লিম্ফ'মা লিম্ফ ন'ড ৰ ঠাইত কূপীয় লিম্ফ'মা বিভাগ
হেমাট'লজি আৰু অনক'লজি লক্ষণ
লিম্ফ ন'ড বৃদ্ধি হোৱা , জ্বৰ , ঘাম , অনাকাংক্ষিতভাৱে ওজন কমি যোৱা, খজুৱতি , ভাগৰুৱা অনুভৱ কৰা [ 1] [ 2] আশংকাৰ কাৰণ
এপষ্টাইন–বাৰ ভাইৰাছ , স্ব-অসংক্ৰাম্য ৰোগ , এইচ আই ভি/এইড্ছ , ধূমপান সেৱন [ 2] [ 3] ৰোগ নিৰূপণ
লিম্ফ ন'ড বায়'প্সি [ 1] [ 2] চিকিৎসা
কেম'থেৰাপি , ৰেডিয়েশ্যন থেৰাপি , প্ৰ'টন থেৰাপি , টাৰ্গেটেড থেৰাপি , শল্য চিকিৎসা [ 1] [ 2] আৰোগ্য সম্ভাৱনা
গড় হিচাপত পাঁচ বছৰলৈ জীয়াই থকাৰ হাৰ : ৮৫% (আমেৰিকা যুক্তৰাষ্ট্ৰ)[ 4] পুনৰাবৃত্তি
৪.৯ মিলিয়ন (২০১৫)[ 5] মৃত্যু
২০৪,৭০০ (২০১৫)[ 6]
লিম্ফ'মা (ইংৰাজী : Lymphoma ) হৈছে লিম্ফ'ছাইট ৰ (শ্বেত ৰক্ত কোষ ৰ এক প্ৰকাৰ) পৰা বিকশিত তেজ আৰু লসীকা বা লিম্ফৰ টিউমাৰ ৰ এটা গোট। বৰ্তমান সময়ত লিম্ফ'মা নামটোৱে সাধাৰণতে এনে সকলো টিউমাৰৰ পৰিৱৰ্তে কেৱল কৰ্কট ৰোগ জনিত সংস্কৰণক বুজায়।[ 7] লক্ষণসমূহৰ ভিতৰত লিম্ফ ন'ড বৃদ্ধি হোৱা, জ্বৰ , ঘামত তিতি যোৱা, অনাকাংক্ষিতভাৱে ওজন কমি যোৱা, খজুৱতি হোৱা আৰু অনবৰতে ভাগৰুৱা অনুভৱ কৰা অন্যতম।[ 1] [ 2] বৃদ্ধি হোৱা লিম্ফ ন'ডবোৰ সাধাৰণতে বিষহীন হয়।[ 1] সচৰাচৰ ৰাতিৰ সময়ত ঘাম বেছিকৈ ওলায়।[ 1] [ 2]
লিম্ফ'মাৰ বহুতো উপপ্ৰকাৰ জনা যায়।[ 8] লিম্ফ'মাৰ দুটা ঘাই শ্ৰেণী হৈছে হজকিন লিম্ফ'মা (HL) (১০% কেছৰ ক্ষেত্ৰত)[ 9] আৰু নন-হজকিন লিম্ফ'মা (NHL) (৯০% কেছৰ ক্ষেত্ৰত)।[ 9] [ 10] বিশ্ব স্বাস্থ্য সংস্থা ই লিম্ফ'মাৰ প্ৰকাৰ হিচাপে আন দুটা শ্ৰেণী অন্তৰ্ভুক্ত কৰিছে – প্লাজমা কোষ মাইল’মা আৰু লিম্ফ'প্ৰলিফেৰেটিভ ৰোগ।[ 11] লিম্ফ'মা আৰু লিউকেমিয়া হৈছে হেমাট'পয়েটিক আৰু লিম্ফ'ইড কলাৰ টিউমাৰৰ এটা বিশাল গোটৰ অংশ।[ 12]
হজকিন লিম্ফ'মাৰ বিপদজনক কাৰকসমূহ হ'ল এপষ্টাইন–বাৰ ভাইৰাছৰ সংক্ৰমণ আৰু পৰিয়ালত এই ৰোগৰ ইতিহাস।[ 1] আনহাতে, সাধাৰণ প্ৰকাৰৰ নন-হজকিন লিম্ফ'মাৰ বিপদজনক কাৰকসমূহ হ'ল স্ব-অসংক্ৰাম্য ৰোগ, এইচ আই ভি/এইড্ছ, মানৱ টি-লিম্ফ’ট্ৰপিক ভাইৰাছৰ সংক্ৰমণ, ইমিউন’ছাপ্ৰেছিভ ঔষধ, আৰু কিছুমান কীটনাশক।[ 2] [ 13] প্ৰচুৰ পৰিমাণে ৰেড মীট খোৱা আৰু ধঁপাত সেৱন কৰিলেও বিপদাশংকা বৃদ্ধি পাব পাৰে।[ 3] [ 14] [ 15] যদিহে বৃদ্ধি হোৱা লিম্ফ ন'ডৰ উপস্থিতি দেখা যায়, তেতিয়া সচৰাচৰ লিম্ফ ন'ড বায়'প্সিৰ দ্বাৰা ৰোগ নিৰ্ণয় কৰা হয়।