লোক-নৃত্য (ইংৰাজী: Folk dance) হৈছে এনে এক প্ৰকাৰৰ নৃত্য যি কোনো এখন নিৰ্দিষ্ট দেশ বা কোনো এটা নিৰ্দিষ্ট অঞ্চলৰ জন-জীৱনক প্ৰতিফলিত কৰে।[1] সকলো নৃগোষ্ঠীয় নৃত্য লোক-নৃত্য নহয়। উদাহৰণ স্বৰূপে, আনুষ্ঠানিক নৃত্যসমূহ অথবা আনুষ্ঠানিক উৎসৰ পৰা সৃষ্ট নৃত্যসমূহক লোক-নৃত্য হিচাপে বিবেচনা কৰা নহয়। উদ্দেশ্যৰ ভিত্তিত আনুষ্ঠানিক নৃত্যসমূহক সাধাৰণতে “ধৰ্মীয় নৃত্য” বুলি কোৱা হয়।
নৃত্যৰ সাংস্কৃতিক মূল প্ৰতিস্থাৰ বাবে সাধাৰণতে লোক-নৃত্যসমূহত “নৃগোষ্ঠীয়” আৰু “পৰম্পৰাগত” শিৰোনাম ব্যৱহাৰ কৰা হয়। এই দিশৰ পৰা সকলো লোক-নৃত্যই নৃগোষ্ঠীয়।
লোক-নৃত্যৰ কিছুমান বৈশিষ্ট্য তলত উল্লেখ কৰা হ’ল:
● লোক-নৃত্য সাধাৰণতে কম পেছাদাৰী প্ৰশিক্ষণপ্ৰাপ্ত নাইবা একেবাৰেই প্ৰশিক্ষণ নথকা লোকে কোনো সমাৱেশ বা সামাজিক অনুষ্ঠানত প্ৰায়ে পৰম্পৰাগত সংগীতৰ সৈতে পৰিবেশন কৰে।
● লোক-নৃত্য সাধাৰণতে ৰাজহুৱা পৰিবেশন বা মঞ্চৰ বাবে প্ৰস্তুত কৰা নহয়, যদিও কেতিয়াবা কোনো মঞ্চত পৰিবেশন কৰা হয়।
● লোক-নৃত্যত উদ্ভাৱনৰ পৰিৱৰ্তে বিভিন্ন সংস্কৃতিৰ পৰা উত্তৰাধিকাৰী সূত্ৰে পোৱা পৰম্পৰাৰ আধিপত্য দেখা পোৱা যায় (যদিও সময়ৰ লগে লগে লোক পৰম্পৰা সলনি হয়)।
● লোক-নৃত্যৰ ন-শিকাৰোসকলে প্ৰায়ে আনক পৰ্যবেক্ষণ কৰি বা আনৰ পৰা সহায় লৈ অনানুষ্ঠানিকভাৱে নৃত্য শিক্ষা আহৰণ কৰে।
অধিক বিতৰ্কিত কথাটো হ’ল যে কিছুমান মানুহে লোক-নৃত্যক এনে নৃত্য বুলি সংজ্ঞায়িত কৰে যি নৃত্যৰ কোনো পৰিচালক সংগঠন নাই বা যি নৃত্যৰ কোনো প্ৰতিযোগিতামূলক বা পেছাদাৰী প্ৰতিষ্ঠান নাই। “লোক-নৃত্য” শব্দটো কেতিয়াবা ইউৰোপীয় সংস্কৃতি আৰু ইতিহাসত ঐতিহাসিক গুৰুত্বপূৰ্ণ নৃত্যৰ ক্ষেত্ৰতো, সাধাৰণতে ২০ শতিকাৰ আগতেই উৎপত্তি হোৱা নৃত্যৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয়। অন্য কিছুমান সংস্কৃতিত কেতিয়াবা “নৃগোষ্ঠীয় নৃত্য” বা “পৰম্পৰাগত নৃত্য” শব্দটো ব্যৱহাৰ কৰা হয় যদিও এই শব্দবোৰে আনুষ্ঠানিক নৃত্যকো সামৰি ল'ব পাৰে।
