![]() | এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
মানুহৰ দেহৰ ডিঙিৰ ভিতৰত যিডাল নলীৰ মাজেৰে বতাহ চলাচকৰে তাৰ একেবাৰে আগভাগৰ অংশকে স্বৰযন্ত্ৰ বা লেৰিংছ বোলে। আমাৰ ডিঙিৰ ভিতৰত একেবাৰে ওচৰা ওচৰীকৈ দুডাল নলী আছে-এডালৰ মাজেৰে খাদ্য বস্তু আৰু আনডালৰ মাজেৰে বতাহ চলাচল কৰে। বাহিৰৰপৰা চালে অথবা হাতেৰে চুইচালে ত্ৰিভুজ আকাৰৰ যিটো উচ্চ অংশ পোৱা যায় ইয়াকে লাৰিংছ বোলা হয়। কিবা কাৰণত বা বিজানু সক্ৰমণ ঘটিলে লেৰিংছৰ ভিতৰৰ শ্লৈষ্মিক ঝিল্লিৰ প্ৰদাহ হ’ব পাৰে। লাৰিংছৰ ওপৰৰ অংশটোৰ নাম গ্লটিচ(শ্বাসনলীৰ দৰ্জা)। তাৰ ওপৰৰ অংশৰ নাম ইপিগ্লটিছ বা উপজিহ্বা। ইপিগ্লটিছ জিহ্বাৰ গুৰিতে থাকে। লেৰিংছ জিহ্বাৰ গুৰি আৰু ট্ৰেকিয়াৰ ঠিক মধ্যস্থলতে অৱস্থিত। লেৰিংছৰ তলৰ বিস্তৃত অংশৰ নাম ট্ৰেকিয়া। ডিঙিৰ ভিতৰৰ স্বৰনলীৰ শ্লৈষ্মিক ঝিল্লীৰ প্ৰদাহকে স্বৰযন্ত্ৰৰ প্ৰদাহ বা লেৰিংজাইটিছ বোলা হয়। স্বৰযন্ত্ৰৰ শ্লৈষ্মিক ঝিল্লি স্ফিত হৈ প্ৰদাহিত হয় আৰু এক ধৰণৰ আথাজাতীয় শ্লেষ্মা নিঃসৰিত হয়।
লেৰিংজাইটিছ সাধাৰণতে দুই প্ৰকাৰ হব পাৰে। যেনে- নতুন অৰু পুৰনি। নতুন লেৰিংজাইটিছ লক্ষণ অনুজায়ী বিভিন্ন প্ৰকাৰৰ হব পাৰে। যেনে- একুইট ক্যাটৰাছ( Acute catarrhal Laryngitis), ছাবমিউকাছ( Sub- mucus Laryngitis), ইডিমেটাছ( Edematous Laryngitis), চিফিলিটিক( Syphilitic Laryngitis), টিউবাৰ কিউলাছ( Tuberculous Laryngitis), লেৰিংজাইটিছ ষ্ট্ৰিতুলাচ ইত্যাদি। আমি ঘুংডি কাহ বা ক্ৰুপ বুলি যি একপ্ৰকাৰ যন্ত্ৰণাদায়ক কাহৰ লক্ষণ দেখিবলা পাওঁ ইও প্ৰকৃততে লেৰিংজাইটিছৰ এক লক্ষণ বিশেষ। সাধাৰণতে লক্ষণৰ ওপৰত ভিত্তিকৰিহে লেৰিংজাইটিছৰ শ্ৰেণী নিৰূপণ কৰা হয়। তলত লেৰিংজাইটিছৰ বিভিন্ন শ্ৰেণীৰ এক থুলমুল আলোচনা আগবঢ়োৱা হ’ল।
এই ধৰণৰ ৰোগত সাধাৰণতে বয়স্কৰ লোককেহ আক্ৰান্ত হোৱা দেকিবলৈ পোৱা যায় যদিও বহুক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম দেখাযায়। এই ৰোগ প্ৰথমে সাধাৰণ চৰ্দি-কাহৰ লক্ষণৰ পৰাই আৰম্ভ হয়। একুইট ক্যাটৰাছ লেৰিংজাইটিছৰ উল্লেখযোগ্য লক্ষণ সমূহ হৈছে ডিঙিৰ নলী শুকাই যোৱাৰ লগতে সংকোচন বোধ কৰা। লেৰিংছ আৰু ট্ৰেকিয়াৰ মাজত জ্বলা-পোৰা ভাব, সুৰসুৰণী অনুভৱ কৰা, ডিঙিৰ প্ৰচণ্ড বিষ অনুভৱ কৰা। ডিঙিৰ বিষ ইমান বেছি যে ৰোগীয়ে কথাকওঁতে, কিবা খালে, কাহিলে, আনকি ঢোক গিলিলেও বৰকষ্ট পায়। শ্বাস-প্ৰশ্বাস লওঁতেও কষ্টপায়। কণ্ঠস্বৰ কৰ্কষ হয়। সময়ে সময়ে আপেক্ষিক কাহ, বিভিন্ন প্ৰকাৰৰ শব্দ যুক্ত কাহ, ডিঙিৰ ভিতৰত শ্লেষ্মা লাগিথকাৰ কাৰণে সদায় গলখেকাৰি দিব লগা হয়। প্ৰথম অৱস্থাত শুকান কাহ হয় আৰু আথাৰ দৰে খেকাৰ কম পৰিমাণে বাহিৰ হয়। গাৰ ছাল শুকান আৰু নাৰীৰ গতি দ্ৰুত হয়। ৰোগীৰ পিয়াহ আৰু কৌষ্টকাঠিন্য ভাৱ থাকে। ৰোগী লাহে লাহে দুৰ্বল আৰু অৱশ হৈ পৰে।
ই একপ্ৰকাৰ কঠিন ৰোগৰ লক্ষণ বিশেষ। ইয়াত গভীৰতম কোষসমূহ ক্ৰান্ত হয়। একুইট ক্যাটৰাছ লেৰিংজাইটিছৰ কিছু কিছু লক্ষণ ছাবমিউকাছ লেৰিংজাইটিছ ৰিংজাইটিছটো দেখিবলৈ পোৱা যায়। যেনে- লেৰিংছ অত্যধিক ফোলিওঠে আৰু প্ৰচণ্ড প্ৰদাহ ভাৱৰ সৃষ্টি হয়। কোনোধৰণৰ দ্ৰব্য বা পানী গিলিব নোৱাৰে, অসহ্য যন্ত্ৰণা অনুভৱ কৰে। শ্বাস কষ্ট বা গলাৰ ভিতৰত বিষ থাকে। কাহোতে, খাওঁতে বা কথাকওঁতে, নিশ্বস এৰোতে বা বাহিৰৰ পৰা চাপ দিলেও বেদনা বৃদ্ধি হয়। দেহৰ তাপ মাত্ৰা ১০২ পৰা ১০৩/৪ ডিগ্ৰী পযন্ত হব পাৰে। প্ৰচণ্ড শ্বাসকষ্ট এই ৰোগৰ প্ৰধান উপসৰ্গ। অক্ৰান্ত স্থানৰ কলা সমূহ নষ্টহৈ যায় আৰু শ্বাস বন্ধহৈ ৰোগী মৃত্যু মুখত পৰিবও পাৰে। দীৰ্ঘ সময় ধৰি একো খাব নোৱাৰাৰ ফলত ৰোগী একেবাৰে দুৰ্বল হৈ পৰে।
এই ৰোগৰ প্ৰধান লক্ষণ হ’ল গ্লটিছৰ স্ফীতি। এই স্ফীতি ভাব লাহে লাহে বাঢ়িগৈ ভয়ংকৰ ৰুপ ধাৰণ কৰে আৰু প্ৰদাহ সৃষ্টি হয়। ৰোগীৰ মনত ভাব হয় যেন ডিঙিত কিবা এটা লাগি আছে। শ্বাস-প্ৰশ্বাসত কষ্ট হয় আৰু শ্বাস-প্ৰশ্বাসৰ সময়ত একধৰণৰ অদ্ভুত শব্দ হয়। আনহাতে সম্পূৰ্ণ স্বৰ লোপ হ’বও পাৰে আৰু দেহত যথেষ্ট তাপ বৃদ্ধি হ’বও পাৰে। ৰেগীয়ে অনবৰতে জ্বৰ জ্বৰ অনুভৱ কৰি থাকে আৰু দুৰ্বলতা তথা অৱসন্নতাও অনুভৱ কৰে।
