লিংগ বৈষম্য (ইংৰাজী: Gender Discrimination বা Gender Bias) হৈছে সামাজিকভাৱে নিৰ্মিত লিংগৰ ভূমিকাৰ ওপৰত ভিত্তি কৰি কৰা যিকোনো পাৰ্থক্য, আৰু প্ৰতিবন্ধকতা যি ব্যক্তি এজনক সম্পূৰ্ণ মানৱ অধিকাৰ উপভোগ কৰাত বাধা দিয়ে[1] কিছু সামাজিক বিজ্ঞানীৰ মতে ই এক সামাজিক প্ৰক্ৰিয়া যাৰ দ্বাৰা পুৰুষ আৰু মহিলাক সমান বুলি বিবেচনা কৰা নহয়। গৱেষণাৰ ফলাফলৰ পৰা দেখা গৈছে যে এক ব্যাপকভাৱে গ্ৰহণকৰা সাংস্কৃতিক বিশ্বাস হৈছে যে পুৰুষসকল বহুতো কাৰ্যকলাপত মহিলাতকৈ অধিক সামাজিকভাৱে মূল্যৱান আৰু অধিক সক্ষম।[2][3] লিঙ্গ বৈষম্য জীৱবিজ্ঞান, মনোবিজ্ঞান, বা সাংস্কৃতিক নিয়মৰ পাৰ্থক্যৰ পৰাও উদ্ভৱ হ'ব পাৰে। ইয়াৰ উপৰিও কিছুমান পাৰ্থক্য অনুভৱ আৰু ধাৰণাৰ ভিত্তিত, আৰু আনবোৰ সামাজিক ভিত্তিত নিৰ্মাণ কৰা দেখা যায়। কিছু পণ্ডিতৰ মতে এই বৈষম্য লিংগৰ ভূমিকাৰ সৈতে সম্পৰ্কিয়[4][5] আৰু এটা লিঙ্গ অন্তৰ্নিহিতভাৱে আনটোৰ পৰা শ্ৰেষ্ঠ বুলিও কেতিয়াবা ধাৰণা কৰা হয়।[6] লিংগ বৈষম্যত অন্তৰ্ভুক্ত কৰা হয় লিঙ্গভেদ যʼত লিঙ্গ পৰিচয়ৰ ওপৰত আধাৰিত কৰি এজন মানুহৰ প্ৰতি বৈষম্যতা দেখুওৱা হয়।[7] উদাহৰণ স্বৰূপে, ভাৰতত পুৰুষ আৰু মহিলাৰ মাজৰ পাৰ্থক্যৰ ক্ষেত্ৰত দেখা যায় যে মহিলাৰ সতীত্বৰ ওপৰত পুৰুষতকৈ বেছি গুৰুত্ত দিয়া হয়।[8] কৰ্মস্থানৰ অসমতাৰ ওপৰত নিৰ্ভৰ কৰিও লিংগ বৈষম্য নিৰ্ধাৰণ কৰা দেখা যায়।[9]
ভাৰতীয় প্ৰেক্ষাপটত লিংগ বৈষম্যৰ অৰ্থ হৈছে পুৰুষ আৰু মহিলাৰ মাজত স্বাস্থ্য, শিক্ষা, অৰ্থনৈতিক আৰু ৰাজনৈতিক অসমানতা।[10] বিভিন্ন আন্তঃৰাষ্ট্ৰীয় লিংগ বৈষম্য সূচকে এই প্ৰতিটো কাৰকৰ ওপৰত ভাৰতক পৃথকভাৱে স্থান দিয়ে যদিও এই সূচকবোৰ বিতৰ্কিত। লিঙ্গভেদে যিকোনো লোকক প্ৰভাৱিত কৰিব পাৰে, কিন্তু ই মুখ্যতঃ মহিলা আৰু ছোৱালীক প্ৰভাৱিত কৰে। ভাৰতৰ জনসংখ্যা সামগ্ৰিকভাৱে পৰীক্ষা কৰিলে দেখা যায় যে লিংগ পক্ষপাতৰ ফলত মহিলাসকলে কেইবাটাও গুৰুত্বপূৰ্ণ ধৰণে অসুবিধাত পৰে। যেনে, লিঙ্গ অনুপাত,কন্যা শিশুৰ মৃত্যু, মহিলাৰ স্বাস্থ্য, মহিলাৰ শিক্ষাপ্ৰাপ্তি, মহিলাৰ গৰ্ভধাৰণ আৰু অৰ্থনৈতিক পৰিস্থিতি আদি ক্ষেত্ৰবোৰত মহিলা বিশেষকৈ প্ৰভাৱিত হয়।