কবিৰাজ, বৈদ্য বা লোক চিকিৎসক (ইংৰাজী: Folk healer) হৈছে পৰম্পৰাগত চিকিৎসা পদ্ধতি, বনৌষধি, আৰু পৰামৰ্শৰ শক্তি বা মন্ত্ৰ শক্তিৰ ব্যৱহাৰ কৰি ৰোগ নিৰাময় কলা অভ্যাস কৰা কোনো অনুজ্ঞাপত্ৰবিহীন ব্যক্তি। "লোক" শব্দটো সাধাৰণতে কোনো অঞ্চলৰ প্ৰধান ধৰ্মীয় প্ৰতিষ্ঠানে স্পষ্টভাৱে অনুমোদন নজনোৱা পৰম্পৰাগত চিকিৎসা আৰু নিৰাময় পদ্ধতিৰ সৈতে জড়িত আছিল। কোনো অনুমোদিত পুৰোহিত বা ধৰ্মীয় ব্যক্তিৰ পৰা আৰোগ্য নিবিচৰা ব্যক্তিসকলে সাধাৰণতে স্থানীয় লোক চিকিৎসকৰ সহায় লয়। লোক চিকিৎসকসকলক তেওঁলোকৰ কাৰিকৰী অবৈধতা সত্ত্বেও প্ৰায়ে নিৰাময় প্ৰক্ৰিয়াৰ সৈতে অধিক জড়িত বুলি গণ্য কৰা হৈছিল আৰু অন্য চিকিৎসকসকলতকৈ তেওঁলোকে ৰোগীসকলক অধিক আৰামদায়ক কৰি তুলিছিল।[1] বৰ্তমান যদিও আধুনিক চিকিৎসা পদ্ধতিক অগ্ৰাধিকাৰ দিয়া হৈছে, তথাপি বহু লোকে পৰম্পৰাগত চিকিৎসাৰ প্ৰতি বিশ্বাস কৰি লোক চিকিৎসকৰ ওচৰ চাপে।[2]
ঐতিহাসিকভাৱে মহিলাসকলে সাম্প্ৰদায়িক লোক চিকিৎসকৰ ভূমিকা গ্ৰহণ কৰি আহিছে। কিছুমান পুৰুষে নিৰাময়ৰ সৈতে জড়িত পদ্ধতিসমূহ শিকিছিল যদিও শিশুৰ যত্ন আৰু ঘৰতে চিকিৎসাৰ সৈতে জড়িত হোৱাৰ বাবে মহিলাসকলে এই ক্ষেত্ৰখনত আধিপত্য বিস্তাৰ কৰাৰ প্ৰৱণতা দেখা গৈছিল। সমাজৰ অন্যান্য বৃত্তি আৰু কামত মহিলাসকল ঐতিহাসিকভাৱে অন্য বৃত্তিত জড়িত হোৱাত বাধা আৰোপ কৰা বাবে অসুস্থ আপোনজনৰ যত্ন লোৱাৰ দায়িত্ব দিয়া হৈছিল। বিশেষকৈ আফ্ৰিকান-আমেৰিকান সম্প্ৰদায়সমূহত সমাজৰ সৈতে জড়িত হোৱা আৰু প্ৰতিষ্ঠানত কাম কৰাত মহিলাসকলৰ বাধা নিষেধ থকাৰ বাবে সম্প্ৰদায়ৰ নিৰাময় আৰু ঔষধি চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দিষ্ট মহিলা চিকিৎসক থকাটো সাধাৰণ কথা আছিল।[1]
ঐতিহাসিক ভাবে মহিলাসকলেই সাধাৰণতে গৰ্ভাৱস্থা আৰু প্ৰসৱৰ শাৰীৰিক চাহিদাৰ প্ৰতি চিন্তিত আছিল। লোক নিৰাময়ৰ আদিম ৰূপৰ এক বৃহৎ সংখ্যকেই জীৱনৰ এই পৰ্যায়সমূহত এগৰাকী নাৰীৰ শৰীৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ইয়াৰ বাবেই লোকচিকিৎসকসকল নাৰীৰ উৰ্বৰতাৰ সৈতে জড়িত হৈ পৰিছে, সেই বাবে সেই সময়ৰ ধৰ্মীয় অনুষ্ঠানসমূহ অসন্তুষ্ট হৈ পৰিছিল। এই ধৰ্মীয় স্থানসমূহত আধিপত্য বিস্তাৰ কৰা পুৰুষসকলে নিজৰ ক্ষমতা প্ৰয়োগৰ উপায় হিচাপে উৰ্বৰতাৰ ওপৰত মূল নিয়ন্ত্ৰণ ৰাখিব বিচাৰিছিল। কিন্তু লোক চিকিৎসকসকলে গৰ্ভাৱস্থা আৰু প্ৰসৱৰ সৈতে জড়িত নিজৰ কাম বন্ধ কৰা নাছিল আৰু প্ৰায়ে