লিপিড (ইংৰাজী: Lipids) হৈছে চৰ্বী, মম, ষ্টেৰ'ল, স্নেহ-দ্ৰাব্য খাদ্যপ্ৰাণ (যেনে ভিটামিন এ, ডি, ই, আৰু কে) মনগ্লিচেৰাইড, ডাইগ্লিচেৰাইড, ট্ৰাইগ্লিচেৰাইড, ফছফ'লিপিড আৰু অন্য কিছুমানকে সাঙুৰিলোৱা এক শ্ৰেণীৰ প্ৰাকৃতিক অনু। লিপিডে প্ৰধানত শক্তিৰ সংৰক্ষণ, সংকেতন, আৰু কোষাৱৰণৰ গাঠনীয় উপাদান হিচাপে কাৰ্য কৰে। প্ৰসাধন সামগ্ৰী, আৰু খাদ্য উদ্যোগৰ লগতে নেন'টেকনলজিত লিপিডৰ ব্যৱহাৰ কৰা হয়।