লেছবিয়ান কামোদ্দীপক (আদিৰসাত্মক) সৃষ্টি কৰ্ম সমূহ লেছবিয়ানবাদৰ দৃশ্যকলাৰ চিত্ৰণৰ সৈতে সম্পৰ্কিত। এইসমূহ মহিলাৰ সৈতে মহিলাৰ যৌন অভিব্যক্তি। প্ৰাচীন ৰোমৰ সময়ৰ পৰা ইৰোটিক কলাত সমকামিতাক এক বিষয় স্থান দিয়া হৈছে আৰু বহুতে লেছবিয়ানবাদৰ চিত্ৰণক কামোদ্দীপক বুলি গণ্য কৰে।
চিনেমা আৰু দূৰদৰ্শনৰ ইতিহাসত দীৰ্ঘ দিনৰ বাবে, লেছবিয়ানবাদক নিষিদ্ধ বুলি গণ্য কৰা হৈছিল। অৱশ্যে ১৯৬০-ৰ দশকৰ পৰা ই ক্ৰমান্বয়ে নিজৰ ক্ষেত্ৰত এক ধাৰাহৈ পৰিণত হৈছে। প্ৰথমে ছফ্টকোৰ চলচ্চিত্ৰ আৰু ইৰোটিক থ্ৰিলাৰত পোৱা, লেছবিয়ানবাদৰ চিত্ৰণ ১৯৮০ৰ দশকত মূলসুঁতিৰ চলচ্চিত্ৰত প্ৰৱেশ কৰিছিল। পৰ্ণগ্ৰাফিত, লেছবিয়ান যৌনতাৰ চিত্ৰণে এক জনপ্ৰিয় উপধাৰাৰ গঠন কৰে, আৰু এই ধৰাই বিপৰীতকামী পুৰুষ, লেছবিয়ান আৰু যিকোনো লিংগৰ উভকামী দৰ্শক সকলক আকৰ্ষণ কৰে।
সাহিত্য আৰু কলাত মহিলাসকলৰ মাজত যৌন সম্পৰ্কৰ উদাহৰণ দিয়াৰ লগতে বৰ্ণনা কৰা হৈছে, কিন্তু আধুনিক সময়ৰ আৰম্ভণিৰ পৰা এই বিষয়ক লিখিত সমলৰ বেছিভাগ ধ্বংস কৰি পেলোৱা হ'ল।[1] ঐতিহাসিক অভিলেখৰ পৰা এই কথা স্পষ্ট হয় যে লেছবিয়ান অশ্লীল গ্ৰন্থৰ বেছিভাগৰে পাঠক সকল আছিল পুৰুষ।[2]
পম্পেইৰ কামোদ্দীপক ফ্ৰেস্কোবোৰৰ মাজত লেছবিয়ান সমকামিতাৰ চিত্ৰণ পোৱা যায়। এই সৃষ্টিকৰ্ম সমূহ মধ্যযুগৰ ফালে অদৃশ্য হোৱাৰ পিছত নৱজাগৰণৰ ফলত প্ৰত্যাৱৰ্তন হয়। ফ্ৰান্সৰ বাউচাৰ আৰু জে.এম ডব্লিউ টাৰ্ণাৰ উনবিংশ শতিকাৰ আগশাৰীৰ শিল্পী সকলৰ ভিতৰত উল্লেখযোগ্য আছিল। তেওঁলোকে তেওঁলোকৰ শিল্প কৰ্মৰ দ্বাৰা মহিলাসকলৰ মাজত কামোদ্দীপনা প্ৰদৰ্শন কৰিছিল। আন চিত্ৰশিল্পীসকলৰ দৰে (যেনে জিন-অনাৰে ফ্ৰাগোনাৰ্ড), বাউচাৰে ধ্ৰুপদী পৌৰাণিক কাহিনী সমূহৰ পৰা অনুপ্ৰেৰণা পাইছিল। তেওঁ চিত্ৰণৰ বাবে ডায়েনা দেৱীৰ সৈতে সম্পৰ্কিত বিভিন্ন পৌৰাণিক কাহিনী ব্যৱহাৰ কৰা বহুতো শিল্পীৰ মাজৰ এজন আছিল।[3]