[11] ইয়াৰ উপৰিও লিংগ বৈষম্যই মহিলাসকলৰ কৰ্মজীৱন আৰু মানসিক স্বাস্থ্যৰ সমস্যাকে ধৰি বহুতো দিশ প্ৰভাৱিত কৰে। ধৰ্ষণ, যৌতুক আৰু ব্যভিচাৰৰ ওপৰত ভাৰতীয় আইনমতে মহিলাৰ সুৰক্ষা আছে যদিও, এই বৈষম্যমূলক প্ৰক্ৰিয়াবোৰ এতিয়াও উদ্বেগজনক হাৰত হৈ আছে, যাৰ ফলত বহুতৰ জীৱন প্ৰভাৱিত হয়।[12] যদিও ভাৰতৰ সংবিধানে পুৰুষ আৰু মহিলাক সমান অধিকাৰ প্ৰদান কৰে, লিঙ্গ বৈষম্য আজিও বিদ্যমান। গৱেষণাৰ পৰা দেখা গৈছে যে বেছিভাগ কৰ্মস্থানকে ধৰি বহুতো ক্ষেত্ৰত পুৰুষৰ পক্ষত লিংগ বৈষম্য দেখুওৱা হয়।[13][14]
লিংগ ব্যৱধানৰ সূচকবোৰ চালে দেখা যায় যে মহিলাসকল পুৰুষতকৈ অধিক অসুবিধাজনক অৱস্থানত আছে। ২০১১ চনত বিশ্ব অৰ্থনৈতিক মঞ্চ (World Economic Forum)ত প্ৰকাশ হোৱা বিশ্বব্যাপী লিংগ ব্যৱধান প্ৰতিবেদন অনুসৰি, ১৩৫খন দেশৰ ভিতৰত ভাৰতে লিংগ ব্যৱধান সূচকত ১১৩-তম স্থান লাভ কৰিছিল।[15] তেতিয়াৰ পৰা, ভাৰতৰ লিঙ্গ ব্যৱধানৰ সূচক উন্নত হৈ ২০১৩ চনত ১৩৬খন দেশৰ ভিতৰত ১০৫ হৈছিল।[16] গ্লোবেল জেণ্ডাৰ গেপ ৰিʼপৰ্ট (Global Gender Gap Report)[17] সূচক চালে দেখা যায় যে লিঙ্গ ভিত্তিক গৰ্ভপাতৰ ক্ষেত্ৰত ভাৰতৰ প্ৰদৰ্শন চীনৰ দৰে নিম্ন মানৰ। স্বাক্ষৰতা আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো ভাৰতত মহিলা আৰু পুৰুষৰ অনুপাত চালে নিম্নমানৰ প্ৰদৰ্শন দেখা যায়। ২০১৩ চনত ১০১ স্থানত থকা ভাৰতৰ সামগ্ৰিক নম্বৰ ০.৬৫৫১ আছিল, আনহাতে তালিকাত শীৰ্ষস্থান লাভ কৰা দেশ আইচলেণ্ডৰ সামগ্ৰিক নম্বৰ আছিল ০.৮৭৩১।[16]
২০০১ চনৰ লোকপিয়ল অনুসৰি, ভাৰতত শিশুৰ লিঙ্গ অনুপাত (০-৬ বছৰ) প্ৰতি ১০০০ ল'ৰাৰ বিপৰীতে মাত্ৰ ৯৩৩জনী ছোৱালী। ২০১১ চনত এই প্ৰবণতা আৰু নিম্নগামী হৈ প্ৰতি ১০০০ ল'ৰাৰ বিপৰীতে মাত্ৰ ৯১৮জনী ছোৱালী হৈছিল। আনহাতে, ২০১২ চনত মুকলি কৰা ইউনিচেফ (UNICEF)ৰ এক প্ৰতিবেদন অনুসৰি লিংগ বৈষম্যৰ ক্ষেত্ৰত ১৯৫খন দেশৰ ভিতৰত ভাৰত ৪১তম স্থানত আছে। দেশসমূহৰ এই তথ্য অনুসৰি ভাৰতৰ ২০১১ চনৰ জনসংখ্যাৰ অনুপাত হৈছে ১০০০ পুৰুষৰ বিপৰীতে ৯৪৩ গৰাকী মহিলা। লিংগ বৈষম্যৰ এই অনুপাত ২০০১ চনৰ পৰা ২০১১ লৈ হ্ৰাস হোৱা দেখা গৈছে।[18] উল্লেখযোগ্য যে যদিও এই সূচকবোৰ বিশ্বব্যাপী অনুসৰণ কৰা হয়, কিছু পণ্ডিতে এই সূচকবোৰৰ শুদ্ধতা, প্ৰাসংগিকতা আৰু বৈধতাৰ ওপৰত প্ৰশ্ন কৰে।[19][20]