[ 1] [ 2] তেজ, প্ৰস্ৰাৱ আৰু অস্থি মজ্জাৰ পৰীক্ষা কৰাটোও ৰোগ নিৰ্ণয়ৰ ক্ষেত্ৰত উপযোগী হ'ব পাৰে।[ 2] তাৰ পিছত মেডিকেল ইমেজিঙৰ সহায়ত কৰ্কট ৰোগ বিয়পি পৰিছে নে নাই আৰু ক'ত বিয়পি পৰিছে সেয়া নিৰ্ণয় কৰিব পাৰি।[ 1] [ 2] লিম্ফ'মা প্ৰায়ে হাওঁফাওঁ, যকৃত আৰু মগজুলৈ বিয়পে।[ 1] [ 2]
চিকিৎসাৰ ভিতৰত আছে কেম'থেৰাপি, ৰেডিঅ'থেৰাপি, প্ৰ'টন থেৰাপি, টাৰ্গেটেড থেৰাপি, আৰু অস্ত্ৰোপচাৰ।[ 1] [ 2] কিছুমান নন-হজকিন লিম্ফ'মাত লিম্ফ'মা কোষৰ দ্বাৰা উৎপন্ন হোৱা প্ৰটিনৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত তেজ ইমানেই ডাঠ হৈ পৰে যে প্ৰটিনখিনি আঁতৰাবলৈ প্লাজমাফেৰেছিছ সম্পন্ন কৰা হয়।[ 2] আমেৰিকা যুক্তৰাষ্ট্ৰত সকলো হজকিন লিম্ফ'মাৰ উপপ্ৰকাৰৰ ক্ষেত্ৰত পাঁচ বছৰলৈ জীয়াই থকাৰ হাৰ ৮৫%,[ 4] আনহাতে নন-হজকিন লিম্ফ'মাৰ ক্ষেত্ৰত এই হাৰ ৬৯%।[ 16] ২০১২ চনত গোটেই বিশ্বজুৰি ৫ লাখ ৬৬ হাজাৰ লোকৰ দেহত লিম্ফ'মা বিকশিত হৈছিল আৰু ৩ লাখ ৫ হাজাৰ লোকৰ মৃত্যু হৈছিল।[ 11] সকলো কৰ্কট ৰোগৰ ভিতৰত ৩–৪ শতাংশই লিম্ফ'মা।[ 11] [ 17] উন্নয়নশীল দেশৰ তুলনাত উন্নত দেশসমূহত লিম্ফ'মা বেছিকৈ হোৱা পৰিলক্ষিত হয়।[ 11]
টমাছ হজকিন
১৮৩২ চনত টমাছ হজকিনে লিম্ফ'মাৰ প্ৰথম বৰ্ণনা আগবঢ়াইছিল, বিশেষকৈ তেওঁৰ নামেৰে নামকৰণ কৰা ৰূপটোৰ।[ 18] তেতিয়াৰ পৰাই আন বহু ধৰণৰ লিম্ফ'মাৰ বৰ্ণনা আগবঢ়োৱা হৈছে।
"লিম্ফ'মা" শব্দটো লেটিন ভাষাৰ লিম্ফা ("পানী") আৰু গ্ৰীক ভাষাৰ -oma ("ৰোগ বৃদ্ধি, টিউমাৰ")ৰ পৰা আহিছে।[ 19]
↑ 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 1.10 "General Information About Adult Hodgkin Lymphoma" . National Cancer Institute. 2014-04-23. http://www.cancer.gov/cancertopics/pdq/treatment/adulthodgkins/Patient/page1/AllPages । আহৰণ কৰা হৈছে: 9 September 2022 .
↑ 2.00 2.01 2.02 2.03 2.04 2.05 2.06 2.07 2.08 2.09 2.10 2.11 2.12 "General Information About Adult Non-Hodgkin Lymphoma" . National Cancer Institute. 2014-04-25. http://www.cancer.gov/cancertopics/pdq/treatment/adult-non-hodgkins/Patient/page1/AllPages । আহৰণ কৰা হৈছে: 9 September 2022 .