উনবিংশ শতিকাত, লেছবিয়ানবাদক পূৰ্বৰ তুলনাত অধিক মুকলিকৈ আলোচনা কৰা হয় আৰু বিষয়টোৱে বিভিন্ন কলাক্ষেত্ৰত প্ৰৱেশ কৰে। ফ্ৰান্সত, চাৰ্লছ বাউডেলাইৰৰ প্ৰভাৱ সাহিত্যৰ লগতে দৃশ্যকলাৰ ওপৰত গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়,[4] ডৰথী কোচিনস্কিৰ মতে ই উচ্চ পৰ্যায়ৰ কলাৰ বাবে নহয় কিন্তু বেছিভাগ জনপ্ৰিয় ইৰোটিকাৰ বাবে অন্যতম বিষয় আছিল।[3] বাউডেলাইৰৰ লেছ ফ্লেউৰ্ছ ডু মালৰ বাবে আগষ্ট ৰোডিনৰ সৃষ্টি কৰ্মত লেছবিয়ান দৃশ্য অন্তৰ্ভুক্ত আছিল।[4] গুস্তাভ কৌৰবেটৰ লে চ'মিলে (১৮৬৬) ১৮৩৫ চনত থেওফিল গাউটিয়েৰৰ "মেডমোইচেল দে মাউপিন" কাহিনীৰ এটা দৃশ্য বৰ্ণনা কৰে।[4] [5][6] ইয়াৰ সমকামী বিষয়বস্তু ১৮৭২ চনত আৰক্ষীৰ প্ৰতিবেদনৰ বিষয় হোৱাৰ বাবে বিষয়টোৱে বিতৰ্কৰ সৃষ্টি কৰিছিল।[7]
উনবিংশ শতিকাৰ ফৰাচী চিত্ৰকলাত, লেছবিয়ান সমকামিতাক প্ৰায়ে প্ৰাচ্যবাদৰ পৰিপ্ৰেক্ষিতত দেখুওৱা হৈছিল, আৰু এনেদৰে সেই যুগৰ ঔপনিৱেশিকতা আৰু সাম্ৰাজ্যবাদৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ বাবে এয়া উপযুক্ত আছিল; ফলস্বৰূপে, জাতি আৰু শ্ৰেণী সম্পৰ্কীয় ধাৰণাবোৰ ছবিবোৰৰ পৰা স্পষ্ট হৈছিল। বিশেষকৈ যেতিয়া লেছবিয়ান সমকামিতা হৰেম আৰু পতিতালয়ৰ দৃশ্যৰ সৈতে সম্পৰ্কিত আছিল। পৰৱৰ্তী সময়ত পাশ্চাত্য কলাত বৰ্ণিত লেছবিয়ান চিত্ৰণ সমূহ সাংস্কৃতিৰ দৰে প্ৰতিফলিত হয়, বা কেৱল আনুষ্ঠানিক চিত্ৰ শৈলীৰ বিশেষ প্ৰভাৱ পাৰে। [8]
উনবিংশ শতিকাৰ দ্বিতীয়াৰ্ধত, কলা আৰু ফেটিছ ফটোগ্ৰাফীৰ ক্ষেত্ৰত লেছবিয়ান থীমটো সুপ্ৰতিষ্ঠিত হৈছিল। সমকামী বিষয়বস্তুৰ সৈতে কাম কৰা উল্লেখযোগ্য শিল্পীসকল হৈছে ডেভিড হেমিল্টন, ষ্টিভ ডায়েট গডে আৰু বব কাৰ্লোচ ক্লাৰ্ক আদি। অতি শেহতীয়াকৈ, নান গোল্ডিন, টি কোৰিন্নে আৰু জুডি ফ্ৰান্সেস্কোনিৰ দৰে লেছবিয়ান আৰু উভকামী ফটোগ্ৰাফাৰে কামুক বিষয়বস্তুৰ ওপৰত গুৰুত্ব দিছে।
প্ৰাৰম্ভিক চলচ্চিত্ৰত সমকামী আৰু কামোদ্দীপক বিষয়বস্তু সংযত বা সাংকেতিক কৰা হৈছিল। আনকি সমকামীতাৰ ইঙ্গিতদিয়া দৃশ্যবোৰো বিতৰ্কিত আছিল। ইউৰোপীয় চলচ্চিত্ৰ মেডচেন ইন ইউনিফৰ্ম (১৯৩১)ত লেছবিয়ান থীম পোৱা গৈছিল। ১৯৩০ ৰ দশকৰ মাজভাগলৈ হেইছ কোডে হলিউডত নিৰ্মিত চলচ্চিত্ৰসমূহৰ যিকোনো সমকামী বিষয়বস্তু নিষিদ্ধ কৰে আৰু পুনৰ মুক্তি পাবলৈ কেইবাখনো প্ৰাক-কোড চলচ্চিত্ৰৰ পৰা এনে দৃশ্য সমূহ সম্পাদনা কৰিব লগা হয়। [9]
১৯৭০-ৰ দশকত, মহিলাসকলৰ মাজত যৌনতাৰ চিত্ৰণ মুখ্যতঃ অৰ্ধ-পৰ্ণগ্ৰাফিক চফ্টকোৰ আৰু যৌন শোষণ বিষয়ক চলচ্চিত্ৰ যেনে চেৰী, হেৰী আৰু ৰাকেল (১৯৭০), স্কোৰ (১৯৭৪), ইমানুৱেল (১৯৭৪), আৰু বিলিটিছ (১৯৭৭) আদিৰ ভিতৰত সীমাবদ্ধ আছিল। ১৯৬০ ৰ দশকৰ শেষৰ ফালৰ পৰা অৰ্ধ-স্পষ্ট বিষমকামী যৌন দৃশ্যসমূহ মূলসুঁতিৰ চলচ্চিত্ৰৰ অংশ আছিল যদিও ১৯৮০ ৰ দশকৰ শেষৰফালেহে মহিলাসকলে যৌন সম্ভোগ কৰাৰ সমতুল্য চিত্ৰণে কেৱল মূলসুঁতিৰ চলচ্চিত্ৰত তেওঁলোকৰ উপস্থিতি আৰম্ভ কৰিছিল। ১৯৯০-ৰ দশকৰ পৰা মূলসুঁতিৰ চলচ্চিত্ৰত মহিলাৰ মাজত যৌনতাৰ চিত্ৰণ প্ৰায় সাধাৰণ হৈ পৰিছিল। মহিলাসকলৰ মাজত চুম্বনৰ দৃশ্য চলচ্চিত্ৰ আৰু দূৰদৰ্শনত ক্ৰমান্বয়ে প্ৰদৰ্শিত হৈ আহিছে। প্ৰকৃততে ছবিখনে যৌনতা বা নগ্নতা দেখুৱাই অধিক প্ৰতিবন্ধক ৰেটিং লাভ নকৰাকৈয়ে যাতে চলচ্চিত্ৰএখনত যৌন উত্তেজনাপূৰ্ণ উপাদান অন্তৰ্ভুক্ত কৰিব পাৰি তাৰেই উপায় হিচাপে ব্যৱহাৰৰ কৰা হয়।
লেছবিয়ানিজম হৈছে হাৰ্ডক'ৰ আৰু চফ্টকোৰ পৰ্ণগ্ৰাফি দুয়োটাতে এক গুৰুত্বপূৰ্ণ বিষয়। বহুতো প্ৰাপ্তবয়স্ক ভিডিঅ'ৰ শিৰোনাম, ৱেবছাইট, আৰু সমগ্ৰ ষ্টুডিঅ' (যেনে গাৰ্লফ্ৰেণ্ডছ ফিল্মছ আৰু চুইটহাৰ্ট ভিডিঅ') সম্পূৰ্ণৰূপে লেছবিয়ান যৌন কাৰ্যকলাপৰ চিত্ৰণৰ বাবে সমৰ্পিত।[10] লেছবিয়ান পৰ্ণগ্ৰাফি সাধাৰণতে মুখ্যতঃ পুৰুষ দৰ্শকক উদ্দেশ্য কৰি বনোৱা হয়, ইয়াত মহিলা দৰ্শকৰ সংখ্যা কম আৰু বহুতো বিষমকামী প্ৰাপ্তবয়স্ক ভিডিঅ'ত লেছবিয়ান যৌন দৃশ্য অন্তৰ্ভুক্ত থাকে। অৱশ্যে, জাপানী প্ৰাপ্তবয়স্ক ভিডিঅ'ত, লেছবিয়ানবাদক এক ফেটিছ বুলি গণ্য কৰা হয়। ৰেজু (レズ-লেছবিয়ান) ভিডিঅ' হৈছে এইধৰণৰ এক বিশেষ ধাৰা।[11]