লিংগ বৈষম্য হ্ৰাসৰ লগতে নাৰী সবলীকৰণৰ বাবে ভাৰত চৰকাৰে আগবঢ়োৱা কিছু গুৰুত্বপূৰ্ণ আঁচনিৰ আভাস তলত দিয়া হʼল:
বেটি বচাও, বেটি পঢ়াও অভিযান আঁচনিৰ প্ৰাথমিক লক্ষ্য আছিল লিঙ্গ বৈষম্যৰ অনুপাত হ্ৰাস কৰা। এই আঁচনিৰ লক্ষ্য হ'ল কন্যা সন্তানৰ বাবে কল্যাণমূলক সেৱা প্ৰদানেৰে দক্ষতা বৃদ্ধি তথা সচেতনতা সৃষ্টি। এই আঁচনিখন ১০০ কোটি টকাৰ (১৬ মিলিয়ন আমেৰিকান ডলাৰ) প্ৰাৰম্ভিক পুঁজিৰে আৰম্ভ কৰা হৈছিল। এই যোজনাটি প্ৰথমে উত্তৰ প্ৰদেশ, হাৰিয়ানা, উত্তৰ খণ্ড, পঞ্জাব, বিহাৰ আৰু দিল্লীত আৰম্ভ কৰা হৈছিল যদিও পিছলৈ সমগ্ৰ ভাৰততে ৰূপায়ণ কৰা হৈছিল।[21][22]
সুকন্যা সমৃদ্ধি যোজনাৰ উদ্দেশ্য হৈছে মহিলাসকলক শক্তিশালী কৰা আৰু মহিলাসকলক সঞ্চয় আঁচনিত বিনিয়োগ কৰিবলৈ উৎসাহিত কৰি বিত্তীয় স্বাধীনতা নিশ্চিত কৰা যি তেওঁলোকক উচ্চ শিক্ষা, বিবাহ আদিৰ দৰে তেওঁলোকৰ দীৰ্ঘম্যাদী জীৱনৰ লক্ষ্য আৰু সপোন পূৰণ কৰিবলৈ সক্ষম কৰিব আৰু বিত্তীয় স্থিৰতা নিশ্চিত কৰা।[23][24] বেটি বচাও, বেটি পঢ়াও অভিযানৰ অংশ হিচাপে ২২ জানুৱাৰী ২০১৫ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা এই আঁচনিখন আৰম্ভ কৰা হৈছিল। সুকন্যা সমৃদ্ধি একাউণ্ট নিয়মাৱলী, ডিচেম্বৰ ২0১৬ চনত প্ৰৱৰ্তন কৰা হৈছিল আৰু ২০১৯ চনত ইয়াৰ কিছু সাল-সলনি কৰা হৈছিল।[25]
মুছলমান মহিলা (বিবাহৰ অধিকাৰ সুৰক্ষা) আইন, ২০১৯ হৈছে তিনি তালাক প্ৰথাক অপৰাধীকৰণ কৰা ভাৰতৰ সংসদৰ এটা আইন। ২০১৭ চনৰ আগষ্টত ভাৰতৰ উচ্চতম ন্যায়ালয়ে তিনি তালাক প্ৰথা নাকচ কৰে আৰু চৰকাৰে মুছলমান মহিলা (বিবাহৰ অধিকাৰ সুৰক্ষা) বিল প্ৰৱৰ্তন কৰে।[26] তিনি তালাক প্ৰথাই মুছলিম পুৰুষসকলক তাৎক্ষণিকভাৱে তেওঁলোকৰ পত্নীক বিবাহ বিচ্ছেদ কৰিবলৈ সক্ষম কৰিছিল।[27] এই বিধেয়কখনে যিকোনো প্ৰকাৰে প্ৰেৰন কৰা তিনি তালাক — কথিত, লিখিত, বা ইলেক্ট্ৰনিক উপায়ৰ দ্বাৰা— অবৈধ বুলি ঘোষনা কৰে। আইন ভঙ্গৰ শাস্তিত তিনি তালাক ঘোষণা কৰা স্বামীৰ বাবে তিনি বছৰলৈকে কাৰাদণ্ড বিহাৰ প্ৰস্তাৱো দিয়ে।[26] বিধেয়কখন ভাৰতৰ সংসদৰ লোকসভাত একেদিনাই গৃহীত হৈছিল যদিও ৰাজ্যসভাত বিৰোধীয়ে স্থগিত কৰি দিছিল।[28] পুনৰ জুলাই ২০১৯ত বিধেয়কখন লোকসভা আৰু ৰাজ্যসভাত উত্থাপন আৰু গৃহীত কৰা হয়।[29][30]
নিম্নলিখিত তালিকাখনে জনসংখ্যাৰ উভয় লিঙ্গৰ বিভিন্ন অসমতাৰ বিস্তৃত তুলনা পৰিসাংখ্যৰ দ্ৱাৰা দাঙি ধৰিছে। এই তথ্য ২০১২ চনৰ বিশ্ব বেঙ্কৰ লিংগ পৰিসংখ্যা ডাটাবেচৰ পৰা লোৱা হৈছে।[31]
লিংগ পৰিসংখ্যা জোখ[31] | মহিলা (ভাৰত) |
পুৰুষ (ভাৰত) |
মহিলা (বিশ্ব) |
পুৰুষ (বিশ্ব) |
---|---|---|---|---|
শিশুমৃত্যুৰ হাৰ (প্ৰতি ১,০০০ জীৱন্ত জন্মত) | ৪৪.৩ | ৪৩.৫ | ৩২.৬ | ৩৭ |
আয়ু, (বছৰ) | ৬৮ | ৬৪.৫ | ৭২.৯ | ৬৮.৭ |
প্ৰত্যাশিত স্কুলীয়া শিক্ষাৰ বছৰ, | ১১.৩ | ১১.৮ | ১১.৭ | ১২.০ |
প্ৰাথমিক বিদ্যালয় সম্পূৰ্ণ হোৱাৰ হাৰ,(%) | ৯৬.৬ | ৯৬.৩ | [32] | |
নিম্ন মাধ্যমিক বিদ্যালয় সম্পূৰ্ণ হোৱাৰ হাৰ, (%) | ৭৬.০ | ৭৭.৯ | ৭০.২ | ৭০.৫ |
মাধ্যমিক বিদ্যালয়ৰ শিক্ষা, শিক্ষাৰ্থী, (%) | ৪৬ | ৫৪ | ৪৭.৬ | ৫২.৪ |
প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাত মহিলা আৰু পুৰুষৰ অনুপাত, (%) | ০.৯৮ | ১.০ | ০.৯৭ | ১.০ |
মাধ্যমিক বিদ্যালয়শিক্ষা, শিক্ষকৰ লিঙ্গ, (% ) | ৪১.১ | ৫৮.৯ | ৫১.৯ | ৪৮.১ |
এটা আনুষ্ঠানিক বিত্তীয় প্ৰতিষ্ঠানত একাউণ্ট, (% লিংগ, বয়স ১৫+) | ২৬.৫ | ৪৩.৭ | ৪৬.৬ | ৫৪.৫ |
মাহেকীয়া জমা, (% বয়স ১৫+) | ১১.২ | ১৩.৪ | ১৩.০ | ১২.৮ |
মাহেকীয়া অপসাৰন,(% বয়স ১৫+) | ১৮.৬ | ১২.৭ | ১৫.৫ | ১২.৮ |
যোৱা বছৰত বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ, (% বয়স ১৫+) | ৬.৭ | ৮.৬ | ৮.১ | ১০.০ |
স্বাস্থ্য বা জৰুৰী কালীন পৰিস্থিতিৰ বাবে বেংকৰ পৰা বকেয়া ঋণ, (% বয়স ১৫+) | ১২.৬ | ১৫.৭ | ১০.৩ | ১১.৬ |
ঘৰ ক্ৰয় কৰিবলৈ বেংকৰ পৰা বকেয়া ঋণ, (% বয়স ১৫+) | ২.২৬ | ২.৩৫ | ৬.৬ | ৭.৪ |
নিবনুৱা, (শ্ৰমিক শক্তিৰ শতাংশ, ILO পদ্ধতি) | ৪ | ৩.১ | [32] | |
যুৱ নিবনুৱা (শ্ৰমিক শক্তিৰ শতাংশ ১৫-২৪, ILO পদ্ধতি) | ১০.৬ | ৯.৪ | ১৫.১ | ১৩.০ |
মহিলাআৰু পুৰুষ যুৱ নিবনুৱা হাৰৰ অনুপাত (% বয়স ১৫–২৪, ILOপদ্ধতি) | ১.১৩ | ১.০ | ১.১৪ | ১.০ |
কৃষিত কৰ্মচাৰী, (% মুঠ শ্ৰম) | ৫৯.৮ | ৪৩ | [32] | |
উদ্যোগত কৰ্মচাৰী, (% মুঠ শ্ৰম) | ২০.৭ | ২৬ | [32] | |
স্ব-নিযুক্ত, (% নিযুক্ত) | ৮৫.৫ | ৮০.৬ | [32] | |
মৃত্যুৰ কাৰণ, অসংক্ৰামক ৰোগৰ দ্বাৰা, বয়স ১৫–৩৪, (%) | ৩২.৩ | ৩৩.০ | ২৯.৫ | ২৭.৫ |
৬০ বছৰ বয়সত আয়ু, (বছৰ) | ১৮.০ | ১৫.৯ | [32] |