সম্পূৰ্ণ নাম | লীলা ৰাঘৱেন্দ্ৰ ৰাও |
---|---|
দেশ | ব্ৰিটিছ ৰাজ ভাৰত (১৯৪৭ ৰ পিছত) |
জন্ম | ১৯ ডিচেম্বৰ, ১৯১১ বম্বে, ভাৰত |
উচ্চতা | ৪ ফুট ১০ ইঞ্চি (১.৪৭ মিটাৰ) [1] |
হস্তশৈলী | সোঁ-হাত |
একক | |
গ্ৰেণ্ড শ্লাম একক পৰিসংখ্যা | |
ফ্ৰেন্স অ'পেন | ২য় ৰাউণ্ড (১৯৩৫) |
উইম্বলডন | ২য় ৰাউণ্ড (১৯৩৪) |
দ্বৈত | |
গ্ৰেণ্ড শ্লাম দ্বৈত পৰিসংখ্যা | |
ফ্ৰেন্স অ'পেন | ১ম ৰাউণ্ড (১৯৩১, ১৯৩২) |
গ্ৰেণ্ড শ্লাম মিক্সড্ ডাবলচ্ পৰিসংখ্যা | |
ফ্ৰেন্স অ'পেন | ১ম ৰাউণ্ড (১৯৩২) |
লীলা ৰাও দয়াল (ইংৰাজী: Leela Row Dayal; ১৯ ডিচেম্বৰ ১৯১১ – ১৯ মে' ১৯৬৪) এগৰাকী ভাৰতীয় মহিলা টেনিছ খেলুৱৈ আৰু লেখিকা। তেওঁ উইম্বলডন চেম্পিয়নশ্বিপত এখন খেলত জয়ী হোৱা প্ৰথমগৰাকী ভাৰতীয় টেনিছ খেলুৱৈ আছিল। তেওঁ ইংৰাজী আৰু সংস্কৃত ভাষাত ভাৰতীয় শাস্ত্ৰীয় নৃত্য সম্পৰ্কীয় কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল।
১৯৩৪ চনৰ উইম্বলডন চেম্পিয়নশ্বিপত তেওঁ একক ইভেণ্টৰ প্ৰথম ৰাউণ্ডত গ্লেডিছ চাউথৱেলক পৰাস্ত কৰি এখন খেলত জয়ী হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে পৰিগণিত হয়। দ্বিতীয় ৰাউণ্ডত তেওঁ ইডা এডামফৰ হাতত তিনিটা ছেটত পৰাস্ত হয়।[2][3][4] ১৯৩৫ চনত তেওঁ পুনৰ উইম্বলডন চেম্পিয়নশ্বিপত অংশগ্ৰহণ যদিও প্ৰথম ৰাউণ্ডত ইভেলিন ডিয়াৰমেনৰ হাতত পোনপতীয়া ছেটত পৰাস্ত হয়।[2]
ফ্ৰেন্স চেম্পিয়নশ্বিপৰ একক প্ৰতিযোগিতাত তেওঁ পাঁচবাৰ (১৯৩১–৩২, ১৯৩৪–৩৬) প্ৰৱেশ কৰিছিল যদিও কোনো খেলত জয়ী হ’বলৈ সক্ষম হোৱা নাছিল। ১৯৩৫ চনত তেওঁ প্ৰথম ৰাউণ্ডত বাই পৰি দ্বিতীয় ৰাউণ্ডৰ প্ৰৱেশ কৰিছিল।
অল ইণ্ডিয়া চেম্পিয়নশ্বিপত (১৯৩১, ১৯৩৬–৩৮, ১৯৪০–৪১, ১৯৪৩) তেওঁ ৭টা একক খিতাপ জয় কৰিছিল আৰু তিনিবাৰ (১৯৩২–৩৩, ১৯৪২) দ্বিতীয় স্থান অধিকাৰ কৰিছিল। ১৯৩১ চনত তেওঁ ৱেষ্ট অৱ ইণ্ডিয়া চেম্পিয়নশ্বিপত একক খিতাপ দখল কৰে।[5] ১৯৩৫ চনত ইংলেণ্ড ভ্ৰমণৰ সময়ত তেওঁ বোৰ্ণমাউথত অনুষ্ঠিত হোৱা হেম্পশ্বাৰ লন টেনিছ চেম্পিয়নশ্বিপত জোয়ান ইংগ্ৰামৰ বিৰুদ্ধে জয়লাভ কৰে। ১৯৩৭ চনত লাহোৰত মেহেৰ দুবাছৰ বিৰুদ্ধে উত্তৰ ভাৰত চেম্পিয়নশ্বিপত জয়লাভ কৰে।
ষ্ট্ৰেইট বেকহেণ্ড ড্ৰাইভ আছিল তেওঁৰ প্ৰিয় শ্বট।[5]
লীলা ৰাও এগৰাকী লেখকো আছিল। তেওঁ প্ৰাচীন আৰু আধুনিক ধ্ৰুপদী ভাৰতীয় নৃত্যৰ ওপৰত কেইবাখনো গ্ৰন্থৰ ৰচনা কৰিছিল।[6][7] এই গ্ৰন্থসমূহ দ্বিভাষিক, ইংৰাজী আৰু সংস্কৃত ভাষাত লিখা হৈছিল।[6] ১৯৫৮ চনত তেওঁ "নাট্য চন্দ্ৰিকা" নামৰ ভাৰতৰ শাস্ত্ৰীয় নৃত্যৰ এটা প্ৰকাৰ “নাট্য”ৰ ওপৰত এখন হাতে লিখা দ্বিভাষিক গ্ৰন্থ প্ৰকাশ কৰিছিল।[6][8] তেওঁৰ মাতৃয়ে ৰচনা কৰা বহু কবিতা তেওঁ অনুবাদত সহায় কৰিছিল আৰু সংস্কৃত নাট্যৰূপ দিছিল।[9]
লীলা ৰাওৰ পিতৃ ৰাঘৱেন্দ্ৰ ৰাও এজন চিকিৎসক[10] আৰু মাতৃ পণ্ডিতা ক্ষমা ৰাও এগৰাকী সংস্কৃত কবি আছিল।[9] তেওঁৰ মাতৃ এগৰাকী টেনিছ খেলুৱৈও আছিল, ১৯২৭ চনত বম্বে প্ৰেচিডেন্সি হাৰ্ড ক'ৰ্ট চেম্পিয়নশ্বিপত তেওঁ একক খিতাপ জয় কৰিছিল।[10] ভাৰত, ইংলেণ্ড আৰু ফ্ৰান্সত তেওঁ শিক্ষা গ্ৰহণ কৰিছিল।[5] ১৯৪৩ চনত তেওঁ ভাৰতীয় চৰকাৰী কৰ্মচাৰী হৰিশ্বৰ দয়ালৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁৰ স্বামীয়ে আমেৰিকা আৰু নেপালত ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[6] ১৯৬৪ চনৰ মে' মাহত মাউণ্ট এভাৰেষ্টৰ খুম্বু অঞ্চললৈ যোৱাৰ সময়ত তেওঁৰ মৃত্যু হয়।[11] পিছলৈ লীলাই ভাৰতৰ উত্তৰাখণ্ডৰ ৰানিখেতত বসতি স্থাপন কৰে।[12] তাত তেওঁ বাস কৰা ঘৰটো তেওঁৰ ভতিজা অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছৰ সম্পাদক আৰু প্ৰকাশক ৰবি দয়ালে উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল।[13]