লোক-ব্যুৎপত্তিবিজ্ঞান বা লোক-ব্যুৎপত্তি (ইংৰাজী: Folk etymology, popular etymology,[1] analogical reformation, (morphological) reanalysis আৰু etymological reinterpretation[2]) হৈছে কোনো অচিনাকি ৰূপৰ কোনো শব্দ বা বাক্যাংশক অধিক চিনাকি ৰূপলৈ পৰিৱৰ্তন কৰি ব্যৱহাৰ কৰাৰ এক প্ৰদ্ধতি।[3][4][5] এই প্ৰদ্ধতিৰ দ্বাৰা কোনো প্ৰাচীন, বিদেশী বা অন্যান্য অচিনাকি শব্দৰ ৰূপ বা অৰ্থক অধিক চিনাকি শব্দ বা ৰূপৰ সৈতে মিল থকা বুলি পুনৰ ব্যাখ্যা কৰা হয়।
লোক-ব্যুৎপত্তিৰ ইংৰাজী Folk etymology শব্দটো হৈছে ১৮৫২ চনত আৰ্নষ্ট ফৰ্ষ্টেমেনে উদ্ভাৱন কৰা জাৰ্মান Volksetymologie শব্দৰটোৰ এক অনুবাদিত সংস্কৰণ।[6] লোক ব্যুৎপত্তিবিজ্ঞান হৈছে ঐতিহাসিক ভাষাবিজ্ঞান, ভাষা পৰিৱৰ্তন আৰু সামাজিক পাৰস্পৰিক ক্ৰিয়াৰ এক উৎপাদনশীল প্ৰক্ৰিয়া।[7] শব্দৰ ইতিহাস বা মূল ৰূপৰ পুনৰ বিশ্লেষণে ইয়াৰ বানান, উচ্চাৰণ বা অৰ্থত প্ৰভাৱ পেলাব পাৰে। অন্য ভাষাৰ পৰা ধাৰ কৰা শব্দ বা প্ৰাচীন বা অচল হৈ পৰা শব্দৰ সম্পৰ্কত সঘনাই লোক-ব্যুৎপত্তি ব্যৱহাৰ কৰা দেখা যায়।
লোক-ব্যুৎপত্তি শব্দ বা বাক্যাংশৰ ব্যুৎপত্তি সম্পৰ্কীয় জনপ্ৰিয় ভুৱা ব্যুৎপত্তিবিজ্ঞানকো বুজাব পাৰে যাৰ ফলত ৰূপ বা অৰ্থৰ পৰিৱৰ্তন নহয়। "লোক-ব্যুৎপত্তি" শব্দটোৰ ব্যৱহাৰক অস্পষ্ট কৰিবলৈ ঘিল'দ জুকাৰমেনে (Ghil'ad Zuckermann) কেৱল ব্যুৎপত্তিগত জনপ্ৰিয় ব্যুৎপত্তি (derivational-only popular etymology, DOPE) আৰু উৎপত্তিগত জনপ্ৰিয় ব্যুৎপত্তি (generative popular etymology, GPE)ৰ মাজত এটা স্পষ্ট পাৰ্থক্য প্ৰস্তাৱ কৰিছে: DOPE য়ে কেৱল ভুৱা ব্যুৎপত্তিক বুজায় য’ত কোনো নব্য ব্যুৎপত্তি জড়িত নহয়, আৰু GPE এ জনপ্ৰিয় ভুৱা ব্যুৎপত্তিবিজ্ঞানৰ দ্বাৰা সৃষ্টি হোৱা নব্য ব্যুৎপত্তিক বুজায়।[1]
লোক ব্যুৎপত্তিবিজ্ঞানৰ দ্বাৰা সৃষ্টি বা পৰিৱৰ্তিত শব্দৰ উদাহৰণ হ'ল ইংৰাজী উপভাষিক ৰূপ স্পেৰৌগ্ৰাছ (sparrowgrass), মূল গ্ৰীক ἀσπάραγος ("স্পেৰাগাছ")ৰ শব্দৰ পৰা ইংৰাজী ভাষাৰ অধিক চিনাকি শব্দ sparrow আৰু grass ৰ সৈতে সাদৃশ্যৰে পুনৰ নিৰ্মাণ কৰা।[8] যেতিয়া কোনো অচিনাকি শব্দৰ পৰিৱৰ্তন কৰা ৰূপটো এজন ব্যক্তিৰ মাজতে সীমাবদ্ধ থাকে, তেতিয়া ইয়াক ‘এগকৰ্ণ’ (eggcorn) বুলি কোৱা হয়।
"লোক-ব্যুৎপত্তি" শব্দটোৱে শব্দৰ ব্যুৎপত্তি সম্পৰ্কে প্ৰচলিত ভুল অনুমানৰ ফলত সৃষ্টি হোৱা শব্দৰ ৰূপৰ পৰিৱৰ্তনক বুজায়। তুলনামূলক ভাষাবিজ্ঞানৰ শৈক্ষিক বিকাশ আৰু শব্দ পৰিৱৰ্তনৰ অন্তৰ্নিহিত নীতিসমূহৰ বৰ্ণনাৰ আগলৈকে এটা শব্দৰ ব্যুৎপত্তি বেছিভাগেই অনুমানৰ ভিত্তিত হৈছিল। শব্দৰ মূল ৰূপৰ বিষয়ে জল্পনা-কল্পনাই পাছলৈ শব্দটোৰ বিকাশৰ ক্ষেত্ৰত সহায় কৰে আৰু এইদৰে ই এক নতুন ব্যুৎপত্তিবিজ্ঞানৰ অংশ হৈ পৰে।[9]
শব্দ এটাৰ এটা নিৰ্দিষ্ট উৎপত্তি আছে বুলি বিশ্বাস কৰি মানুহে সেই অনুভূত উৎপত্তিৰ লগত খাপ খোৱাকৈ শব্দটোৰ উচ্চাৰণ, বানান বা অন্য ধৰণে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। এই জনপ্ৰিয় ব্যুৎপত্তিবাদে শব্দবোৰে কি ৰূপ লয় তাৰ ওপৰত এক শক্তিশালী প্ৰভাৱ পেলাইছে। ইংৰাজী ভাষাৰ উদাহৰণ হ'ল crayfish বা crawfish, যিবোৰ ঐতিহাসিকভাৱে মাছৰ সৈতে সম্পৰ্কিত নহয়। এই শব্দকেইটা মধ্যযুগীয় ইংৰাজী crevis ৰ পৰা আহিছে আৰু ই ফৰাচী শব্দ écrevisse ৰ সৈতে সম্পৰ্কিত। একেদৰে chaise lounge শব্দটো মূল ফৰাচী chaise longue ("দীঘল চকী")ৰ পৰা আহিছে আৰু ইংৰাজী lounge শব্দটোৰ সৈতে জড়িত হৈ পৰিছে।[10]
ৰিব্ৰেকেটিং (rebracketing) আৰু বেক-ফৰ্মেচন (back-formation)ৰ জৰিয়তেও শব্দৰ গঠনৰ পুনৰ বিশ্লেষণৰ ঘটি ভাষাৰ পৰিৱৰ্তন হয়।
ৰিব্ৰেকেটিঙৰ ক্ষেত্ৰত ভাষাৰ ব্যৱহাৰকাৰীসকলে শব্দ বা ৰূপৰ মাজৰ সীমা অতিক্ৰম কৰে, ভুলকৈ ব্যাখ্যা কৰে বা পুনৰ ব্যাখ্যা কৰে। উদাহৰণস্বৰূপে, পুৰণি ফৰাচী orenge ("কমলা গছ") শব্দটো আৰবী শব্দ النرنج nāranj (নাৰঞ্জ "কমলা গছ") শব্দৰ পৰা আহৰণ কৰা হৈছে, কিন্তু ইয়াত nāranj শব্দৰ প্ৰাৰম্ভিক n আখৰটোক নিৰ্দিষ্টবাচক শব্দ বুলি ব্যাখ্যা কৰা হয়।[11] আনহাতে ইয়াৰ বিপৰীতে ৰিব্ৰেকেটিঙৰ ফলত মধ্যযুগীয় ইংৰাজী a napron বৰ্তমান an apron হৈ পৰিল।
বেক-ফৰ্মেচনত এটা বিদ্যমান শব্দৰ পৰা যিবোৰ উপাদানক প্ৰত্যয় হিচাপে ব্যাখ্যা কৰা হয় সেইবোৰ আঁতৰাই এটা নতুন শব্দ সৃষ্টি কৰা হয়। উদাহৰণস্বৰূপে, ইটালীয় pronuncia শব্দটো pronunciare ক্ৰিয়া পদৰ পৰা উদ্ভৱ হৈছে আৰু ইংৰাজী edit শব্দটো editor শব্দৰ পৰা উদ্ভৱ হৈছে।[12] কিছুমান বেক-ফৰ্মেচন লোক-ব্যুৎপত্তিবিজ্ঞানৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে।