লোককথা অধ্যয়ন, লোককথা অধ্যয়ন বা লোককথা বিজ্ঞান (ইংৰাজী: Folklore studies আৰু সংযুক্ত ৰাজ্যত প্ৰায়ে tradition studies বা folk life studies বুলিও কোৱা হয়)[1] হৈছে লোককথাৰ বিষয়ে অধ্যয়ন কৰা নৃতত্ত্বৰ এটা শাখা। ১৯৫০ চনত প্ৰতিশব্দবোৰৰ সৈতে এই শব্দটো[2][3][4][5] পৰম্পৰাগত সংস্কৃতিৰ শৈক্ষিক অধ্যয়নক লোককথাৰ শিল্পকৰ্মৰ পৰা পৃথক কৰিবলৈ গঠন কৰা হৈছিল। ইউৰোপ আৰু উত্তৰ আমেৰিকা উভয়তে ই এক অধ্যয়ন ক্ষেত্ৰ হিচাপে প্ৰতিষ্ঠা হৈছিল আৰু ভ'কস্কুণ্ডে (Volkskunde, জাৰ্মান), ফ'কমিনাৰ (folkeminner, নৰৱেজিয়ান), আৰু ফ'কমিনেন (folkminnen, ছুইডিছ) আদি অন্যান্য শাখাসমূহৰ সৈতে সমন্বয় স্থাপন কৰা হৈছিল।[6]
লোককথা আৰু লোককথা অধ্যয়নৰ গুৰুত্বক ১৯৮২ চনত ইউনেস্কোৰ নথি “পৰম্পৰাগত সংস্কৃতি আৰু লোককথাৰ সুৰক্ষাৰ পৰামৰ্শ”ৰ (Recommendation on the Safeguarding of Traditional Culture and Folklore) জৰিয়তে বিশ্বজুৰি স্বীকৃতি দিয়া হয়।[7] ইউনেস্কোই পুনৰ ২০০৩ চনত অস্পষ্ট সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষাৰ বাবে এখন সন্ধি প্ৰকাশ কৰে। এই বিশ্বব্যাপী বক্তব্যসমূহৰ সমান্তৰালভাৱে ১৯৭৬ চনত দ্বিশতবাৰ্ষিকী উদযাপনৰ সৈতে সংগতি ৰাখি আমেৰিকাৰ কংগ্ৰেছে গৃহীত কৰা “আমেৰিকান লোকজীৱন সংৰক্ষণ আইন”ত (American Folklife Preservation Act, P.L. 94-201)[8] লোককথাৰ সংজ্ঞা অন্তৰ্ভুক্ত কৰা হৈছিল, যাক লোকজীৱন বুলিও কোৱা হৈছিল।
এই আইনখন আমেৰিকাৰ প্ৰাকৃতিক আৰু সাংস্কৃতিক ঐতিহ্য ৰক্ষাৰ বাবে ৰচনা কৰা অন্যান্য বিভিন্ন আইনৰ সৈতে সংযোজন কৰা হৈছিল। ইয়াৰ দ্বাৰা আমেৰিকাৰ সাংস্কৃতিক বৈচিত্ৰ্য যে এক জাতীয় শক্তি আৰু সুৰক্ষা যোগ্য সম্পদ সেই কথা উপলব্ধি কৰা ক্ৰমাৎ বৃদ্ধি পাইছিল।[9]
