লাৰকানা
لاڙڪاڻو لاڑکانہ | |
---|---|
Country | পাকিস্তান |
Province | Sindh |
District | Larkana District |
Taluka | Larkana Taluka |
চৰকাৰ | |
• ধৰণ | Municipal Corporation |
• Mayor | None (Vacant)[1] |
• Deputy Mayor | None (Vacant)[1] |
• Deputy Commissioner (D.C) | Tariq Manzoor Chandio[2] |
কালি | |
• City |
82 km2 (32 sq mi) |
• মেট্ৰ’ | 1,906 km2 (736 sq mi) |
উচ্চতা | ১৪৭ মিটাৰ (৪৮২ ফুট) |
জনসংখ্যা | |
• City |
4,90,508 |
• স্থান | 15th, Pakistan |
• ঘনত্ব | 6,000/km2 (15,000/sq mi) |
লাৰকানা (ইংৰাজী: Larkana; উৰ্দু: لاڑکانہ; সিন্ধী: لاڙڪاڻو) হৈছে পাকিস্তানৰ সিন্ধ প্ৰদেশত অৱস্থিত এখন চহৰ। জনসংখ্যাৰ হিচাপত ই পাকিস্তানৰ ১৫ নং বৃহৎ চহৰ।[5] ই সিন্ধু সভ্যতাৰ মহেঞ্জোদাৰোৰ স্থান।[6] চহৰখনৰ পূব দিশৰ পৰা দক্ষিণ দিশলৈ ঐতিহাসিক সিন্ধু নদীখন বৈ গৈছে।[7]
এই চহৰখন লাৰকানা জিলাৰ অন্তৰ্গত। পূৰ্বতে “চাণ্ডকা” নামেৰে জনাজাত এই ঠাইখন ঘৰ কেনেলৰ দক্ষিণ পাৰে; চিকাৰপুৰ চহৰৰ পৰা প্ৰায় ৪০ মাইল (64 km) দক্ষিণে আৰু মেহাৰৰ পৰা ৩৬ মাইল (58 km) উত্তৰ-পূব দিশত অৱস্থিত।[8] ২০১৭ চনৰ পাকিস্তানৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ৪,৯০,৫০৮ জন।[4] কৰাচী, হায়দৰাবাদ, আৰু চুক্কুৰৰ পিছতে ই সিন্ধ প্ৰদেশৰ চতুৰ্থ জনবসতিপূৰ্ণ চহৰ। তদুপৰি ২০১৭ চনৰ লোকপিয়লৰ সময়ত লাৰকানা চহৰক পাকিস্তানৰ পঞ্চদশ বৃহত্তম স্থানত ৰখা হৈছে।
লাৰকানা অক্ষাংশ ২৪ ৫৬' ০০' আৰু দ্ৰাঘিমাংশ ৬৭ ১১' ০০'ত অৱস্থিত।[9] ই সিন্ধুৰ উত্তৰ-পশ্চিম অংশত অৱস্থিত আৰু ইয়াৰ নিজা বিভাজন আছে। ইয়াক উজনি সিন্ধুতো অন্তৰ্ভুক্ত কৰা হৈছে।
লাৰকানা মৌচুমী জলবায়ু অঞ্চলৰ অন্তৰ্গত। এই অঞ্চলত অত্যন্ত গৰম গ্ৰীষ্মকালত দেখা যায়।
ইয়াৰ সৰ্বোচ্চ তাপমাত্ৰা হৈছে ৫৩ °C (১২৭.৪ °F) আৰু সৰ্বনিম্ন তাপমাত্ৰা হৈছে −4 °C (২৪.৮ °F)। বাৰ্ষিক বৰষুণৰ পৰিমাণ ১২৭.৪ মিলিমিটাৰ (৫.০২ ইঞ্চি), মূলতঃ বাৰিষাকালত (জুলাইৰ পৰা ছেপ্তেম্বৰলৈ) হয়। ১৯৯৪ চনৰ তথ্য মতে, এতিয়ালৈকে সৰ্বাধিক বাৰ্ষিক বৰষুণ হৈছে ৫৮০.২ মিলিমিটাৰ (২২.৮৪ ইঞ্চি) আৰু ১৯৩৮ চনৰ তথ্য মতে, এতিয়ালৈকে সৰ্বনিম্ন বাৰ্ষিক বৰষুণ হৈছে ৭.১ মিলিমিটাৰ (০.২৮ ইঞ্চি)।
