লীলা মজুমদাৰ | |
---|---|
জন্ম | ২৬ ফেব্ৰুৱাৰী, ১৯০৮[1] কলকাতা, বংগ, ব্ৰিটিছ ভাৰত |
মৃত্যু | ০৫ এপ্ৰিল, ২০০৭ (৯৯ বছৰ) কলকাতা, পশ্চিম বংগ, ভাৰত |
পেচা | লেখৰ |
দাম্পত্যসঙ্গী | ড॰ সুধীৰ কুমাৰ মজুমদাৰ |
সন্তান | কমলা মজুমদাৰ, ৰঞ্জন মজুমদাৰ |
লীলা মজুমদাৰ (ইংৰাজী: Leela Majumdar; জন্ম: ৰায় ২৬ ফেব্ৰুৱাৰী, ১৯০৮ – ৫ এপ্ৰিল, ২০০৭)এগৰাকী ভাৰতীয় বঙালী সাহিত্যিক। কলকাতাৰ ৰায় পৰিয়ালৰ প্ৰমদাৰঞ্জন ৰায় আৰু সুৰমাদেৱীৰ জীয়ৰী। তেওঁৰ জন্ম হৈছিল ৰয় পৰিয়ালৰ গড়পাৰ ৰোডৰ ঘৰত। উপেন্দ্ৰকশোৰ ৰায় চৌধুৰী (যাৰ পৈতৃক নাম কামদাৰঞ্জন ৰায়) আছিল প্ৰমদাৰঞ্জনৰ ককায়েক আৰু লীলাৰ বৰদেউতাক। সেয়েহে লীলা সুকুমাৰ ৰায়ৰ খুৰাকৰ কন্য আৰু সত্যজিৎ ৰায়ৰ পেহীয়েক।[2]
লীলা মজুমদাৰৰ মাক-দেউতাক আছিল সুৰমা দেৱী আৰু প্ৰমদা ৰঞ্জন ৰায়। প্ৰমদা ৰঞ্জন আছিল সত্যজিৎ ৰায়ৰ পিতৃ উপেন্দ্ৰ কিশোৰ ৰায় চৌধুৰীৰ কনিষ্ঠ ভাতৃ। লীলাই শৈশৱৰ দিনবোৰ শ্বিলঙত কটায়। তাত তেওঁ লৰেটো কনভেণ্টত অধ্যয়ন কৰিছিল। [3] সুৰমা দেৱীক উপেন্দ্ৰ কিশোৰ চৌধুৰীয়ে দত্তক লৈছিল। লীলাৰ ককাদেউতাকে পত্নীৰ মৃত্যুৰ পিছত তেওঁৰ সৰু জীয়েক দুজনীক বন্ধুৰ তত্ত্বাৱধানত এৰি থৈ গৈছিল। ডাঙৰ ছোৱালীজনীক বৰ্ডিং হাউচলৈ পঠিয়াই দিয়া হয়। তেওঁৰ মাতৃপক্ষীয় ককাদেউতাক ৰামকুমাৰ ভট্টাচাৰ্যই সন্ন্যাস গ্ৰহণ কৰে আৰু ৰামানন্দ ভাৰতী নাম লয়। ৰামানন্দ ভাৰতী প্ৰথম ভাৰতীয়, যিয়ে কৈলাস আৰু মানস সৰোবৰ ভ্ৰমণ কৰিছিল আৰু এই ভ্ৰমণ সম্পৰ্কে তেওঁ এখন গ্ৰন্থও প্ৰণয়ন কৰিছিল।
১৯১৯ চনত তেওঁৰ পিতৃ কলিকতালৈ বদলি হয় আৰু তেওঁ ছেইণ্টজন ডাইছেচান স্কুলত নামভৰ্তি কৰে। তাৰ পৰাই তেওঁ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হয়। [1] ১৯২৪ চনত মেট্ৰিক পৰীক্ষাত তেওঁ ছোৱালীৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিছিল। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতক (সন্মান) আৰু স্নাতকোত্তৰত তেওঁ প্ৰথম স্থান অধিকাৰ কৰে। তেওঁৰ পৰিয়ালটোৱে শিশু সাহিত্যলৈ এক উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে।[3]সুনীল গংগোপাধ্যায়ৰ মতে, ঠাকুৰ পৰিয়ালে যেনেকৈ ডাঙৰৰ বাবে নাটক, গীত আৰু সাহিত্যৰ দ্বাৰা মনোৰঞ্জন কৰিছিল, তেনেকৈ ৰায় চৌধুৰীৰ পৰিয়ালে বঙালী ভাষাত শিশু সাহিত্যৰ ভেটি স্থাপনৰ দায়িত্ব লৈছিল।[2][4]
মজুমদাৰৰ এখন অসম্পূৰ্ণ গ্ৰন্থতালিকাত চুটিগল্পৰ সংকলন, যুটীয়াভাবে ৰচিত পাঁচখন গ্ৰন্থ, ৯খন অনূদিত গ্ৰন্থ আৰু ১৯খন সম্পাদিত গ্ৰন্থকে ধৰি ১২৫খন গ্ৰন্থৰ তালিকা দিয়া হৈছে। [1]
তেওঁৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ আছিল বড্ডি নাথেৰ বাৰী (১৯৩৯)। কিন্তু তেওঁৰ দ্বিতীয়খন সংকলন দিন দুপুৰে (১৯৪৮) তথা ১৯৫০ দশকৰ পৰা তেওঁৰ অতুলনীয় শিশু ধ্ৰুপদী গ্ৰন্থসমূহেহে তেওঁলৈ যথেষ্ট খ্যাতি কঢ়িয়াই আনিছিল। তেওঁৰ হাস্যৰসত যথেষ্ট দখল আছিল যদিও ডিটেক্টিভ, হৰৰ আৰু ফেণ্টাচীও লিখিছিল। [1]
তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থ পাকদাণ্ডীয়ে শ্বিলঙত কটোৱা তেওঁৰ শৈশৱৰ দিন তথা শান্তিনিকেতন আৰু অল ইণ্ডিয়া ৰেডিঅ'ৰ প্ৰাৰম্ভিক বছৰবোৰৰ বিষয়েও এক অন্তৰ্দৃষ্টি প্ৰদান কৰে।[3]
শিশু সাহিত্যৰ এলানি জিলিকি থকা গ্ৰন্থৰ উপৰিও তেওঁ এখন ৰন্ধন গ্ৰন্থ, এখন প্ৰাপ্তবয়স্কৰ উপন্যাস শ্ৰীমতী, চীনা লন্থন, আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জীৱনীও লিখিছিল। অবনীন্দ্ৰনাথ ঠাকুৰৰ বিষয়ে বক্তৃতা প্ৰদান কৰাৰ লগতে তেওঁৰ শিল্প বিষয়ক লেখাসমূহ ইংৰাজীলৈ অনুবাদ কৰে। তেওঁ জনাথন চুইফটৰ গালিভাৰ ট্ৰেভেলছ আৰু আৰ্নেষ্ট হেমিংৱেৰ দ্য অল্ড মেন এণ্ড দ্য চি বঙালীলৈ অনুবাদ কৰে।[2]