প্ৰাথমিক অৱস্থাত প্ৰসৱৰ পৰা আহিব পৰা প্ৰয়োজন আৰু সম্ভাৱ্য জটিলতাৰ বিষয়ে অতি ভালদৰেই জানিছিল। যিহেতু লোকচিকিৎসকসকলে চিকিৎসা বিজ্ঞানৰ এই ক্ষেত্ৰখন পৰিত্যাগ কৰিবলৈ অস্বীকাৰ কৰিছিল, সেয়েহে ধৰ্মীয় প্ৰতিষ্ঠানসমূহে তেওঁলোকক নেতিবাচক শক্তি হিচাপে স্বীকৃতি দিছিল। এই কাৰণেই লোক চিকিৎসকসকলক প্ৰায়ে ডাইনী হিচাপে গণ্য কৰা হৈছিল আৰু পৌৰাণিক পদ্ধতিত গৰ্ভপাতজনিত যত্ন লৈছিল।[1]
দক্ষিণ এপ্লাচিয়া আৰু অজাৰ্কছত বয়স্ক মহিলাসকলক ৰোগ নিৰাময়কাৰী আৰু ধাত্ৰী বুলি কোৱা হৈছিল। ১৮৮০ চনৰ পৰা ১৯৩০ চনলৈকে এই ধাত্ৰীসকলে লোক চিকিৎসা অনুশীলন কৰিছিল বুলি বহুকেইজন শিক্ষাবিদে দাবী কৰে। সাধাৰণতে তেওঁলোকক তত্ত্বগতভাৱে সমাজৰ বয়স্ক মহিলা বুলি কোৱা হয় আৰু হয়তো দক্ষিণ এপ্লাচিয়াৰ দৰিদ্ৰ গ্ৰাম্য অঞ্চলত স্বাস্থ্যসেৱা প্ৰদান কৰা একমাত্ৰ চিকিৎসক আছিল। চিকিৎসাৰ বিনিময়ত তেওঁলোকে কোনো ধনৰ আশা কৰা নাছিল বা ধন লাভ কৰা নাছিল আৰু বনৌষধি নিৰাময় আৰু প্ৰসৱৰ চিকিৎসাৰ অধিকাৰী হিচাপে সন্মান কৰা হৈছিল।
কবিৰাজ হৈছে ভাৰতীয় উপমহাদেশ পূব প্ৰান্তৰ ব্যক্তিসকলৰ মাজত ব্যৱহৃত এটা বৃত্তিগত উপাধি। পুৰণি কালত পৰম্পৰাগতভাৱে আয়ুৰ্বেদ চৰ্চা কৰা লোকসকলক পূব ভাৰতত সাধাৰণতে কবিৰাজ বা চমুকৈ কবি বুলি কোৱা হৈছিল। তেওঁলোকৰ বহুতেই ৰজা আৰু ৰাজপৰিয়ালৰ চিকিৎসা কৰিবলৈ ৰাজদৰবাৰৰ লগত জড়িত আছিল। সেইবাবেই তেওঁলোকক কবিৰাজ আৰু ৰাজ বৈদ্য উপাধি প্ৰদান কৰা হৈছিল। পিছত তেওঁলোকৰ বংশধৰসকলেও "কবিৰাজ" উপাধি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। এই উপাধিটো প্ৰায়ে বাংলাদেশ আৰু ভাৰতৰ পশ্চিমবংগ, বিহাৰ, অসম আৰু ওড়িশাত ব্যৱহাৰ কৰা দেখা যায়।[3][4]
এপ্লাচিয়াৰ লোকচিকিৎসা পদ্ধতিত ঐতিহাসিকভাৱে ছালৰ কৰ্কট ৰোগৰ অগতানুগতিক ঔষধ অন্তৰ্ভুক্ত কৰা হৈছে। উদাহৰণস্বৰূপে, ১৯০০ চনৰ আৰম্ভণিতে ভাৰ্জিনিয়াৰ থমাছ ৰেলি কাৰ্টাৰ (Thomas Raleigh Carter) নামৰ এজন লোক তেওঁৰ ধাত্ৰীবিদ্যাৰ উপৰিও ছালৰ কৰ্কট ৰোগ নিৰাময়ৰ ক্ষেত্ৰতো বিখ্যাত হৈছিল।[5] যদিও তেওঁ এজন মন্ত্ৰী আছিল, তথাপিও তেওঁৰ চিকিৎসাত দৈৱ শক্তিৰ ওপৰত বিশ্বাস কৰাতকৈ নিৰ্দিষ্ট বনৌষধি আৰু উদ্ভিদৰ প্ৰয়োগ বা গ্ৰহণৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। কাৰ্টাৰে নিজৰ সূত্ৰটো তেওঁৰ ওচৰৰ পৰিয়ালৰ পৰাও গোপন কৰি ৰাখিছিল আৰু বহু লোকৰ ঘাঁ আৰু ছালৰ ৰোগৰ চিকিৎসা কৰিছিল যিবোৰক কেন্সাৰ বুলি ধৰা হৈছিল।[5]