Larkanaৰ জলবায়ুৰ তথ্য | |||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|
মাহ | জানু. | ফেব্ৰু. | মাৰ্চ | এপ্ৰি. | মে | জুন | জুলা. | আগ. | চেপ্টে. | অক্টো. | নৱে. | ডিচে. | বছৰ |
সৰ্বাধিক উষ্ণতা °C (°F) | 29.2 (84.6) |
36.0 (96.8) |
44.8 (112.6) |
50.0 (122.0) |
53.0 (127.4) |
51.0 (123.8) |
47.5 (117.5) |
44.0 (111.2) |
43.0 (109.4) |
41.0 (105.8) |
37.0 (98.6) |
32.2 (90.0) |
— |
গড় উষ্ণতা - উচ্চ °C (°F) | 24.8 | 26.3 | 32.3 | 39.0 (102.2) |
43.9 (111.0) |
44.0 (111.2) |
40.4 (104.7) |
38.0 (100.4) |
37.0 (98.6) |
34.5 (94.1) |
30.5 (86.9) |
24.8 (76.6) |
34.63 (94.33) |
দৈনিক গড় উষ্ণতা °C (°F) | 17.0 (62.6) |
18.4 (65.1) |
24.0 (75.2) |
29.9 (85.8) |
34.7 (94.5) |
35.9 (96.6) |
34.0 (93.2) |
32.3 (90.1) |
30.9 (87.6) |
27.5 (81.5) |
22.6 (72.7) |
17.0 (62.6) |
27.02 (80.63) |
গড় উষ্ণতা - নিম্ন °C (°F) | 9.3 (48.7) |
10.6 (51.1) |
15.8 (60.4) |
20.9 (69.6) |
25.6 (78.1) |
27.8 (82.0) |
27.7 (81.9) |
26.7 (80.1) |
24.9 (76.8) |
20.6 (69.1) |
14.8 (58.6) |
9.3 (48.7) |
19.50 (67.10) |
সৰ্বনিম্ন উষ্ণতা °C (°F) | −1.1 (30.0) |
0.0 (32.0) |
4.3 (39.7) |
10.8 (51.4) |
14.4 (57.9) |
18.3 (64.9) |
21.5 (70.7) |
19.2 (66.6) |
20.5 (68.9) |
13.0 (55.4) |
6.1 (43.0) |
0.0 (32.0) |
সাঁচ:Min/12 |
বৰ্ষাপাত mm (ইঞ্চি) | 3.3 (0.13) |
5.1 (0.201) |
5.6 (0.22) |
4.5 (0.177) |
2.5 (0.098) |
8.5 (0.335) |
48.6 (1.913) |
34.5 (1.358) |
3.7 (0.146) |
1.5 (0.059) |
0.7 (0.028) |
8.9 (0.35) |
127.4 (5.016) |
Avg. rainy days | 0.6 | 0.5 | 1.0 | 0.7 | 0.2 | 0.7 | 1.3 | 1.2 | 0.2 | 0.3 | 0.1 | 0.4 | 7.2 |
উৎস: PMD (1991-2020) [10] |
উপায়ুক্তগৰাকী হৈছে জিলা প্ৰশাসনিক ব্যৱস্থাৰ মুৰব্বী। নৌমান সাদিক লাটকী (Nouman Sadique Latki) লাৰকানা উপায়ুক্ত বা জিলাধিপতি।
লাৰকানা জিলাখন প্ৰশাসনিকভাৱে তলত উল্লেখ কৰা তালুকাসমূহত বিভক্ত কৰা হৈছে:[11]
ৱিকিমিডিয়া কমন্সত লাৰকানা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |