লেডী গাগা, যাৰ প্ৰকৃত নাম ষ্টেফানী জোয়ান এঞ্জেলিনা জাৰ্মানোটা, ১৯৮৬ চনৰ ২৮ মাৰ্চত জন্মগ্ৰহণ কৰে আৰু এগৰাকী আমেৰিকান গায়িকা, গীতিকাৰ আৰু অভিনেত্ৰী। পেছাদাৰীভাৱে তেওঁ লেডী গাগা নামেৰে পৰিচিত। নিজৰ ভাবমূৰ্তি পুনৰ উজ্জ্বল কৰা আৰু মনোৰঞ্জনৰ ক্ষেত্ৰত বহুমুখীতা প্ৰদৰ্শনৰ বাবে পৰিচিত ছানীয়ে কিশোৰী অৱস্থাত মুকলি সাংস্কৃতিক সন্ধিয়াত গান গাই আৰু স্কুলৰ নাটকত অভিনয় কৰি অভিনয় জীৱন আৰম্ভ কৰিছিল। সংগীত কেৰিয়াৰ গঢ়িবলৈ যোৱাৰ পূৰ্বে তেওঁ সহযোগিতামূলক কলা প্ৰকল্প ২১ অধ্যয়ন কৰিছিল। ডেফ জেম ৰেকৰ্ডিংছৰ চুক্তি বাতিলৰ পিছত গাগাই চ’নী/এটিভি মিউজিক পাব্লিছিঙৰ গীতিকাৰ হিচাপে কাম কৰে। ২০০৭ চনত তেওঁ ইণ্টাৰস্কোপ ৰেকৰ্ডছ আৰু কনলাইভ ডিষ্ট্ৰিবিউচনৰ সৈতে চুক্তিবদ্ধ হয়। পিছৰ বছৰত তেওঁৰ প্ৰথম ষ্টুডিঅ' এলবাম দ্য ফেম আৰু ইয়াৰ একক গীত "জাষ্ট ডান্স" আৰু "পকাৰ ফেচ"য়ে তেওঁৰ উত্থানৰ আৰম্ভণি কৰে। পিছলৈ এলবামটো দ্য ফেম মনষ্টাৰ(২০০৯)ৰ সৈতে পুনৰ প্ৰকাশ কৰা হয়, যাৰ ফলত সফল একক গীত "বেড ৰোমাঞ্চ", "আলেজান্দ্ৰ'" আৰু "টেলিফোন"ৰ সৃষ্টি হয়।
গাগাৰ পৰৱৰ্তী পাঁচটা এলবামে আমেৰিকাৰ বিলবোৰ্ড ২০০ৰ শীৰ্ষ স্থান দখল কৰে। তেওঁৰ দ্বিতীয়টো পূৰ্ণদৈৰ্ঘ্যৰ এলবাম বৰ্ণ ডিছ ৱে(২০১১)-এ ইলেক্ট্ৰনিক ৰক আৰু টেকন'-পপৰ বাট কাটি দিছিল আৰু এইটো প্ৰথম সপ্তাহতে ১০ লাখতকৈ অধিক কপি বিক্ৰী হৈছিল। টাইটেল ট্ৰেকটোৱে আই টিউনছ ষ্ট’ৰত সৰ্বাধিক বিক্ৰী হোৱা গীত হিচাপে পৰিগণিত হয়, এসপ্তাহ নৌহওঁতেই ইয়াৰ ১০ লাখতকৈ অধিক ডাউনলোড হয়। ইডিএম-প্ৰভাৱিত তৃতীয় এলবাম আৰ্টপপ(২০১৩) আৰু ইয়াৰ মুখ্য একক "Applause"ৰ পিছত তেওঁ টনি বেনেটৰ সৈতে জাজ এলবাম Cheek to Cheek(২০১৪) আৰু চফ্ট ৰক এলবাম Joanne(২০১৬) মুকলি কৰে। অভিনয়ৰ ক্ষেত্ৰতো তেওঁ আগবঢ়িবলৈ সাহস কৰে আৰু মিনিচিৰিজ আমেৰিকান হৰৰ ষ্ট’ৰী: হোটেল(২০১৫–২০১৬) আৰু মিউজিকেল ছবি এ ষ্টাৰ ইজ বৰ্ণ(২০১৮)ত মুখ্য চৰিত্ৰৰ বাবে বঁটা লাভ কৰে। তাৰ পিছত চাউণ্ডট্ৰেকত তেওঁৰ অৱদান, যিয়ে চাৰ্টত শীৰ্ষস্থান দখল কৰা একক "Shallow"ৰ জন্ম দিয়ে, তেওঁ এবছৰৰ ভিতৰতে একাডেমী বঁটা, বাফটা বঁটা, গোল্ডেন গ্ল'ব বঁটা আৰু গ্ৰেমী বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়। গাগাই তেওঁৰ ষষ্ঠ ষ্টুডিঅ' এলবাম Chromatica(২০২০)ৰ সৈতে ডান্স-পপলৈ ঘূৰি আহে, যিয়ে এক নম্বৰ একক "ৰেইন অন মি"ৰ সৃষ্টি কৰে। তেওঁৰ দ্বিতীয়টো সহযোগী এলবাম লাভ ফৰ চেল বেনেটৰ সৈতে মুকলি কৰে আৰু ২০২১ চনত বায়'পিক House of Gucciত অভিনয় কৰে।
আনুমানিক ১৭ কোটি ৰেকৰ্ড বিক্ৰী কৰা গাগা বিশ্বৰ অন্যতম ’বেষ্ট চেলা’ৰ সংগীত শিল্পী আৰু বিশ্বজুৰি কমেও ১ কোটি কপি বিক্ৰী হোৱা চাৰিটা একক গীতৰ একমাত্ৰ মহিলা শিল্পী। ১৩টা গ্ৰেমী বঁটা, দুটা গোল্ডেন গ্ল’ব বঁটা, ১৮টা এমটিভি ভিডিঅ’ মিউজিক বঁটা, গীতিকাৰৰ পৰা পোৱা হল অৱ ফেম আৰু কাউন্সিল অৱ ফেশ্বন ডিজাইনাৰছ অৱ আমেৰিকা আৰু বিলবোৰ্ডৰ পৰা Artist of the Year(২০১০) আৰু Woman of the Year(২০১৫) হিচাপে স্বীকৃত। ইয়াৰ উপৰিও ফৰ্বছৰ কেইবাটাও পাৱাৰ ৰেংকিঙত অন্তৰ্ভুক্ত হোৱাৰ লগতে ভিএইচ-১ৰ গ্ৰেটেষ্ট উইমেন ইন মিউজিক(২০১২)ত চতুৰ্থ স্থান লাভ কৰিছে। টাইমে ২০১০ আৰু ২০১৯ চনত গাগাক বিশ্বৰ ১০০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত অন্যতম বুলি ঘোষণা কৰি তেওঁলোকৰ অল টাইম ১০০ ফেশ্বন আইকন তালিকাত স্থান দিছিল। গাগাৰ দানশীলতা আৰু সক্ৰিয়তাই মানসিক স্বাস্থ্য সজাগতা আৰু এলজিবিটি অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে; তেওঁৰ নিজা এটা অলাভজনক বৰ্ণ ডিছ ৱে ফাউণ্ডেশ্যন নামৰ সংস্থা আছে, যিয়ে যুৱক-যুৱতীসকলৰ ভাৰল বাবে কাম কৰে। তেওঁৰ ব্যৱসায়িক উদ্যোগসমূহৰ ভিতৰত আছে ২০১৯ চনত মুকলি কৰা ভেগান প্ৰসাধন সামগ্ৰীৰ ব্ৰেণ্ড হাউছ লেবছ।
১৯৮৬ চনৰ ২৮ মাৰ্চত নিউয়ৰ্ক চহৰৰ মানহাটানৰ লেনক্স হিল হাস্পতালত[1] এটা উচ্চ মধ্যবিত্তীয় কেথলিক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ষ্টেফানী জোয়ান এঞ্জেলিনা জাৰ্মানোটাই। তেওঁৰ পিতৃ-মাতৃ দুয়োৰে বংশ ইটালীয়। তেওঁৰ পিতৃ-মাতৃ হৈছে চিন্থিয়া লুইজ আৰু এগৰাকী দানবীৰ আৰু জোচেফ জাৰ্মানোটা, ব্যৱসায়িক প্ৰতিষ্ঠানৰ কাৰ্যবাহী আৰু ইণ্টাৰনেট উদ্যোগী[2] আৰু তেওঁৰ নাটালি নামৰ এগৰাকী সৰু ভগ্নী আছে।[3] মানহাটানৰ আপাৰ ৱেষ্ট চাইডত ডাঙৰ-দীঘল হোৱা গাগাই এটা সাক্ষাৎকাৰত কয় যে, তেওঁৰ পিতৃ-মাতৃ নিম্ন শ্ৰেণীৰ পৰিয়ালৰ পৰা আহিছিল আৰু সকলো কামতে কঠোৰ পৰিশ্ৰম কৰিছিল।[4][5] ১১ বছৰ বয়সৰ পৰাই তেওঁ কনভেণ্ট অৱ দ্য ছেক্ৰেড হাৰ্ট নামৰ সম্পূৰ্ণ ছোৱালীৰ বাবে ব্যক্তিগত ৰোমান কেথলিক স্কুলত পঢ়িছিল।[6] গাগাই হাইস্কুলীয়া জীৱনত "অতি নিষ্ঠাৱান, অতি অধ্যয়নশীল, অতি অনুশাসিত" কিন্তু "অলপ নিৰাপত্তাহীন" বুলি নিজকে বৰ্ণনা কৰিছে। তেওঁ নিজকে অনুপযুক্ত বুলি গণ্য কৰিছিল আৰু "হয়তো অতি উত্তেজক বা অপ্ৰকৃতিস্থ" বুলি উপহাস কৰা হৈছিল।[7]
চাৰি বছৰ বয়সৰ পৰাই গাগাই পিয়ানো বজাবলৈ আৰম্ভ কৰে৷ তেওঁৰ মাকে তেওঁক "এগৰাকী সংস্কৃতিৱান যুৱতী" হ'বলৈ প্ৰেৰণা দিছিল। শৈশৱ কালতে পিয়ানো লৈ পাঠ অনুশীলন কৰিছিল। সংগীতৰ পাঠ পঢ়াতকৈ পাঠবোৰ শুনি তেওঁ সংগীত সৃষ্টি কৰিবলৈ বেছি ভাল পাইছিল৷ গাগাৰ পিতৃ-মাতৃয়ে তেওঁক সংগীতৰ প্ৰতি আগ্ৰহী কৰি ক্ৰিয়েটিভ আৰ্টছ কেম্পত নামভৰ্তি কৰি দিয়ে।[8] কিশোৰী অৱস্থাত তেওঁ ৰাতি সাংস্কৃতিক সন্ধিয়াত বজাইছিল৷[9] গাগাই নিউয়ৰ্ক চহৰ ৰেজিছ হাইস্কুলত গাইজ এণ্ড ডলছ নামৰ নাটকত মুখ্য চৰিত্ৰ এডিলেইডৰ অভিনয় কৰিছিল আৰু এ ফানি থিং হেপেনড অন দ্য ৱে টু দ্য ফ'ৰাম নাটকত মুখ্য চৰিত্ৰ ফিলিয়াৰ চৰিত্ৰত অভিনয় কৰিছিল৷[10] ইয়াৰ উপৰিও তেওঁ লি ষ্ট্ৰাছবাৰ্গ থিয়েটাৰ এণ্ড ফিল্ম ইনষ্টিটিউটত দহ বছৰ ধৰি অভিনয় পদ্ধতি অধ্যয়ন কৰিছিল।[11] গাগাই নিউয়ৰ্কৰ অনুষ্ঠানৰ বাবে অডিচন দিছিল যদিও অসফল হৈছিল,অৱশ্যে, ২০০১ চনৰ The Sopranosৰ এটা খণ্ডত হাইস্কুলৰ ছাত্ৰী হিচাপে সৰু পটভূমিৰ চৰিত্ৰত অভিনয় কৰিছিল যাৰ শিৰোনাম আছিল "The Telltale Moozadell"।[12][13]