↑ 3.0 3.1 "Cigarette smoking and risk of Hodgkin lymphoma and its subtypes: a pooled analysis from the International Lymphoma Epidemiology Consortium (InterLymph)" . Annals of Oncology খণ্ড 24 (9): 2245–2255. September 2013. doi :10.1093/annonc/mdt218 . PMID 23788758 .
↑ 4.0 4.1 "Hodgkin Lymphoma—SEER Stat Fact Sheets" . Seer.cancer.gov. http://seer.cancer.gov/statfacts/html/hodg.html । আহৰণ কৰা হৈছে: 9 September 2022 .
↑ "Global, regional, and national incidence, prevalence, and years lived with disability for 310 diseases and injuries, 1990-2015: a systematic analysis for the Global Burden of Disease Study 2015" . Lancet খণ্ড 388 (10053): 1545–1602. October 2016. doi :10.1016/S0140-6736(16)31678-6 . PMID 27733282 .
↑ Wang, Haidong et al . (October 2016). "Global, regional, and national life expectancy, all-cause mortality, and cause-specific mortality for 249 causes of death, 1980-2015: a systematic analysis for the Global Burden of Disease Study 2015" . Lancet খণ্ড 388 (10053): 1459–1544. doi :10.1016/s0140-6736(16)31012-1 . PMID 27733281 .
↑ Taylor, Elizabeth J. (2000). Dorland's Illustrated medical dictionary. (29th সম্পাদনা). প্ৰকাশক Philadelphia: Saunders. পৃষ্ঠা. 1038 . ISBN 0721662544 . https://archive.org/details/trent_0116404640520/page/1038 .
↑ Aditya Bardia (2010). Johns Hopkins Patients' Guide to Lymphoma . Jones & Bartlett Learning. পৃষ্ঠা. 6. ISBN 9781449631413 . https://books.google.com/books?id=IG05tEhKGq4C&pg=PA6 .
↑ 9.0 9.1 The Lymphoma Guide Information for Patients and Caregivers . 2013. Archived from the original on 14 July 2014. https://web.archive.org/web/20140714194242/http://www.lls.org/content/nationalcontent/resourcecenter/freeeducationmaterials/lymphoma/pdf/lymphomaguide.pdf । আহৰণ কৰা হৈছে: 9 September 2022 .
↑ "Lymphoma" . NCI. 2011-02-02. http://www.cancer.gov/dictionary?cdrid=45368 । আহৰণ কৰা হৈছে: 9 September 2022 .
↑ 11.0 11.1 11.2 11.3 World Cancer Report 2014. . World Health Organization. 2014. পৃষ্ঠা. Chapter 5.13. ISBN 978-9283204299 .
↑ "The 2008 revision of the World Health Organization (WHO) classification of myeloid neoplasms and acute leukemia: rationale and important changes". Blood খণ্ড 114 (5): 937–951. July 2009. doi :10.1182/blood-2009-03-209262 . PMID 19357394 .
↑ "The association between non-Hodgkin lymphoma and organophosphate pesticides exposure: A meta-analysis". Environmental Pollution খণ্ড 231 (Pt 1): 319–328. December 2017. doi :10.1016/j.envpol.2017.08.028 . PMID 28810201 .
↑ "Red and Processed Meat Consumption Increases Risk for Non-Hodgkin Lymphoma: A PRISMA-Compliant Meta-Analysis of Observational Studies" . Medicine খণ্ড 94 (45): e1729. November 2015. doi :10.1097/MD.0000000000001729 . PMID 26559248 .
↑ "Meat intake and non-Hodgkin lymphoma: a meta-analysis of observational studies". Cancer Causes & Control খণ্ড 27 (5): 595–606. May 2016. doi :10.1007/s10552-016-0745-2 . PMID 27076059 .
↑ "SEER Stat Fact Sheets: Non-Hodgkin Lymphoma" . NCI. http://seer.cancer.gov/statfacts/html/nhl.html । আহৰণ কৰা হৈছে: 9 September 2022 .
↑ Marcus, Robert (2013). Lymphoma : pathology, diagnosis and treatment (Second সম্পাদনা). পৃষ্ঠা. 1. ISBN 9781107010598 . https://books.google.com/books?id=SX0LAgAAQBAJ&pg=PP1 .
↑ Hellman, Samuel; Mauch, P.M. Ed. (1999). "Chapter 1". Hodgkin's Disease . Lippincott Williams & Wilkins. পৃষ্ঠা. 5. ISBN 0-7817-1502-4 .
↑ "-oma" . Online Etymology Dictionary. https://www.etymonline.com/word/-oma?ref=etymonline_crossreference .
ৰাষ্ট্ৰীয় পুথিভঁৰাল অন্যান্য