লোককথা অধ্যয়ন শব্দটো সম্পূৰ্ণৰূপে বুজিবলৈ হ’লে ইয়াৰ উপাদান অংশসমূহ “লোক” আৰু “কথা” সম্পৰ্কে স্পষ্ট কৰাটো প্ৰয়োজনীয়। মূলতঃ লোক শব্দটো কেৱল গ্ৰাম্য, সঘনাই দুখীয়া তথা নিৰক্ষৰ কৃষকৰ ক্ষেত্ৰতহে প্ৰযোজ্য আছিল। লোক শব্দৰ অধিক সমসাময়িক সংজ্ঞা হ’ল এনে এটা সামাজিক গোট য’ত সাধাৰণ বৈশিষ্ট্য থকা দুজন বা তাতকৈ অধিক ব্যক্তিক অন্তৰ্ভুক্ত কৰা হয়, যিয়ে স্বকীয় পৰম্পৰাৰ জৰিয়তে নিজৰ পৰিচয়ক প্ৰকাশ কৰে। "লোক হৈছে এটা নমনীয় ধাৰণা যিয়ে আমেৰিকাৰ লোককথাৰ দৰে এটা জাতি বা একক পৰিয়ালক বুজাব পাৰে।"[10] লোক শব্দটোৰ এই বিস্তৃত সামাজিক সংজ্ঞাই লোককথাৰ শিল্পকৰ্ম বুলি গণ্য কৰা সামগ্ৰীৰ বিষয়ে বহল দৃষ্টিভংগীক সমৰ্থন কৰে। ইয়াৰ ভিতৰত এতিয়া "মানুহে শব্দৰে বনোৱা বস্তু (মৌখিক শিল্প), হাতেৰে বনোৱা বস্তু (বস্তুগত শিল্প), আৰু নিজৰ কৰ্মেৰে নিৰ্মাণ কৰা বস্তু (প্ৰথাগত শিল্প)" সামৰি লয়।[11] লোককথাবিদজনে এটা সামাজিক গোটৰ পৰম্পৰাগত শিল্পকৰ্মসমূহ অধ্যয়ন কৰে। তেওঁলোকে সামাজিক গোটবোৰ অধ্যয়ন কৰে, যাৰ ভিতৰত এই ৰীতি-নীতি, পৰম্পৰা আৰু বিশ্বাসবোৰ প্ৰচলিত আৰু প্ৰবাহিত হয়।
এই শিল্পকৰ্মসমূহৰ সংক্ৰমণ লোককথা প্ৰক্ৰিয়াৰ এক গুৰুত্বপূৰ্ণ অংশ। সামাজিক গোটৰ ভিতৰত এই বিশ্বাস আৰু ৰীতি-নীতিসমূহ স্থান আৰু সময়ৰ মাজেৰে পৰিবাহিত নহলে এইবোৰ সাংস্কৃতিক পুৰাতত্ত্ববিদসকলৰ বাবে কেৱল অধ্যযনৰ বিষয়লৈ পৰিণত হ’ব। এই লোকশিল্পসমূহ সামাজিক গোটৰ ভিতৰত অনানুষ্ঠানিকভাৱে প্ৰেৰণ কৰা হয়। কাৰণ লোকগোট ব্যক্তিবাদী নহয়, ই সম্প্ৰদায়ভিত্তিক আৰু সম্প্ৰদায়ত নিজৰ জ্ঞানক লালন-পালন কৰে। এয়া কোনো উচ্চ সংস্কৃতিৰ দৰে কোনো শিল্পীৰ কোনো একক কৰ্মৰ দৰে স্বত্বাধিকাৰ আইন অনুসৰি সুৰক্ষিত নহয়, ই সমাজৰ সকলোৰে বাবে মুক্ত।
লোককথা অধ্যয়ন আৰু লোককথা শব্দ দুটা এক বিশাল আৰু বিভ্ৰান্তিকৰ শব্দ পৰিয়ালৰ অন্তৰ্গত। লোককথা / লোকজীৱন আৰু লোককথা অধ্যয়ন / লোকজীৱন অধ্যয়ন শব্দকেইটাক প্ৰতিশব্দ হিচাপে ব্যৱহাৰ কৰা হয়। এই শাখাত ব্যৱহৃত মূল শব্দটোৱেই হৈছে লোককথা। ইয়াৰ প্ৰতিশব্দ লোকজীৱন বিংশ শতিকাৰ দ্বিতীয়াৰ্ধত প্ৰচলনলৈ আহিছিল, কাৰণ সেই সময়তে কিছুমান গৱেষকে অনুভৱ কৰিছিল যে লোককথা শব্দটো কেৱল মৌখিক কথাৰ সৈতে অত্যন্ত ঘনিষ্ঠভাৱে জড়িত। লোকজীৱন নতুন শব্দটোৰ লগতে ইয়াৰ প্ৰতিশব্দ লোক সংস্কৃতিৰ উদ্দেশ্য হৈছে কেৱল মৌখিক পৰম্পৰাক নহয়, সংস্কৃতিৰ সকলো দিশকে শ্ৰেণীগতভাৱে অন্তৰ্ভুক্ত কৰা। লোক প্ৰক্ৰিয়াক সংজ্ঞায়িত কৰা লোক পৰম্পৰাৰ ভিতৰত সম্প্ৰদায়ৰ সদস্যসকলে কৰা শিল্পকৰ্মৰ পৰিশোধন আৰু সৃষ্টিশীল পৰিৱৰ্তন বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা হয়।[12] এই ক্ষেত্ৰৰ ভিতৰৰ পেছাদাৰী শিল্পীসকলেও নিজকে লোককথাবিদ বুলি গণ্য কৰে।
লোককথাৰ সৈতে বিভ্ৰান্ত হ'ব পৰা অন্য কিছুমান শব্দ হৈছে জনপ্ৰিয় সংস্কৃতি আৰু স্থানীয় সংস্কৃতি, যি দুয়োটা লোককথাৰ পৰা সম্পূৰ্ণৰূপে পৃথক। জনপ্ৰিয় সংস্কৃতিৰ চাহিদা সীমিত সময়ৰ বাবে হোৱাৰ প্ৰৱণতা থাকে; ইয়াক সাধাৰণতে বিস্তৃত ভাবে উৎপাদন কৰা হয় আৰু গণমাধ্যম ব্যৱহাৰ কৰি প্ৰচাৰ কৰা হয়। এই সংস্কৃতিবোৰ যিমান সোনকালে জনপ্ৰিয় হয় সিমানেই সোনকালে নোহোৱা হৈ যায়। সেইদৰে স্থানীয় সংস্কৃতিও লোককথাৰ পৰা পৃথক কাৰণ ইয়াত কোনো নিৰ্দিষ্ট স্থান বা অঞ্চলৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। বহল অৰ্থত সকলো লোককথা স্থানীয় সংস্কৃতিৰ অন্তৰ্গত, অৰ্থাৎ কোনো এটা অঞ্চলৰ সৈতে জড়িত, আনহাতে সকলো স্থানীয় সংস্কৃতি লোককথা হ’বই লাগিব বুলি ক’ব নোৱাৰি।[13]
লোককথা গৱেষণাৰ কেইবাটাও লক্ষ্য আছে। প্ৰথম উদ্দেশ্য হ’ল এটা সামাজিক গোটৰ ভিতৰত পৰম্পৰা বাহকক চিনাক্ত কৰা আৰু স্থানীয়ভাৱে তেওঁলোকৰ লোককথাসমূহ সংগ্ৰহ কৰা। এবাৰ সংগ্ৰহ কৰাৰ পিছত এই তথ্যসমূহ নথিভুক্ত আৰু সংৰক্ষণ কৰিব লাগিব যাতে ভবিষ্যতে অধিক তথ্য সংযোগ আৰু অধ্যয়ন সম্ভৱ হয়। তাৰ পিছত নথিভুক্ত কথাসমূহ লোককথাবিদ আৰু অন্যান্য সাংস্কৃতিক ইতিহাসবিদসকলে বিশ্লেষণ আৰু ব্যাখ্যা কৰিবলৈ উপলভ্য হয়, আৰু ব্যক্তিগত ৰীতি-নীতি বা তুলনামূলক অধ্যয়নৰ ভিত্তি হ'ব পাৰে। সংগ্ৰহালয়, আলোচনী বা লোক উৎসৱ, আদি একাধিক স্থানত গৱেষণাৰ ফলাফলসমূহ উপস্থাপন কৰা হয়। এই পদ্ধতিৰ চূড়ান্ত পদক্ষেপটো হ’ল এই সামাজিক গোটসমূহৰ স্বকীয়তাৰ পোষকতা কৰা।[11]