এই ৰোগত যিকোনো বয়সৰ লোকেই অক্ৰান্ত হ’ব পাৰে। বিশেষকৈ দুটা কাৰণত এই ৰোগত আক্ৰান্ত হ’ব পাৰে-প্ৰথমটো বংশগত আৰু দ্বিতীয়টো স্ব-আৰ্জিত। এই দুটা কাৰণত আক্ৰান্ত ৰোগে বহুতো লক্ষণ প্ৰকাশকৰে। যেনে-স্বৰ ভংগ, শ্বাসকষ্ট, কাহ,কাহিলে অতি সামান্য কফ ওলোৱা, কোনো কোনো সময়ত উশাহ বন্ধহোৱাৰো উপক্ৰম হয়। এই ৰোগত ফেৰিংছ, লেৰিংছ, ইপিগ্লটিছ, গ্লচিছ এই সকলো বিলাক আক্ৰান্ত হ’ব পাৰে। সেইকাৰণে যিকোনো খাদ্য, পানী খালে ৰোগীয়ে ভীষণ কষ্ট পায়। এই ৰোগৰ প্ৰথম পৰ্যায়ত সামান্য ডিঙিৰ সুৰ সুৰণি, গলাধৰা, স্বৰ লোপ, কাহ, চৰ্দি আদিয়ে দেখাদিয়ে। কিন্তু যেতিয়া ৰোগে যতিল ৰূপধাৰণ কৰে তেতিয়া ফেৰিংছ, লেৰিংছ, ইপিগ্লটিছ আৰু গ্লচিছত ঘাঁৰ সৃষ্টি কৰে। দিন বাঢ়ি যোৱাৰ লগে লগে এই ক্ষত সমূহ গভিৰ আৰু মাৰাত্মক হৈ খদ্যখালে ৰোগীয়ে অত্যন্ত কষ্ট পায়। পূজঁ মিশ্ৰিত শ্লেষ্মা কফৰ লগত দেখা যায়। এই ঘাঁ সমূহ নকমিলে পূঁজৰ লগতে কেতিয়াবা প্ৰচুৰ ৰক্ত স্ৰুতও দেখাযায়। ইয়াৰ ফলত ৰোগীৰ শ্বাস বন্ধহৈ মৃত্যু মুখতো পৰিব পাৰে। অৱশ্যে এনেধৰণৰ লক্ষণকে লেৰিংছৰ কেন্সাৰ বুলি অভিহিত কৰা হয়।
এই ৰোগত অক্ৰান্ত ৰোগীক চিনাক্ত কৰাৰ লক্ষণ সমূহ হ’ল- প্ৰথমে লেৰিংছত সুৰ সুৰনি অলপ অলপ কাঁহ, পিছত স্বৰভংগ আৰু তাৰ পিছত সম্পূৰ্ণ স্বৰ লোপ। কাহত তেজৰ কণিকা মিশ্ৰিত পুঁজ বাহিৰ হয়। কাহিলে লেৰিংছত ভয়ানক বিষ হয় আৰু বিষ কান পৰ্যন্ত বিস্তৃত হয়। যিকোনো খাদ্যবস্তু গিলিলে বা সেপ ধুকিলেও খুওব কষ্ট হয়। ৰোগ বঢ়াৰ লগে লগে এই উপৰ্সগই জটিল ৰূপ ধাৰণ কৰে। লেৰিংছৰ ঘাঁ লাহে লাহে বৃদ্ধি হৈ থাকে। এই ঘাঁ লাহে লাহে ফেৰিংছ, লেৰিংছ. ইপিগ্লটি, গ্লচিছত আদিলৈ বিয়পি পৰে। ই অতি ভয়ঙ্কৰ প্ৰকৃতিৰ ৰোগ। ৰোগৰ আৰম্ভণিতে চিকিৎসা নকৰিলে ৰোগীৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে।
লেৰিংজাইটিছত আক্ৰান্ত ৰোগীৰ ডিঙিত খোচা বিন্ধা কৰা বিষ থাকে। কথাকওঁতে ঘঁহাখাই ওলোৱাৰ দৰে মাত ওলাই। মাত প্ৰাই ভালদৰে নোলাই। কথাকলে, খালে, ডিঙিৰ বিষ অনুভৱ হয়। পুঁজ আৰু ৰঙা তেজ ওলাই। ডিঙিৰ নলীটোৰ কাষত সোঁফালে বা বাওঁ ফালে এডোখৰ থাইত খুচা-বিন্ধা কৰা বিষ থাকিলে Acid Nitric ঔষধ টোৰ দ্বাৰা ৰোগ আৰুগ্য হয়।
ইয়াৰ উপৰিও লেৰিংজাইটিছত Mercurius bin Iodide, Ferrumphos, Mercurius Sol, Phytolacca, Kalimur, kali phos, Alumina, Hepar sulphur, Dolichos, kali Carb, Drosera Rotundifolia, Aurum Triphyllum, Argentum Metallicum, Selenium আদি ঔষধ সমূহ ব্যৱহাৰ কৰি ৰোগীক সুষ্ট কৰি তুলিব পাৰি।