱাৰ বাবে লাহোৰ উচ্চ ন্যায়ালয়লৈ যায়৷ স্বাধীনতা-প্ৰাপ্তিৰ বাবে ভাৰতৰ ৰাজনৈতিক নীতি সলনি কৰিবলৈ তেখেতে সংবাদকৰ্মতো জড়িত হৈছিল আৰু দ্য ট্ৰিবিউনকে ধৰি একাধিক কাকতকৈ নিয়মীয়াকৈ লিখা-মেলা কৰিছিল৷ ১৮৮৬ চনত তেখেতে মহাত্মা হংশৰাজক লাহোৰত দয়ানন্দ এংলো-বৈদিক বিদ্যালয় প্ৰতিষ্ঠা কৰাত সহায় কৰে৷
১৯১৪ চনত লাল লাজপত ৰায়ে আইনসেৱা পৰিহাৰ কৰি ভাৰতীয় স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে৷ তেখেতে ব্ৰিটেইনলৈ যাত্ৰা কৰে আৰু ইয়াৰ পিছত ১৯১৭ চনত যাত্ৰা কৰে আমেৰিকালৈ৷ ১৯১৭ চনৰ অক্টোবৰ মাহত তেখেতে আমেৰিকাৰ নিউ ইয়ৰ্কত আমেৰিকাৰ ভাৰতীয় হ'ম ৰুল লীগ প্ৰতিষ্ঠা কৰে৷ ১৯১৭ চনৰ পৰা ১৯২০ চনলৈকে তেখেত যুক্তৰাষ্ট্ৰতে থাকে৷ তেখেতৰ প্ৰথম পৰ্যায়ৰ স্বাধীনতা সংগ্ৰাম আৰ্য সমাজ আৰু সাম্প্ৰদায়িক প্ৰতিনিধিত্বৰ দ্বাৰা প্ৰভাৱিত হৈছিল৷ [14]
ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰাৰ পাছত আৰু পঞ্জাবত ৰাজনৈতিক বিৰোধ প্ৰদৰ্শন কৰাৰ পাছত লালা লাজপত ৰায়ক মাণ্ডালয়লৈ প্ৰেৰণ কৰা হয়৷ কিন্তু তেওঁক পৰাভূত কৰিবলৈ পৰ্যাপ্ত প্ৰমাণ মজুত নাছিল৷ ১৯০৭ চনৰ ডিচেম্বৰ মাহত তেখেতৰ সভাপতি পদটো সুৰক্ষিত কৰিবলৈ সমৰ্থকগণে প্ৰয়াস কৰিছিল যদিও বিফল হৈছিল৷
লাহোৰৰ ব্ৰেডলাগ কলেজৰ ভিতৰত প্ৰতিষ্ঠা কৰা নেশ্যনেল কলেজৰ এজন স্নাতক আছিল ভগৎ সিং৷ [15] ১৯২০ চনত কলিকতাত অনুষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিশেষ অধিৱেশনত লালা লাজপত ৰায় সভাপতি হিচাপে নিৰ্বাচিত হৈছিল৷[16] ১৯২১ চনত তেখেতে Servants of the People Society নামৰ এটি অলাভজনক কল্যাণকামী সংগঠন লাহোৰত প্ৰতিষ্ঠা কৰে, যিটো ভাগ-বতৱাৰাৰ পিছত দিল্লীলৈ স্থানান্তৰিত হয়৷ ইয়াৰ শাখাও ভাৰতৰ বহু এলেকাত আছে৷[17]ৰায়ৰ মতে, হিন্দু সমাজখনে জাতিবাদ, নাৰীৰ স্থিতি আৰু অস্পৃশ্যতাৰ দৰে সমস্যাবোৰৰ বিৰুদ্ধে যুঁজিবলৈ নিজাববীয়াকৈ প্ৰয়াস কৰিব লাগিব৷[18] লাল লাজপত ৰায়ে কৈছিল যে নিম্ন জাতৰ লোকসকলেও বেদ আৰু তাৰ মন্ত্ৰসমূহ পঢ়া উচিত৷ [19]