বহুতো আধুনিক নৃত্য যেনে হিপ হপ নৃত্য আদি স্বতঃস্ফূৰ্তভাৱে বিকশিত হয় যদিও সাধাৰণতে এই নৃত্যবোৰৰ বাবে “লোক-নৃত্য” শব্দটো প্ৰয়োগ কৰা নহয় আৰু ইয়াৰ পৰিৱৰ্তে “ৰাজপথৰ নৃত্য” বা “ভাৰ্নেকুলাৰ নৃত্য” শব্দ ব্যৱহাৰ কৰা হয়। উল্লেখযোগ্য মাত্ৰাত পৰম্পৰাৰ দ্বাৰা বান্ধ খাই থকা নৃত্য আৰু যেতিয়া “সাধাৰণ লোক”ৰ নৃত্য আৰু লোক-নৃত্যৰ পৰা উৎপত্তি আধুনিক বলৰুম নৃত্যৰ মাজত পাৰ্থক্য থকাৰ সময়ত উৎপত্তি হোৱা নৃত্যৰ বাবে “লোক নৃত্য” শব্দটো সংৰক্ষিত।
ইউৰোপৰ কিছুমান লোক-নৃত্য:
● বিহু ভাৰতৰ উত্তৰ-পূৱ দিশৰ অসম ৰাজ্যৰ এক থলুৱা লোকনৃত্য।
● ভাংৰা পঞ্জাৱৰ এক প্ৰকাৰৰ পৰম্পৰাগত লোক নৃত্য। এই নৃত্যৰ উৎপত্তি পঞ্জাৱৰ ছিয়ালকোট অঞ্চলত হৈছিল।[4] ভাংৰা নৃত্য শস্য চপোৱাৰ বতৰত কৰা হয়। ভাংৰা নৃত্য বিশেষকৈ বসন্তকালীন বৈশাখী উৎসৱৰ সৈতে সম্পৰ্কিত।[5]
● ডোমকচ বিহাৰ আৰু ঝাৰখণ্ড ৰাজ্যত প্ৰচলিত পৰম্পৰাগত লোক নৃত্য। বিহাৰৰ মিথিলা আৰু ভোজপুৰ অঞ্চলত ডোমকচ নৃত্য কৰা হয়।[6]
● গৰবা ভাৰতৰ গুজৰাট ৰাজ্যৰ পাৰম্পৰিক লোকনৃত্য।
● ইজৰাইলৰ লোক-নৃত্য
● কালবেলিয়া হৈছে ভাৰতৰ ৰাজস্থানৰ থৰ মৰুভূমিৰ এটা সাপৰ খেল দেখুওৱা জনজাতি আৰু তেওঁলোকে প্ৰদৰ্শন কৰা এক লোক নৃত্য।[7]
● থাবল চোংবা ভাৰতৰ মণিপুৰ ৰাজ্যৰ পাৰম্পৰিক নৃত্য। থাবাল চোংগবাৰ আক্ষৰিক অৰ্থ হৈছে 'জোন পোহৰৰ তলত নৃত্য'।[8]
● ক্যুষ্টডেপড়ি - তুৰ্কমেনিস্তানৰ ৰাষ্ট্ৰীয় নৃত্য[9]
ভাৰতীয় লোক-নৃত্যসমূহ সাধাৰণতে নৱবৰ্ষ, প্ৰসৱ, বিবাহ, উৎসৱ আৰু অন্যান্য সামাজিক অনুষ্ঠান উদযাপনৰ বাবে পৰিবেশন কৰা হয়।[10] কিছুমান ভাৰতীয় লোক-নৃত্যত পুৰুষ-মহিলা পৃথকে পৃথকে নৃত্য কৰে আৰু কিছুমানত একেলগে নৃত্য কৰে। বেছিভাগ লোক-নৃত্যতে নৃত্যশিল্পীসকলে নৃত্যৰ লগতে গীতো গায়। ভাৰতীয় লোকনৃত্যত প্ৰায়ে জটিল সজ্জাৰ সাজ-পোছাক থাকে। ভাৰতত বহুতো গাঁথনিগত, প্ৰাচীন লোক-নৃত্য আৰু জনজাতীয় নৃত্য আছে যদিও বহুতো লোক-নৃত্যৰ বিকাশ সাধনো হৈছে।