লেগং নৃত্য | |
---|---|
বালিৰ এগৰাকী প্ৰাপ্তবয়স্ক লোকৰ লেগং প্ৰদৰ্শন | |
স্থানীয় নাম | লেং-বেং |
বাদ্যযন্ত্ৰ | গামেলন |
উদ্ভাৱক | বলিৰ জনসাধাৰণ |
উৎপত্তিমূল | ইণ্ডোনেছিয়া |
লেগং (ইংৰাজী: Legong) ইণ্ডোনেছিয়াৰ বালিৰ পৰম্পৰাগত নৃত্যৰ এক প্ৰকাৰ। ই এক পৰিশোধিত নৃত্যৰ ৰূপ, যাৰ বৈশিষ্ট্য হৈছে সংকেতপূৰ্ণ আঙুলিৰ গতি, জটিল পদ সঞ্চালন আৰু ইংগিতপ্ৰধান প্ৰকাশভংগী আৰু মুখৰ অভিব্যক্তি।
লেগং নৃত্যৰ উৎপত্তি সম্ভৱতঃ ১৯ শতিকাত ৰাজকীয় মনোৰঞ্জনৰ বিষয় হিচাপে হৈছিল। কিংবদন্তি অনুসৰি চুকাৱাটি নামৰ এখন ৰাজ্যৰ এজন ৰাজকুমাৰ অসুস্থ হৈ পৰিছিল আৰু তেওঁ এটা স্পষ্ট সপোন দেখিছিল, য’ত দুগৰাকী কুমাৰীয়ে গামেলান বাদ্যৰ সংগীতৰ তালত নৃত্য কৰিছিল। সুস্থ হৈ উঠাত তেওঁ এনেধৰণৰ নৃত্য বাস্তৱত পৰিৱেশনৰ ব্যৱস্থা কৰিলে। আন কিছুমানৰ মতে লেগঙৰ উৎপত্তি হৈছে সংহং দেদাৰী নামৰ এক অনুষ্ঠানৰ পৰা, য’ত দুগৰাকী কণমানি ছোৱালীক উপকাৰী আত্মাই স্বেচ্ছামূলকভাৱে অধিকাৰ কৰাৰ কথা থাকে৷[1] ৰাজহুৱা উৎসৱতো লেগং নৃত্য পৰিৱেশন কৰা হয়। লেগং নৃত্য নাটকৰ কিছু অংশ পৰ্যটকৰ বাবে ৰখা হয়।
পৰম্পৰাগতভাৱে আগতে লেগং নৃত্যশিল্পী আছিল যৌৱনকাল লাভ নকৰা অকুমাৰী ছোৱালী। এওঁলোকে প্ৰায় পাঁচ বছৰ বয়সৰ পৰাই নৃত্যৰ বাবে কঠোৰ প্ৰশিক্ষণ আৰম্ভ কৰে। এই নৃত্যৰ শিল্পীসকলক সমাজত উচ্চ সন্মান দিয়া হয় আৰু পিছলৈ তেওঁলোক সাধাৰণতে ৰাজকীয় ব্যক্তি বা ধনী ব্যৱসায়ীৰ পত্নী হয়৷[2] বিয়াৰ পিছত তেওঁলোকে নাচ বন্ধ কৰি দিয়ে। কিন্তু বৰ্তমান ইণ্ডোনেছিয়াত লেগাং নৃত্যশিল্পীসকল সকলো বয়সৰ হ'ব পাৰে;[3]তদুপৰি, মহিলাৰ সাজ-পোছাক পৰিহিত পুৰুষৰ দ্বাৰা কৰা অভিনয়ৰো সম্ভেদ পোৱা গৈছে।[4]
ধ্ৰুপদী লেগং নৃত্যই কেইবাটাও মুখ প্ৰচলিত কাহিনী ৰচনা কৰি প্ৰদৰ্শন কৰে। আটাইতকৈ জনপ্ৰিয় সৰল কাহিনীটো হ’ল, পূব জাভাৰ ৰজা লাচেমৰ বীৰত্বপূৰ্ণ ৰোমাঞ্চৰ সংকলন মালাটৰ পৰা লোৱা কাহিনী। তেওঁ এবাৰ আন এজন ৰজাৰ সৈতে যুদ্ধত লিপ্ত হৈছিল, যি ৰাজকুমাৰী ৰংকেছাৰীৰ পিতৃ অথবা ভাতৃ। লাচেমে ছোৱালীজনীক বিয়া কৰাব বিচাৰিছিল, কিন্তু ছোৱালীজনীয়ে তেওঁক ঘৃণা কৰি পলাই যাবলৈ চেষ্টা কৰে। হাবিৰ মাজত বাট হেৰাই যোৱাৰ বাবে তাইক লাচেমে বন্দী কৰিবলৈ সক্ষম হয় আৰু তেওঁ তাইক কাৰাগাৰত বন্দী কৰি ছোৱালীজনীৰ পৰিয়ালৰ বিৰুদ্ধে চূড়ান্ত আক্ৰমণৰ বাবে ওলাই যায়। তেনেতে তেওঁক এটা দানৱীয় কাউৰীয়ে আক্ৰমণ কৰে, যিয়ে তেওঁৰ মৃত্যুৰ আগজাননী দিয়ে।
নাটকসমূহ বিশদ আৰু শৈলীগত মূকাভিনয়ৰ দ্বাৰা প্ৰদৰ্শন কৰিব পৰাকৈ প্ৰণয়ন কৰা হৈছে। কণমানি অভিনেত্ৰী দুগৰাকীৰ লগত কণ্ডং বা সহযোগী শিল্পী হিচাপে কণ্ডোং নামৰ তৃতীয়গৰাকী নৃত্যশিল্পীয়ে অংশগ্ৰহণ কৰে। তেওঁ কাহিনীৰ দৃশ্যপট নিৰ্ধাৰণ কৰে আৰু নৃত্যশিল্পীসকলক তেওঁলোকৰ অনুৰাগীৰ সম্মুখত উপস্থাপন কৰে আৰু পিছলৈ কাউৰীটোৰ চৰিত্ৰত অভিনয় কৰে।
লেগং নৃত্য কেইবাপ্ৰকাৰো আছে। পৰম্পৰাগতভাৱে পোন্ধৰটা বেলেগ বেলেগ লেগং নৃত্য আছিল বুলি জনা গৈছিল। প্ৰতি প্ৰকাৰ নৃত্যৰ সময়সীমা, গতি আৰু আখ্যানৰ মাজত পাৰ্থক্য আছিল। উদাহৰণস্বৰূপে কিছুমানে এঘণ্টালৈকে নৃত্য প্ৰদৰ্শন কৰি থাকিব পাৰে। এই প্ৰকাৰসমূহৰ ভিতৰত আছিল:[5] লেগং বাপাং চাবাব, লেগং জেবগ, লেগং ক্ৰাটন, লেগং কুন্তিৰ, লেগং লেচেম, লেগং ৰাজা চিনা, লেগং ছেমাৰন্দনা, লেগং সুদাসৰ্ণ আদি উল্লেখ যোগ্য নৃত্য।
১৯৮৪ চনৰ ফ্ৰন্টলাইন এলবামৰ অষ্ট্ৰেলিয়াৰ লোক-ৰক বেণ্ড ৰেডগামৰ একক গীত "আই হেভ বিন টু বালি টু"ত লেগং নৃত্যৰ কথা উল্লেখ কৰা হৈছে।